মায়াৱিনী এতিয়া গীত নহয়, প্ৰাৰ্থনা !

কথাটো মিছা নেকি ? কামপুৰৰ জামে মছজিদৰে জড়িত এজন ব্যক্তিক পোনপোটিয়াকৈ সুধিছিলো সেই কথাটো। মছজিদৰ আজান দিয়া মাইকত আপোনালোকে জুবিন গাৰ্গৰ ‘মায়ৱিনী...’ গীতটো আজানৰ মাজতে বজাইছিল নেকি ?

New Update
AP FOR WEB NEW  bikhekh lekha NEW 2024 (6)

মৃদুল কুমাৰ সন্দিকৈ

কথাটো মিছা নেকি ? কামপুৰৰ জামে মছজিদৰে জড়িত এজন ব্যক্তিক পোনপোটিয়াকৈ সুধিছিলো সেই কথাটো। মছজিদৰ আজান দিয়া মাইকত আপোনালোকে জুবিন গাৰ্গৰ ‘মায়ৱিনী...’ গীতটো আজানৰ মাজতে বজাইছিল নেকি ?

মানুহজনে ‘হয়’ বুলি উত্তৰ দিলে। ২৯অক্টোবৰ ২০২৫ৰ জুবিনৰ মৃত্যুৰ এঘাৰ দিনৰ দিনা এই গীতটো মছজিদৰ মাইকত বজাই জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছিল। তেওঁ লগতে ইয়াকো ক’লে যে, আমাৰ ধৰ্মীয় নিয়ম মতে মছজিদত নাচ- গান নিষেধ। কিন্তু কোৰাণে আমাক কৈ গৈছে প্ৰিয় মানুহজনৰ বাবে প্ৰিয় কামটো কৰিবলৈ।

এয়া কেৱল সম্ভৱ হৈছে জুবিনৰ বাবে। তেওঁৰ মতে জুবিন ধৰ্মৰ উৰ্ধৰ এক সত্তা। তেওঁৰ বাবে সকলোৱে সকলো কৰিব পাৰে। এইটো খবৰ প্ৰচাৰৰ বাবে তেওঁলোকে দিয়া নাই। এটা বাৰ্তাহে দিছে জুবিনৰ বাবে। 

কল্পনা কৰকচোন- মছজিদৰ মাইকত বাজি উঠিছে ”আল্লাহু আকবাৰ-আল্লাহু আকবাৰ/ আল্লাহু আকবাৰ-আল্লাহু আকবাৰ / আশহাদু-আল লা- ইলাহা ইল্লাল্লাহ / আশহাদু-আল লা- ইলাহা ইল্লাল্লাহ/ আশহাদু-আন্না মুহাম্মাদুৰ ৰাসুলুল্লাহ-আশহাদু-আন্না মুহাম্মাদুৰ / ৰসুলুল্লাহ...”ৰ সলনি মায়াৱিনী ৰাতিৰ বুকুত/ দেখা পালো তোমাৰ ছবি/ ধৰা দিলা গোপনে আহি হিয়াৰ কোণত/ তুমি যে মোৰ শুকান মনত/ নিয়ৰৰে চেঁচা টোপাল... । জুবিনৰ মায়াৱিনী এতিয়া জুবিনক ভালপোৱা সলকলৰ বাবে হৈ পৰিছে প্ৰাৰ্থনা সংগীত। 

কোনোবাই প্ৰত্যাহ্বান জনোৱাৰ বাবেই এয়া তেওঁলোকে কৰা নাই। জুবিন তেওঁলোকৰ বাবে সাম্প্ৰদায়িকতাৰ প্ৰতীক নহয়, সম্প্ৰীতি, ভাতৃত্বৰ এক নিদৰ্শন। এইসকল লোকতকৈ জুবিনৰ আঁচল অনুৰাগী কোন হ’ব পাৰে ? যি ধৰ্মীয় বাধাক নেওচি সমস্বৰে গাব পাৰে তেওঁৰ গীত। 

জুবিনক লৈ ৰাজপথত নামিছে শাসকীয় দল বিজেপি। জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব বুলি কোৱা সকলেই যেন ৰাজনীতিৰ গেৰুৱা বসনে জুবিনক মেৰিয়াই পেলাইছে। ৰাজপথত দলীয় পতাকা লৈ জুবিনৰ নামত কৰা এই ৰাজনীতিৰ ভাওনাখন মানুহে দেখি আজি হাঁহিছে। 

