হেৰ' বাঁহী, তোক বৰ ভাল পাওঁ দেহী...

আলফুলে বজাইছিল তেওঁ বাঁহী।  লাহী লাহী আঙুলিৰে তোলা সুৰে সকলোৰে হিয়া চুই যোৱা সেই উন্মাদনাৰ ভাষা কি নাজানো আমি। কেৱল ভাল লাগে শুনি তেওঁৰ বাঁহীৰ পৰা যেতিয়া ওলাই শব্দৰ লয়লাসী ছন্দ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-03 at 2.19.07 PM

মৃদুল কুমাৰ সন্দিকৈ

সুন্দৰ মনৰ মানুহটো, ৰোমান্টিক মানুহটো। মুখত সুৰ থকা এটা মিঠা হাঁহি, ওঁঠত প্ৰাণ থকা এটা বাঁহী। সেই বাঁহীটোৱেই মানুহজনৰ পৰিচয় আছিল। বাঁহীটোৱে আছিল তেওঁৰ অভিমান। কোনে ভাল নাপায় বাঁহীৰ সেই মিঠা সুৰ। তেওঁৰ বাবেই গাব পাৰি- হেৰ' বাঁহী,তোক বৰ ভাল পাও দেহী/ তোৰ সুঁৰৰ আচল ধৰি বহু দূৰ যাও গুচি/ কোনো পূৰ্ণিমা ৰাতি...

জুবিন গাৰ্গে গোৱা সেই গীতৰ কথাবোৰ এতিয়া কাণত নিজৰ বাবেই আহিছে ভাহি। আওৰাইছে ক'ত জনে সেই গীত- হেৰ' বাঁহী,তোক বৰ ভাল পাওঁ দেহী। আড্ডাৱাজ মানুহ চৌখিন আছিল। যি চৌখিনতাই জীৱন সজাইছিল, বাঁহীটোত সুৰ দি সুৰৰ মায়াজাল ৰচিছিল।

এটাই পৰিচয় আছিল তেওঁৰ বাঁহী।  বাঁহী বাঁহী বাঁহী তুমি,বজামে মই আলফুলে লৈ/বাঁহী বাঁহী বাঁহী তুমি, সজামে মই হিয়াতে থৈ- তেওঁৰ কথাই যেন কৈছিল এদিন প্ৰিয় গায়কজনে। কেৱল বাঁহীক লৈ নহয়, বাঁহীটোক প্ৰাণ চঞ্চল কৰি তোলা মানুহজনৰ বাবেই আচিল নেকি এই গীত।

সেই গীতত কোৱাৰ দৰেই তেওঁৰ এটি সুৰে বুকু ভৰি গৈছিল। ওঁঠৰ গোপন ভাষাত জোনাক নামি আহিছিল পৃথিৱীলৈ। আলফুলে বজাইছিল তেওঁ বাঁহী।  লাহী লাহী আঙুলিৰে তোলা সুৰে সকলোৰে হিয়া চুই যোৱা সেই উন্মাদনাৰ ভাষা কি নাজানো আমি। কেৱল ভাল লাগে শুনি তেওঁৰ বাঁহীৰ পৰা যেতিয়া ওলাই শব্দৰ লয়লাসী ছন্দ।

বতাহত নাচি উঠে মন। তেওঁৰ সুৰৰ আচল ধৰিয়ে গুচি যাও ক'ৰবালৈ নিজে নজনাকৈ। সপোন থাকে তাত, থাকে তাত কামনা আৰু সুন্দৰৰ আৰধনা। তেওঁৰ এটি এটি সুৰে সুৰে বুকু আছিল ভৰি, কিয়নো তেওঁ আছিল বাঁহী,যাক  ভাল পাওঁ আমি। এতিয়া সকলো স্মৃতি। 

