গৌৰৱ গগৈলৈ এখন মুকলি চিঠি...

সাম্প্ৰদায়িক বিষবাষ্পৰে ভৰা এক সামাজিক, ৰাজনৈতিক জীৱনৰ গৰাকী আমি। এনে পৰিৱেশত জীৱন নিৰ্বাহ কৰাতো সাধাৰণ লোকৰ বাবে ভীষণ যান্ত্ৰণা হৈ উঠিছে। সমস্যা আৰু উদাসীনতাৰে ভৰা এই সময়ত আমি আশাৰ ক্ষণিক পোহৰৰ পাছত দৌৰা সাধাৰণ জনতা। 

New Update
WhatsApp Image 2025-08-19 at 2.24.29 PM

মৃদুল কুমাৰ সন্দিকৈ

সাম্প্ৰদায়িক বিষবাষ্পৰে ভৰা এক সামাজিক, ৰাজনৈতিক জীৱনৰ গৰাকী আমি। এনে পৰিৱেশত জীৱন নিৰ্বাহ কৰাতো সাধাৰণ লোকৰ বাবে ভীষণ যান্ত্ৰণা হৈ উঠিছে। সমস্যা আৰু উদাসীনতাৰে ভৰা এই সময়ত আমি আশাৰ ক্ষণিক পোহৰৰ পাছত দৌৰা সাধাৰণ জনতা। 

Advertisment

সেই অস্থিৰতা অতিক্ৰম কৰি এক স্থবিৰ সময়ৰ প্ৰতীক্ষাত থাকোতেই আগমন হোৱা বহু ৰাজনৈতিক চৰিত্ৰ এতিয়া সন্দেহৰ মায়াজালৰ ভিতৰত। কেৱল কথাই জানো মানুহক আশ্বস্ত কৰিব পাৰে!  বাক্যযুদ্ধত লিপ্ত হোৱা দুই মেৰুৰ ৰাজনীতিবিদৰ বাক্যবাণে আমাক বাৰে বাৰে প্ৰতাৰিত কৰি আহিছে। 

সেই সময়ৰ অৱসান কেতিয়া? আহিবনে ঘূৰি সেই সুদিন, য’ত মানুহে মনৰ কথা কোৱাৰ অধিকাৰ পাব। সমালোচনাৰ জুইত দগ্ধ হৈ প্ৰতিশোধৰ তাড়নাৰ বিপৰীতে আত্মসমালোচনাৰে নিজক উজ্বলাই তুলিব পৰাকৈ তেওঁলোক বিবেকৱান হৈ উঠিব। 

এই পৰিৱেশ অব্যাহত থাকিলে ঘৃণাৰ পৃথিৱীৰ পৰিধি বাঢ়ি গৈ থাকিব। সেই পৃথিৱীত মানুহ থাকিব নোৱাৰিব। থাকিব লাগিব অন্ধ, বোবা, কলা হৈ বাস কৰিব শিকা মানুহৰূপী এজাক মানুহ। তেওঁলোকৰ সন্মুখত যি ঘটি থাকে, সেয়া তেওঁলোকে নেদেখিব, নুশুনিব, নবুজিব আৰু একো নোকোৱাকৈ শান্তিৰে বুকুত অশান্তিৰ পাহাৰ বান্ধি জী থাকিব পাৰিব। 

ক্ষমতাশালী মানুহবোৰ অচিনাকি হৈ পৰিছে। ক্ষমতাৰ বোজাঁই তেওঁলোকৰ মূৰত ধৰিছে। তাৰ বিপৰীতে সন্ধান কৰা সেই নিৰ্দিষ্ট মানুহবোৰৰ অসক্ৰিয়তা আৰু ৰাজনৈতিক অৱস্থানে আশাৰ ক্ষীণ পোহৰ দিয়া চাকিটোৰ চৌপাশ ক্ৰমশঃ অন্ধকাৰ কৰি তুলিছে।

কিয় বাৰে বাৰে সাধাৰণ জনতা আশাহত হয়?  কি ৰাজনৈতিক অংকত মানুহে উত্তৰ নোপোৱা সমীকৰণবোৰ কৰে? স্পষ্ট আৰু নিৰ্দিষ্ট ৰাজনৈতিক দৰ্শনেৰে আগবাঢ়িব নোখোজাতো এতিয়া ৰাজনীতিৰ আটাইতকৈ ডাঙৰ সমীকৰণ। 