নলবাৰীত জুবিনৰ ন্যায় বিচাৰি ‘ মই জুবিনৰ অনুৰাগী, আমি জুবিনৰ অনুৰাগী‘ টেগ লাইনেৰে তেওঁলোকে ২৩ অক্টোবৰ ২০২৫ৰ বুধবাৰে যি কাৰ্যসূচী হাতত ল‘লে। সেয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপি নেতা- কৰ্মীৰেই এক আন্দোলন হৈ পৰিল।

আজিহে প্ৰকৃত জুবিন অনুৰাগী ওলাই আহিছে বুলি বিজেপি মন্ত্ৰীয়ে যি দম্ভালি মাৰিলে, সেই দম্ভালিত জুবিনৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতাত কৈ শক্তি প্ৰদৰ্শনৰ এক মাধ্যম হৈ পৰিল প্ৰিয় শিল্পীগৰাকী। এনে ৰাজনীতি জুবিনে কেতিয়াও বিচৰা নাছিল।

জুবিনৰ নশ্বৰদেহ গুৱাহাটীলৈ কঢ়িয়াই আনোতে লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছিল। সেই মানুহবোৰে পিন্ধি অহা নাছিল কংগ্ৰেছ বা বিজেপিৰ চোলা। তেওঁলোকে চকুত চকুপানী লৈ জুবিনৰ এজন প্ৰকৃত অনুৰাগী হৈ প্ৰাণৰ শিল্পীজনক শেষ দৰ্শনৰ বাবে আহিছিল। 

সেই সকল লোক কি জুবিনৰ নকল অনুৰাগী আছিল ? কেৱল বিজেপিৰ এই ন্যায় যাত্ৰাত অংশ লোৱা সকলে জুবিনৰ প্ৰকৃত অনুৰাগী বুলি তেওঁলোকে কেনেকৈ ক‘ব পাৰে ? জুবিনক ভাল পাবলৈ মানুহৰ মাজত হাজাৰটা কাৰণ আছিল। 

ভবাতকৈ জুবিন বহু উৰ্ধৰ। যি সকলে জুবিনৰ নামত কৰা কামৰ বাবে স্বীকৃতি আৰু কৃতিত্ব বিচাৰি হাবিয়াস কৰিছে, তেওঁলোকে জুবিনৰ কোন আঁচল, কোন নকল অনুৰাগী তাকলৈ মূৰ ঘমাব নালাগে। জুবিনক সকলোৰে ভালপোৱাৰ অধিকাৰ আছে তেওঁলোকৰ দৰেই। 

মছজিদত জুবিনৰ নামত এনেদৰে শ্ৰদ্ধাৰ্ঘ প্ৰদান কৰা সকলতকৈ জুবিনৰ আঁচল অনুৰাগী কোন থাকিব পাৰে ? জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিক্ষেত্ৰত কৰ্তব্য সম্পাদন কৰা এগৰাকী নিৰাপত্তাৰক্ষীয়ে কৈছিল আন এটা কাহিনী। সাধাৰণ পোচাক পিন্ধা এজন যুৱক ৰৈছিল জুবিনৰ শেষকৃত্য সম্পন্ন কৰা স্থানৰ আগত ।

তাৰ পাছত কিছু সময় মৌন হৈ থাকি সেই সাধাৰণ যুৱকজনে পিন্ধি থকা টুপিটো জুবিনৰ নামত উছৰ্গা কৰি সেমেকা চকুৰে এৰিছিল সেই স্থান। নিৰাপত্তাৰক্ষীগৰাকীৰ মতে, সেই যুৱকজনৰ বাবে টুপিটো বহু প্ৰযোজনীয়, লাগ বুলিলে টুপি এটা কিনি ল’ব পৰা সামৰ্থ কিমান আছে সন্দেহ হয়। তাৰ পাছতো যুৱকজনে জুবিনৰ নামত দি গ’ল টুপিটো। 

এই সকলতকৈ জুবিনপ্ৰেমী, জুবিন অনুৰাগী কোন হ’ব পাৰে ? নিশ্চয় আপোনালোকৰ দৰে ক্ষমতাশালী লোক

জুবিন গাৰ্গ