/asomiyapratidin/media/media_files/2025/05/31/AlLPykflUsvkWk87keJ5.jpg)
হাতত বন্দুক তুলি ল’লেই যদি জাতীয় অস্তিত্ব ৰক্ষা হয়, তেন্তে সেই কাম বহুদিনৰ পূৰ্বেই কৰা নহ’ল কিয়? কিয় অসম চুক্তিৰ সময়ত থলুৱা খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ কথা মিছাতে আলোচনা কৰি অসম চুক্তিৰ ৬নং দফাৰ সেই কথাবোৰ লিখিব লগা হ’ল ?
যিবোৰ চুক্তিত ছপা আখৰ হৈয়ে ইমান বছৰে ৰৈ গ’ল। অসমৰ খিলঞ্জীয়াক সেই সাংবিধানিক ৰক্ষা কৱচ দিয়া নহ’ল। এতিয়া তেনে একাংশ বিপন্ন খিলঞ্জীয়া লোকৰ হাতত বন্দুকৰ লাইচেন্স তুলি দি তেওঁলোকৰ নিৰাপত্তা নিজেই নিশ্চিত কৰিবলৈ চৰকাৰে যি নীতি লৈছে, সেয়া গ্ৰহণযোগ্য নে হাস্যকৰ ?
অসমীয়া মানুহৰ হাতত বন্দুক আছিল। সেই বন্দুক আভিজাত্যৰ প্ৰতীক হৈ ৰৈছিল। মুষ্টিমেয় কিছু লোকে তেনে বন্দুকৰ গৰাকী হৈ সাধাৰণ লোকৰ পৰা ভীৰ্তিযুক্ত সন্মান বুটলিবলৈ সক্ষম হৈছে। সেই জমিদাৰ শ্ৰেণীটো আছিল শোষকৰ নামান্তৰ।
কোনো লোকে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে ঐ বন্দুকটো লৈ আহচোন বুলি ভয় খুৱাইছিল। আন এচামৰ হাতত থকা বন্দুকটোৱে হিংস্ৰ বন্য জীৱ- জন্তুক নিধন কৰি এটা অঞ্চলৰ লোকক ৰক্ষা কৰিছিল। বন্দুক কিনিবলৈ সক্ষম হোৱাটোৱেই আছিল তেওঁলোকৰ অন্যতম সামাজিক স্থিতি বা পৰিচিতি।
তেনে বন্দুকেৰে চৌদিশে উভৈনদী হৈ থকা চৰাই- চিৰিকতি, বাঘ-হৰিণা আদি বধ কৰা হৈছিল। সেই বন্দুক কিন্তু কোনো মানুহৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল।
বন্দুকৰ অত্যধিক ব্যৱহাৰ আমাৰ অসমীয়া সমাজত নাছিল। বন্দুক সংস্কৃতি অসমীয়া মানুহে সাধাৰণতে পছন্দ নকৰিছিল। ব্যক্তিগতভাৱে এতিয়াও কিছু লোকে অনুজ্ঞাপত্ৰপ্ৰাপ্ত এনে মৰাণাস্ত্ৰ লগত ৰাখে যদিও সেইবোৰৰ অপপ্ৰয়োগ প্ৰায় কমেই হয়।
২০১৬ চনৰ তথ্য অনুসৰি অসমত সেই সময়লৈকে মুঠ ১৯,২৮৩টা অনুজ্ঞাপত্ৰপ্ৰাপ্ত মৰাণাস্ত্ৰ আছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ৰ তথ্য এয়া। অৱশ্যে ৰাজ্যখনত উগ্ৰপন্থী আৰু বিদ্ৰোহী গোট গঠনৰ পৰিপ্ৰেক্ষিতত তেনে মাৰণাস্ত্ৰৰ সংখ্যা অস্বাভাৱিকভাৱে এটা সময়ত বৃদ্ধি পাইছিল।
