ল’বচোন খবৰ, মনমোহন ছাৰৰ...

‘অলপ ভাল পাইছো। ১৭ফেব্ৰুৱাৰী, ২০২৬ৰ দিনা এটা অপাৰেশ্যন হৈ হ’ল। আৰু এটা অপাৰেশ্যন কৰিব লাগিব বুলি ডাক্তৰে কৈছে। সেইটো অপাৰেশ্যন ৬সপ্তাহ মানৰ পাছতহে কৰিব। মূৰত বৰ বেয়াকৈ আঘাত পাইছিলো। বাওঁফালে তিনিটা, সোফালে ৬টা চিলাই পৰিছিল। ডাক্তৰে কোৱামতে মোৰ লাওখোলাৰ এটা অংশ ভিতৰলৈ সোমাই গৈছে। তাত প্লেটিনাম প্লেট লগাব লাগিব।

New Update
WhatsApp Image 2026-02-19 at 2.00.14 PM

মৃদুল কুমাৰ সন্দিকৈ

‘অলপ ভাল পাইছো। ১৭ফেব্ৰুৱাৰী, ২০২৬ৰ দিনা এটা অপাৰেশ্যন হৈ গ’ল। আৰু এটা অপাৰেশ্যন কৰিব লাগিব বুলি ডাক্তৰে কৈছে। সেইটো অপাৰেশ্যন ৬সপ্তাহ মানৰ পাছতহে কৰিব। মূৰত বৰ বেয়াকৈ আঘাত পাইছিলো। বাওঁফালে তিনিটা, সোফালে ৬টা চিলাই পৰিছিল। ডাক্তৰে কোৱামতে মোৰ লাওখোলাৰ এটা অংশ ভিতৰলৈ সোমাই গৈছে। তাত প্লেটিনাম প্লেট লগাব লাগিব।

ইনভেকচন যথেষ্ট আছে বাবে সেয়া প্ৰথমটো অপাৰেশ্যনত প্লেট বহাব পৰা নগ’ল’ - সৰু সৰু মাতেৰে চিকিৎসালয়ৰ বিচনাৰ পৰা তেওঁ এইদৰে তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত কথাবোৰ কৈ গৈছিল। কেতিয়ালৈ চিকিৎসকে তেওঁক ঘৰলৈ যাব দিয়ে সেই কথা এতিয়াও অৱগত হোৱা নাই।

অসম চিকিতসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ হস্পাতালত ভৰ্তি হৈ থকা এজন অধ্যাপকৰ ভাষ্য আছিল এয়া। নাম তেওঁৰ- মনমোহন গগৈ। ধেমাজি চিটি কলেজৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ শিক্ষক তেওঁ। ছাত্ৰ-ছাত্ৰীৰ সৈতে অতি সুমধুৰ সম্পৰ্ক থকা এইগৰাকী কলেজ শিক্ষকে কথমপি প্ৰাণ বচাই এতিয়া চিকিৎসালয়ৰ বিচনাত সময় অতিবাহিত কৰিছে।

সেইদিনা আছিল ১৪ফেব্ৰুৱাৰী। চিলাপথাৰ অকাজান জনজাতি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁক অৰ্পন কৰা দায়িত্ব পালন কৰিবলৈ উপস্থিত হৈছিলগৈ মনমোহন গগৈ। উক্ত বিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষা কেন্দ্ৰ আছিল। সেই পৰীক্ষা কেন্দ্ৰটোৰ পৰীক্ষা পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল তেওঁক।

লগত আছিল এগৰাকী মহিলা সহঃ পৰ্যবেক্ষক। সেইদিনা পৰীক্ষা আছিল আবেলি। অসমীয়া বিষয়ৰ পৰীক্ষা। পৰীক্ষা অন্ত পৰিবলৈ ১০মিনিট মান বাকী আছিল। এগৰাকী ছাত্ৰীয়ে অসৎ উপায় অৱলম্বন কৰাৰ বাবে সহঃ পৰীক্ষা পৰ্যবেক্ষকগৰাকীয়ে কেইবাবাৰো সৰ্তক কৰি দিয়াৰ পাছত ছাত্ৰীগৰাকীক বহিষ্কাৰ কৰিছিল পৰীক্ষাৰ পৰা।

