/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-bikhekh-lekha-jayanta-mollajuddha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
মন্ত্ৰী এজনৰ সঁচাকৈ বহুত ক্ষমতা থাকে। তেওঁ যদি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হয় তেতিয়া হ'লে সেই ক্ষমতা হেনো দুগুণ বাঢ়ে। এতিয়া ক্ষমতাৰ দিন। নীতি-নিয়ম, ন্যায়, নিষ্ঠাৰ ,প্ৰতি মানুহ প্ৰায় উদাসীন। মন্ত্ৰী হ'লেও তেওঁৰ ক্ষমতাই মূৰত ধৰিলে তাক অহংকাৰ বুলি কয়। এয়া চমু কথাত মন্ত্ৰীৰ অহংকাৰ।
কেইদিন মানৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খঙৰ ভমকত সাংবাদিকক এজাউৰি দিলে। এক অনুষ্ঠানত অংশ লৈ নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰীগৰাকীয়ে স্থানীয় সংবাদদাতা সকলক উদ্দেশ্যি ক'লে- তেওঁলোকৰ ৯ নম্বৰ পৃষ্ঠাত ওলোৱা বাতৰি কোনোৱে নপঢ়ে।
মন্ত্ৰীজনৰ মতে আজিৰ দিনত তেওঁ কোনো এক খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ সামৰ্থ আছে। মন্ত্ৰীজনৰ এই কথা কেইটাই ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনৰ প্ৰতিয়েই এক ডাঙৰ জোকাৰণি আছিল যদিও সেই জোকাৰণিত সাৰ পাব লগা সকলে পুনৰ গভীৰ নিদ্ৰাৰ ভাও জুৰিলে।
গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা আছে, থাকিব। সেই ভূমিকাক কোনোবা মন্ত্ৰীৰ হুংকাৰে নাইকীয়া কৰিব নোৱাৰে। সংবাদ মাধ্যমক জেপত ভৰাই থোৱাৰ দৰে আচৰণ কৰি এইগৰাকী মন্ত্ৰীয়ে কৰা এনে আচৰণত তেওঁৰ যি দাম্ভিকতা পৰিস্ফুত হৈছে সেয়া এখন চৰকাৰৰ বাবেই সময়ত বিৰক্তিদায়ক হৈ পৰিব।
জয়ন্ত মল্ল বৰুৱা ৰাজ্যৰ ৰাজনীতিৰ বৰ গুৰুত্বপূৰ্ণ নেতা হিচাপে আজিও প্ৰতিষ্ঠিত নহয়। তাৰ তুলনাত পীযুষ হাজৰিকাই নিজকে বহু খিনি সংশোধন কৰি পূৰ্বৰ স্থিতিৰ বিপৰীতে এক সুকীয়া ইমেজ গঢ়াৰ চেষ্টা কৰিছে। সংবাদ মাধ্য়মৰ প্ৰতি তেওঁ কৰা আচৰণেও এদিন ব্যাপক চৰ্চা লাভ কৰিছিল।
নিজৰ উষ্মা প্ৰকাশৰ বাবে কোনো মন্ত্ৰীয়ে কৰা এই ধৰণৰ বক্তব্যই তেওঁক তেওঁৰ ভাৱমূৰ্তিক লৈ এক ধাৰণা দি যায়। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও মুখ্যমন্ত্ৰী হোৱাৰ পৰৱৰ্তী সময়ত পূৰ্বৰ কিছু আচৰণ ত্যাগ কৰি এজন দায়িত্বশীল ৰাজনীতিবিদ হোৱাৰ কুচকাৱাজ চলাইছিল।
জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰী হিচাপে, ৰাজনীতিবিদ হিচাপে কি কৰিছে, কি কৰা নাই সেই হিচাপ আৰু স্বীকৃতি সময় তথা ৰাইজে কৰিব। সংবাদ মাধ্যমে দেখা ভুলবোৰ, ভাল কামবোৰ তুলি ধৰিব। ৯ পৃষ্ঠাত প্ৰকাশ হয় বুলি কোনোবা সংবাদিকক উপলুঙা, ঠাট্টা, বিদ্ৰোপ আদি জয়ন্ত মল্ল বৰুৱাই কিয় কৰিব লগা হ'ল?
