সংসদ ভৱনৰ চৌহদত উজ্বলিছে জাগীৰোডৰ বাঁহৰ টাইলচ

জাগীৰোডতে তেওঁ তেনে এটা উদ্যোগ স্থাপন কৰিব। যোগাযোগ চলিছিল চীনৰ বিশেষজ্ঞৰ সৈতে। আগবাঢ়িছিল কামবোৰ। টাইৱান আৰু চীনৰ পৰা যাৱতীয় মেচিন আৰু প্ৰযুক্তি সংগ্ৰহ কৰি  আনিলে তেওঁ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 12.21.04 PM

মৃদুল কুমাৰ সন্দিকৈ

কাগজ নগৰী আছিল জাগীৰোড। বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰা কাগজ কল আছিল জাগীৰোগত। নগাঁও কাগজ কল বন্ধ হ'ল। কাগজ নগৰী পৰিচয় হেৰাই থাকিল জাগীৰোডত। এতিয়া সেই কাগজ কলস্থলীত ছেমি কনডাক্টৰ উৎপাদনৰ বৃহৎ উদ্যোগ স্থাপন হৈছে।

WhatsApp Image 2025-11-21 at 10.27.30 AM

এতিয়া আগৰ দৰে জাগীৰোডলৈ নাহে বাঁহ ভৰ্তি ট্ৰাক। কিন্তু সেই জাগীৰোডতে আৰম্ভ হৈছে বাঁহক লৈ এক অনন্য যাত্ৰা। জাগীৰোডৰ পৰা মৰিগাঁৱলৈ যাব পৰা পথটোৰে ৮০০ মিটাৰ মান গ'লেই বাঁওফালে এখন চাইন বৰ্ড দেখা পোৱা যায়। 

লিখা আছে তাত ই এছ ই এছ বায়' ৱেল্থ প্ৰাইভেট লিমিটেড। বাহিৰৰ পৰা চাই গ'লে তাত কি কৰা হয় অনুমান কৰাতো সম্ভৱ নহয়। ভিতৰলৈ গ'লেহে গম পোৱা যায় সঞ্জীৱ শইকীয়া নামৰ ব্যৱসায়,উদ্যোগপতচি গৰাকীয়ে আমাৰ থলুৱা জাতি বাঁহক লৈ বিশ্বমুখী এক যাত্ৰাৰ আৰম্ভ কৰিছে সেই স্থানৰ পৰা।

WhatsApp Image 2025-11-21 at 10.27.36 AM

দুপৰীয়া সময়,প্ৰায় ১৩ বিঘাৰো অধিক ভূমি আৱৰা সেই উদ্যোগটোৰ চৌহদলৈ সোমাই যাওঁতে ব্যস্ত মানুহবোৰে তাত উৎপাদন কৰি আছিল বাঁহৰ কাঠ! বাঁহৰ পৰা কাঠ কেনেকৈ সম্ভৱ? এই প্ৰশ্ন হয়তো সকলোৰে মনত সৃষ্টি হ'ব।

সেইবোৰ বাঁহৰ পৰা প্ৰস্তুত কৰা কাঠ (Bamboo wood) বুলি নক'লে ধৰাই টান হ'ব। মূল উদ্যোগটোলৈ যোৱা পূৰ্বে কাৰ্যালয়ত বহি থকা সঞ্জীৱ শইকীয়াৰ প্ৰতি আমাৰ প্ৰথমটো প্ৰশ্ন আছিল- কেনেকৈ আহিল এই চিন্তা মনলৈ?

WhatsApp Image 2025-11-21 at 10.27.28 AM

২০১৫ চনৰ পৰাই তেওঁৰ মনত এনে এক চিন্তাৰ উন্মেষ হৈছিল। কাগজ কলটোৰ মৃত্যুৰ পাছত থলুৱাভাৱে উপলব্ধ জাতি বাঁহবোৰৰ পৰা কিবা এটা কৰিব নোৱাৰি নেকি বুলি তেওঁ গুগোল খুচৰিছিল। তেতিয়াই তেওঁ চীনকে ধৰি আন কিছু দেশত উন্নত তথ্য প্ৰযুক্তিৰে বাঁহৰ পৰা বহু সামগ্ৰী নিৰ্মাণ কৰা তথ্য লাভ কৰিছিল।

মনতে ভাৱিছিল জাগীৰোডতে তেওঁ তেনে এটা উদ্যোগ স্থাপন কৰিব। যোগাযোগ চলিছিল চীনৰ বিশেষজ্ঞৰ সৈতে। আগবাঢ়িছিল কামবোৰ। টাইৱান আৰু চীনৰ পৰা যাৱতীয় মেচিন আৰু প্ৰযুক্তি সংগ্ৰহ কৰি আনিলে তেওঁ।

