/asomiyapratidin/media/media_files/2025/11/13/ap-for-web-new-bikhekh-lekha-16-2025-11-13-13-31-58.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰাজ্যৰ কিছু উচ্চ শিক্ষানুষ্ঠানত একাংশ অধ্যক্ষৰ দুৰ্নীতিয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। সেই সকল দুৰ্নীতিগ্ৰস্ত মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ নিয়মমাফিক তদন্ত হৈছে যদিও তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোকে বিনা বাধাই এই অনিয়ম আৰু দুৰ্নীতি অৱ্যাহত ৰাখিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুক তেনে এজন দুৰ্নীতিগ্ৰস্ত অধ্যক্ষৰ কাহিনীকে তথ্যসহকাৰে অৱগত কৰিব খুজিছো। ৰাজ্যৰ আন প্ৰান্তৰ নহয়, গুৱাহাটী মহানগৰৰ বামুণীমৈদামৰ জ্যোতিনগৰত থকা গুৱাহাটী মহাবিদ্যালয়ৰ কাহিনী এয়া।
এই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদত আছে ড০ প্ৰণৱ শাণ্ডিল্য। নামত অধ্যক্ষ হ’লেও বহু বছৰ ধৰি এই পদত থকা এইগৰাকী অধ্যক্ষই মহাবিদ্যলয়খনক অতি কৌশলেৰে তেওঁৰ সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰিছে। গুৱাহাটীৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান- গুৱাহাটী মহাবিদ্যালয়।
ষাঠিটা বছৰ অতিক্ৰম কৰা এই মহাবিদ্যালয়খনৰ ভিতৰচ’ৰাত সংঘটিত হৈছে ব্যাপক বিত্তীয় অনিময়। মহাবিদ্যালয়খনে ২০১৬ চনত ৰাষ্ট্ৰীয় উচ্চস্তৰ শিক্ষা অভিযান(ৰুছা)ৰ পৰা ৬৯.১৭ লাখ টকা লাভ কৰিছিল। ২০১৭ বৰ্ষত ৩০.৮৩ লাখ, ২০১৮ত ৫০ লাখ, ২০১৯ত ৪৫ লাখ আৰু ২০২০ত মহাবিদ্যালয়খনৰ উন্নয়নৰ বাবে ৫লাখ টকা আৰ্থিক অনুদান লাভ কৰিছিল গুৱাহাটী মহাবিদ্যালয়ে।
ৰুছাৰ পৰা লাভ কৰা এই আৰ্থিক অনুদান চৰকাৰী নিয়ম অনুসৰি উপযুক্তভাৱে ব্যয় কৰা নাই এই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে। ব্যক্তিগত স্বাৰ্থ আৰু মুনাফাৰ বাবে অধ্যক্ষ ড০ শাণ্ডিল্যই ২০১৭ৰ ২৯ জুনত মাত্ৰ এখন বাতৰি কাকতযোগে ১কোটি ২০ লাখ টকা ব্যয়ৰে গ্ৰাউণ্ড প্লাছ ২ এটা ভৱন নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছিল।
সাধাৰণতে প্ৰচলিত বাতৰি কাকতৰ বিপৰীতে অতি কম সংখ্যক প্ৰচলিত কাকতখনত এই নিবিদা প্ৰকাশ কৰাতোৱেই আছিল প্ৰথম অনিয়ম। কিয়নো অসম চৰকাৰে জাৰি কৰি থোৱা বিত্ত বিভাগৰ অফিচ মেমৰেন্দামৰ মতে, কোনো চৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠানে ২০ লাখৰ ওপৰৰ কোনো অনুদানৰ দ্বাৰাই নিৰ্মাণকাৰ্য কৰিবলৈ চৰকাৰী প’ৰ্টেলৰ জৰিয়তে নিবিদা আহ্বান কৰাতো বাধ্যতামূলক। সেই বিত্ত বিভাগৰ সচিবে জাৰি কৰা অফিচ মেমৰেন্দাম সম্পূৰ্ণৰূপে আওকাণ কৰি প্ৰণৱ শাণ্ডিল্যই ১কোটি ২০ লাখ টকা চৰকাৰী পুঁজি ব্যয়েৰে ভৱন নিৰ্মাণ কৰিবলৈ এখন স্থানীয় কাকতত নিবিদাৰ বিজ্ঞাপন দিয়াতোৱেই আছিল চৰকাৰী নীতি বহিৰ্ভূত কাম।
