/asomiyapratidin/media/media_files/2025/04/07/ZC3r040r9klHZGi4NMjm.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বিহু আহিছে। হেপাঁহৰ ৰঙালী বিহু অহা বতৰা কোমল কুহিঁপাতে বিলাইছে। সমান্তৰালভাৱে বহুতৰ ঠিকনাত চৰকাৰে পঠোৱা বিহুৱান খন গৈ পাইছে। এই বিহুৱান নাপাব লগা জনেও পাইছে বুলি খবৰ হৈছে।
সেই খবৰবোৰক লৈ আমি ব্যস্ত হৈ পৰিছো। মুখ্যমন্ত্ৰীয়ে পঠোৱা বিহুৱান কেনেকৈ এনেবোৰ লোকৰ হাতত পৰিছেগৈ বুলি প্ৰশ্ন কৰিছো। কিন্তু কোনেও আন এটা দিশ বিচাৰ বিশ্লেষণ কৰি চোৱা নাই।
এগৰাকী শিপিনীৰ সৈতে কথা পাতিছিলো। নাম তেওঁৰ ৰমিনা মিপুন। ঘৰ যোৰহাট তিতাবৰৰ বৰহোলা গৰাজান মিচিং গাঁৱত। এই শিপিনীগৰাকীৰ ব্যস্ততাৰ অন্ত নাই। তেওঁ জনালে চলিত বৰ্ষৰ মাৰ্চৰ পৰা এতিয়ালৈকে তেওঁ ৫০০ৰো অধিক গামোচা চৰকাৰক বিক্ৰী কৰিছে।
২০০০ৰো অধিক গামচাৰ অৰ্ডাৰ তেওঁৰ হাতত আছে। ২০১০চনতেই তেওঁলোকে এটা চেল্ফ হেল্প গ্ৰুপ গঠন কৰিছিল।সেই গোটৰ অধীনতে কেইবাগৰাকীও মহিলাই লগ হৈ পৰম্পৰাগত আৰু অত্যাধুনিক শালত তেওঁলোকে গামোচা প্ৰস্তু কৰি আহিছে।
এই মহিলাসকলক নেতৃত্ব দি আহিছে ৰমিনা মিপুনে। যিসকল মহিলাৰ এটা সময়ত উপাৰ্জনৰ কোনো পথ নাছিল, এতিয়া তেওঁলোকে মাহত কমেও ৬০০০-১২,০০০টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
কেৱল তিতাবৰতেই তেওঁ এই কৰ্ম সীমাৱদ্ধ কৰি থোৱা নাই। ৰমিনাই গোলাঘাটৰ মেৰাপানী দীঘলপানী মিচিং গাঁৱতো মহিলাসকলক এই বয়ন শিল্পৰ প্ৰতি আকৰ্ষিত কৰিবলৈ উদ্যোগ লৈছে।
বিধৱা, দৰিদ্ৰ মহিলাসকল ইয়াৰ দ্বাৰা উপকৃত হৈছে। ৰমিনাই জনোৱা মতে, চৰকাৰক দিয়া গামোচাবোৰৰ মূল্য দুভাগত বিভক্ত। পকোৱা সূতাৰে দীঘ-বাণী দি পদ্মিনী সূতাৰে ফুল বাচি প্ৰস্তুত কৰে গামোচাবোৰ।
ইয়াৰে এটা ফালে ফুল থকা গামোচাবোৰৰ বাবদ ১৯০টকা আৰু দুইফালে ফুল থকা গামোচা বোৰৰ বাবদ-২২০টকা লাভ কৰে। এখন গামোচা প্ৰস্তুতৰ বাবে তেওঁলোকক ৬৫টকাৰ মূল্যৰ সূতা প্ৰয়োজন হয়।
একোখন গামোচাৰ বোৱা এগৰাকী শিপিনীয়ে পাৰিশ্ৰমিকৰ বাবদ ১০০টকাকৈ লাভ কৰে। সেইধৰণে এখন গামোচাত ২০-২৫টকাকৈ তেওঁলোকে লাভ কৰি এই গামোচাসমূহ যোগান ধৰি আহিছে।
