হিয়া- দিয়া- নিয়া !

কিছুমান কাহিনী জানিলেও, শুনিলেও ক’ব নোৱাৰি। কিছু ঘটনা সংঘটিত হোৱাৰ পাছত এনে কিছু কাহিনী আৰু সেই ঘটনাবোৰৰ সৈতে থকা যোগসূত্ৰৰ কথা নিজেই কেৱল নিজৰ মাজত বিশ্লেষণ কৰি শুনা কাহিনীবোৰ সঁচা বুলি পতিয়ন যাব পাৰি।

author-image
মৃদুল কুমাৰ সন্দিকৈ
আপডেট কৰা হৈছে
New Update
hiya diya niya

মৃদুল কুমাৰ সন্দিকৈ

কিছুমান কাহিনী জানিলেও, শুনিলেও ক’ব নোৱাৰি। কিছু ঘটনা সংঘটিত হোৱাৰ পাছত এনে কিছু কাহিনী আৰু সেই ঘটনাবোৰৰ সৈতে থকা যোগসূত্ৰৰ কথা নিজেই নিজৰ মাজত বিশ্লেষণ কৰি শুনা কাহিনীবোৰ সঁচা বুলি পতিয়ন যাব পাৰি।

Advertisment

আমাৰ জীৱনবোধ সলনি হৈছে। সময়ে সেই সলনি আনিছে বুলি মানি লৈও চকুৰ সন্মুখত দেখা কথাবোৰ আমাৰ বাবে, এখন সমাজৰ বাবে শুভকাৰক বুলি গণ্য কৰিব নোৱাৰি। এচাম ধনৱন্ত লোকৰ বাবে এই পৃথিৱী কেৱল উপভোগ আৰু উদযাপনৰ মঞ্চ হৈ পৰিছে। 

ধনৰ বলত তেওঁলোকে সকলো সম্ভৱ কৰিব পাৰে। বিচাৰিলেই সেই সকল লোকৰ ওচৰত ধৰা দিয়া সকলে ভোগবাদৰ নিচাত কি কৰি আছে, নিজে গমকে নাপায়। গুৱাহাটীলৈ অধ্যয়ন কৰিবলৈ বা আন কামত আহি সহজ ধনৰ মোহত তেওঁলোক সেই চাম ধনৱান লোকৰ ওচৰত বন্দী হৈ পৰে।

দিব পৰা সকলোখিনি তেওঁলোকে দিয়ে। বিনিময়ত তেওঁলোকে পাই ফ্লেট, দামী মোবাইল, উপহাৰ আদি। সেয়াই তেওঁলোকৰ বাবে প্ৰাপ্তি। সেই ধনৱন্ত শ্ৰেণীটোৰ বাবে তেওঁলোক সঁজাত বন্দী হৈ পৰা একো একোটা চৰাইসদৃশ। বিচাৰিলেই সংগ দিব লাগে, ফুৰিবলৈ যাব লাগে।

এই সম্বন্ধত কোনো প্ৰতিশ্ৰুতি নাথাকে। থাকে বিনিময়ৰ তাড়না। গ্ৰাম্যাঞ্চল বা সৰু চহৰৰ পৰা গুৱাহাটীমুখী হওঁতে তেওঁলোকে যি স্বপ্ন কঢ়িয়াই লৈ আনে, সেয়া গুৱাহাটীত অহাৰ পাছত নিশাৰ এন্ধাৰত হেৰাই যায়।

মহানগৰীৰ জকমকীয়া লাইট, বিলাসী গাড়ী, বিলাসী কোঠা আদিয়েহে আপোন হৈ পৰে। নিজক হেৰুৱাই, নিজক বিক্ৰী কৰি কম সময়ৰ ভিতৰতে সেইগৰাকী হয় এক বিলাসী জীৱনৰ অধিকাৰী। চিকাৰীৰূপী সেই ধনৱন্ত শ্ৰেণীটোৰ হাতত ধৰা দি তেওঁলোক কিছুদিনৰ বাবে সুখী হয়। 

এনেকৈয়ে বহুতে এই পথেৰে আগবাঢ়ি এখন অন্য পৃথিৱীৰ বাসিন্দা হৈ পৰে। পিতৃ- মাতৃৰ বাবে সেইবোৰ খবৰ বহু দূৰত ৰৈ যায়। ভাবে ঘৰৰ পৰা ওলাই যোৱাৰ দৰে তেওঁলোক সহজ- সৰল আৰু সাধাৰণ জীৱনৰ গৰাকী হৈয়ে আছে। 