WhatsApp Image 2025-11-21 at 10.27.39 AM

চীনৰ বিশেষজ্ঞ আহি থলুৱা শতাধিক যুৱকক জাগীৰোডত প্ৰশিক্ষণো দিলে। উৎপাদনৰ কাম আৰম্ভ কৰোতেই আহিল মহামাৰী কৰ'ণা। কৰ'ণাৰ বাবে প্ৰায় দুটা বছৰ কাম বন্ধ হৈ পৰিল। তাৰ পাছত পুনৰ আৰম্ভ কৰিলে এই কাম।

এতিয়া তাত পূৰ্ণগতিত চলি আছে বাঁহৰ কাঠ,বাঁহৰ টাইলচ আদি উৎপাদন। সেই বাঁহৰ কাঠৰ পৰাই বিভিন্ন ফাৰ্ণিচাৰ,ৱাল পেলেন,চৌকাঠ,খিৰিকি দৰ্জাৰ ফ্ৰেম আদি প্ৰস্তুত কৰা হয়। মানুহে বাঁহৰ কাঠহে বুলি সাধাৰণতে ভাৱে যে ইয়াৰ স্থায়িত্ব কম হ'ব, বেছি দিন নাযাব।

WhatsApp Image 2025-11-21 at 10.27.41 AM

উদ্যোগৰ ভিতৰত গৈ দেখা পালো প্ৰথমে বাঁহবোৰ এটা নিৰ্দিষ্ট দৈঘ্যত টুকুৰা কৰি মেচিনৰ জৰিয়তে সৰু সৰু অংশত ফলা হয়। তাৰ পাছত সেইবোৰৰ ভিতৰৰ কোমল অংশ যিবোৰৰ কাৰণে উই বা ঘূণে খাই সেই অংশবোৰ আতঁৰাই পেলায়।

এইদৰে প্ৰস্তুত কৰা বাঁহবোৰ আন এক পদ্ধতিত ৰাসায়নিক দ্ৰব্য় সংমিশ্ৰণ কৰি পৰিশোধন কৰা হয়। সেইবোৰ ভাল দৰে শুকুৱাই উচ্চ চাপত গৰম পানী আৰু ভাপত সিজোৱা হয়। তাৰ পাছত সেই কেঁচা সামগ্ৰী নিৰ্দিষ্ট লোহাৰৰ ফৰ্মাত ভৰাই মেচিনৰ জৰিয়তে অতি উচ্চ চাপত বাঁহৰ কাঠ প্ৰস্তুত কৰে।

WhatsApp Image 2025-11-21 at 10.27.34 AM

সেই কাঠবোৰৰ পৰাই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে পৰৱৰ্তী সময়ত। আনহাতে, যিবোৰ বাঁহৰ টাইলচ তৈয়াৰ কৰে তাত জাপানৰ পৰা অনা অতি উন্নত মেচিনৰ দ্বাৰাই ইউ ভি ৰেৰ জৰিয়তে কেতিয়াও দাগ নবহাকৈ ক'টিং কৰা হয়।

মূল উদ্যোগটোৰ কাষতে আছে টাইলচৰ বাবে প্ৰয়োজনীয় এটা ইউনিট। সেই টাইলচৰ এখন বিশাল বজাৰ ইতিমধ্যে দেশজুৰি গঢ় লৈ উঠিছে। বাঁহবোৰ বইল কৰিবৰ বাবে তেওঁলোকে কয়লা ব্যৱহাৰ নকৰে। বাঁহবোৰৰ যি কোমল অংশ চুচি লৈ সেইবোৰ ব্যৱহাৰ কৰে এই কামত।

মূল কাৰ্যালয়ৰ ওপৰত এটা শ্ব'ৰুমৰো ব্যৱস্থা কৰিছে। তাত থকা বাঁহৰ ফাৰ্ণিচাৰবোৰ দেখিলে যিকোনো গ্ৰাহকে আকৰ্ষিত হ'ব। বিয়া এখনৰ বাবে প্ৰয়োজনীয় ফাৰ্ণিচাৰ তেওঁলোকে সাজু কৰি থৈছে কাৰ্যালয় কক্ষতে।

WhatsApp Image 2025-11-21 at 10.27.38 AM

এই কাঠবোৰ পানীয়ে ক্ষতিসাধন কৰিব নোৱাৰে।ভাঁজ লাগি নাযায়। আৰু নাফাতে। কাঠবোৰক লৈ পৰীক্ষাগাৰত পৰীক্ষাও হৈছে। দেখা পোৱা গৈছে শাল কাঠৰ ফাইবাৰ ডেনচিটিতকৈ এই কাঠবোৰৰ ডেনচিটি ডেৰ গুণ বেছি। ইয়াৰ আয়ুস কালো ১০০ বছৰৰ অধিক। এই কাঠবোৰ ষ্টেণ্ড নেচাৰেল কাঠ। বিহাৰ কলকাতা,তামিলনাডু আদি স্থানত তেওঁলোকৰ উৎপাদিত বেম্বো কাঠ ব্যৱহাৰ হৈছে।