সেই নিবিদা অনুসৰিয়েই জনৈক মেচাৰ্চ আই এছ ট্ৰেডিং কোম্পানী, মেচাৰ্চ বিল্ডৱৰ্থ ট্ৰেড এণ্ড ইঞ্জিনিয়াৰিং আৰু নৰ্থ ইষ্ট ইনফ্ৰা নামৰ তিনিটা ঠিকাদাৰী ফাৰ্মে আবেদন দাখিল কৰিছিল। এই ফাৰ্ম তিনিখনৰ ভিতৰত মেচাৰ্চ নৰ্থ ইষ্ট ইনফ্ৰাক অধ্যক্ষগৰাকীয়ে এই কামৰ ঠিকা আৱণ্টন দিয়ে ২৭/০৭/২০১৭ত।
১ কোটি, ১৯ লাখ, ১৪ হাজাৰ, ৩শ টকাৰ সেই ঠিকা নৰ্থ ইষ্ট ইনফ্ৰাক প্ৰদান কৰাৰ পাছতে উক্ত প্ৰতিষ্ঠানটোক এই কামৰ বাবে ২১/০৬/২০১৮ত অতিৰিক্তভাৱে ৫৫ লাখ, ৮৫হাজাৰ ৭শ টকা দিয়াত অনুমোদন জনায়। মুঠ ১কোটি, ৭৫ লাখ টকা নিবিদাৰ পাছত এই কাম কৰিবলৈ অধ্যক্ষ শাণ্ডিল্যই দিয়া এই নিৰ্দেশে মহাবিদ্যালয়ৰ সচেতন ব্যক্তিসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।
এবাৰ নিবিদাৰ অন্তত ১কোটি, ১৯ লাখ, ১৪ হাজাৰ ৩শ টকা ধাৰ্য কৰাৰ পাছত সেই কামৰ বাবে অধ্যক্ষজনে ৪৭ শতাংশ ধন বঢ়াই দিয়াতো আচৰিত কথা। আৰ মেধি এণ্ড এছ’ছিয়েট নামৰ এখন ব্যক্তিগত ফাৰ্মৰ পৰামৰ্শ অনুসৰি হেনো নৰ্থ ইষ্ট ইনফ্ৰাক এই ধন বঢ়াই দিয়া হৈছিল।
প্ৰতিষ্ঠানটোক দিয়া কিছু অংশ ধন পি এফ এম এছ প’ৰ্টেলৰ জৰিয়তে আদায় দিয়া হয় যদিও বাকী ধন কেনেকৈ, কাক, ক’ত দিয়া হ’ল সেই কথা অধ্যক্ষগৰাকীৰ বাহিৰে আনে নাজানে। ধন বৃদ্ধি কৰি এই কাম ২০১৮ চনত সম্পূৰ্ণ কৰাৰ পাছত স্থানীয় বিধায়কগৰাকীয়ে উক্ত ভৱনটো উদ্বোধন কৰিছিল।
কিন্তু ৬বছৰ নৌহতেই সেই বিজ্ঞান ভৱনটোৰ পকী বেৰত ফাঁট দেখিবলৈ পোৱা গ’ল। প্ৰশ্ন হয়- অধ্যক্ষগৰাকীয়ে বিভিন্ন উৎসৰ পৰা পোৱা ধন সঠিকভাৱে ব্যৱহাৰ কৰিছেনে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। অনুসন্ধান কৰিলে এই শিক্ষানুষ্ঠানখনৰ বহু বিত্তীয় অনিয়ম পোহৰলৈ আহিব।
চৰকাৰী নিয়ম মতে ই- টেণ্ডাৰযোগে সকলো কাম হৈছেনে সেয়াও এক বিচাৰ্য বিষয়। অধ্যক্ষগৰাকীৰ কাম- কাজত আচৰিত হৈ মহাবিদ্যালয়খনৰ শিক্ষক গোটে ১৩ জুন ২০২৫ত উচ্চ শিক্ষা বিভাগৰ সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰত অভিযোগ কৰা মতে অধ্যক্ষ প্ৰণৱ শাণ্ডিল্যই তেওঁ দুজন বিশেষ ব্যক্তিক অৱসৰৰ পাছতো মহাবিদ্যালয়খনৰ বিত্তীয় সক্ৰান্তীয় কাম- কাজত জড়িত কৰি ৰাখিছিল।
এই ব্যক্তি দুজন আছিল ক্ৰমে- ফণীধৰ গোস্বামী আৰু তিলক ডেকা। দুয়োজনে চাকৰিৰ পৰা অৱসৰ লৈছিল আৰু গাণনিক পদবীত কাম কৰিছিল। এই দিশবোৰ খোদ গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষক গোটে উচ্চ শিক্ষা সঞ্চালকালয়ক আঙুলিয়াই বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই আহিছে।
বাতৰি কাকতত প্ৰকাশিত খবৰ আৰু আন অভিযোগৰ ভিত্তিত উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষতো এই সন্দৰ্ভত অধ্যক্ষজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। সকলোবোৰ মিলাই অধ্যক্ষজনৰ বিৰুদ্ধে তদন্ত কৰিবলৈ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সচিব নাৰায়ণ কোঁৱৰে এক নিৰ্দেশনা জাৰি কৰিছিল।
