অন্ধ আজি চন্দ্ৰ!

বন বিভাগৰ ডিএফঅ' আৰু ৰেঞ্জাৰৰ চকুৰ সন্মুখতে বালি খনন প্ৰক্ৰিয়া চলি আছে। এই মাফিয়া চক্ৰটোৰ বিৰুদ্ধে কোনোৱেই ব্যৱস্থা গ্ৰহণ নকৰে। বালিখননৰ ফলত শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দদেৱ জানখনা থানলৈও তীব্ৰ ভাবুকি নামি আহিছে।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha NEW

মৃদুল কুমাৰ সন্দিকৈ

মাজুলীৰমোলাই কাঠনি ২.০ ৰ নতুনকৈ ৰোপন কৰা পুলিত অগ্নিসংযোগ কৰা ঘটনাৰ পাছত উক্ত অঞ্চলটোত অবৈধ বালি খননৰ নামত কি পৰ্যায়ত প্ৰাকৃতিক সম্পদৰ লুন্ঠন চলিছে সেই কথা পোহৰলৈ আহিছে। চৰ্চা চলিছে এই বালি খননৰ বিৰুদ্ধে মাত মতাৰ বাবেই যাদৱ পায়ঙৰ সৃষ্ট মোলাই কাঠনিৰ পৰিবৰ্দ্ধিত বনাঞ্চলখনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছিল।

এই বালি খননৰ বিৰুদ্ধে ৩ ডিচেম্বৰ ২০২৫ তে শেহতীয়াকৈ স্থানীয় লোকে অভিযোগ দাখিল কৰিছিল। জলসম্পদ বিভাগৰ ওচৰত দাখিল কৰা সেই অভিযোগৰ পাছতে ব্ৰহ্মপুত্ৰ বালি চাপৰিৰ যি অঞ্চলত বালি খনন কৰা হয় তালৈ বালি কঢ়িওৱা গাড়ী যাব নোৱাৰতো জল সম্পদ বিভাগৰ তৰফৰ পৰা বাঁহৰ বেৰিকেড বান্ধি দিয়া হৈছিল।

উক্ত দিনা জলসম্পদ বিভাগে সেই বেৰিকেড বান্ধি দিয়াৰ আধা ঘন্টাৰ পাছতে জনৈক দেৱজ্যোতি কলিতা আৰু অশ্বিনী কাকতি নামৰ দুজন লোক আহি সেই বেৰিকেড ভাঙি দিছিল। লগতে অভিযোগ দাখিল কৰা স্থানীয় লোকক সাৱধান কৰি দিছিল যে এইবোৰ কৰি তেওঁলোকৰ লাভ নহ'ব। সেই পথেৰে তেওঁলোকে বালি কঢ়িয়াবই বুলি ধমকি দি এই বালি খনন পৰৱৰ্তী সময়তো অব্যাহত ৰাখিছিল। 

উল্লেখযোগ্য যে, বালি কঢ়িওৱা গাড়ীবোৰ যাদৱ পায়ঙৰ ঘৰৰ সন্মুখেৰে অহা-যোৱা কৰিছিল। এই বালি সমূহ দুটা স্থানৰ পৰা তুলি অনা হয়। ৰাজা হাউলীৰ পৰা ডাম্পাৰেৰে কঢ়িয়াই অনা বালিৰ বাবদ বন বিভাগক এটকাও ৰয়েলটি দিয়া নহয়। এই বালি খনন কৰা স্থান সমূহ বন বিভাগৰ কোকিলামুখ বিট অফিচৰ পৰা মাত্ৰ ১ কিলোমিটাৰ দূৰৈত অৱস্থিত।

৫-৬ বছৰ ধৰি এই মাফিয়া চক্ৰটোৱে এইদৰে অবৈধভাৱে বালি খনন কৰি আহিছে। সমগ্ৰ চক্ৰটোক নেতৃত্ব দিয়ে ভূৱন গগৈ নামৰ এজন বালি মাফিয়াই। চৰকাৰী বিভাগ এটাই বালি খনন বন্ধ কৰিবলৈ বাঁহ বান্ধি দিছিল যদিও সেই বাঁহ ভাঙি দিয়াৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰিলে। 

বন বিভাগৰ ডিএফঅ' আৰু ৰেঞ্জাৰৰ চকুৰ সন্মুখতে বালি খনন প্ৰক্ৰিয়া চলি আছে। এই মাফিয়া চক্ৰটোৰ বিৰুদ্ধে কোনোৱেই ব্যৱস্থা গ্ৰহণ নকৰে। বালিখননৰ ফলত শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দদেৱ জানখনা থানলৈও তীব্ৰ ভাবুকি নামি আহিছে।

উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা বৈঞ্চৱ সমাজে ইয়াৰ বিৰুদ্ধে ২৪ ডিচেম্বৰ ২০২৫ ত ডাইৰেক্টৰেট অৱ জিঅ'ল'জি এণ্ড মাইনিঙৰ সঞ্চালকলৈ এই বিষয়ে সবিশেষ লিখি এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল। উক্ত বালি খননৰ বিৰুদ্ধে সংবাদ মাধ্যমত শতাধিক খবৰো প্ৰকাশ পাইছিল।

কোনোবোৰেই দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল সংশ্লিষ্ট বিভাগ আৰু বিভাগীয় মন্ত্ৰীৰ। থান কৰ্তৃপক্ষই দিয়া স্মাৰক পত্ৰত উল্লেখ কৰিছিল যে বালি মাফিয়া চক্ৰটোৱে বালি খনন কৰা বাবে ২২০ বছৰ পুৰণি শ্ৰীশ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰীশ্ৰী ভজনানন্দদেৱ জানখনা থানখনলৈ ভয়াৱহ বিপদ মাটি অনা লগতে ৯ খন গাঁৱৰ ৰাইজ ক্ষতিগ্ৰস্ত হৈছিল।

সেই গাঁও কেইখন আছিল-খঙীয়া গাঁও, খুটিপোতা,নহাতীয়া গাঁও,নজানখানা গাঁও,আওনাবৰআলী,ৰংদৈ,জনখানা,কলিয়নী আৰু বৰখঙীয়া গাঁও। ব্ৰহ্মপুত্ৰৰ পাৰত থকা ৫ নং শৈল বান্ধৰ পৰা ৮ নং শৈল বান্ধলৈকে এই বালি মাফিয়া চক্ৰটোৱে বালি খনন চলাই গৈছে বিনা বাধাই।

স্মাৰক পত্ৰখনত ভূৱন গগৈ নামৰ ব্যক্তিজনৰ পৃষ্টপোষকতাত এই বালিখনন হৈ আছে সেই কথাও সবিস্তাৰে উল্লেখ কৰিছিল। থানৰ পৰা ৩০০-৪০০ মিটাৰ দূৰত্বত খনন চলি থকাৰ কথা উল্লেখ কৰি বন বিভাগক বহুবাৰ অভিযোগ দিয়া পাছতো এই অবৈধ খননৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ কথাও অৱগত কৰিছিল।

বনবিভাগৰ মতে এনে খননৰ বাবে ভূৱন গগৈৰ অনুমতি আছে। কিন্তু এন এইচ আই ডি চি এলৰ চিঠি নম্বৰ JRT/NHIDCL/GM/JJ/DFO/313/20234 নম্বৰত স্পষ্টভাৱে কোৱা হৈছে যে তেওঁলোকৰ প্ৰজেক্ট সম্পূৰ্ণ হোৱাৰ বাবে কোনো বালিৰ প্ৰয়োজন নাই। এই বালি খননৰ বাবে অনুমতি দিয়া হৈছিল BINNI কনচট্ৰাকচনৰ নামত।

প্ৰকল্প সম্পূৰ্ণ হোৱাৰ বাবে কোনো পক্ষই উক্ত স্থানত বালি খনন কৰিব নোৱাৰে যদিও কেনেদৰে এই বালি মাফিয়াৰ চক্ৰটোৱে বালি খনন অব্যাহত ৰাখিছে সেয়া স্থানীয় লোকৰ বাবে ডাঙৰ ৰহস্য। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে উক্ত অঞ্চল পৰিদৰ্শন কৰি সেই স্থানত বালি খনন বন্ধ কৰিবলৈও আন এখন পত্ৰ ১৭ ডিচেম্বৰ ২০২৫ ত ইচ্যু কৰা হৈছিল।

এইবোৰ সকলোলৈ পৃথিৱীৰ কেৱল ডিভিজনেল ফৰেষ্ট অফিচৰ পৰা লাভ কৰা এখন পত্ৰৰ ভিত্তিতে এই খনন অব্যাহত ৰাখিছে ভূৱন গগৈ নামৰ বালি মাফিয়া গৰাকীয়ে। ডিএফঅ'ৰ কাৰ্যালয়ৰ পৰা ভূৱনক বালি খননৰ বাবে দিয়া এই অনুমতিৰ বাবদ অভিযোগ মতে কেইবা লাখ টকাৰ লেনদেন হৈছিল।

ডিএফঅ'ৰ কাৰ্যালয়ৰ সেই পত্ৰ নং FJT/B/GOVT.PERMIT(SILT)/2025(XIX)2025/3853-55DATED3/12/2025 । বনবিভাগে চক্ৰ বিষয়া, জলসম্পদ,জিঅ'ল'জি এণ্ড মাইনিং আদি বিভাগৰ সৈতে সমূহীয়া জৰীপ নচলোৱাকৈ এনে অনুমতি প্ৰদান কৰিব নোৱাৰে। এয়া সম্পূৰ্ণ অবৈধ আৰু ভিতৰি হোৱা লেন-দেনৰ বাবে দিয়া এক নিৰ্দেশ বুলি ইতিমধ্যে প্ৰমাণ হৈছে।

সেই বালি মাফিয়া চক্ৰৰ বিৰুদ্ধে অৰণ্য মানৱ যাদৱ পায়েঙে মাত মতাটোৱে তেওঁৰ কাল হ'ল। মুখ খুলি কোনেও নক'লেও সেয়াই যে এতিয়া মোলাই কাঠনিৰ বাবে প্ৰত্যাহ্বান হৈছে সাধাৰণ লোকেও বুজি উঠিছে। মাজুলীৰ দৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন বিষয়াৰ উদ্যোগতে বালি মাফিয়া আৰু আন প্ৰাকৃতিক সম্পদ লুন্ঠনৰ ৰমৰমীয়া বজাৰ চলি আছে।

মোলাই কাঠনিত জুই লগা পাছতে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত সাৰ পাইছে ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইমান দিনে সকলো দেখিও মন্ত্ৰী গৰাকীয়ে চকুত ক'লা কাপোৰ বান্ধি ধৃতৰাষ্ট্ৰৰ দৰে অন্ধৰ অভিনয় কৰি আহিছিল। একেদৰে ভূতত্ব আৰু খনি বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কৌশিক ৰয়ো চন্দ্ৰমোহনৰ দৰেই ভূমিকা পালন কৰা বুলি চৰ্চা হৈছে।

কিহৰ স্বাৰ্থত বনবিভাগৰ বিষয়াই প্ৰাকৃতিক সম্পদ লুন্ঠন কৰিবলৈ এৰি দিয়ে সেয়া মানুহে নজনাকৈ থকা নাই। ইয়াৰ ভাগ হয়তো আহি পাইহি দিছপুৰো। নহ'লে কেনেকৈ ইমান সাহস কৰিব বন বিভাগৰ বিষয়া আৰু বালি মাফিয়াই। সমগ্ৰ বিশ্বত বিশেষ সুপৰিচিত আৰু সুনাম থকা যাদৱ পায়ঙৰ দ্বাৰা সৃষ্ট অৰণ্যত জুই দিবলৈ সাহস কৰা সকলক কেতিয়ালৈ বিচাৰি উলিয়াব চৰকাৰে?

তাৰ মাজতে এই কাণ্ডৰ তদন্তৰ নামত বনবিভাগৰ লোকে যাদৱ পায়ঙকে অতিষ্ঠ কৰাৰো অভিযোগ উঠিছে। এক পৃথক নেৰেটিভ সৃষ্টি কৰি বালি মাফিয়া চক্ৰক ৰক্ষণা-বেক্ষণ দিয়াৰ লগতে বনবিভাগকো ধোৱা তুলসীৰ পাত সজাবলৈ সেই চক্ৰটোৱে উঠিপৰি লাগিছে।

পাৰিবনে এজন অনা অসমীয়া লোকৰ সহযোগত মুকলিকৈ মাজুলিত এই বালিৰ মাফিয়াৰাজ চলাই থকা সকলক উৎখাত কৰিবলৈ? মুখ্যমন্ত্ৰী,বনমন্ত্ৰীৰ সন্মুখত এতিয়া সেয়া অসমৰ ৰাইজে দিয়া এক ডাঙৰ প্ৰত্যাহ্বান। ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত হয়তো এই চক্ৰই প্ৰতিশোধৰ নামত যাদৱ পায়ঙকো সেই অৰণ্যৰ সৈতে জ্বলাই দিলে আচৰিত হবলগা একো নাথাকিব।

যাদৱ পায়েং