তেওঁ কোৱাৰ দৰে ৯ পৃষ্ঠাত প্ৰকাশ পোৱা কোনো খবৰ যদি মানুহে নপঢ়েই, পাঠকে গুৰুত্ব নিদিয়েই সেইবোৰ খবৰ প্ৰকাশ হোৱা, নোহোৱাক লৈ মন্ত্ৰী জনৰ মূৰ ঘমোৱাৰ কোনো যুক্তি নাই। তেওঁ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত কি প্ৰকাশ পাব সেয়া নিৰ্ধাৰণ কৰি দিবলৈ আৰু এনেদৰে দম্ভালিৰে নিজৰ খবৰ প্ৰথম পৃষ্ঠাত উলিয়াব পৰাকৈ ক্ষমতা আছে বুলি ৰাজহুৱা ভাৱে কোৱাৰ অৰ্থ কি ?
এই কথাখিনিয়ে সাধাৰণ লোকৰ মনত বাৰুকৈয়ে আঘাত হানিছে। সেয়েহে জয়ন্ত মল্ল বৰুৱাই সাংবাদিক, সংবাদ মাধ্যমক উদ্দেশ্যি এনে কথা কৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি যি ভাবুকি আনিলে সেয়া কোনো দৃষ্টিৰেই শুভদায়ক নহয়।
এফালে সংবাদ মাধ্যমৰ অৱস্থানৰ কথা, আনফালে ৰজাঘৰীয়া নেতা, পালিনেতাৰ সংবাদ মাধ্যমক লৈ এনে আস্ফালন অতি চিন্তনীয়। সেই দিনা তেওঁ উজনি অসমৰ বহু ঠাইৰ সৈতে নলবাৰী জিলাক তুলনা কৰি আৰু কেইটামান কথা কৈছিল।
এজন মন্ত্ৰীৰ মুখত এনে ক্ষেত্ৰ ভিত্তিক সংকীৰ্ণ মনৰ পৰিচয়ে সংলাপৰ ৰূপত ওলোৱা এই কথাবোৰে নিজ দলৰ চৰকাৰকেই বিন্ধিব। বিজেপিক ভালপোৱা বহু মানুহেও কিছু কথা অতি সুক্ষ্মভাৱে লক্ষ্য কৰিছে। নিজৰ ক্ষোভ, আক্ষেপ ব্যক্ত কৰাৰ এক ধৰণ থাকে।
বিনম্ৰভাৱেও বহু কথা ক'ব পাৰি। সেই প্ৰয়াসৰ পৰা জয়ন্ত মল্ল বৰুৱা আজিও বহু দূৰত। প্ৰদৰ্শন ধৰ্মীতাৰে নিজৰ ক্ষতাৰ কথা কৈ নিজেই হাঁহিয়তাৰ পাত্ৰ হোৱা মানুহৰ সংখ্যা এতিয়া কম নহয়। সংবাদ মাধ্যমৰ নীতি নিৰ্ধাৰণ আৰু সাংবাদিকক নীতি শিক্ষা দিয়াৰ নামত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেওঁ কৰা ভেঙুচালিয়ে তেওঁৰ অজ্ঞতাকহে প্ৰতিফলন কৰে।
সংবাদ মাধ্যমৰ এক নিজস্ব স্থিতি থাকে। ই কাৰো পক্ষত নহয়। ৰাইজৰ স্বাৰ্থত, ৰাইজৰ পক্ষত এজন সাংবাদিক। চৰকাৰী কাম-কাজত সংবাদ মাধ্যমে সমালোচনা কৰাৰ অধিকাৰ আছে। সেই অধিকাৰ পদাঘাত কৰি দায়িত্বশীল মন্ত্ৰীয়ে এনে উব্বাজ ভাষণেৰে যদি কাৰোবাক ভালকৈ এজাউৰি দিছো বুলি ভাৱিছে তেনেহ'লে তাৰ সমান চৰ নিজৰ গালতো পৰিছে।
