/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/Bikhekh-Lekha-JOONMANI.jpg)
মৃদুল কুমাৰ সন্দিকৈ
লেডী সিংঘম! সংবাদ মাধ্যমেই তেওঁক এই ৰূপত তুলি ধৰিছিল। শাসকীয় দলৰ এজন বিধায়কক ৰঙা চকু দেখুৱাই সংবাদ মাধ্যমৰ মধ্যমণি হৈছিল জোনমণি ৰাভা।আৰু সেই জোনমণি ৰাভাৰ শেহতীয়াকৈ আন এক স্বৰূপ সংবাদ মাধ্যমেই তুলি ধৰিছে।
ভাবি স্বামীৰ ৰাণা পাগাগৰ সৈতে জোনমণি ৰাভাই প্ৰলোভনৰ জাল মেলাৰ অভিযোগত মাজুলী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই তেওঁ কেন্দ্ৰিক বহু প্ৰশ্ন এতিয়া মানুহৰ মনত উদ্বেগ হৈছে।
আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ এই তদন্তত ওলাইছে জোনমণি ৰাভাৰ নামত থকা দুটা বেংক একাউন্টত ২০ লাখৰো অধিক টকা সোমাইছিল। গড়মুৰ কানাড়া বেংকৰ হাতত থকা জোনমণি ৰাভাৰ একাউন্টত জমা হৈছিল ১১,৩৩,১৭৪ টকা।আনহাতে গড়মুৰতে থকা এক্সিস বেংকত জমা হৈছিল ৯,১৪,২৬৯টকা ।
ইমান বৃহৎ পৰিমাণৰ ধন আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বেংক একাউন্টলৈ আহিল কেনেকৈ? মাজুলী আৰক্ষীয়ে তিনি দিন ধৰি জেৰা কৰিছিল জোনমণি ৰাভাক।আৰক্ষীয়ে সোধ পোছ কৰিছিল গড়মুৰ শাখাৰ কানাড়া বেংকৰ মেনেজাৰ পল্লাব চন্দ্ৰ দাসকো।
জোনমণি ৰাভাৰ দাবী, যাৰ সৈতে তেওঁৰ বিয়া ঠিক হৈছিল সেই মানুহজনক বিশ্বাস কৰাই কাল হ'ল। অ এন জি চিৰ বিষয়া বুলি মিছা পৰিচয় দি জোনমণিৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়াই নহয়, তেওঁলোক দুয়োয়েই আলোচনা কৰি বেংকত দুটাকৈ একাউন্ট খুলাইছিল ৰাণাই।
সংবাদ মাধ্যমৰ আগত জোনমণি ৰাভাই নিজৰ পক্ষত যিখিনি কথা কৈছে সেই কথা খিনি সত্যতা থাকিলেও মানি ল'ব পৰাকৈ যুক্তি আৰু তথ্য নাই। এই কথা ঠিক যে বিতৰ্কিত হৈ পৰা জোনমণি ৰাভাই এজন আৰক্ষী বিষয়া হিচাপেও কিছু কথাত সচেতন হোৱাৰ প্ৰয়োজন আছিল।
জোনমণি ৰাভাৰ পৰিচয় পত্ৰখনো প্ৰতাৰক ৰাণা পগাগে ডুপ্লিকেট কপি কৰি লৈ ব্যৱহাৰ কৰিছিল। তিনিজন ঠিকাদাৰত অএনজিচিৰ বহু কোটি টকীয়া ঠিকা আৱন্টন দিয়াৰ নামত ৰাণা পগাগে ধন লৈছিল। তাত সংগ দিয়া বুলি অভিযোগ উঠিছিল জোনমণি ৰাভাৰ বিৰুদ্ধে।
ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ, অজিত বৰাৰ পৰা ১৩ লাখ, ৰঞ্জন কুতুমৰ পৰা ২৫ লাখ টকাৰ কমিছন লৈছিল ৰাণ পাগাগে। উক্ত সময়চোৱাত গড়মুৰ আৰু বালিচাপৰি থানাত কৰ্মৰত আছিল জোনমণি ৰাভা।
পৰৱৰ্তী সময়ত নগাঁও সদৰ থানালৈ বদলি হৈ গৈছিল জোনমণি ৰাভা। সেই সময়তে ভাবি স্বামীৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত জোনমণি ৰাভাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাণা পাগাগক। তেতিয়ালৈকে জোনমণি ৰাভা লেডী সিংঘমে হৈ আছিল।
এগৰাকী সৎ আৰক্ষী বিষয়া হিচাপে মানুহে জোনমণি ৰাভাক মনত ৰাখিব বিচাৰিছিল। যি কাৰণতেই নহওক সেই সুযোগ জোনমণি ৰাভাই নাপালে বা নল'লে।জোনমণি ৰাভাই আৱেগিক হৈ একাংশ সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত এই ঘটনা প্ৰৱাহক লৈ যি বাখ্যা আগবঢ়াইছে সেয়া তেওঁক বুজি পোৱা কোনো লোকে বিশ্বাস কৰিলেও সামগ্ৰিক ভাৱে ইয়াৰ বিশ্বাসযোগ্যতাৰ ভিত্তি নাই। তথ্য প্ৰমাণে জোনমণি ৰাভাৰ সপেক্ষে নকয়।
মানুহৰ মনত এতিয়া খলনায়িকা। পূৰ্বৰ সকলো ভাল কাম বুলি ভৱা কথাবোৰ মানুহে কম দিনৰ ভিতৰতে পাহৰি যাব। ভালবোৰ সদায় ক্ষণস্থায়ী হয়, বেয়া বোৰ চিৰ দিনৰ বাবে ৰৈ যায়। জোনমণি ৰাভাৰ ক্ষেত্ৰতো একেই হ'ব।
জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিচাৰ হ'ব। সেই ন্যায় যুঁজত অৱতীৰ্ণ হৈ জোনমণি ৰাভাই নিজক নিৰপৰাধী ৰূপে প্ৰতিষ্ঠা কৰিব পাৰিব বা অপৰাধী হৈ শাস্তি মুৰ পাতি ল'ব লাগিব।
জোনমণি ৰাভা নিজেই নিজে পতা জালতেই বন্দী হ'ল নেকি? কেঁচু খান্দোতে সাপ ওলাল নেকি? এষাৰ কথা আছে, অধিক চালাকী গলাই ফাচী। তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত জোনমণি ৰাভাক নগাঁও সদৰ থানাৰ পৰা বদলি কৰা হৈছিল কলিয়াবৰ থানালৈ।
কলিয়াবৰত তেওঁ যোগদান কৰাৰ বিপৰীতে ছুটীত আছিল। এতিয়া ৰাইজৰ দৃষ্টি জোনমণি ৰাভা সেই নায়িকা নহয় যি গৰাকীয়ে শাসকীয় বিধায়কক ৰঙা চকু দেখুৱাই মানুহৰ মন জয় কৰিছিল। লেডী সিংঘম বুলি চাব্বাচী দিছিল। এতিয়া তেওঁ জোনমণি ৰাভা প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এগৰাকী অভিযুক্ত।
সময় সঁচাকৈয়ে বৰ আচৰিত। কেতিয়া সময়ে কত কাক থয় কোনফালে নিয়ে কি দিয়ে একোৱেই ধৰিব নোৱাৰি।ইয়াতকৈ আৰু বেদনা কি হ'ব পাৰে। জোনমণি ৰাভাৰ বাবেও আৰু তেওঁক নায়িকা সজোৱা সকলৰ বাবেও।