/asomiyapratidin/media/media_files/2025/12/18/bikhekh-lekha-8-2025-12-18-15-31-54.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ঘৰখনত সেই আগৰ সেই পৰিৱেশ নাই। লাহে লাহে স্বাভাৱিক হৈছে মানুহ। জুবিনকেন্দ্ৰিক কথাবোৰৰ পৰা আঁতৰি নিজৰ ব্যস্ততাপূৰ্ণ জীৱনত ব্যস্ত হৈ পৰিছে প্ৰায়বোৰ লোক। হয়তো জুবিনৰ প্ৰতি থকা ভালপোৱা আৰু আৱেগ বহুতে লৈ ফুৰিছে বুকুত।
আকৌ সেই অকলশৰীয়া আৰু শূণ্যতাৰে আৱৰা নিসংগতাৰ মাজত নিজক এৰি দিছে জুবিনৰ পৰিয়ালে। দাখিল কৰা অভিযোগনামা লৈ তেওঁলোকৰ সন্তুষ্টিতেই বহুতেই অসন্তুষ্টি ব্যক্ত কৰিছে। যিবোৰ অভিযোগ অভিযুক্তৰ বিৰুদ্ধে তদন্তকাৰী গোটে আদালতত জমা দিছিল, সেই অভিযোগ আৰু প্ৰমাণৰ বিৱৰণ এতিয়া মানুহৰ হাতে হাতে।
আইনজ্ঞসকলৰ দৰেই সাধাৰণ মানুহৰ মনত অভিযোগনামাৰ অভিযোগ আৰু প্ৰমাণৰ বিৱৰণে বিশেষ ৰেখাপাত কৰিব পৰা নাই। সন্দীপন গাৰ্গৰ নাম জুবিনৰ হত্যাৰ তদন্তৰ গোচৰত সাঙুৰ খাইছিল যদিও তেওঁৰ বিৰুদ্ধে প্ৰমাণ বিৱৰণত তদন্তকাৰী সংস্থাই কি পালে সেইবোৰ এজন লোকক জগৰীয়া কৰিবলৈ পৰ্যাপ্ত হয়নে বুলি প্ৰশ্ন তুলিছে।
সন্দীপনে শেখৰক উচতাই জুবিনক সাগৰৰ পানীত দীৰ্ঘ দুৰত্ব সাতুৰিবলৈ প্ৰৰোচিত কৰিছিল। ভয়াৱহ সুৰাসক্ত অৱস্থাত ভুক্তভোগীক পানীত জপিয়াবলৈ এৰি দিছিল। পলমকৈ পানীত জপিয়াই উদ্ধাৰৰ চেষ্টা কৰিছিল জুবিনক।
সময়মতে উদ্ধাৰ নকৰাৰ বাবে জুবিনৰ শৰীৰত বেছি পৰিমাণে পানী সোমাই পৰিছিল। সময়মতে কেপ্টেইনক মতা নাছিল। ইত্যাদি অভিযোগতেই অভিযুক্ত সন্দীপন। অমৃতপ্ৰভাৰ বিৰুদ্ধে অভিযোগ- দুটা ৰাতিৰ ভুক্তভোগীৰ সৈতে একে কোঠাতে থাকি অত্যাধিক মদ্যপান কৰিবলৈ দিছিল জুবিন গাৰ্গক।
জুবিন গাৰ্গৰ মেনেজাৰ, পত্নী, অনুষ্ঠানৰ আয়োজকক অত্যাধিক সুৰাপান কৰা, খাদ্য নোখোৱা, টোপনি নমৰা কথা কোৱা নাছিল। লাইফ জেকেট নিপিন্ধাকৈ সাতুৰিবলৈ উতসাহিত কৰিছিল, ভিডিঅ’ ৰেকৰ্ডিং কৰা ঘটনাৰ পাছত জুবিনে খোৱা ঔষধৰ বিষয়েহে এন আৰ আই আৰু পাৰ্টি আয়োজকসকলক জনোৱা ইত্যাদি অভিযোগবোৰ বাৰু কিমান শক্তিশালী?
শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগনামাত থকা প্ৰমাণৰ বিৱৰণবোৰৰ ভিতৰত চিকিতসকৰ পৰামৰ্শৰ বিপৰীতে হুইস্কিৰ এটা বটল যোগান ধৰা, অমৃতপ্ৰভাক হোটেলৰ একেটা কোঠাতে জুবিনৰ সৈতে থাকিবলৈ দিয়া, দুৰ্ঘটনাৰ দিনা পোৱা জুবিনৰ সুৰক্ষাৰ নিৰাপত্তাৰ ব্যৱস্থা নকৰা, য়ট পাৰ্টিলৈ যাবলৈ জুবিনক বাধা নিদিয়া, দুৰ্ঘটনাৰ ৭৫মিনিটৰ পিছৰলৈকে এম্বুলেন্সৰ ব্যৱস্থা নকৰা আদি।
শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধেও এই একেখিনি কথাকেই ইফাল-সিফাল কৰি অভিযোগনামাৰ প্ৰমাণ বিৱৰণত লিখা হৈছে। সিদ্ধাৰ্থ শৰ্মাক এই অভিযোগনামাত ১নম্বৰ অভিযুক্ত হিচাপে চিনাক্ত কৰি যিবোৰ অভিযোগ দাখিল কৰা হৈছে, তাতো বিশেষ নতুনত্ব একো নাই।
এইবোৰ কথা এতিয়া মানুহৰ হাতে হাতে পৰিছে। মানুহে নিজস্ব ধৰণে অভিযোগনামাৰ কথাবোৰ বিচাৰ বিবেচনা কৰি ইয়াত সাম্ভাৱ্য শাস্তি কি হ’ব পাৰে, তাৰ এক আভাস আৰু ধাৰণা কৰাৰ চেষ্টা চলাইছে।
জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি মানুহ সৰৱ হৈছে। জাষ্টিছ ফৰ জুবিন শীৰ্ষক এক আন্দোলন বিশ্বজুৰি গঢ়ি তোলা হৈছিল। সেই ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে। জুবিনৰ সমাধি ক্ষেত্ৰত মানুহৰ ভিৰ কমিছে যদিও মানুহ আহিয়েই আছে।
ন্যায় প্ৰদানৰ নামত বহিঃপ্ৰকাশ ঘটা কথাবোৰে কৰবাত মৃত জুবিনৰ প্ৰতি অপমান আৰু বিৰাগ সৃষ্টি কৰা এক পৰিৱেশ গঢ় লৈ উঠা দেখা যায়। যি আৱেগ প্ৰথমে সৃষ্টি হৈছিল, সেই আৱেগক মূলধন হিচাপে লৈ বিভিন্ন ক্ষেত্ৰত জুবিনক লৈ এক টনাটনিৰ খেলো চলি আছে।
একেই আছে গৰিমা গাৰ্গ, জুবিনৰ পৰিয়াল। তেওঁলোকৰ বাবে জুবিনবিহীন এই সময় দুঃসময়ৰ দস্তাবেজ। তাৰমাজতে বহু অভিযোগ-প্ৰতিঅভিযোগৰ ভৰ বহন কৰিব লগা হৈছে পৰিয়ালটোৱে। সত্যতা নিৰূপণ নকৰাকৈ চৰ্চা হোৱা কথাবোৰ তেওঁলোকক মৰ্মাহতও কৰিছে।
সেয়েহে বহু কথা তেওঁলোকে সামৰি থ’ব খোজে নিজৰ মাজত। ক’ব নোখোজে কথাবোৰ। চাই, দেখি-শুনি তেওঁলোকে নীৰৱে এনেবোৰ কথাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নুখুজিলেও সচাঁটো প্ৰতিজন লোকেই জনাৰ প্ৰয়োজন।
জুবিন গাৰ্গৰ পিতৃয়ে জুবিন গাৰ্গক লৈ লিখা গ্ৰন্থখনৰ বাবদ প্ৰকাশকে ৰয়েলিটী দিছেনে বুলি এক অভিযোগ উঠিছিল। সেই প্ৰশ্নৰ উত্তৰ বিচাৰি পিতৃৰ দৃষ্টিত জুবিন শীৰ্ষক গ্ৰন্থখনৰ প্ৰকাশকৰ সৈতে আমি যোগাযোগ কৰি এক ইতিবাচক উত্তৰ লাভ কৰিছিলো।
