মিঞা !

 মিঞা !

মৃদুল কুমাৰ সন্দিকৈ

এটা অবাঞ্চিত বিতৰ্ক। ইয়াক লৈ অযথা চৰ্চা। প্ৰথমে মিঞা কবিতা, তাৰ পাছত মিঞা মিউজিয়াম। মিঞা শব্দটোৰ নায্যতা কোনে দিলে। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কোনে কৈছিল মিঞা ভোট নালাগে বুলি।

২০১৬ চনৰ পটভূমি। সেই বছৰ এপ্ৰিলত চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিচ আহমেদে এটা কবিতা লিখিছিল। কবিতাটোৰ নাম আছিল- লিখি লোৱা মই মিঞা। কবিতাটোৰ প্ৰচাৰৰ বাবে ইয়াৰ ইংৰাজী আৰু বাংলাৰ অনুবাদ কৰা হৈছিল।

এই কবিতাটো পেলিষ্টানী কবি মাহমুদ দাৰউইচৰ - Write down I'm an arab ৰ অনুকৰণত লিখিছিল। য'ত পেলেষ্টানী কবি গৰাকীয়ে লিখিছিল- Write down I'm an Arab/My card number is 50000/ my children number eight/And after this summer, A ninth on his way/ Dose this make you rage?

হাফিজ আহমেদে লিখিছিল- লিখা/ লিখি লোৱা/ মই এজন মিঞা/ এন আৰ চি ক্ৰমিক নম্বৰ ২০০৫৪৩। এনেকৈয়ে চৰ্চালৈ আহিছিল মিঞা প্ৰসংগ। সেই সময়ত এই কবিতাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অসমৰ প্ৰগতিশীল লোক সকলে প্ৰথমে মিঞা কবিতা চৰ্চা আপত্তি কৰা নাছিল। কিন্তু ইয়াৰ অন্তৰালত যেতিয়া ৰাজনীতি আৰু কু অভিসন্ধিৰ উমান পোৱা গ'ল তেতিয়া সকলো জাঙুৰ খাই উঠিছে।

অসমত অসমীয়াৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ চলি আহিছে। কবিতাক লৈ কোনোৱে আপত্তি নকৰিলেও মিঞা কবিতা সন্দৰ্ভত হোৱা বাদানুবাদে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছিল।

মিঞা শব্দটো মুছলমানৰ মাজত প্ৰচলিত এক পাৰস্পৰিক সম্বোধন। উৰ্দু ভাষী লোক সকলৰ মাজত ই সম্ভাষণ হিচাপে ব্যৱহাৰ হৈ আহিছে। এই শব্দ মূলত পাৰ্চী মূলৰ। কোনো কোনো ঠাইত গাঁৱৰ প্ৰধানজনকো মিঞা সম্বোধন কৰা হয়।

অসমত মিঞা শব্দটো সম্ভ্ৰান্ত সম্বোধনৰ অৰ্থত ব্যৱহাৰ কৰা নহয়। এক তুচ্চ্যাৰ্থত এই শব্দ ব্যৱহাৰ কৰা হৈছিল। মুছলমান প্ৰব্ৰজনকাৰী সকলক এই শব্দৰে বুজোৱা হৈছিল । মিঞা কবিতাক লৈ যথেষ্ঠ পানী ঘোলা হ'ল।

তাৰ পাছত মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰিছিল শ্বেৰমান আলীয়ে। কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ প্ৰসংগ উত্থাপন কৰাৰ সময়তো ইয়াক লৈ যথেষ্ঠ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

মিঞা কেতিয়াও এটা জাতি বা জনগোষ্ঠী নহয়। কিন্তু এনেকৈ ইয়াক প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে যে মিঞা এক জনগোষ্ঠী। মিঞা মিউজিয়াম স্থাপনেৰে সেই কামক আৰু এখোজ আগুৱাই নিয়া হ'ল।

গোৱালপাৰাত অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ বাসগৃহত স্থাপন কৰা হ'ল মিঞা মিউজিয়াম।মিঞা সকলে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী বুলি তাত যি বোৰ সামগ্ৰী সংৰক্ষণ কৰা হ'ল তাকলৈও বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে।

এই অগ্ৰাসনৰ পৃষ্ঠপোষক কিন্তু নেতা সকলেই। প্ৰশাসনে মিঞা মিউজিয়াম ছীল কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত বিতৰ্কিত বিধায়ক শ্বেৰমান আলী পুনৰ বিষয়টো গৰম কৰি তুলিলে।