ইয়াৰ টেকনিকেল নাম Stand Woven Bamboo Wood। যিবোৰ সম্পূৰ্ণ বাঁহৰ পৰা এটা বিশেষ ফৰ্মুলেটেদ ৰেইজিঙৰ দ্বাৰা প্ৰস্তুত কৰা হয়। এইবোৰ আন টান কাঠৰ দৰেই। ই পৰিৱেশ অনুকূল,হাইডেনছিটি, পানী প্ৰতিৰোধ কৰা ক্ষমতা আছে।

WhatsApp Image 2025-11-21 at 10.27.29 AM

এই বেম্বো কাঠৰ ঘনত্ব ১১১৮ কেজি/ ঘনমিটাৰ। এয়া হাৰ্ডনেচ ১২৮২ Kgf। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ত ব্যৱহাৰ কৰা হৈছে ইয়াত উৎপাদিত বেম্বো টাইলচ্। লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন,খাৰঘূলি ভি ভি আই পি গেষ্ট হাউছ,মহাৰাষ্ট্ৰ বেম্বো ডেভেলপমেন্ট বৰ্ড, আছাম পেট্ৰ'কেমিকেলচ লিমিটেডৰ অফিচাৰ্চ ক্লাব অডিট'ৰিয়াম, বিহাৰৰ পাটনাত থকা যোগা কাম মেডিটেচন চেন্টাৰ,বিহাৰ বিধানসভা অডিট'ৰিয়াম আদিতো এই বেম্বো টাইলচ ব্যৱহাৰ কৰা হৈছে আৰু উচ্চ সমাদৰ বুটলিচে।

এতিয়া তেওঁলোকক দৈনিক ১০ টনকৈ বাঁহ লাগে। এটা হিচাপ কৰি দেখিছে তেওঁৱোকে যোৱা সময়চোৱাত যিমান বেম্বো উড প্ৰস্তুত কৰিলে সেই কাঠ উৎপাদন কৰিবলৈ ৫০ ৰ পৰা ৭০ হাজাৰ গছ কাটিব লগা হ'লহেতেন।

WhatsApp Image 2025-11-21 at 10.27.35 AM

এয়াও এক প্ৰকৃতিৰ বাবে কম ৰেহাই নহয়। শিৱসাগৰ নামতিৰ পৰা সঞ্জীৱ শইকীয়াৰ পিতৃ আহিছিল জাগীৰোডলৈ। ঠিকা আৰু ব্যৱসায় কৰিছিল পিতৃয়ে। পিতৃক পাছত সঞ্জীৱ শইকীয়াই নীৰৱে এনেবোৰ কৰ্মৰ জৰিয়তে এক জাতীয় অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছে। তেওঁৰ পুত্ৰ সৌৰভ শইকীয়াও চাই উদ্যোগটোৰ কাম-কাজবোৰ।

শেষত সঞ্জীৱ শইকীয়াই দিছিল এটা ভাল খবৰ, অতি ভাল খবৰ। দিল্লীত নৱ নিৰ্মিত সংসদ ভৱনৰ সৈতে সংলগ্ন এক্সিক্যুটিভ এনক্লেভৰ বহু পৰীক্ষাৰ অন্তত ব্যৱহাৰ কৰা হৈছে জাগীৰোডৰ পৰা নিয়া তেওঁলোকৰ বেম্বো টাইলচ।

৫০ হাজাৰ বৰ্গফুটৰ বাবে এই টাইলচ তেওঁলোকে যোগান ধৰিব লগা হৈছে। প্ৰায় ১.৮ কোটি টকাৰ টাইলচ যোগান ধৰিছে তেওঁলোকে। সেই বিল্ডিঙত থকা প্ৰধানমন্ত্ৰী কাৰ্যালয়,কেবিনেট সচিবৰ কাৰ্যালয়তে ধৰি সকলোতে ব্যৱহাৰ হৈছে সঞ্জীৱ শইকীয়াই উৎপাদন কৰা টাইলচ।

সাধাৰণতে কাঠৰ টাইলচ লগালে প্ৰতি বৰ্গ ফুটত ব্যয় হয় ৮০০ ৰ পৰা হাজাৰ টকা। কিন্তু এই টাইলচৰ প্ৰতি বৰ্গ ফুটৰ ব্যয় ৩৮০ টকাহে মাত্ৰ। ভাল কামবোৰ এনেকৈয়ে হৈ থাকে নীৰৱে।আমি মাথো খবৰ নলওঁ, এই কামবোৰৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আহঁৰিয়েইচোন নাপাও।  

জাগীৰোড বাঁহ মিছন