খেৰণিৰ মাটি স্বত্ব ৪২ বছৰ পূৰ্বে কেনেকৈ দিয়া হৈছিল অখিলঞ্জীয়াক?

কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলা পৰিষদ নামেৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। পিছলৈ ১৯৫২ চনৰ ২৩ জুনত ইয়াৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-26 at 2.24.38 PM

কাৰ্বি আংলঙৰ পিজিআৰ,ভিজিআৰ মাটিৰ নামত হৈছে নেকি ৰাজনীতি? ৪২ বছৰ পূৰ্বে কি নীতিৰ আধাৰত অনা কাৰ্বি লোকক দিয়া হৈছিল ভূমি চক্ৰ? কাৰ ভুলৰ বাবে এই ভূমি নীতি এতিয়া কাৰণ হৈ পৰিছে কাৰ্বিৰ সৈতে অখিলঞ্জীয়াৰ সংঘৰ্ষ উৎস। তথ্য প্ৰমাণে কি কয়? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক্সক্লুছিভ প্ৰতিবেদন...

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশ লাহে লাহে স্বাভাৱিক হ'ব ধৰিছে। কিন্তু যি কাৰণত এই পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ সমাধান কৰাতো এতিয়া সহজসাধ্য হৈ থকা নাই। পিজিআৰ,ভিজিআৰ শ্ৰেণীভুক্ত মাটিত অখিলঞ্জীয়াৰ দখলক লৈ উত্থাপিত প্ৰশ্নৰ কেৰোণ আছে চৰকাৰী নথি-পত্ৰতে। 

অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি হাৱাইপুৰ মৌজা, ডংকাত ১৯৮৩ চনৰ ৭ ডিচেম্বৰত এখন জাননী জাৰি কৰা হৈছিল কাৰ্বি আংলং জিলা কাউন্সিলৰ তৰফৰ পৰা, এই জাননী প্ৰদান কৰিছিল সহকাৰী বন্দোৱস্ত বিষয়াই (Assistant Settlement Officer)। সেইসময়ত এই মৌজাৰ কেইখনমান গাঁৱত ৩০-৪০ বছৰ পূৰ্বৰে পৰা বসবাস কৰি অহা লোকসকলৰ ভূমিৰ জৰীপ হৈছিল।

WhatsApp Image 2025-12-26 at 12.58.49 PM (1)
কাৰ্বি আংলং জিলা কাউন্সিলৰ জাননী

কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলা পৰিষদ নামেৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। পিছলৈ ১৯৫২ চনৰ ২৩ জুনত ইয়াৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ কৰা হৈছিল। তেনেস্থলত কাৰ্বিসকলৰ ভূমিকে ধৰি আন অধিকাৰ সমূহ তেতিয়াৰ পৰাই তেওঁলোকে লাভ কৰি আহিছে।

তাৰ পাছত কিহৰ বাবে এই ভূমি জৰীপ হৈছিল এই অঞ্চল সমূহত। কেৱল ভূমি জৰীপে নহয় জৰীপৰ অন্তত ১৯৮৩ চনতেই এই গাঁওসমূহত বাস কৰা লোকসকলৰ ভূমিৰ দাগ নম্বৰ চিথা কপি প্ৰস্তুত কৰা হৈছিল। পৰিয়ালসমূহে খাজনাও আদায় কৰি আহিছিল। 

WhatsApp Image 2025-12-26 at 12.58.49 PM
চিথা কপি

এই জৰীপ সমাপন হৈছিল সেই বছৰৰ ১৪ ডিচেম্বৰত। ৰহস্যজনক ভাৱে, আমাৰ হাতত পৰা চিথা কপিসমূহত ক’তো এই ভূমিৰ শ্ৰেণী পিজিআৰ ভূমি বুলি উল্লেখ নাই আনকি মালিকীস্বত্ব কোন পৰিয়ালৰ হাতত আছে সেয়াহে উল্লেখ আছে। সেয়েহে বিষয়টো এতিয়া এটা সাধাৰণ বিষয় হৈ থকা নাই।

1
চিথা কপি

ইয়াক সংশোধন আৰু সংবিধান প্ৰদত্ত অধিকাৰ অনুসৰি কাৰ্বি সকলৰ নামত সেই ভূমি থকা বিপৰীতে অনা কাৰ্বি লোক সকলৰ নামত ভূমি অধিকাৰ কেনেকৈ প্ৰদান কৰা হ'ল এয়াহে এক বিচাৰ্য বিষয়। এই গাঁওসমূহত বাস কৰা লোকসকল আছিল ভাষিক অসমীয়া আৰু লগতে কাৰ্বি,ডিমাছা,মণিপুৰি,গোৰ্খা,হিন্দী ভাষী,বেংগলী আদি।

তেনে এখন গাঁও ১ নম্বৰ খেৰণি ঘাট। এই চিথা কপি আৰু খাজনা ৰছিদৰ আধাৰতেই তেওঁলোকে যোৱা ৪২ বছৰে সকলো চৰকাৰী উন্নয়নমূলক কামৰ সুবিধা লাভ কৰি আহিছে। সেইহেতু এই ভূমি পিজিআৰ লেণ্ড হৈ যোৱাৰ আঁৰত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ সন্দেহ কৰিছে বহুলোকে। 

2
চৰকাৰী নথি

খেৰণি আৰক্ষী থানাখনৰ লগতে বহু চৰকাৰী কাৰ্যালয় এনে ভূমিতেই অৱস্থিত। ৭০-৮০ বছৰে বাস কৰি থকা এই ভূমিক হঠাৎ পিজিআৰ লেণ্ড বুলি উল্লেখ কৰাক লৈ বিপাঙত পৰিছে স্থানীয় বাসিন্দাসকল।যিটো বিষয় বৰ্তমান ন্যায়ালয়ৰ মজিয়াত বিচাৰধীন হৈ আছে।

এফালে কাৰ্বি সকলৰ দাবী, আনফালে অনা কাৰ্বি লোকসকলৰ এই যুক্তি আৰু তথ্য-প্ৰমাণে সমগ্ৰ বিষয়টোক ৰহস্যঘন কৰি তুলিছে। ইয়াৰ উপযুক্ত তদন্তৰ প্ৰয়োজন আছে। চৰকাৰী বিষয়া বা চৰকাৰৰ ভুল নীতিৰ বাবে কাৰ্বি আংলঙত সংঘৰ্ষময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

খেৰণি