গণতন্ত্ৰত প্ৰমূল্যবোধৰ কবৰ খান্দি এচামে নাচিছে, আন এচামে সেই কবৰত কাষত থিয় হৈ এই নাচ উপভোগ কৰি সন্তুষ্টি লভিছে। সস্তীয়া আলাপ আৰু টিপ্পনীৰে নিজৰ অস্তিত্ব জাহিৰ কৰা সকলৰ জালত আন এচামে ধৰা দিছে। 

মূল্যবোধহীন হৈ পৰা সমগ্ৰ প্ৰক্ৰিয়াত ৰৈ গৈছে সন্দেহ, আস্থাহীনতাৰ দস্তাবেজ। যি সপোন সাধাৰণ লোকে দেখিছিল, সেই সপোনৰ আধাৰ তৈয়াৰ কৰাৰ দায়িত্ব ল’ব পৰা সকলে অধিক আত্মবিশ্বাসৰ বলি হৈছে। অনাস্থাৰ এখন আকাশ তৰি তাত বিচৰণ কৰি ফুৰা কিছু লোকক নহ’লেও তেওঁলোকে এই যুঁজত জয়ী হ’ব বুলি পতিয়ন গৈ আছে।

ক্ষমতাৱান জনৰ বিৰুদ্ধে যুঁজিবলৈ বন্ধুত্বৰ জৰিয়তে মিত্ৰতাৰ ৰাজনৈতিক মিচাইল প্ৰস্তুতৰ ব্লুপ্ৰিন্ট ৰৈ গৈছে কোনোবা হোটেলৰ কোঠাত। সুযোগ পোৱাৰ পাছতো সুযোগৰ ব্যৱহাৰ নকৰি আৰ্তনাদ কৰা সকলে কেতিয়াবা হাতত তুলি লৈছে সংখ্যালঘু কাৰ্ড।

এনেকৈ চলি আছে ৰাজনৈতিক খেল। এখন জিলা পৰিষদ গঠনৰ বাবে পৰ্যাপ্ত সদস্য ৰাইজে নিৰ্বাচন কৰি দিয়াৰ পিছতো ধুবুৰী জিলা পৰিষদত আজমলৰ পুনৰ উত্থান কিহৰ সংকেত?  ২০জনীয়া এই জিলা পৰিষদৰ ১০জনেই আছিল কংগ্ৰেছৰ সদস্য। 
বিজেপিৰ ৫ সদস্যৰ অনুপস্থিতিৰ পাছত ৩জন সদস্যৰে যদি আজমল বাহিনীয়ে জিলা পৰিষদ গঠন কৰিব পাৰে, সেয়া ভেল্কিবাজীৰ ৰাজনীতি নহয় কি? কেনেকৈ সম্ভৱ হ’ল এয়া? কেনেকৈ নেতৃত্ব দিছে শক্তিশালী বিৰোধী দলটোক?

এই সৰু ঘটনাটোৱে ৰাজ্যৰ ৰাজনীতিৰ বহু অৰ্থ বহন কৰা নাইনে? বিধানসভা নিৰ্বাচনলৈ কেইটামান মাহ থকা অৱস্থাত স্খলিত ধুবুৰীৰ ঘটনা প্ৰৱাহে বুজাই দিব খুজিছে নেকি যে, এতিয়া আজমলেই প্ৰিয় আৰু ওচৰৰ। নিজ দলৰ স্থানীয় নেতাই উত্থাপন কৰা অভিযোগবোৰৰ আধাৰত সেই ধাৰণাই জানো নহ’ব আমাৰ মনত?

সকলোৰে ৰাজনীতিত এনে অবিশ্বাসৰ মায়াজাল। এই মায়াজালৰ মাজত থাকি মায়া দেখুৱাই গৈছে। শাসন থকা সকলৰ লগতে শাসনৰ সন্ধান কৰি থকা সকলৰ স্বৰূপ দেখি মানুহ বিবুধিত পৰিছে। বুজি বুজি মানুহ নুবুজা হৈ পৰিছে। ৰাজনীতি এতিয়া সাঁথৰে নহয়, ডাঙৰ ৰহস্যঘন সাঁথৰ। এই সাঁথৰৰ পাক খোলা সহজ নহয় এতিয়া

গৌৰৱ গগৈ