সেই কাৰণেই হাগ্ৰামা...

নেতাৰ সাহস থাকিব লাগে। নেতাৰ দৃষ্টিভংগী থাকিব লাগে। নেতাই নেতৃত্বৰ আগত মুকলিকৈ কথা ক’ব পৰাকৈ সাহ কৰিব লাগে। এতিয়া তথাকথিত বেছি সংখ্যক নেতাৰ এই গুণবোৰৰ অভাৱ। ‘ইয়েচ ছাৰ’ হৈ পৰিছে আমাৰ নেতাসকল।

New Update
bikhekh lekha (21)

মৃদুল কুমাৰ সন্দিকৈ

নেতাৰ সাহস থাকিব লাগে। নেতাৰ দৃষ্টিভংগী থাকিব লাগে। নেতাই নেতৃত্বৰ আগত মুকলিকৈ কথা ক’ব পৰাকৈ সাহ কৰিব লাগে। এতিয়া তথাকথিত বেছি সংখ্যক নেতাৰ এই গুণবোৰৰ অভাৱ। ‘ইয়েচ ছাৰ’ হৈ পৰিছে আমাৰ নেতাসকল।

কিজানিবা কিবা এটা ক’লে শীৰ্ষ নেতৃত্বই বেয়া পায় ! সেই কথা ভাবিয়েই আমাৰ নেতাসকলে শীৰ্ষ নেতৃত্বৰ সন্মুখত মুখ বন্ধ কৰি ৰাখে। হয়, হয় বা হ’ব, ঠিকেই কৈছে জাতীয় শব্দৰে তেওঁলোকে নিজৰ আনুগত্য প্ৰকাশ কৰে। 

এয়া দেশৰ লগতে অসমৰ ৰাজনীতিত এক চিনাকি ছবি। সেই ছবিৰ বিপৰীতে শেহতীয়াকৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি উভতি যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত অসমৰ এজন নেতাই ব্যতিক্ৰমী ৰূপত নিজৰ অস্তিত্ব জাহিৰ কৰিলে।

দুটা বা তিনিটা বাক্যত তেওঁ কোৱা কথাখিনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰ আগ্ৰহেৰে শুনিলে। মোডীৰ সন্মুখত এটা ৰাজহুৱা অনুষ্ঠানত বিনম্ৰ ভাষাতে মোডীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নেতাজন আছিল হাগ্ৰামা। 

মানুহে ভাবে- হাগ্ৰামা মহিলাৰীয়ে যি-তি কথা কয় ! মানুহে ৰস পাই তেওঁৰ কথাবোৰ । সাহস আৰু বুদ্ধিদীপ্ততাৰে হাগ্ৰামাই মন্তব্য কৰে। যদিও বহুতে এইবোৰ কথা শুনি হাঁহিৰ খোৰাক পায়। ১৭ জানুৱাৰী ২০২৬ৰ সন্ধিয়া সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছিল বাগৰুম্বা দ’হৌ।

প্ৰায় ১০ হাজাৰ শিল্পীয়ে অভিলেখ ৰচনা কৰি পৰিৱেশন কৰিছিল বাগৰুম্বা নৃত্য। যিটো অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজি কিছু দিনৰ আগলৈকে বিজেপিৰ মিত্ৰৰূপে পৰিচিত আৰু বি টি আৰ চুক্তিৰ পাছত বিটিচিৰ প্ৰধানৰূপে দায়িত্বত থকা প্ৰমোদ বড়ো দৰ্শকৰূপে বহি আছিল তলৰ আসনত।

৫বছৰ শাসনত নাথাকিলেও শেহতীয়া বিটিচিৰ নিৰ্বাচনত পুনৰ জনাদেশ লৈ পুনৰ বি টি চিৰ মুখ্য কাৰ্যবাহীৰ দায়িত্বত অধিষ্ঠিত হোৱা হাগ্ৰামা আছিল প্ৰধানমন্ত্ৰীৰ সৈতে মঞ্চত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি নিৰ্বাচিত বিশেষ অতিথি উপস্থিত আছিল সেই মঞ্চত। 

তেতিয়াই নিজৰ বক্তব্য প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে স্বভাৱসুলভ ভংগীমাৰে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৈছিল- "ছাৰ, ২০০৩'ত বড়োলেণ্ডৰ চুক্তি, ২০২০'ত বড়োলেণ্ডৰ শান্তিৰ চুক্তি কৰা হ'ল। কিন্তু চুক্তিৰ কিছু কাম এতিয়াও হোৱা নাই। আশা কৰিছো, আপুনি কৰি দিব।"

