/asomiyapratidin/media/media_files/2026/03/06/whatsapp-image-2026-2026-03-06-15-13-40.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
২০২৬ত অসম বিধানসভাৰ নিৰ্বাচনত এখন আকৰ্ষণীয় যুঁজ হ’ব যোৰহাট বিধানসভাত। এই সমষ্টিটোত বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি এক খবৰ প্ৰকাশ পাইছিল যদিও সেই খবৰ আছিল মিছা। এই খবৰৰ বিপৰীতে ইতিমধ্যে কংগ্ৰেছে গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে প্ৰথমখন তালিকাত নাম ঘোষণা কৰাৰ পাছত সমষ্টিটোত আন এজন প্ৰাৰ্থীকহে বিজেপিয়ে গগৈৰ বিৰুদ্ধে থিয় কৰাবলৈ ব্লু-প্ৰিণ্ট সাজু কৰি থৈছে।
সকলো ঠিকে- ঠাকে থাকিলে সমষ্টিটোত গৌৰৱ গগৈয়ে বাহুবলীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট সমষ্টিত নতুন ঘৰ ক্ৰয় কৰিছে। সমষ্টিটোৰ ১১ নং ৱাৰ্ডৰ কাকতি গাঁৱত ঘৰে-মাটিয়ে ক্ৰয় কৰাৰ লগতে ভোটাৰ তালিকাতো নাম অন্তৰ্ভূক্ত কৰাৰ বাবে এই চৰ্চা হৈছে।
অনুমান কৰা হৈছিল পাকিস্তানী এজেণ্ট সজোৱা গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে সমষ্টিটোত এজন শক্তিশালী প্ৰাৰ্থীৰ ৰূপত বিদেশ ৰাজ্যিক মন্ত্ৰীগৰাকীক প্ৰক্ষেপ কৰিব। কিন্তু সেই অনুমান স্বয়ং মুখ্যমন্ত্ৰীয়ে সঁচা নহয় বুলি স্পষ্ট কৰি দিছিল। তাৰে এজন লোকেল প্ৰাৰ্থীহে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত বহুতৰ মনত প্ৰশ্ন হৈছে কোন হ’ব সেইজন প্ৰাৰ্থী !
২০২৪চনতো লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বশক্তি প্ৰয়োগ কৰিছিল। সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী আছিল তপন গগৈ। যোৰহাট লোকসভা সমষ্টিত মাত্ৰ ২৩ দিনতে ২০খন বিশাল জনসভাত অংশ লৈছিল মুখ্যমন্ত্ৰীয়ে।
পীযুষ হাজৰিকাক বিশেষভাৱে দায়িত্ব দিয়া হৈছিল সমষ্টিটোত। হাজৰিকাই ১২০খন, পল্লৱ লোচন দাসে ২০খন, অজন্তা নেওগে ৩০খন, জয়ন্ত মল্লবৰুৱা ৬খন নিৰ্বাচনী সভাত অংশ লৈছিল। গৌৰৱ গগৈৰ বিৰুদ্ধে সেই লোকসভা নিৰ্বাচনত নামিছিল অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আদিয়ো।
নিৰ্বাচনী ফলাফলত দেখা গৈছিল উক্ত লোকসভা সমষ্টিটোৰ পৰা ৭,৫১,৭৭১টা ভোট লাভ কৰি জয়ী হৈছিল গৌৰৱ গগৈ। তাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তপন গগৈয়ে লাভ কৰিছিল ৬০৭৩৭৮টা ভোট। মুঠ ভোট ১৩,৯৬,২৮৩টাৰ ভিতৰত ৫৪.০৪ শতাংশ ভোট গৌৰৱ গগৈয়ে আৰু ৪৩.০৬ শতাংশ ভোট তপন কুমাৰ গগৈয়ে লাভ কৰিবলৈ সক্ষম হৈছিল।
এই লোকসভা সমষ্টিটোৰ অন্তৰ্গত সোণাৰি, মাহমৰা, থাওৰা, শিৱসাগৰ, নাজিৰা, মাজুলী, টিয়ক, তিতাবৰ, যোৰহাট আৰু মৰিয়নি বিধানসভা সমষ্টিৰ ভিতৰত মাজুলীতে কেৱল বিজেপিৰ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ বেছি ভোট লাভ কৰিছিল। সোণাৰীত কংগ্ৰেছে ৭১,৬০৩টা, বিজেপিয়ে৬১,২৬৯টা, মাহমৰাত কংগ্ৰেছে ৬২,৬৮০টা, বিজেপিয়ে ৫৩,০৩০টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
গৌৰৱ গগৈয়ে তিতাবৰ বিধানসভা সমষ্টিত উক্ত লোকসভা নিৰ্বাচনত ৯৭,৩৯২টা, বিজেপি প্ৰাৰ্থী তপন গগৈয়ে ৫৬,৮৩৭টা ভোট লাভ কৰিছিল। মাজুলীত অৱশ্যে বিজেপি প্ৰাৰ্থী তপন গগৈয়ে ৫৯,২৭৬টা আৰু কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৫২,৬৯০টা ভোট লাভেৰে দ্বিতীয় স্থানত আছিল।
এইবাৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লগা যোৰহাট বিধানসভা সমষ্টিত মুঠ ভোটদান হৈছিল ১১১৪৩৮টা ভোট। তাৰেই ৬০,৬৯৭টা ভোট গৌৰৱ গগৈ আৰু ৪৮,৫৬৭টা ভোট তপন গগৈয়ে লাভ কৰি গৌৰৱ গগৈৰ হাতত পৰাস্ত হৈছিল লোকসভা নিৰ্বাচনত।
২০২১ৰ বিধানসভা নিৰ্বাচনত অৱশ্যে যোৰহাট বিধানসভাৰ পৰা বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী জয়ী হৈছিল। গোস্বামীয়ে সেই নিৰ্বাচনত ৬৮হাজাৰ ৩শ ২৯টা ভোট পোৱাৰ বিপৰীতে ৰাণা গোস্বামীয়ে ৬১ হাজাৰ ৮শ ৩৩টা ভোট লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থী হিচাপে দ্বিতীয় স্থানত আছিল। সেইবাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নিৰোদ চাংকাকতিয়ে ৬,৯২৫টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
কথমপি হিতেন গোস্বামী জয়ী হৈছিল যদিও ২০২৬ত তেওঁক উক্ত সমষ্টিটোৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰে বুলি ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছিল। টিকটৰ আশাত গোস্বামীয়ে মুখ্যমন্ত্ৰীক সাক্ষাত কৰাৰ লগতে কামাখ্যাতো চাকি-বন্তি জ্বলাই ভাল খবৰ পোৱাৰ আশাত এতিয়াও বন্দী হৈ আছে।
কংগ্ৰেছ এৰি ৰাণা গোস্বামী বিজেপিত যোগদান কৰাৰ পাছত তেঁৱো সমষ্টিটোৰ পৰা বিজেপিৰ টিকট আশা কৰিছিল। সমষ্টিটোত বিজেপিৰ আন এজন প্ৰাৰ্থিত্বৰ দাবীদাৰ হ’ল সিদ্ধাংকু অংকুৰ বৰুৱা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যোৰহাট বিধানসভা সমষ্টিৰো ভৌগলিক পৰিসীমা সলনি হৈছে।
নতুন যোৰহাট বিধানসভা সমষ্টিত অন্তৰ্গত হৈছে- যোৰহাট পৌৰসভা, যোৰহাট উন্নয়ন খণ্ড (অংশবিশেষ), উত্তৰ নামনি চৰাইবাহী গাঁও পঞ্চায়ত, উত্তৰ গোৰামূৰ গাঁও পঞ্চায়ত, বাঘচাং চৰাইবাহী গাঁও পঞ্চায়ত (অংশবিশেষ), চেকনিধৰা (চি টি), মধ্য নামনি চৰাইবাহী গাঁও পঞ্চায়ত (অংশবিশেষ), শেনচোৱা গাঁও (চি টি), যোৰহাট কেন্দ্রীয় উন্নয়ন খণ্ড (অংশবিশেষ), হোলোঙাপাৰ বাগান গাঁও পঞ্চায়ত, জতকিয়া গাঁও পঞ্চায়ত, পূর্ব হোলোঙাপাৰ গাঁও পঞ্চায়ত, গোহাঁই ফেচুবাল গাঁও পঞ্চায়ত, মধ্য হোলোঙাপাৰ গাঁও পঞ্চায়ত, পশ্চিম হোলোঙাপাৰ গাঁও পঞ্চায়ত, উত্তৰ-পশ্চিম যোৰহাট উন্নয়ন খণ্ড (অংশবিশেষ), পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়ত আৰু নাওবৈচা গাঁও পঞ্চায়ত।
এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে এই সমষ্টিটোত আন এক সন্মানৰ যুঁজ হ’ব মুখ্যমন্ত্ৰীৰ। সেয়েহে এনে এজন প্ৰাৰ্থীৰ সন্ধান কৰি উলিয়াইছে যিজনৰ এক সামাজিক গ্ৰহণযোগ্যতা সমষ্টিটোত আছে। খবৰ অনুসৰি সমষ্টিটোত শেষ মুহূৰ্তত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে আকাশ গগৈ।
বাহুবলী কণীৰ জৰিয়তে জনপ্ৰিয় হোৱা আকাশ গগৈৰ সৈতে মুখ্যমন্ত্ৰীৰো আছে সু সম্পৰ্ক। আনকি জন্মদিনতো আকাশ গগৈক শুভেচ্ছা জনাবলৈ নাপাহৰে ব্যস্ত মুখ্যমন্ত্ৰীয়ে। আকাশ গগৈয়ে অৱশ্যে এই সন্দৰ্ভত কোনো মুখ খোলা নাই।
এনেকৈ নিৰ্বাচনী ৰণত কংগ্ৰেছক নেতৃত্ব দিয়া গৌৰৱ গগৈক পৰাজয় কৰিবলৈ বাহুবলী কণীৰ স্বত্বাধিকাৰী আকাশ গগৈক প্ৰক্ষেপ কৰিবৰ বাবে বিজেপিয়ে গোপন ব্লু- প্ৰিণ্ট ৰচনা কৰিছে। অৱশ্যে তাৰ মাজতে ওলাই যাব পাৰে পূজাৰী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us