কোনো নাই আজি তেওঁৰ কাষত আপোন বুলিবলৈ...

কম ক্ষমতাশালী মানুহ আছিলনে তেওঁ ! তেওঁ কোৱা এটা এটা শব্দ মানুহে আৱেগেৰে শুনিছিল, কথাই কথাই মানিছিল এদিন। মধ্যমণি আছিল তেওঁ। সাধাৰণ পানী লগা জ্বৰ হ’লেও মানুহে নিজৰ ঘৰৰ থাপনাত তেওঁৰ বাবে চাকি- বন্তি জ্বলাইছিল।

New Update
AP FOR WEB NEW  bikhekh lekha NEW (1)

মৃদুল কুমাৰ সন্দিকৈ

কম ক্ষমতাশালী মানুহ আছিলনে তেওঁ ! তেওঁ কোৱা এটা এটা শব্দ মানুহে আৱেগেৰে শুনিছিল, কথাই কথাই মানিছিল এদিন। মধ্যমণি আছিল তেওঁ। সাধাৰণ পানী লগা জ্বৰ হ’লেও মানুহে নিজৰ ঘৰৰ থাপনাত তেওঁৰ বাবে চাকি- বন্তি জ্বলাইছিল।

সেই মানুহজনেইচোন হেৰাই থাকিল সময়ৰ সোঁতত। আটাইতকৈ ক্ষমতাশালী মানুহজন এতিয়া পাহৰণিৰ গৰ্ভত মিলি যোৱা এটা নাম হৈ পৰিল। ৰাজনৈতিক সক্ৰিয়তা, সামাজিক জীৱন তেওঁৰ বাবে অতীত হৈ পৰিল। এতিয়া মানুহৰ তেওঁৰ প্ৰতি নাই কোনো আগ্ৰহ, কোনো আৱেগ।

অসম আন্দোলনৰ অন্তত তেওঁৱেই হৈছিল দেশৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী। দুবাৰকৈ ১৯৮৫ আৰু ১৯৯৬ত দিশপুৰত মুখ্যমন্ত্ৰীৰ আসনত বহিছিল। আঞ্চলিক ৰাজনীতিৰ দেশৰে এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছিল। 

শাসনলৈ আহি ক্ষমতাৰ বাঘজৰী লৈ থকা সময়ত তেওঁৰ কাষত কোন নাছিল ? মুখৰ সেই গহীন- গম্ভীৰ হাঁহি, বিশেষভাৱে কাটি থোৱা দুগাল আবৰি থকা দাড়ি, সপ্ৰতীভ চকুহালেৰে এখন চিনাকি মুখ আছিল তেওঁ। মানুহে তেওঁক সমীহ কৰিছিল।

ৰাজনীতিৰ সেই সুখৰ দিনবোৰ তেওঁৰ বাবে স্থায়ী হৈ ৰৈ যোৱা নাছিল। অগপ মানেই তেওঁ বুলি ভবা সময়বোৰ তেওঁৰ কিছু সিদ্ধান্ত আৰু কামৰ বাবেই তেওঁৰ বিৰুদ্ধে গৈছিল। ২০০৫চনত নিজেই প্ৰতিষ্ঠা কৰা দলটোৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছিল।

অসম গণ পৰিষদ (প্ৰগতিশীল) নামেৰে নতুন ৰাজনৈতিক দল গঠন কৰিছিল যদিও, মানুহজনৰ ওপৰত অসমৰ মানুহৰ আস্থা কমি গৈছিল। পুনৰ ২০০৯ত অগপলৈ ঘূৰি গৈছিল। তেতিয়ালৈ তেওঁ এলাগী হৈ পৰিছিল। বিধায়ক হ’ব পাৰিলেও দলটোৰ নেতা হোৱাৰ সুযোগ হেৰুৱাইছিল। 

সোণৰ অসম গঢ়িম বুলি কোৱা মানুহজনৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ উঠিছিল। গুপ্তহত্যাকে ধৰি অপশাসনৰ এজন খলনায়কৰূপে তেওঁক মানুহে চিনাক্ত কৰিছিল। লাহে লাহে শৰীৰ দুৰ্বল হৈ আহিছিল। আন কিছু ব্যক্তিগত জীৱনৰ পৰিঘটনাই তেওঁৰ ভাবমূৰ্তি ম্লান কৰি পেলাইছিল। 

