বিশ্বৰে দীঘলীয়া পৰীক্ষা! এইবোৰে ননীৰ সফলতা...

৫ ডিচেম্বৰত অনুষ্ঠিত হব লগা এম ডি চি (মাল্টিডিচিপ্লিনেৰি ক'ৰ্চ) আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হবলগা ভি এ চি (ভেল্যু এডেড ক'ৰ্চ) ৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে ২০২৬ ৰ ২০ জানুৱাৰীৰ পাছলৈ।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha GU

মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নাভূত-নাশ্ৰুত কাণ্ডই পুনৰবাৰ চকু কপালত তুলিলে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱস্থা এচাম অপাত্ৰৰ হাতত পৰি এনে অৱস্থা পাইছেগৈ যে বিশ্ববিদ্যালয়খনে এটা সাধাৰণ পৰীক্ষাও সঠিকভাৱে, সুকলমে অনুষ্ঠিত কৰাৰ ক্ষমতা আৰু যোগ্যতা হেৰুৱাই পেলাইছে।

নতুন শিক্ষানীতিৰ আধাৰত প্ৰৱৰ্তন কৰা বিশ্ববিদ্যালয়খনৰ স্নাতক শ্ৰেণীৰ তৃতীয় চেমিষ্টাৰৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হৈছে ১ ডিচেম্বৰ ২০২৫ৰ পৰা। পৰীক্ষা আৰম্ভ হোৱা২৪ ঘন্টা পূৰ্বে বিশেষ কাৰণবশতঃ সলনি কৰিবলগীয়া হৈছে পৰীক্ষাৰ সূচী।

নিশা ৭ বজালৈকে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি পূৰ্বতে দিয়া পৰীক্ষাসূচী সকলি কৰা কাৰণ কিন্তু সদৰি কৰা নাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। পূৰ্বৰ সূচী মতে ৫ ডিচেম্বৰত অনুষ্ঠিত হব লগা এম ডি চি (মাল্টিডিচিপ্লিনেৰি ক'ৰ্চ) আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হবলগা ভি এ চি (ভেল্যু এডেড ক'ৰ্চ) ৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে ২০২৬ ৰ ২০ জানুৱাৰীৰ পাছলৈ।

একাধিকবাৰ পৰীক্ষাসূচী সলনি কৰাৰ আঁৰত আছে বিশ্ববিদ্যালয়খনৰ শিক্ষা নিয়ন্ত্ৰকৰ অৱহেলা। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২৫ নৱেম্বৰ ২০২৫ ত কলেজৰ অধ্যক্ষ সমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

GU/UG/collage-notif/2025/110 নম্বৰৰ পত্ৰখনত পৰীক্ষা নিয়ন্ত্ৰক কে কে শৰ্মাই স্বাক্ষৰ কৰিছে। এই পত্ৰখনত কোৱা হৈছে যে, বি এ, বি এছ চি, বি কম, বি বি এ, বি চি এ,বি এচ চি (আই টি)/ মাইক্ৰ'বায়'ল'জি আদিৰ এম ডি চি পাঠ্যক্ৰমৰ পৰীক্ষা ৫ ডিচেম্বৰ ২০২৫ ত আছিল যদিও সেয়া উক্ত দিনত অনুষ্ঠিত নহ'ল।

নিৰ্দিষ্ট পৰীক্ষাৰ দিন ঘোষণা কৰিবলৈও অপাৰগ হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ে কলেজৰ অধ্যক্ষ সমূহক জনািছে যে এই পৰীক্ষা ২০২৬ ৰ ২০ জানুৱাৰীৰ পাছত কোনো এটা দিনত অনুষ্ঠিত হ'ব। সেই সন্দৰ্ভত পৰৱৰ্তী দিনত জনোৱা হব বুলি জনাইছে বিশ্ববিদ্যালয়ে।