ছাত্ৰীগৰাকীয়ে পৰীক্ষা কেন্দ্ৰটোৰ পৰা ওলাই গৈ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা এখন গাড়ীৰ আগত জপিয়াই দিয়াৰ চেষ্টা চলাইছিল। তাৰ পৰাই সূত্ৰপাত হৈছিল এই কাহিনীৰ। বাহিৰত গোট খাইছিল একাংশ ছাত্ৰ-ছাত্ৰী আৰু কিছু অভিভাৱক।

পৰ্যবেক্ষক হিচাপে পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিয়া পৰীক্ষাৰ্থীসকলৰ বহীবোৰ ছীল-মোহৰ মাৰি নিয়ম অনুসৰি জমাৰ বাবে সাজু কৰিছিল তেওঁলোকে। হঠাতে উগ্ৰমূৰ্তি ধৰি সেই বহিষ্কাৰ কৰা ছাত্ৰীগৰাকীক কেন্দ্ৰ কৰি একাংশ লোকে পৰীক্ষা কেন্দ্ৰটোত আক্ৰমণৰ চেষ্টা চলালে। 

যথেষ্ট ভয় খাইছিল গগৈৰ সৈতে থকা মহিলা সহঃপৰ্যবেক্ষকগৰাকীয়েও। পৰিস্থিতি বিষয় দেখি তেওঁলোকে আশ্ৰয় লৈছিল এটা কোঠাত। প্ৰায় ডেৰ দুঘন্টা সময় টেবুলৰ তলত কটাব লগা হৈছিল। তাৰ মাজতে কোঠাটোৰ খিৰিকি ভাঙি দুই- একে কোঠাৰ ভিতৰতে পৰ্যবেক্ষকৰ দায়িত্বত থকা মনমোহন গগৈক আক্ৰমণৰ চেষ্টা চলাই গৈছিল।

বাহিৰত ৩-৪জন মান আৰক্ষী আছিল। কেইজনমান চি আৰ পি এফৰ জোৱানো আছিল তেতিয়া। কিন্তু কোনেও পৰিস্থিতি চম্ভালিব পৰা নাছিল বা চম্ভলাৰ চেষ্টা চলোৱা নাছিল। তেওঁলোকৰ ভুল আছিল নকল কৰা এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা। আৰক্ষীৰ চাৰি-পাঁচজন মান লোক গৈ তেওঁলোকক কোঠাৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল।

বাৰাণ্ডাতে আকৌ চলিল আক্ৰমণ। বিদ্যালয়ৰ ফিল্ডখন যথেষ্ট ডাঙৰ। লক্ষ্য হৈছিল কেৱল পৰ্যবেক্ষকৰ দায়িত্ব থকা মনমোহন গগৈ। আৰক্ষীৰ বিষয়াজনে তেওঁক বচাবলৈ তেওঁৰ চোলাটো খুলি পিন্ধাই দিছিল গগৈক। কিন্তু ৰক্ষা পোৱা নাছিল। 

বাৰাণ্ডাৰ পৰা দুজন পুলিচে তেওঁক লৈ গৈছিল বিদ্যালয়খনৰ গেটৰ কাষলৈ। তাতো চলিছিল শাৰীৰিক প্ৰহাৰ। যিদুজন পুলিচে তেওঁক লৈ গৈছিল, সেই দুজন হৈ পৰিছিল অসহায়। তেওঁ মাথোঁ আৰক্ষী দুজনৰ হাত দুখন দুফালে টানকৈ ধৰি লৈছিল।

গেটখন সেই উত্তেজিত লোকসকলে বন্ধ কৰি ৰাখিছিল। ওলাই যাবলৈ দিয়া নহ’ল তেওঁক। ডেৰ-দুঘন্টা হৈ যোৱাৰ পাছতো অহা নাছিল কোনো দায়িত্বশীল বিষয়া তথা আৰক্ষীৰ লোক। নাছিল তেওঁক সেই ঠাইৰ পৰা আঁতৰাই নিবলৈ কোনো গাড়ী।

উত্তেজিত লোকসকলক তেওঁ কৰযোৰ কৰিছিল, বুজাইছিল যে, তেওঁৰ অকণো ভুল নাই। কিন্তু উত্তেজিত মানুহবোৰে কোনো কথাই নুবুজিলে। গেটৰ কাষৰ পৰা ঘূৰি গ’ল আকৌ ফিল্ডৰ মাজলৈ। বিকল্প পথৰ সন্ধান কৰি বিদ্যালয়খনৰ পিচফালে নিৰ্মাণ কৰি থকা নিৰ্মাণ কৰি থকা বিদ্যালয়খনৰ নতুন বিল্ডিংটোৰ পালে আগবাঢ়িল।