প্ৰথম পৰ্যায়ত তেওঁ ২০০খন গামোচা ২২০টকা দৰত দি ৪৪হাজাৰ টকা লাভ কৰিছিল। পৰৱৰ্তী সময়ত মুঠ ৫০০ৰো অধিক গামোচা দি এই গোটটোৰ মহিলাসকলে চৰকাৰৰ পৰা প্ৰাপ্য ধন লাভ কৰিবলৈ সক্ষম হৈছিল।
পৰম্পৰাগত শালত এগৰাকী শিপিনীয়ে এদিনত দুখনকৈ গামোচা ব’বলৈ সক্ষম হয়। পিটলুম শালত এদিনতে ৪-৫খনকৈ গামোচা ওলায়। এই শিপিনীগৰাকীৰ সৈত ১৩৫গৰাকী মহিলা স্বাৱলম্বী হৈছে।
যোৱা বছৰ নৱেম্বৰত তেওঁলোকে এটা টছৰ ইণ্ডাষ্ট্ৰীও স্থাপন কৰিছে। শিপিনীসকলে যে কেৱল গামোচাই বয়, এনে নহয়। টছৰ কাপোৰ, মিচিং, বড়ো লোকসকলৰ বস্ত্ৰ তেওঁলোকে উৎপাদন কৰি আহিছে।
ৰাজ্যৰ লগতে বাহিৰতো বাণিজ্যিক মেলাসমূহতো তেওঁলোকে অংশ লয়। এনে একোখন বাণিজ্যিক মেলাত এইসকল শিপিনীয়ে কাপোৰ বিক্ৰী কৰি লক্ষাধিক টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
কাংকান চেল্ফ হেল্প গ্ৰুপ নামৰ এই গ্ৰুপটোৰ তেওঁ সমন্বয়ক। বয়ন শিল্পৰ জৰিয়তে তেওঁ সমাজ সেৱা কৰি গৈছে। প্ৰস্তুত কৰা গামোচাসমূহ তেওঁলোকে যোৰহাটৰ টেক্সটাইল অফিচত মান নিৰূপণৰ বাবে জমা দিয়ে।
সেই গুণগত মান নিশ্চিত হোৱাৰ পাছতহে গামোচাসমূহ চৰকাৰীভাৱে ক্ৰয় কৰা হয়। ৰমিনা মিপুন আৰু তেওঁৰ গ্ৰুপটো এক উদাহৰণহে। ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে চৰকাৰীভাৱে শিপিনীসকলৰ পৰা প্ৰত্যক্ষভাৱে গামোচা ক্ৰয় কৰা হৈছে।
যিসকলে গামোচা পাইছে, তেওঁলোকে নিশ্চয় সেই গামোচাসমূহৰ মান ধৰিব পাৰিছে। চৰকাৰী পৃষ্ঠপোষকতাত অসমৰ শিপিনীয়ে প্ৰস্তুত কৰা প্ৰায় ৫লক্ষাধিক গামোচা ক্ৰয় কৰা হৈছে। সেই হিচাপত এই বয়ন শিল্পৰ বাবে ই এক ইতিবাচক পদক্ষেপ।
যি সময়ত বহিঃৰাজ্যৰ গামোচাই অসমৰ বজাৰ ভৰি পৰিছিল, সেই সময়ত এনে পদক্ষেপে থলুৱা শিপিনীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। ৰমিনা মিপুনৰ দৰেই শিপিনীসকল উৎসাহিত আৰু স্বাৱলম্বী হোৱাৰ সুযোগ পাইছে।
মুখ্যমন্ত্ৰীয়ে গামোচা বিতৰণ কৰাক লৈ হোৱা নেতিবাচক খবৰ বা কথাৰ বিপৰীতে এইবোৰ জানো ইতিবাচক আৰু আমাৰ সমাজখনৰ বাবে একোটা সুখবৰ নহয়? আমাৰ শিপিনীসকলৰ মুখত এনে ব্যৱহাৰিক পদক্ষেপে এতিয়া হাঁহি বিৰিঙাইছে...