ইয়াৰ লগতে ৯ ডিচেম্বৰত অনুষ্ঠিত হবলগা ভি এ চি, ২২ ডিচেম্বৰত অনুষ্ঠিত হবলগা এবিলিটি এন্ট্ৰেন্স ক'ৰ্চ আদিৰ বিষয়টো অনুৰূপ ধৰণে সূচী সলনি কৰাৰ কথা অৱগত কৰিছে। এই বিষয় সমূহৰ পৰীক্ষা নিৰ্দিষ্ট দিন ঘোষণা কৰাৰ সলনি ২০ জানুৱাৰী ২০২৬ ৰ পাছত অনুষ্ঠিত হ'ব বুলি কৈয়ে দায় সাৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে, নতুন শিক্ষানীতিৰ আধাৰত এই পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হোৱা চেমিষ্টাৰ পৰীক্ষা ৯০ দিনৰ ভিতৰত সম্পন্ন হ'ব লাগে। কিন্তু এতিয়া দুখনমান কাকতৰ পৰীক্ষা দি ছাত্ৰ-ছাত্ৰীয়ে অপেক্ষা কৰিব লাগিব মাজত ৪৫ দিন।

৩০ নৱেম্বৰৰ দিনা ৪ টা দিনৰ নতুন পৰীক্ষাসূচী প্ৰকাশ কৰে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকে। এই অনুসৰি ২০২৫ৰ ১ ডিচেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ মেজৰ ৩,বিয়লি ১.৩০ বজাৰ পৰা ৪ বজালৈ মেজৰ ১(চেট এ), ৩ ডিচেম্বৰ ২০২৫ ত আগবেলা মেজৰ ৪,পিছবেলা মেজৰ ২(চেট এ), ৬ ডিচেম্বৰত পিছবেলা মাইন'ৰ ১ (চেট বি),২০২৫ ৰ ৮ ডিচেম্বৰৰ আগবেলা মাইনৰ ২(চেট বি) পৰীক্ষা অনুষ্ঠিত হব।

বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এনে অবিবেচকী কাণ্ডত হতাশ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। এইখন বিশ্ববিদ্যালয় ইমানেই দায়িত্বজ্ঞানহীন হৈ পৰিছে যে ছেপ্তেম্বৰ মাহতে সম্পূৰ্ণ হ'ব লগা ক'ৰ্চ ৰেজিষ্ট্ৰেচন প্ৰচেচ নৱেম্বৰতে সম্পূৰ্ণ কৰিছে।

আনহাতে পৰীক্ষাৰ দুদিন আগলৈকে প্ৰপত্ৰ পুৰনৰ প্ৰক্ৰিয়া চলাই গৈছিল বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই। ২৮ নৱেম্বৰলৈকে তেনে প্ৰক্ৰিয়া চলি থকা বাবে বিশ্ববিদ্যালয়খনৰ এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা আঁৰত আছে উক্ত পিছুৱাই দিয়া পৰীক্ষা কেইটাৰ বাবে প্ৰশ্নকাকতে প্ৰস্তুত হোৱা নাই।

বিশ্ববিদ্যালয়ৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ছপাশালত আছে প্ৰশ্নকাকতসমূহ। এইবোৰ বেমেজালিৰ ফল ভোগ কৰিব লাগিব হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ মতিগতি নাই এইবোৰ কথালৈ।

এনে জটিল পৰিস্থিতি সৃষ্টি হোৱা পাছত স্বাভাৱিকতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, অধ্যক্ষ পৰিষদ, কলেজ শিক্ষক সন্থাই ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত এক বাস্তৱ সমাধান সূত্ৰ উলিয়াব পাৰিব লাগিছিল। কিন্তু সেই ক্ষেত্ৰত সকলোৱে কোনো উদ্য়োগ গ্ৰহণ কৰা দেখা যোৱা নাই।