প্ৰিয় বন্ধুৱে স্মৰণ কৰিছে তেওঁক। প্ৰিয় মানুহবোৰে শোকৰ পাহাৰত ৰৈ চাইছে দূৰৈৰ পৰা ৰিণি ৰিণি শুনা তেৱেই বজোৱা প্ৰিয় বাঁহীৰ সুৰ- "এবাৰ আমি কলিকতালৈ গৈছিলো। ৯২ ৰ কথা নেকি। মই ঠিক চনটো পাহৰিলো। দীপক শৰ্মা,মই, পংকজ শৰ্মা আমি তিনিটা।

আমাৰ কিবা প্ৰ'গ্ৰেম আছিল কলিকতাত। দীপকে বাঁহী,মই তাবলা আৰু পংকজে সন্তুৰ বজাইছিল। আমি গুৱাহাটীৰ পৰা ব্লু হিল নাইট ছুপাৰত প্ৰথম শিলিগুৰিলৈ গৈছিলো। ৰাতিপুৱা তাত পায় এখন হোটেলত আছিলো। তাৰ পৰা আকৌ নিশাহে আমাৰ টিকট আছিল। তেতিয়া ৰকেট বুলি এখন নাইট ছুপাৰ চলিছিল।"

তেওঁৰ কথাই এই দৰে কৈসেই পুৰণি দিনৰ সোঁৱৰণ কৰা মানুহজন ধ্ৰুবজ্যোতি বৰঠাকুৰ (বুবু)। বেনাৰসৰ পৰা তাবলাত উচ্চ শিক্ষা লোৱা ধ্ৰুবজ্যোতিয়ে কৈছিল এই কাহিনী। খাই-বৈ উঠি হোটেলত অলপ সময় বিৰাম লৈছিল তেওঁলোকে। তাৰ পাছত উলিয়াই লৈছিল দীপক শৰ্মাই বাঁহী।

সংগত কৰিছিল ধ্ৰুবজ্যোতিয়ে তাবলা, পংকজ শৰ্মাই সন্তুৰ। হোটেলৰ কোনো মানুহ বাদ পৰি যোৱা নাছিল সেই সুৰৰ মূৰ্ছনাত মচগুল নোহোৱাকৈ। মেনেজাৰ উঠি আহিছিল কোঠাটোলৈ। তন্ময় হৈ চাই ৰৈছিল দীপক শৰ্মালৈ। মানুহৰ অনুৰোধত ইটোৰ পাছত সিটো সুৰ তুলিছিল দীপক শৰ্মাই বাঁহীত।

সেই ৰাতি তেওঁলোকক হোটেলতে থাকি যোৱাৰ কথাও কৈছিল মেনেজাৰে। তেওঁলোকে প্ৰ'গ্ৰেম থকাৰ কথা কৈ হোটেল এৰিছিল সন্ধিয়া। জোৰ কৰিছিল হোটেলৰ ভাড়া আৰু খোৱা-বোৱাৰ বাবদ দিবলগা টকা ল'বলৈ। মেনেজাৰে এটাই উত্তৰ দিছিল। শিল্পীৰ পৰা আমি টকা নলওঁ। তাতে এনে শিল্পীৰ পৰা টকা লোৱাৰ কথাই নাহে।

সেইজনেই আছিল বাঁহীৰ আঁৰৰ মানুহজন। গুৱাহাটী কমাৰ্চ কলেজত পঢ়ি থাকোতেই এটা পৰিচয় হৈ গৈছিল তেওঁৰ। বিশিষ্ট বাঁহী বাদক প্ৰভাত শৰ্মাৰ ওচৰত শিকিছিল বাঁহীৰ আনুষ্ঠানিক শিক্ষা। সৰুৰ পৰাই আছিল তেওঁ বাঁহী প্ৰিয়। প্ৰভাত শৰ্মাৰ সৈতে বাঁহী শিকি থাকোতেই নেহেৰু ষ্টেডিয়ামত আছিল লতা মংগেশকাৰৰ সংগীতানুষ্ঠান।

