কুশলে নাই আমাৰ ফুটবলৰ ৰাজকুমাৰ...

”গিলবাৰ্ট, গিলবাৰ্ট, গিলবাৰ্ট...” এই চিঞৰে তেতিয়া ষ্টেডিয়াম কঁপাই তুলিছিল। বিপক্ষৰ দলৰ বুকু কঁপিছিল তেওঁৰ ভৰিত বল পৰিলে। আৰু অসম আৰক্ষী ফুটবল দলক সমৰ্থন কৰা সমৰ্থকসকলৰ চকু স্থিৰ হৈ পৰিছিল বিপক্ষ দলৰ গ’ল পোষ্টত।

New Update
গিলবাৰ্টছন

গিলবাৰ্টছন

”গিলবাৰ্ট, গিলবাৰ্ট, গিলবাৰ্ট...” এই চিঞৰে তেতিয়া ষ্টেডিয়াম কঁপাই তুলিছিল। বিপক্ষৰ দলৰ বুকু কঁপিছিল তেওঁৰ ভৰিত বল পৰিলে। আৰু অসম আৰক্ষী ফুটবল দলক সমৰ্থন কৰা সমৰ্থকসকলৰ চকু স্থিৰ হৈ পৰিছিল বিপক্ষ দলৰ গ’ল পোষ্টত।

Advertisment

লক্ষ্যভ্ৰষ্ট খুব কমেই হয়। বিপক্ষৰ গলকীপাৰে তলকিবই নোৱাৰে কেতিয়ানো, কোন বাটেৰে তেওঁক বিশ্বাসঘাতক কৰি গলপোষ্টৰ নেটত সোমালগৈ বল।  ১৯৭১ৰ পৰা ১৯৮৫চন মানলৈকে তেওঁ আছিল অসমৰ ফুটবলৰ ৰাজকুমাৰ। ফুটবলৰ জনপ্ৰিয়তা সেই সময়ত তুংগত আছিল। 

সমান্তৰালভাৱে তুংগত আছিল অসম আৰক্ষী ফুটবল দলৰ সফলতা। সেই ফুটবল দলটোৰে অন্যতম নায়ক আছিল এইজন ৰাজকুমাৰ। যাৰ নাম গিলবাৰ্টছন চাংমা। বৰদলৈ ট্ৰফীত বিশেষকৈ যিসকলে গিলবাৰ্টছন চাংমাৰ খেল উপভোগ কৰিছিল, তেওঁলোকৰ চকুত ভাহি উঠে আজিও ফৰৱাৰ্ডত দুৰন্ত হৈ উঠা সেই দুভৰিৰে দেখুওৱা ফুটবলৰ যাদু।

নতুন প্ৰজন্মই তেওঁক নাজানিব পাৰে, কিন্তু কেইবাটাও প্ৰজন্মই তেওঁক পাহৰিব নোৱাৰে। তেওঁৰ খেলত মুগ্ধ হৈ ফুটবলৰ প্ৰেমত পৰা ৰাজীৱ দত্তই দিছিল এটা খবৰ। অসম আৰক্ষীত কৰ্মৰত সহকাৰী অভিযন্তা ৰাজীৱ দত্তই এদিন তেখেতৰ কাষলৈ লৈ গৈছিল। সেয়া আজিৰ পৰা ১০ বছৰৰ আগৰ কথা।

সেইদিনা ফুটবলৰ কথা কৈছিল তেওঁ। কৈছিল কেনেকৈ ফুটবল তেওঁৰ প্ৰাণ হৈ পৰিছিল। ইচ্ছা আছিল অসমত এখন ফুটবল একাডেমী স্থাপন কৰা। তেতিয়া তেওঁ সহকাৰী অধিনায়ক হিচাপে লিগিৰী পুখুৰী বেটেলিয়নৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

২০১১ চনত অৱসৰ লৈ ঘৰতে তেওঁ অতিবাহিত কৰিছিল সময়। সেই সান্নিধ্য আছিল অসমৰ ফুটবল ইতিহাসৰ বহু কথা জানিবলৈ অৱকাশ দিয়া এক সুন্দৰ সুযোগ। তাৰ পাছত বহু দিন, বহু ৰাতি পাৰ হৈ গ’ল। ফুটবলৰ একালৰ এই মহানায়কৰ খবৰো ৰখা নহ’ল।

২০১৩ৰ পৰা ২০২৫লৈ বহু বছৰ। আকৌ সেই ৰাজীৱ দত্তৰে ফোন। এদিন তেওঁ গিলবাৰ্টছন চাংমাৰ ঘৰলৈ লৈ যাবৰ বাবে খাতিৰ কৰিছিলো। আজি তেওঁ অনুৰোধ কৰিলে গিলবাৰ্টছন চাংমাৰ খবৰ এটা কৰিবলৈ। চমুকৈ কিছু কথা তেওঁ জনালে এই মহান খেলুৱৈগৰাকীৰ সন্দৰ্ভত।