সেই সময়ছোৱাত হত্যা- হিংসা এক সাধাৰণ ঘটনা হৈ পৰিছিল। পৰৱৰ্তী সময়ত এই সংগঠনসমূহৰ সৈতে হোৱা আলোচনা আৰু তেওঁলোকৰ হাতত থকা মাৰণাস্ত্ৰসমূহ চৰকাৰে জব্দ কৰাত এনে হত্যা- হিংসাৰ ঘটনা হ্ৰাস পায়। ম্যানমাৰৰ দৰে দেশৰ পৰা অবৈধভাৱে সৰবৰাহ হোৱা অস্ত্ৰ- শস্ত্ৰৰ বজাৰখনে অসমকো বিপন্ন কৰি তোলাত সাধাৰণ অপৰাধীৰ হাতলৈ এইধৰণৰ মাৰণাস্ত্ৰ যোৱাটো ৰাজ্যখনৰ বাবেই এক চিন্তনীয় বিষয় হৈ পৰিছে।
সেয়া এক অন্য প্ৰসংগ। এতিয়া কথা হৈছে- অসমত কিছুলোকৰ হাতত সহজভাৱে প্ৰাপ্ত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ তুলি দিলেই আমাৰ মৌলিক সমস্যাবোৰ সমাধান হৈ যাবনে ? খিলঞ্জীয়া লোকসকলৰ মাটি- ভেটি-সম্পত্তি আৰু জীৱনৰ নিৰাপত্তা ৰক্ষা পৰিবনে ?
দেশৰ ভিতৰত ২০১৬ চনলৈকে আটাইতকৈ বেছি চৰকাৰী মাৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ থকা ৰাজ্য আছিল উত্তৰ প্ৰদেশ। এই ৰাজ্যখনত ১২লাখ ৭৭ হাজাৰ ৯১৪টা মাৰণাস্ত্ৰ চৰকাৰী অনুজ্ঞাপত্ৰ সাধাৰণ লোকক দিয়া হৈছিল।
গৃহ বিভাগৰ তথ্যমতে তাৰ পাছতে দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক অনুজ্ঞাপত্ৰ থকা ৰাজ্য আছিল জম্মু- কাশ্মীৰ। ৰাজ্যখনত মাৰণাস্ত্ৰৰ বাবে সাধাৰণ লোকৰ হাতত থকা অনুজ্ঞাপত্ৰৰ সংখ্যা ২০১৬ত আছিল ৩,৬৯,১৯১খন। সেই সময়ত জম্মু- কাশ্মীৰৰ মুঠ জনসংখ্যা আছিল ১,২৫,৪১,৩২০জন(২০১১ৰ লোকপিয়লৰ তথ্য মতে)।
এদিন সন্ত্ৰাসবাদে জৰ্জৰ কৰা পঞ্জাৱতো অস্ত্ৰ সংস্কৃতি এক সাধাৰণ কথা। ১৯৮০ চনৰ পৰা ১৯৯০চনলৈ পঞ্জাৱৰ পৰিস্থিতি আছিল জটিল। সেইখন ৰাজ্যত ২০১৬ চনলৈকে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ সংখ্যা আছিল ৩,৫৯,৩৪৯খন।
মধ্য প্ৰদেশত, হাৰিয়ানাত, ৰাজস্থানত লাখৰো অধিক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হৈছিল। মধ্য প্ৰদেশত ২,৪৭,১৩০, হাৰিয়ানত ১,৪১,৯২৬, ৰাজস্থানত ১,৩১,৬৩১খন অনুজ্ঞাপত্ৰ আজিৰ পৰা ৯বছৰ পূৰ্বে আছিল। সেই সংখ্যা উক্ত ৰাজ্যবোৰত বৃদ্ধি পাইছে যদিও চৰকাৰে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।
উত্তৰ প্ৰদেশত ২০২৩চনলৈকে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ সংখ্যা হয়গৈ ১৩,২৯,৫৮৪খন। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাৰ্যকালতে ৫১,৬৭০টা বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দুই ন্যায়াধীশ ক্ৰমে ন্যায়াধীশ আব্দুল মতিন আৰু ন্যায়াধীশ সুধীৰ কুমাৰ চাক্সেনাই এই বিষয়টো আঙুলিয়াই ৰাজ্য চৰকাৰক দৃষ্টিগোচৰ কৰিছিল যে, আৰক্ষীৰ হাতত থকাতকৈ ৫গুণৰো বেছি মাৰণাস্ত্ৰৰ লাইচেন্স সাধাৰণ লোকৰ হাতত আছে।