সেই চৰ বেলেগে মাৰিব লগা হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সকলৰ ভিতৰত জয়ন্ত মল্ল বৰুৱাকো অন্যতম বুলি গন্য কৰা হয়। প্ৰথমে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা আৰু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত স্থান লাভ কৰা জয়ন্ত মল্লই সাংবাদিকৰ বাতৰি ৰাইজে পঢ়ে, নপঢ়ে তাক চিন্তা চৰ্চা কৰাতকৈ নিজৰ কৰণীয় কাম বোৰত মনোনিবেশ কৰাক।
মন্ত্ৰী হিচাপে তেওঁৰ দায়িত্ব অধিক। নলবাৰীত গুণোৎসৱ কি হৈছে, শিৱসাগৰ নে ডিব্ৰুগড়ত গুণোৎসৱ ভাল নে বেয়া, ধুবুৰীৰ ডাক্তৰ আহি নলবাৰীত ভাল কাম কৰিব আদি খোচোৰা কথাবোৰেৰে ৰাজহুৱা সভাত আমোদ সৃষ্টি কৰি সমৰ্থকৰ দুই এটা হাত চাপৰি , হাঁহি খিকিন্দালি পালেও এইবোৰ কৰ্ম কাণ্ডই মন্ত্ৰী এজনক ধন্য নকৰে।
কথাৰে নহয়, কামেৰে পৰিচয় দিয়াৰ সময়। মন্ত্ৰীৰ কাম মন্ত্ৰীয়ে কৰক, সাংবাদিকৰ কাম সাংবাদিকে কৰক। সকলোৰে নিজৰ নিজৰ কৰ্মক্ষেত্ৰ আৰু দায়িত্ববোধ আছে। ৯ পৃষ্ঠাৰ খবৰটো তেওঁ মূল্যহীন বুলি ক'লেও কাকত এখনত প্ৰকাশ পোৱা প্ৰতিটো খবৰেই মানুহ অনুসৰি গুৰুত্বপূৰ্ণ হয়।
সকলো খবৰ প্ৰথম পৃষ্ঠাতেই দিব নোৱাৰি। ক্ষমতাৰ ব্যৱহাৰৰ সলনি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কামৰ মাজেৰে সংবাদ মাধ্যমৰ প্ৰথম পৃষ্ঠাৰ খবৰ হ'বলৈ চেষ্টা কৰক। সংবাদ মাধ্যম কাৰোৱেই মুখপাত্ৰ নহয়। সকলো সাংবাদিককেই বৰশীৰ টোপ দি বশ কৰিব নোৱাৰি।
কিছুমান কথা মানুহৰ গাত লাগিব লাগে। কিন্তু কথাবোৰ গাত লাগিলেও নিমাত হৈ থকা মানে সেই কথাবোৰ পুনৰ বাৰ কবলৈ সাহস দিয়া । লক্ষ্মণ ৰেখা অতিক্ৰম কৰি সংবাদ মাধ্যমৰ স্বকীয়তাৰ প্ৰতি প্ৰশ্ন তুলি আজি অহংকাৰত মত্ত হৈ থকা এনে লোক সকলৰ শুভবুদ্ধি এদিন উদয় হ'ব। সেই দিনা উপলব্ধি কৰিব অহংকাৰেই পতনৰ যে মূল কাৰণ।
আৰু পঢ়ক: ১৬ আগষ্টৰ পুৱা তপনলৈ চেল্যুট…