দিলে এটা ফোন নম্বৰো। তেওঁ অসমৰ একালৰ সফল ফুটবল খেলুৱৈ। গিলবাৰ্টছন চাংমাৰ সৈতে একেলগে ফুটবল খেলিছিল। নাম তেওঁৰ মলং আও। কেইবাবাৰো ফোনটো ৰিং হ’ল। সিমূৰৰ পৰাহে নাহিল কোনো সঁহাৰি। ২০২৩চনত অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰিছিল গিলবাৰ্টছন চাংমাক। তেতিয়াও তেওঁক অভিনন্দন জনাম বুলিয়েই থাকি গ’ল।

আকৌ এবাৰ ৰাজীৱ দত্তই দিয়া নম্বৰটোত ডায়ল কৰিলো। প্ৰিয় ফুটবল খেলুৱৈজনৰ শেহতীয়া খবৰ জানিবলৈ উৎসুক হৈ পৰিছিলো। সিমূৰৰ পৰা তেখেতে কৈ গৈছিল- গিলবাৰ্টছন চাংমাৰ কথা। এতিয়া তেওঁৰ অৱস্থা বেয়া। মনত নাই কোনো কথা। স্মৃতিয়ে কৰিলে প্ৰতাৰণা। মানুহ নিচিনে, আচহুৱা আচৰণ কৰে। পৰিয়ালে মৰম আৰু যতনেৰে তেওঁক আৱৰি ৰাখিছে। 

বহু চিকিৎসা চলিল। ডিব্ৰুগড়তো আছিলগৈ বহুদিন। তেখেতৰ পত্নী বেনদাংলা চাংমায়ে প্ৰতিটো নিয়ত তেওঁৰ কাষত লাগি থাকে। জী- জোঁৱাই সকলোৱে তেওঁক সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। মন গ’লে মিঠা হাঁহি এটা তেওঁৰ দুই ওঠেৰে নিগৰে। 

কেতিয়া, কি কৰি দিয়ে তাৰ ঠিক নাথাকে। কিয়নো তেওঁ এতিয়া মানসিকভাৱেও অসুস্থ। ১৯৮১ চনৰ পৰা এই গিলবাৰ্টছন চাংমাৰ সৈতে ফুটবল খেলিছিল মলং আওৱে। তেওঁলোক তেতিয়া নতুন। ফুটবলৰ আদিপাঠ গিলবাৰ্টছন চাংমাৰ দৰে তাৰকাৰ পৰাই লৈছিল ব্যৱহাৰিকভাৱে। 

৮১ত অসম আৰক্ষী ফুটবল দল বৰদলৈ ট্ৰফীত চেম্পিয়ন হৈছিল। সেই খেলৰ স্মৃতি ৰোমন্থন কৰিলে। ৱান টাছ্ পাচিঙত ওস্তাদ আছিল গিলবাৰ্টছন চাংমা। সেই পাছ ৰিচিভ কৰোতে ভুল হ’লে খেলপথাৰতে গালি পাৰিছিল। ফুটবল যেন তেওঁ স্কেলেৰে জুখি জুখি খেলিছিল ! ইমান নিঁখুত আছিল তেওঁৰ ফুটবল খেলাৰ দক্ষতা।

কাহিলিপাৰাৰ দশম আৰক্ষীৰ মূল প্ৰবেশ পথৰ সমীপতে গিলবাৰ্টছন চাংমাৰ ঘৰ। তাৰ দুশ খোজ আঁতৰত থাকে মলং আও। তেওঁ অসম আৰক্ষীৰ পৰা ২০২০ৰ ৩১ মাৰ্চত অৱসৰ লৈছিল। তাৰ পাছত গিলবাৰ্টছন চাংমাৰ চুবুৰীয়া হৈয়ে থাকি গ’ল। ফুটবলৰ বাবে হোৱা শ্ৰদ্ধা, সম্পৰ্ক আৰু প্ৰেম দুয়োৰে মাজত থাকি গ’ল।

কথাবোৰ কওঁতে মাতটো থোকাথুকি হৈ পৰিছিল মলং আওৰ। প্ৰতি মুহূৰ্ততে চাংমাৰ কাষতে থাকে তেওঁ। প্ৰয়োজন হ’লে ঘৰৰ মানুহে মাতি দিয়ে তেওঁক। চুবুৰীয়া বুলিয়েই নহয়, চাংমা ছাৰৰ বাবে যিখিনি পাৰো, কৰি আছো। - এইদৰে কৈ তেখেতে কও-নকওকৈ কৈছিল- ছাৰক গা-ধোৱাকে ধৰি অন্য ধৰণে সহায় কৰি গৈছো, পৰিয়ালটো আছেই। আহিবছোন এবাৰ, চাই যাবহি তেওঁক...।

ফুটবল