যিসকল ছহিদৰ বিনিময়ত তেওঁৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল, সেই সতীৰ্থৰ তেজৰ মূল্য আৰু অসম আন্দোলনৰ মূল কথাবোৰে তেওঁ পাহৰি পেলাইছিল। ভাবিছিল- যি শীৰ্ষত তেওঁ উপনীত হৈছিল, তাৰ পৰা তেওঁক কোনেও তললৈ নমাব নোৱাৰিব।

সময়ৰ বিচাৰত তেওঁ কৰা কামৰ মূল্যায়ন হৈছিল। নায়কৰ শাৰীৰ পৰা খলনায়কৰ শাৰীলৈ অসমৰ মানুহে তেওঁক নমাই আনিছিল। সফল শাসক হ’ব নোৱাৰাতো তেওঁ আৰু তেওঁৰ সংগীসকলৰ দোষ আছিল। কোনো অনুকম্পাই মানুহে তেওঁৰ প্ৰতি পূৰ্বৰ দৰে ৰখোৱা নাছিল। অথচ এজন শিক্ষকৰ সন্তানৰ পৰা ছাত্ৰনেতা, অসমৰ মুখ্যমন্ত্ৰীলৈকে তেওঁ এক বৰ্ণিল জীৱনৰ গৰাকী আছিল।

মানুহৰ অভিশাপবোৰ হয়তো এনেকৈয়ে লাগে মানুহৰ গাত ! বগা সাজযোৰত লগা দাগবোৰ তেওঁ আঁতৰাব পৰা নাছিল। এদিন বিলাসী এম্বেচাদৰ গাড়ীত উঠি অতি ব্যস্ত ৰাজনৈতিক জীৱন অতিবাহিত কৰা মানুহজন নিসংগ হৈ পৰিছিল। 

ৰাইজে নহয়, তেওঁৰ সতীৰ্থ নেতায়ো তেওঁক এৰি চলিছিল। ১৯৫২চনৰ ২৩ ডিচেম্বৰত তেওঁৰ জন্ম হৈছিল। ডেকা- তজবজীয়া নেতাজন চকুৰ সন্মুখতে বুঢ়া হৈ পৰিল। ১৯৫২ৰ ২৩ ডিচেম্বৰৰ পৰা ২০২৫ৰ ২৩ ডিচেম্বৰলৈ ৭৩টা বছৰ পাৰ কৰিছে তেওঁ। এতিয়া ৭৪বছৰীয়া তেওঁ।

দিশপুৰৰ এম এল এ হোষ্টলেত থকা বাসভৱনতে থাকে তেওঁ। লগত থাকে পৰিয়াল। আন দিনাৰ দৰে আজিও তেওঁ ৰাতিপুৱাই শুই উঠি গা- পা ধুই সাজু হৈছিল। তাৰ পাছত এম এল এ হোষ্টেলৰ বাসভৱনতে আয়োজন কৰা হৈছিল এভাগ নাম। 

সেই নামত তেওঁ বহিছিল। আগবেলাটোৰ দুঘণ্টা সময় তেওঁ এনেদৰেই কটাইছিল। তেওঁ ব্যৱহাৰ কৰা মোবাইল নম্বৰটো এতিয়াও আছে। সেইটোত তেওঁ অৱশ্যে কাৰো সৈতে কথা নাপাতে। তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ পত্নীৰ মোবাইলতে যোগাযোগ চলে।

পূৰ্বতে এই দিনটোত তেওঁক লগ পাবলৈ মানুহৰ লানি লাগিছিল। এতিয়া সেই পৰিৱেশ নাই। নাই তেওঁৰ ক্ষমতা আৰু দেহৰ বল- বিক্ৰম। নামৰ পৰা উঠি তেওঁ কিছু আহাৰ গ্ৰহণ কৰিছিল। তাৰ পাছত আকৌ সেই স্বাভাৱিক ৰুটিন মাফিক জীৱন। 

আজি অৱশ্যে কেইগৰাকীমান মানুহ তেওঁৰ কাষলৈ আহিছিল। তাৰ ভিতৰত একালৰ সতীৰ্থ গুণীন হাজৰিকাও আছিল। বাকী কাৰোৱেই খবৰ নাছিল। অগপৰ আন জ্যেষ্ঠ নেতাসকলৰো চাগৈ মনত নাছিল- আজিৰ দিনটো। তেওঁৰ কাষলৈ অহা দুই- এগৰাকী শুভাকাংখীৰ সৈতে তেওঁ কিছু কথা পাতিছিল। তাৰে দুই- এজনে ফুলৰ থোপা লৈ আহিছিল তেওঁৰ বাবে। কিয়নো আজি প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন আছিল....

প্ৰফুল্ল মহন্ত