হিমনৰ এটা ইচ্ছা আছিল। একেই ইচ্ছা আছিল আনন্দিতাৰো। খুব সুন্দৰকৈ ছবি অঁকা হিমন-আনন্দিতাৰ কথা আৰু সেই ইচ্ছা অসমীয়া প্ৰতিদিন ডিজিটেলত দুদিনমানৰ পূৰ্বে প্ৰকাশ কৰা হৈছিল।
মনৰ কথা নামৰ অনুষ্ঠানটোত হিমন আৰু আনন্দিতাই আন অতিথিৰ দৰে কথা কোৱা নাছিল। আকাৰে-ইংগিতেৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল। সেই অনুষ্ঠানটোত দেখুওৱা হৈছিল হিমন আৰু আনন্দিতাই অঁকা কেইবাখনো ছবি।
অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ নিয়মীয়া শিতান বিশেষ লেখাত হিমন আৰু আনন্দিতাৰ মনৰ ভাৱবোৰ আৰু তেওঁলোকৰ কাহিনীৰ বিষয়ে সৱিস্তাৰে লিখা হৈছিল। বহু মানুহৰে ইচ্ছা থাকে। কাৰোবাৰ পূৰণ হয়, কাৰোবাৰ নহয়।
হিমনে আঁকিছিল দুখন বিশেষ ছবি। সেই ছবি দুখন হাতত লৈ হিমনে কব বিচাৰিছিল আকাৰে-ইংগিতে বহু কথা। সেই কথাবোৰৰ সাৰংশ আছিল তেওঁ অঁকা এই ছবি দুখন এজন বিশেষ ব্যক্তিক নিজ হাতে দিব খোজে।
হিমনে কথা কব নোৱাৰিলেও এটা শব্দ সেইদিনা কৈছিল। সেই শব্দটো আছিল মামা। কাণেৰে নুশুনা, কথা কব নোৱাৰা হিমন বিশেষভাৱে সক্ষম হলেও খবৰ ৰাখে চৌদিশৰ। তেওঁৰ কল্পনাৰ পৃথিৱীত উৰি ফুৰা চিন্তাবোৰ ৰঙীন হৈ জিলিকে কেনভাছত।
আনন্দিতাৰো একেই কথা। ভালদৰে কথা কব নোৱাৰে, ভালকৈ নুশুনে। তথাপিও তেওঁলোকৰ সুখৰ সংসাৰ। হিমনৰ মাতৃ লাগি ফুৰে দুয়োৰে সৈতে। তেওঁলোকৰ যুগ্মজীৱনৰ সাক্ষী এমহীয়া এটি কেচুৱা।
হঠাত হিমনৰ পিতৃলৈ এটা ফোন আহিছিল। হিমনে লগ কৰিব খোজা সেই বিশেষ ব্যক্তি জনে তেওঁলোকক সাক্ষাতৰ বাবে সময় দিছিল। ৩০ অক্টোবৰ ২০২২ত আৱেলি ৪ বজাত তেওঁলোকক মাতিছিল।
হিমন, হিমনৰ পিতৃ, মাতৃ আৰু পত্নী আনন্দিতা গৈছিল সেই বিশেষ ব্যক্তিজনক লগ পাব। আনন্দিতাৰ কোলাত আছিল তেওঁলোকৰ এমহীয়া সন্তান। নিজ হাতে হিমনে তেওঁ অঁকা ছবি দুখন সেই বিশেষ ব্যক্তিৰ হাতত তুলি দিছিল।
হিমনৰ মুখত সন্তুষ্টি আৰু সুখৰ হাঁহি বিৰিঙিছিল। পৰিয়ালটোৰ বাবে সেয়া আছিল এক মধুৰ ক্ষণ। হিমনৰ এমহীয়া সন্তানক সেই বিশেষ ব্যক্তিজনে একোলা লৈছিল। হিমনৰ চাকৰিকে ধৰি আন কিছু যাৱতীয় কাম কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
তেওঁৰ দৰে এজন ব্যস্ত মানুহে হিমন আৰু আনন্দিতাৰ দৰে বিশেষভাৱে সক্ষম দম্পত্তিক সময় দিব বুলি তেওঁলোকে কল্পনাই কৰা নাছিল। আনে নকৰা কামবোৰ সেই বিশেষ ব্যক্তিজনে বৰ আন্তৰিকতাৰে কৰে। সেই বাবে তেওঁ আনতকৈ ব্যতিক্ৰম, বহুতৰে আদৰৰ।
কিছু সময় এনেদৰে সেই বিশেষ ব্যক্তিৰ কাষত কটাই উভতিছিল পৰিয়ালটো। হিমন আৰু আনন্দিতাক ভালদৰে ছবি আঁকিবলৈ আশীৰ্বাদ দিছিল তেওঁ। ছবি হিমনে হৃদয়ৰ পৰা আঁকে । আনন্দিতাইও হিমনক সংগ দিয়ে। ৰঙৰ পৃথিৱীত দুয়ো ডুব যায়।ৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠা হিমন এতিয়া যথেষ্ঠ ব্যস্ত। নতুন প্ৰজন্মক তেওঁ শিকাই ছবিৰ অ-আ, ক-খ।
হিমনে আঁকিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুখন ফটো। সেই দুখন ফটোৱে তেওঁ মুখ্যমন্ত্ৰীক নিজ হাতেৰে দিবলৈ ইচ্ছা কৰিছিল। সেই কথাই হিমনে সেইদিনা কৈছিল।তাৰপাছত আহিছিল সেই ক্ষণ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন আৰু পৰিয়ালক মাতি পঠিয়াইছিল জনতা ভৱনলৈ। তাত থকা মুখ্যমন্ত্ৰী কক্ষত পৰিয়ালটোৱে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰি এই দুইখন ফটো তুলি দিছিল তেওঁৰ হাতত।
অভিভূত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পূৰণ হৈছিল হিমনৰ আশা।বিশেষভাৱে সক্ষম হিমন আৰু আনন্দিতাক অনুপ্ৰাণিত কৰিলে মুখ্যমন্ত্ৰীয়ে। এইবোৰ সঁচাকৈয়ে নহয় জানো সৰু সৰু ভাললগা কথা।