প্ৰকাশ কৰিব বিচৰা নাছিল তেওঁলোকে কিমান ধন গ্ৰন্থখনৰ লেখক তথা জুবিনৰ পিতৃক প্ৰদান কৰিছে। কেতিয়া সেই ধন তেওঁৰ হাতত তুলি দিছিল তাৰো কোনো নিৰ্দিষ্ট তথ্য পোৱা নাছিল। সেই সময়তে লাভ কৰা হ’ল এক ভাল লগা খবৰ।
জুবিন গাৰ্গৰ বিষয়ে আন এখন গ্ৰন্থ প্ৰকাশ হৈছিল- জুবিন গাৰ্গঃ জীৱনৰ পৰা গানলৈ। মন্টু শইকীয়াই সম্পাদনা কৰা সেই গ্ৰন্থখনত কোনে জুবিনৰ বিষয়ে লিখিব সেয়া জুবিনে জীৱিত কালতে ঠিক কৰি দিছিল।
সেইমতে ২০০৯ চনত প্ৰকাশ পাইছিল এই গ্ৰন্থখন। নিৰ্বাচিত লোকৰ দৃষ্টিৰে জুবিনক তুলি ধৰা এইখনেই আছিল অন্যতম নিৰ্ভৰযোগ্য গ্ৰন্থ। সেই সূত্ৰৰ আঁত ধৰিয়েই পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হৈছিল জুবিনৰ পিতৃৰ দ্বাৰা ৰচিত গ্ৰন্থখন।
২০১১ত প্ৰকাশ পোৱা জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰৰ গ্ৰন্থখনৰ বাবদ লিখকক প্ৰকাশক চন্দ্ৰ প্ৰকাশনে ২০২৫ত ৰয়েল্টিৰ বাবদ ১১ ডিচেম্বৰ ২০২৫ত চেকযোগে প্ৰাপ্ত ধন প্ৰদান কৰিলে। প্ৰথমাৱস্থাত গ্ৰন্থখনৰ বিক্ৰী সন্তোষজনক নাছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত পাঠকে আদৰি লৈছিল গ্ৰন্থখন।
গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণত সেয়েহে যথেষ্ট সংখ্যক গ্ৰন্থ প্ৰকাশ কৰিছিল প্ৰকাশন গোষ্ঠীটোৱে। এক সূত্ৰৰ পৰা জানিব পৰা মতে চন্দ্ৰ প্ৰকাশনৰ স্বত্বাধিকাৰী ৰবীন শৰ্মাই মণ্টু শইকীয়াৰ সৈতে গৈ কপিল ঠাকুৰৰ হাতত তুলি দিছিল এখন চেক।
প্ৰকাশন গোষ্ঠীটোৱে ইয়াৰ পূৰ্বে দ্বিতীয় সংস্কৰণৰ বাবে অনুমতিও লৈছিল। তাৰ পাছত তেওঁলোকে কপিল ঠাকুৰক দিয়া ধনৰ পৰিমাণ আছিল ৪ লাখ টকা। পৰৱৰ্তী সময়ত লিখকৰ প্ৰাপ্য ধন প্ৰকাশন গোষ্ঠীটোৱে সময় অনুসৰি দিয়াৰো প্ৰতিশ্ৰুতি দি আহিছে।
এচাম লোকে এই সন্দৰ্ভত সন্দেহ ব্যক্ত কৰিছিল যদিও এই সন্দেহ সঁচা নহয়। গ্ৰন্থখনৰ বাবদ উপযুক্ত মাননি কপিল ঠাকুৰক দিয়া হৈছে। সেয়েহে এই বিষয়ত বিতৰ্ক প্ৰয়োজনহীন। অৱশ্যে এইবোৰ কথা জুবিন গাৰ্গৰ পৰিয়াল বা প্ৰকাশকে ৰৌজাল- বৌজাল হোৱাতো নিবিচাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us