পৰীক্ষা অনুষ্ঠিত নোহোৱা বিষয় সমূহ ২০ জানুৱাৰীৰ পিছলৈ পিছুৱাই দিয়া কাৰণ হ'ল শীতকালীন বন্ধৰ সৈতে কোনেও আপোচ কৰিব বিচৰা নাই। ছাত্ৰ-ছাত্ৰীৰ যি হয় হওঁক,কলেজ শিক্ষক সকলে শীতকালীন বন্ধ ল'বই স্থিতিত অটল থকা বাবে এতিয়া বাকী থকা পৰীক্ষাবোৰ ২০ জানুৱাৰীৰ পাছত শীতকালীন বন্ধ শেষ হোৱা পাছত অনুষ্ঠিত হব।

প্ৰয়োজনত শীতকালীন বন্ধৰ দিন পিছুৱাই দিও পৰীক্ষা অনুষ্ঠিত কৰিব লাগিছিল। কি কাৰণত পৰীক্ষা পিছুৱাব লগা হ'ল তাৰ যুক্তিপূৰ্ণ বাখ্যা গুৱাহাটী বিশ্ববিদ্যালয়ে কৰ্তৃপক্ষই ৰাজহুৱা কৰিব লাগে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ে কৰ্তৃপক্ষই কেতিয়াও হেতালি খেলিব নালাগে।

সদৌ অসম ছাত্ৰ সন্থা,কলেজ শিক্ষক সন্থা,অধ্যক্ষ পৰিষদৰ স্থিতিও এই ক্ষেত্ৰত স্পষ্ট হ'ব লাগে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু,উচ্চ শিক্ষা সঞ্চালকালয়ে বিষয়টো চকু দিব লাগে। তৃতীয় চেমিষ্টাৰৰ চূড়ান্ত  পৰীক্ষাৰ ক্ষেত্ৰত হোৱাএই বেমেজালি সাধাৰণ কথা নহয়।

এটা চেমিষ্টাৰৰ পৰীক্ষা দুমাহ ধৰি চলাৰ নজিৰ নাই। নতুন শিক্ষানীতিয়ে ইয়াক কেতিয়াও মান্যতা নিদিয়ে। ছাত্ৰ-ছা্ত্ৰীৰ স্বাৰ্থত মাত মাতিবলৈ আজৰি হ'ব নে ছাত্ৰ সংগঠন সমূহ? শীতকালীন বন্ধ এসপ্তাহ পিছুৱাই দি কলেজ শিক্ষক সন্থাই নিজৰ দায়িত্ববোধ ছাত্ৰ সমাজৰ প্ৰতি যে আছে তাৰ প্ৰমাণ দিব লাগে।

এটা কথা প্ৰমাণ হৈ গৈছে যে যিমানে যি নকওঁক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈ ড০ ননীগোপাল মহন্তই চূড়ান্ত বিফলতা বুটলিছে। আৰ্থিক অনিয়মৰ সমান্তৰালকৈ প্ৰশাসনীয় দিশতো উপাচাৰ্য গৰাকী ব্য়ৰ্থ হৈছে।

এটা পৰীক্ষা সঠিকভাৱে পাতিব নোৱাৰা উপাচাৰ্যৰ প্ৰয়োজন ক'ত এখন বিশ্ববিদ্যালয়ত? নিজৰ মানুহক বিভিন্ন দায়িত্ব আৰু পদবীত অধিষ্ঠিত কৰি ল'বীগিৰি কৰাৰ বাদে তেওঁ সফলতাৰ তালিকা ভৰি আছে শূণ্যৰে।এনেবোৰ লোকে নিজৰ পদবীৰ স্বাৰ্থত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী তথা মানৱ সম্পদৰ ভৱিষ্যত ধ্বংস কৰিছে।

সেই ধ্বংসযজ্ঞ পাতিবলৈ ৰাজনৈতিক পৃষ্ঠপোষকতাই তেওঁলোকক শক্তি দিছে। আমি সাধাৰণ মানুহবোৰে এইবোৰ দেখিও চকু কাণ মুদি নীৰৱ দৰ্শক হৈ পৰিব লগা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় এতিয়া শৈক্ষিক দিশতো ভীষণ সংকটত।

গুৱাহাটী বিশ্ববিদ্যালয়