সেই নিৰ্দেশনা অনুসৰি ৯জুন ২০২৫ত সেই তদন্তৰ দায়িত্ব দিয়া হৈছিল উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব নয়ন পাঠক আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ বিত্তীয় উপদেষ্টা নয়নমণি শৰ্মাক। সচিব কোঁৱৰে জাৰি কৰা এই নিৰ্দেশৰ প্ৰতিলিপি মুখ্যমন্ত্ৰীৰ মুখ্য ব্যক্তিগত সচিব, শিক্ষা মন্ত্ৰীৰ ব্যক্তিগত সচিব আদিলৈও প্ৰেৰণ কৰিছিল।
সেই অনুসৰি ৯ জুলাই ২০২৫ত গুৱাহাটী মহাবিদ্যালয়ত শিক্ষক গোটৰ সভাপতি ড০ ধৰণী লাহন আৰু সম্পাদক ড০ জিন্তু শৰ্মাক শুনানিৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। নিৰ্দেশনাত নাৰায়ণ কোঁৱৰে এমাহৰ ভিতৰত এই বিত্তীয় অনিয়মৰ তদন্ত প্ৰতিবেদন দাখিল কৰাৰ কাঢ়া নিৰ্দেশ জাৰি কৰিছিল।
সময় পাৰ হ’ল। এই তদন্তহে কি হ’ল সেই কথাহে জনা নগ’ল। মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসনত বহি অভিযুক্ত অধ্যক্ষগৰাকীয়ে দায়িত্ব চম্ভালি বহু নথি-পত্ৰ নষ্ট কৰাৰ বহু অভিযোগ উত্থাপন হ’ল। এতিয়া প্ৰশ্ন হয়- অভিযুক্ত অধ্যক্ষ ড০ প্ৰণৱ শাণ্ডিল্যৰ বিৰুদ্ধে হোৱা তদন্ত কিয় গাপ মাৰিল ?
শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ সক্ৰিয়তা ক’ত হেৰাল ? কিয় যোৱা ৪ মাহে এনে গুৰুতৰ অভিযোগৰ তদন্তৰ একো ফলাফল নোলাল ? সকলো ক্ষেত্ৰতে মুখ্যমন্ত্ৰীয়েই হস্তক্ষেপ কৰিব লাগিব নেকি ? মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজৰ এক সূত্ৰই অভিযোগ কৰা মতে ড০ শাণ্ডিল্যই হেনো মুখ্যমন্ত্ৰীৰ লগত সু-সম্পৰ্ক থকা বুলি দাবী কৰি এইবোৰ অভিযোগক গুৰুত্বই নিদিয়ে। শাণ্ডিল্যৰ এনে দাবী যদি মিছা তেন্তে এতিয়া মুখ্যমন্ত্ৰীয়ে বিষয়টো হস্তক্ষেপ কৰাৰ গত্যন্তৰ নাই। নহ’লে ছাত্ৰ সমাজৰ এই অভিযোগে ৰাইজে বিশ্বাস কৰিবলৈ বাধ্য হ’ব।
উল্লেখযোগ্য যে, পূৰ্বতেও বহু বিতৰ্কত নাম সাঙোৰ খাই পৰিছে তেওঁৰ। প্ৰায়ে মহাবিদ্যালয়ত অনুপস্থিত থকা ড০ শাণ্ডিল্যক মহাবিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ শিক্ষক গোটে দাবী তোলাৰ দৰে ঘটনাও সংঘটিত হৈছে। মহাবিদ্যালয়খনত বিনামূলীয়া নামভৰ্তিৰ সময়তো ড০ শাণ্ডিল্যই চৰকাৰী নিৰ্দেশ অমান্য কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।
উচ্চ শিক্ষানুষ্ঠাসমূহ ড০ শাণ্ডিল্যৰূপী এচাম অধ্যক্ষৰ দুৰ্নীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে। সাধাৰণ লোকে এইবোৰ অনিয়মৰ ভূকে নাপায়। যিবোৰ অভিযোগ পোহৰলৈ আহে, সেইবোৰৰ উপযুক্ত তদন্ত আৰু অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা নোলোৱাত তেওঁলোক দুগুণ উচাহেৰে এই দুৰ্নীতি সংঘটিত কৰাত নামি পৰিছে।
স্পৰ্শকাতৰ এই বিষয়টো ছাত্ৰ সমাজৰ ভৱিষ্যতৰ প্ৰতিও ভাবুকি স্বৰূপ হৈ পৰিছে। সময় হ’বনে শিক্ষা মন্ত্ৰী ডা০ পেগুৰ কি হৈছে গুৱাহাটী মহাবিদ্যালয়ত খবৰ ল’বলৈ ? উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ সাৰ পাব কেতিয়া ? এই প্ৰশ্ন এতিয়া গুৱাহাটী মহাবিদ্যালয়ৰ সচেতন ছাত্ৰ সমাজ তথা অভিভাৱকৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us