মিঞা জনগোষ্ঠীয় সঁজুলি, সম্পদ গণৰাজ্য দিৱসৰ পেৰেডত আৰু শংকৰদেৱ কলাক্ষেত্ৰত ৰাখিব লাগে বুলি দাবী কৰিলে। আনকি কলাক্ষেত্ৰৰ উৰণীয়া সেতুৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা যি চিত্ৰ অংকন কৰা হয় সেইবোৰৰ মাজত মিঞা সংস্কৃতি প্ৰতিফলিত হোৱা চিত্ৰও থাকিব লাগে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে।

অসমৰ মাটি-পানী, বায়ু সেৱন কৰি আমাৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সম্পদক মিঞা জনগোষ্ঠীৰ সম্পদ বুলি তোলা দাবী অতি গুৰুত্বপূৰ্ণ। পোহৰলৈ আহিছে মৰিগাঁৱৰ মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও আধি অঞ্চলত কিছুদিনৰ পূৰ্বে মৰিগাঁও জিলা দিৱস প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল। এনে কিছু অনুষ্ঠানত মিঞা নৃত্য় পৰিৱেশন কৰা হৈছিল বুলিও খবৰ ওলাইছে।

হঠাৎ এইবোৰ ক'ৰ পৰা মাটি ফুটি ওলাইছে। অসমীয়া জাতিক প্ৰত্যাহ্বান জনাই সমান্তৰালভাৱে মিঞা নামৰ এটা জাতিক প্ৰতিষ্ঠাৰ বাবে যি সকলে চেষ্টা চলাইছে সেই চেষ্টাই আমাৰ ভৱিষ্যত বিপন্ন কৰিব নেকি সেই প্ৰশ্নও উঠিছে।

চৰ অঞ্চল আৰু প্ৰব্ৰজনকাৰী মুছলমান সকলে আমাৰ বজাৰ ইতিমধ্যে দখল কৰিছে। শাক-পাচলি, মাছ-মাংসৰ বেপাৰ, ৰিক্সা,ঘৰুৱা কাম বন, পকী কাম আদি প্ৰায়বোৰ কাম তেওঁলোকৰ হাতলৈ গৈছে। আনকি পথাৰত ধান ৰুৱা আৰু কটোৱা কামো সেই লোকসকলে দূৰ দূৰ ঠাইলৈ গৈ কৰিছে।

আমি নিজেই তেওঁলোকক সেই সুযোগ দিছো। এদিন ত্ৰিপুৰাৰ ত্ৰিপুৰী সকলৰ দৰে আমাৰ অৱস্থা হ'ব বুলি সকীয়াই থকাতেই আমাৰ দায়িত্ব এৰিছো। কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে আমি বিষয়বোৰ চিন্তা কৰিলে নহ'ব।

নাঙল কেনেকৈ মিঞা সকলে ব্যৱহাৰ কৰা সঁজুলি হ'ব পাৰে। যুগ-যুগান্তৰৰ পৰা অসমীয়া পৰিয়ালে নাঙলেৰে খেতি কৰি আহিছে। প্ৰতিঘৰ লোকৰ ভঁৰালৰ গান্ধৰিত খেতিৰ অন্তত নাঙলবোৰ ধুনীয়াকৈ থৈ দিয়ে। আন খেতি সামগ্ৰীবোৰো ৰখাই থয় নষ্ট নোহোৱাকৈ।

একেদৰে মাছ মৰা সঁজুলি, আন দৈনিক ব্যৱহাৰ কৰা সা-সঁজুলিৰে অসমীয়া পৰিয়ালৰ ঘৰবোৰ ভৰি থাকে। এক অৰ্থত প্ৰতিটো অসমীয়া ঘৰেই একো একোটা যাদু ঘৰ বা মিউজিয়াম সদৃশ আছিল।

আন জনগোষ্ঠীয় ক্ষেত্ৰতো একেই কথা। তাৰপাছত এনে এক ধাৰণাৰে মিঞা মিউজিয়াম স্থাপনৰ প্ৰয়োজনীয়তা অৰ্থহীন। তেওঁলোকে নিজকে মিঞা নামৰ নতুন জাতি গঠনৰ প্ৰক্ৰিয়াৰ সৈতে চামিল কৰি অসমীয়া অস্তিত্বৰ প্ৰতি ভাবুকি আনিলে ইয়াৰ প্ৰতিক্ৰিয়া নিশ্চিতভাৱে হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in