উত্তৰণৰ এই আঁৰৰ কাহিনী অভিভাৱকে গমকে নাপায়। গুৱাহাটীত তেওঁলোকেনো কি কৰিছে, তাৰ খবৰ ল’বলৈ প্ৰয়োজনবোধ নকৰে। শয্যা সংগী হৈ জীৱনক সমৃদ্ধ আৰু আগুৱাই নিবলৈ কুণ্ঠাবোধ নকৰা প্ৰৱণতাই বহুতৰে জীৱন বিপন্ন কৰি তোলে।

কিন্তু তেওঁলোকে এনেকৈয়ে জীৱন গঢ়িব খোজে। বহু ক্ষমতাশালী লোকে তেওঁলোকৰ বাবে সুযোগৰ জাল মেলি দিয়ে। সেই আভিজাত্যৰ পৃথিৱীত তেওঁলোকৰ ঠিকনা বিচাৰি উলিয়াবলৈ ঘূৰি ফুৰে বহু লোক। মন গ’লেই গুচি যায় কোনোবা প্ৰিয় চহৰলৈ।

অচিনাকি সেই চহৰত নাথাকে কোনো বাধা। উদযাপিত হয় দিনৰ দৰে প্ৰতিটো নিশা। মানুহে মানুহ কিনা এইখনো এখন ক’লা বজাৰ। গুৱাহাটীৰ অলিয়ে- গলিয়ে আছে এনে অনেক গ্ৰাহক আৰু বিক্ৰেতা। 

কাৰোৰে বাধা নাই এইখন দুনীয়াত। হিচাপ নাই কোন কাৰ আলহী হৈছে কিমান বাৰ। কি চলে বন্ধ কোঠাৰ ভিতৰত ? বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে, সামাজিক স্বীকৃতি নথকাকৈয়ে হ’ব পাৰে এতিয়া বুজাপৰা। থাকিব পাৰে একেলগে, নাথাকে আনুষ্ঠানিকতা ইয়াৰ নামেই হেনো লিভিং টুগেদাৰ।

বহুতৰে আছে দামী হোটেল, আছে সেই হোটেলত এনেবোৰ কাৰবাৰৰ বাবে সকলো সুবিধা। সন্তুষ্টি দিব পৰা মানুহবোৰৰ এইবোৰলৈ সঘন আহ- যাহ। জুৱা, সুৰা লগতে সুন্দৰী যুৱতীৰে উদযাপিত হয় মহানগৰীৰ নিশা।
নম্ৰতা বৰাৰ মৃত্যুৰ পাছত বহু কাহিনী পাক ঘূৰণি খাই ঘূৰিছে। শুনাত বেয়া লগা কথাবোৰে সঁচা যেন লাগিছে। যৌনতাৰ বজাৰেৰে মহানগৰী উভৈনদী হৈ পৰিছে। সহজ- সৰল হৈ মহানগৰীলৈ অহা বহুতৰে জীৱন জটিল কৰি তুলিছে। 

কথাবোৰ খুলি ক’ব নোৱাৰিলেও বুজি পোৱা যায়। হৃদয় ভঙা বাতৰি হৈ যেতিয়া কোনো অভিভাৱকৰ বুকুভেদি এই খবৰবোৰে শোকৰ নদী বোৱাই, তেতিয়াই এই সঁচা কথাবোৰ উপলব্ধি কৰাৰ অৱকাশ আহি যায়। কোনে, কাক বাধা দিব ? নিজৰ জীৱন নিজৰ দৰে উদযাপন কৰিম বুলি কোনোবাই ভাবি ল’লে তাত কাৰ কি আহে যায় ? 

সেই বাস্তৱতাই এতিয়া মহানগৰীত আধুনিকতাৰ নামত কলুষতা বিয়পাইছে। নিজ ঘৰখন, আপোন মানুহবোৰ সজাগ- সচেতন নহ’লে এই পথেদিয়ে সহযাত্ৰী হৈ আগবাঢ়ি গৈ থাকিব নতুন নতুন মুখ। এনেকৈও আহে জানো সুখ ?

একো নকৰাকৈ বহুত কৰে তেওঁলোকে। ৰাতিৰ হিচাপত চলে দৰ-দাম। খমখমীয়া নোটত উৰে এচামৰ বিশৃংখল জীৱন। সাধাৰণ মানুহৰ বাবে এয়া হেনো আধুনিকতা। য’ত বিক্ৰী হয় যৌনতা !

লিভ-ইন সম্পৰ্ক