ভৰিৰ এপাত জোতা বিদ্যালয়ৰ ফিল্ডতে পৰি গৈছিল। আনপাত জোতাহে আনখন ভৰিত আছিল। বিদ্যালয়ৰ নতুন বিল্ডিং বনাবলৈ জমা কৰা শিল,ইঁটা আৰু গাঁতত পৰিছিল যদিও পুনৰ উঠিছিল। মনৰ ভিতৰত এক দৃঢ়তাৰে ইয়াৰ পৰা যিকোনো প্ৰকাৰে ওলাই যাব লাগিব বুলি ঠিক কৰি লৈছিল।

তিনিগৰাকী আৰু গাওঁবুঢ়া আছিল তেওঁ সৈতে। গাওঁবুঢ়া জনে বিদ্যালয়ৰ বাউণ্ডেৰী ৱালখন পাৰ হৈ পথাৰে পথাৰে তেওঁলোক আঁতৰি যাবলৈ পৰামৰ্শ দিছিল। আৰক্ষীৰ সহযোগত তেওঁ ৱালখন পাৰ হৈ আগবাঢ়িছিল। 

ইতিমধ্যে আন্ধাৰ নামি আহিছিল। দেখিছিল হাতত টৰ্চ লৈ একাংশ লোক পথাৰত তেওঁলোকক বিচাৰি ফুৰিছে। আৰক্ষীকেইজনৰ সংগ এৰি তেওঁ আন এটা দিশত দৌৰিছিল। নৰাত উজুতি খাই পৰিছিল, আকৌ উঠি দৌৰিছিল। 

এনেদৰে ৫/৬কিলোমিটাৰ মান গৈ এঘৰ লোকৰ পিচফালে তেওঁ উপস্থিত হৈছিলগৈ। জঁপনা খুলি পথটোলৈ ওলাই আহোতে দেখিছিল এগৰাকী যুৱকে বাইক ষ্টাৰ্ট দিবলৈ লৈছে। তেওঁ ল’ৰাজনৰ কাষলৈ গৈ সহায় বিচাৰিলে। ক’লে- তেওঁ এক দুৰ্ঘটনাতপতিত হৈছে। ধেমাজিলৈ যিকোনো প্ৰকাৰে যাব লাগে। 

সহায় কৰিব পাৰিবনে বুলি সুধিলে। যুৱকজন জৰুৰী কামত চিলাপথাৰলৈ যাব ওলাইছিল। তেওঁ জনালে- ধেমাজিলৈ যথেষ্ট দূৰ। চিলাপথাৰ হস্পাতাললৈ তেওঁক লৈ যাব পাৰে। হ’ব বুলি কৈ তেওঁ বাইক উঠিল।

ল’ৰাজনে তেওঁক হস্পাতাললৈ নিব বিচাৰিছিল যদিও তেওঁ মাজতে ক’লে- যিকোনো প্ৰকাৰে তেওঁক চিলাপথাৰ থানাত ভৰাই দিলেই হ’ব। তেতিয়া সন্ধিয়া ৭.৩০বাজিছিল। থানাত উপস্থিত হৈ সকলো বিৱৰি ক’লে। এগিলাচ পানী খাব বিচাৰিলে তেওঁ।

ঘটনাৰ সবিশেষ আৰক্ষীক জনাই এজাহাৰ লিখালে। ফোনযোগে তেওঁ এই দায়িত্ব অৰ্পন কৰা বিষয়াগৰাকীক সবিশেষ বিৱৰি ক’লে। সম্ভৱ থানাত গাড়ী নাছিল। বৰ বেছি দূৰো নহয় চিলাপথাৰ আদৰ্শ চিকিতসালয়লৈ। পংকজ বৰা নামৰ যিজন লোকলৈ তেওঁ ফোন কৰি এই কথাবোৰ কৈছিল, তেওঁ এজন ব্যক্তিক পঠালে থানালৈ।

কিছু পলম হ’লেও লৈ যোৱা হৈছিল চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ। খবৰবোৰ ইতিমধ্যে মানুহে পাইছিল। চিটি কলেজৰ অধ্যক্ষগৰাকীও আহি উপস্থিত হৈছিল। তাত প্ৰাথমিক চিকিৎসা আৰু চিলাই কৰি দি এখন এম্বুলেন্সৰে তেওঁক লৈ যোৱা হ’ল ডিব্ৰুগড় চিকিতসা মহাবিদ্যালয়লৈ। 