হাগ্ৰামা মহিলাৰীৰ এই কথাকেইটাই মুহূৰ্ততে সংবাদ মাধ্যমৰ শীৰ্ষ আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। হাগ্ৰামা যে এজন পৈণত আৰু মেৰুদণ্ড থকা ৰাজনীতিবিদ হৈ পৰিছে, সেই কথা পুনৰবাৰ তেওঁৰ এনে বক্তব্যই প্ৰমাণ কৰিলে।

ইয়াৰ বিপৰীতে কিন্তু আমাৰ মূলসূঁতিৰ তথাকথিত নেতাসকলৰ এনে স্থিতি দেখা পোৱাতো এতিয়া পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে হৈ পৰিছে। জাতীয়তাবাদ কি ? ইয়াক কেনেকৈ আগুৱাই নিব লাগে, সেই কথা এতিয়া আন নেতাসকলে হাগ্ৰামাৰ দৰে নেতাৰ পৰা শিকাৰ প্ৰয়োজন হৈ পৰিছে।

বড়োসকলৰ স্ব-অধিকাৰ আৰু পৃথক ৰাজ্যৰ দাবী ১৯৬৭ চনৰ পৰাই চলি আহিছিল। যিটো আন্দোলনে ১৯৮৭চনৰ পৰা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত জংগী ৰূপ ধাৰণ কৰিছিল। অৱশ্যে বড়োসকলৰ ৰাজনৈতিক সচেতনতা আৰম্ভ হৈছিল ১৯৩৩ চনৰ পৰাই। সদৌ অসম ট্ৰাইবেল লীগ গঠন বড়োসকলৰ বাবে উগ্ৰ জাতীয়তাবাদৰ বীজ অংকুৰণ হোৱা এক প্ৰেক্ষাপট আছিল। 

তাৰ পাছত ১৯৫২চনত গঠন হোৱা বড়ো সাহিত্য সভাই সেই ৰাজনৈতিক অধিকাৰৰ যুঁজখনক সাহিত্য-সংস্কৃতিৰ উত্তৰণেৰে আগুৱাই লৈ গৈছিল। ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীতে জন্ম হৈছিল অল বড়ো ষ্টুডেণ্ট ইউনিয়ন চমুকৈ আবছু।

১৯৬৯চনত বড়োসকলে স্বায়ত্ব শাসনৰ দাবী জনায়। অসম আন্দোলনৰ সময়ত বড়ো সংগঠনসমূহে মুকলি সমৰ্থন আগবঢ়াইছিল। কিন্তু অসম চুক্তিক লৈ তেওঁলোক সন্তুষ্ট নহ’ল। উপেন ব্ৰহ্মৰ নেতৃত্বত ১৯৮৭চনৰ পৰা ডিভাইড আসাম ৫০-৫০ শ্ল’গানেৰে আবছুৱে বড়ো আন্দোলনক আগুৱাই নিছিল। 

১৯৮৬ চনত গঠন হৈছিল বড়োলেণ্ড ছিকুউৰিটী ফ’ৰ্চ। ১৯৯৩চনত স্বাক্ষৰিত হৈছিল বড়ো চুক্তি। কিন্তু সেই চুক্তিয়েও বড়ো নেতাসকলক আশ্বস্ত নকৰিলে। তেতিয়াই গঠন হৈছিল বড়ো অট’নমাচ কাউন্সিল। পৰৱৰ্তী সময়ত আত্মপ্ৰকাশ কৰে নেচনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড। 

১৯৯৫চনত বি এল টি বা বড়ো লিবাৰেচন টাইগাৰেও আত্মপ্ৰকাশ কৰিলে। ২০০৩ত বি এল টি- কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ উপস্থিতিত পুনৰ আন এক শান্তি চুক্তি স্বাক্ষৰিত কৰা হয়। এই চুক্তি অনুসৰিয়েই বি টি চি গঠন কৰা হৈছিল আৰু বি টি চিক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা হৈছিল। 

বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ স্ফুলিংগ কালিচৰণ ব্ৰহ্মৰ জৰিয়তে আৰম্ভ হৈছিল। চাইমন কমিছনক তেওঁ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। তেওঁলোকে বিচাৰিছিল- বড়োসকলৰ সুকীয়া স্থান, বড়ো ৰেজিমেণ্ট গঠন, কোকৰাঝাৰ নামেৰে এটা মহকুমা গঠন ইত্যাদি।

১৯৩৭চনৰ সাধাৰণ নিৰ্বাচনত ট্ৰাইবেল লীগে ৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সমষ্টিকেইটাৰ ভিতৰত গোৱালপাৰা জিলাৰ পৰা নিৰ্বাচিত হৈ আহিছিল ৰূপনাথ ব্ৰহ্ম। তেওঁ ৰাজনৈতিকভাৱে লোৱা কিছু সিদ্ধান্ত আছিল বড়োসকলৰ আজিৰ বুনিয়াদ গঠন কৰাৰ ভেঁটি।

মদাৰাম ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, সীতানাথ ব্ৰহ্ম চৌধুৰীয়ে অসমৰ শাসন ব্যৱস্থাত জনজাতিসকলৰ বাবে ১৬খন আসনৰ প্ৰস্তাৱ দিছিল। পূৰ্বতে বি এল টিক নেতৃত্ব দিয়া হাগ্ৰামা মহিলাৰীয়ে ভালদৰে বুজে যে, ৰাজনৈতিকভাৱে অধিকাৰ সাৱ্যস্ত কৰিবলৈ ক্ষমতাত থাকিবই লাগিব।

২০২০চনত এন ডি এফ বিৰ সৈতে হোৱা আলোচনাৰ অন্তত স্বাক্ষৰিত হৈছিল বি টি আৰ চুক্তি। শাসনলৈ আহিছিল প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল। হাগ্ৰামাই বিজেপিৰ সৈতে দুৰত্ব বজাই ৰাখিলেও এন ডি এৰ অংশীদাৰ হৈ প্ৰমোদ বড়োৱে ৫টা বছৰ বি টি চিত শাসন কৰিলেও দুৰ্নীতি, উগ্ৰ বড়ো জাতীয়তাবাদ আদিয়ে তেওঁৰ ৰাজনৈতিক ভৱিষ্যত চমু কৰি পেলালে।

ৰাইজৰ দ্বাৰাই উপেক্ষিত হোৱা প্ৰমোদ বড়োক বিজেপিয়েও এলাগী কৰিলে। তাৰ ঠাইত সকলো জাতি- জনগোষ্ঠীৰ ভৰসাক আধাৰ কৰি বড়ো ভূমিত পুনৰ হাগ্ৰামা শাসনলৈ আহিল। ক্ষমতাত যিয়ে থাকে, তেওঁৰ সৈতে মই থাকিব বুলি পূৰ্বে ঘোষণা কৰি থোৱা হাগ্ৰামাৰ কাষ চাপিবলৈ বাধ্য হ’ল বিজেপি।

চতুৰ হাগ্ৰামাই বিজেপিক আঁকোৱালি ল’লেও নিৰ্দিষ্ট দুৰত্বত থাকি বি পি এফৰ অস্তিত্বক অধিক সবল কৰি পেলালে। ইতিমধ্যে বড়ো ভূমিত প্ৰয়োজনীয় সকলো আন্তঃগাঁথনি গঢ়ি তুলিলে। পৃথক ৰাজ্যৰ মৰ্যাদা নাপালেও বড়ো ভূমি এতিয়া সকলো দিশৰ পৰা পৰিপূৰ্ণ। 

ইয়াত অধিক ত্বৰান্বিত কৰি বি টি আৰ চুক্তিৰ দফাসমূহ পূৰণৰ জৰিয়তে বড়োৰ স্ব- অধিকাৰ আন্দোলনক ফলপ্ৰসূ কৰি তুলিবলৈ হাগ্ৰামাই কোনো সুযোগ এৰা নাই। সেই সুযোগ তেওঁ সৰুসজাইতো গ্ৰহণ কৰিলে। সেয়ে হাগ্ৰামা এতিয়া উজলি উঠিছে। জাতীয়তাবাদক ধৰি ৰাখি ৰাষ্ট্ৰীয়তাবাদৰ হাতত গ্ৰাস নহৈ কেনেদৰে ৰাজনীতি কৰিব পাৰি হাগ্ৰামা মহিলাৰী নামৰ মানুহজনে বুজাই দিছে।

হাগ্ৰামা মহিলাৰী