ইয়াৰ অৰ্থ এয়াই যে, যিখন ৰাজ্যত পুলিচৰ হাতত থকা বন্দুক- পিষ্টলৰ সংখ্যা ২লাখ ২৫ হাজাৰ, সেইখন ৰাজ্যত সাধাৰণ লোকৰ হাতত থকা মাৰণাস্ত্ৰৰ সংখ্যা ১৩ লাখতকৈও অধিক। ন্যায়ালয়ে য’ত বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
লক্ষ্যণীয়ভাৱে ২০২১ চনতে নেচনেল ক্ৰাইম ব্যুৰৰ ৰিপ’ৰ্ট অনুসৰি উত্তৰ প্ৰদেশত অস্ত্ৰ আইন ১৯৫৯ৰ অধীনত ৩৬, ৩৬৩ টা গোচৰ ৰুজু হৈছিল। ডেকন হেৰল্ড নামৰ কাকতখনৰ এক প্ৰতিবেদনৰ মতে ২০২০ৰ অক্টোবৰত সমগ্ৰ দেশত ২২,৮০৫টা বন্দুকৰ লাইচেন্স দিয়া হৈছে। ইয়াৰে ৭৮.৫৭ শতাংশ লাইচেন্স প্ৰদান কৰা হৈছিল জম্মু- কাশ্মীৰত।
২০১৬ৰ তুলনাত ২০২৩ত জম্মু- কাশ্মীৰত মাৰণাস্ত্ৰৰ লাইচেন্সৰ সংখ্যা ১,৩০,৯১৪টা বাঢ়িল। সেই সংখ্যা ২০২৩ত হয়গৈ ৫,০০১০৫টা। পৰিস্থিতিগত কাৰণত বন্দুকৰ লাইচেন্স ৰাজ্যখনত দিয়া হৈছে যদিও এই পদক্ষেপে জানো জম্মু- কাশ্মীৰত শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিব পাৰিছেনে ?
আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড মাৰণাস্ত্ৰৰ বাবে বিখ্যাত বা কুখ্যাত বুলি ক’ব পাৰি। নাগালেণ্ডত চৰকাৰীভাৱে অনুজ্ঞাপত্ৰ ৩৬,৬০৬টা মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছে যদিও এইখনৰ ৰাজ্যৰ পৰা আন ৰাজ্যৰ লোকেও মাৰণাস্ত্ৰ সংগ্ৰহ কৰা এক অভিযোগ আছে।
টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এক খবৰ অনুসৰি, এমাহৰ ভিতৰত নাগালেণ্ডৰ পৰা মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰিব পাৰি। মাৰণাস্ত্ৰ এটা হাতত তুলি দিয়াটো চৰকাৰী সঠিক নীতি হ’ব নোৱাৰে। তাতে অসমৰ দৰে ৰাজ্য এখনত চৰকাৰৰ এনে পদক্ষেপে এক ভুল বাৰ্তা যোৱাৰ সম্ভাৱনা অধিক।
অসমৰ মানুহে বিশ্বাস কৰে বন্দুকৰ গুলীৰ শব্দত ৰাতি নুপুৱায়। চৰাইৰ মাততে ৰাতি পুৱাই এইখন ৰাজ্যত। কবি নিৰ্মলাপ্ৰভা বৰদলৈয়ে কোৱাৰ দৰে সেই চৰাইটোৰ মাতত অসমত ৰাতি পুৱাই, যিটো চৰাইয়ে ৰাতিৰ আন্ধাৰবোৰ খুটি খাই লাহে লাহে...