২০০৭চনৰ পৰাই তেওঁ কলেজত শিক্ষকতা কৰিছে। বহুবাৰ পৰীক্ষাত এনেধৰণৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে। কিন্তু কেতিয়াও এই ধৰণৰ পৰিস্থিতি সন্মুখীন হোৱা নাছিল। এম্বুলেন্সত উঠিবলৈ লৈ তেওঁ সুধিছিল সহঃপৰ্যবেক্ষক গৰাকীৰ কথা। জনোৱা হৈছিল তেওঁক তেখেতক সুকলমে পৰীক্ষা কেন্দ্ৰটোৰ পৰা উদ্ধাৰ কৰি নিয়া হৈছে।

এইদৰে সেইদিনা নকল ধৰিবলৈ গৈ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল তাৰ সবিশেষ বৰ্ণনা। দুদিনৰ পূৰ্বে অৰ্থাত ১৭ফেব্ৰুৱাৰী, ২০২৬ত ডিব্ৰুগড় চিকিতসালয়লৈ গৈছিল এজন আৰক্ষী বিষয়া। গ্ৰহণ কৰিছিল তেওঁৰ ভাষ্য। ৰাজকমল দত্ত নামৰ এই গোচৰৰ আই অ’ গৰাকীক তেওঁ এইখিনি কথাই জনাইছিল।

এনে অবাঞ্চিত আৰু দুভাৰ্গ্যজনক পৰিস্থিতিৰ সন্মুখীন হোৱা মনমোহন গগৈয়ে বিচাৰে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অপৰাধীক শাস্তি দিয়ক। কেইখনমান ফটো তেওঁক চিনাক্তকৰণৰ বাবে দিয়া হৈছিল। আৰক্ষীক তেওঁ জনাইছে সেই সময়ত কোনে তেওঁক কিধৰণে পিটিছিল সেয়া মনত ৰখাতো সম্ভৱেই নাছিল। 

মূৰত প্ৰকাণ্ড শিলেৰে থেতেলি দিছিল। চৰ-গোৰ আছিলেই। আৰক্ষীয়ে চিলাপথাৰ থানাত এটা গোচৰ ৰুজু কৰিছে। যিটো গোচৰৰ নম্বৰ 28/26 । বি এন এছৰ ১৯১(৩)৩৩১(৫)/১২১(২)১১৮(২)/১৩২/১০৯  ধাৰাত ৰুজু হৈছে এই গোচৰ। ছয়জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 

তাৰ ভিতৰত আছে থমাছ পেগু, টিংকু পেগু, ফিৰোজ কুলি, সূৰ্য দাস, কানেং টায়ে আৰু হেমন্ত পেগু। অভিযোগ মতে, এতিয়াও মূল অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰা নাই। এক ৰাজনৈতিক শক্তিয়েও হেনো ক্ৰিয়া কৰিছে ইয়াত।

শিক্ষকৰ ওপৰত ছাত্ৰ-অভিভাৱকৰ এই বৰ্বৰ আক্ৰমণ কেনেকৈ সহ্য কৰিব পাৰি। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে মনমোহন গগৈলৈ এবাৰ ফোন কৰিছিল। তাতেই শেষ হৈছিল শিক্ষামন্ত্ৰীৰ দায়িত্ব। শাৰিৰিকেই নহয় মানসিক অন্তঃদ্বৰ্ন্দ্বত জৰ্জৰিত এইগৰাকী শিক্ষক। তেওঁৰ কাতৰ আহ্বান- চৰকাৰে যাতে তেওঁৰ উন্নত চিকিতসাৰ ব্যৱস্থা কৰে। শিক্ষক সমাজৰ বাবে এই ঘটনা শেষ ঘটনা হৈ পৰে। 

বিপদত সতীৰ্থ ৰাজনীতিবিদৰ খবৰ ল’বলৈ ঘৰলৈ গৈ মহানুভৱতাৰ পৰিচয় দিয়া মুখ্যমন্ত্ৰীয়েও এইগৰাকী শিক্ষকৰ এটা খবৰ লোৱাৰ সৌজন্যতা প্ৰদৰ্শন কৰিব নোৱাৰিলেহেতেঁন নে ইমান দিনে! স্থানীয় জনপ্ৰতিনিধিসকলে এই ঘটনাৰ গৰিহণা দিবলৈকে ভাষা বিচাৰি নোপোৱাতো হাস্যকৰ। অসম বিধানসভাত বিৰোধীয়ে এবাৰো উত্থাপন কৰিব নোৱাৰিলেহেতেন নে এই প্ৰসংগ...

পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা