/asomiyapratidin/media/media_files/2025/12/02/new-bikhekh-protibedon-1-6-2025-12-02-13-52-33.jpg)
বিভিন্ন কৰ্মৰাজী অথবা বিতৰ্কিত মন্তব্যৰে প্ৰতিদিনেই চৰ্চাত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অৱশ্যে শেহতীয়াকৈ কোনো মন্তব্যৰ বাবে নহয় তেওঁ পৰিহিত এটা পোচাকৰ বাবেহে সামাজিক মাধ্যমত চৰ্চাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। কিয় এই সাজ পৰিধান কৰিবলগীয়া হ'ল তেওঁ এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজিৰ প্ৰতিবেদন...
৩০ নৱেম্বৰ ২০২৫ ত বিশেষ সাজত দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক। গাঁত নীলা বস্ত্ৰ মেৰিয়াই মুখ্যমন্ত্ৰীয়ে ৰঙা সাজ পিন্ধি থকা পত্নীৰ সৈতে অংশ লৈছিল শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত অনুষ্ঠিত হোৱা অতিৰুদ্ৰ মহাযজ্ঞত।
মুখ্যমন্ত্ৰীৰ এই বিশেষ সাজক লৈ চৰ্চা হৈছিল। কিয়নো অতিৰুদ্ৰ মহাযজ্ঞৰ হোম যজ্ঞত সেই সাজেৰে অংশ লৈছিল তেওঁ। পূৰ্ণ আহুতি দিছিল মুখ্যমন্ত্ৰী আৰু পত্নীয়ে। সাধাৰণতে কোনো যজ্ঞত এনে সাজ পিন্ধা দেখা নাযায় অসমত।
কিয় এই সাজ পিন্ধি যজ্ঞ কৰিলে মুখ্যমন্ত্ৰীয়ে? চৰ্চাত আছে তেওঁ পিন্ধা সাজযোৰ আৰু এই মহাযজ্ঞৰ কিয় কোনে অনুষ্ঠিত কৰিছিল। বহুতে ক'ব খোজে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে অনুষ্ঠিত হৈছিল উক্ত অতিৰুদ্ৰ মহাযজ্ঞ। ইয়াৰ কাৰণ আৰু তেওঁ পিন্ধা পোচাকযোৰ সন্দৰ্ভত মানুহৰ উৎসুকতাৰ পম খেদি জানিবলৈ আমি যোগাযোগ কৰিছিলো দেশৰে এজন প্ৰতিষ্ঠিত জ্যোতিষবিদ ড০ প্ৰবোধ শৰ্মা সৈতে।
তেখেতে আমাক জনালে যে- অতিৰুদ্ৰ মহাযজ্ঞ হ'ল ত্ৰিদেৱৰ শক্তি শ্ৰী শ্ৰী মহাদেৱৰ ধ্যান উপাসনা কৰাৰ যজ্ঞ।এই যজ্ঞ হ'ল পৱিত্ৰ আৰু শক্তিশালী পদ্ধতি,অসমত এই যজ্ঞৰ প্ৰচলন নাই বুলি কব পাৰি। এই যজ্ঞাই পাপ নাশ,দোষ নাশ,সৰ্ব্বসিদ্ধি,সৰ্ব্বজয় আৰু আধ্যাত্মিকতাক স্থাপন কৰে। এই যজ্ঞত শনি,শুক্ৰ আৰু ধনদা লক্ষ্মীকুৱেৰ শান্তি আৰু প্ৰসন্ন হয় বাবে অতি ৰুদ্ৰ মহাযজ্ঞ বুলি অভিহিত কৰা হয় ।
ইয়াৰ উদ্দেশ্য হ'ল ঐশ্বৰিক শক্তি লাভ,পৱিত্ৰতা অৰ্জন,দুখ-কষ্ট নাশ,প্ৰতিপত্তি লাভ,আধ্যাত্মিক শক্তি বৃদ্ধি,সৰ্ব্ব বশীকৰণ, সৰ্ব্ব সিদ্ধি জয় আৰু সাৰ্ব্বজনীন সৃষ্টিৰ উৎস প্ৰাপ্তি।
শনি,শুক্ৰ,ধনদা লক্ষ্মীকুবেৰৰ অশুভ দোষ নাশ আৰু শান্তি কামনাৰ কাৰণে যজ্ঞত অংশ লওঁতে শুভ্ৰ বগা, নীলা অথবা ক'লা বস্ত্ৰ পৰিধান আৰু ত্ৰি বস্ত্ৰ পৰিধান কৰা নিয়ম। সেয়েহে এই সাজ পৰিধান কৰিছিল মুখ্যমন্ত্ৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us