সেই অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল পঞ্চাজন্য শংখধ্বনি নামৰ প্ৰভাত শৰ্মাৰ পৰিচালিত দলটোৱে। য'ত ১৬ টাকৈ বাঁহী বজোৱা হৈছিল। তাৰেই এটা বাঁহী আছিল দীপক শৰ্মা হাতত। বাঁহীৰ উচ্চ শিক্ষা লোৱাৰ বাবেই তেওঁ গৈছিল কলিকতাৰ ৰবীন্দ্ৰ ভাৰতীলৈ। প্ৰথমবাৰ নামভৰ্তিত অসুবিধা হোৱাত ঘৰলৈ ঘূৰি নাহি গুচি গৈছিল মুম্বাইলৈ।

তাতেই লগ পাইছিল বিশিষ্ট বাঁহী বাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াক। তেওঁৰ অধীনতে বহুদিন বাঁহীৰ তালিম লৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইটা কামত জড়িত হৈ পৰিছিল। বাঁহী বজাবলৈ বিদেশ গৈছিল। আৰম্ভ হৈছিল তেওঁৰ এই বাঁহীৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা। বলীউডৰ ছবিতো কাম কৰিছিল।

ৰবীন্দ্ৰ ভাৰতীৰ পৰা ইনষ্ট্ৰুমেন্টেল মিউজিক (বাঁহী) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। তেওঁৰ পৃথিৱীখনৰ পৰিসৰ বাঢ়ি গৈ আছিল। এদিন তেওঁ হঠাত অসুস্থ হ'ল। আৰম্ভ হ'ল সংগ্ৰাম। বহু সপোন অপূৰ্ণ হৈ ৰ'ল। বহু কাম কৰা নহ'ল। অথচ বাঁহীৰে তেওঁ জয় কৰিছিল পৃথিৱী। 

বাঁহীৰে তেওঁ অসমীয়া পৰিচয় তুলি ধৰিছিল। চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হৈছিল। অনুৰোধ কৰিব লগা হৈছিল সহায়ৰ বাবে। মানুহে সহায় কৰিছিল। চৰকাৰেও সহায়ৰ হাত আগবঢ়াইছিল। মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে দীপক শৰ্মাৰ সংগ্ৰামৰ কাহিনী লিখিছিল।

কৈছিল- "দীপক মোৰ সংগ্ৰামশীল জীৱনটোৰ একান্ত সংগী। এই সংগ্ৰামৰ আৰম্ভণিতে মুম্বাইত একেলগে আছিলো। যিটো চৌহদত অসমৰ সংগীত সাধক সকল আছিল সেই চৌহদটোৰ নাম আছিল ইউনিটি কম্পাউণ্ড।দীপক আৰু মোৰ ভাড়া ঘৰটোৰ মালিকজনৰ নাম আছিল জুলিয়েট ৰড্ৰিক। মোৰ দৰে দীপকো আছিল বহেমিয়ান। মোৰ আন্ধাৰ হ'ব নোৱাৰো গীতটোত দীপকে প্ৰথম বাঁহী বজাইছিল। বাঁহী এলবামলৈকে দীপকেই মোৰ গানবোৰত বাঁহী সংগত কৰিছিল।"

সেই মানহজনেই ৩ নৱেম্বৰ,২০২৫ ত নোহোৱা হৈ গ'ল। বহু অভিমান সাৱতি চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে। অন্ত পৰিল আন এক অধ্যায়ৰ। ২৩ আগষ্ট, ১৯৬৮ চনত নলবাৰীৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা দীপক শৰ্মা নামৰ অধ্যায় শেষ হৈ গ'ল ৫৭ বছৰ বয়সত। 

তেওঁৰ মৃত্যুত তেওঁৰে জ্যেষ্ঠ ভাতৃ সুলেখক,সমালোচক বিপুল শৰ্মাই লিখিলে- "বাঁহীৰে জগত জিনিব খোজা মোৰ সৰু ভাইটো আধৰুৱা সপোন বোৰ লৈ ঘূৰি নহা বাটেৰে গ'লগৈ ৷ ভৱিষ্যতে কোনোবাই সি ভাল বাঁহী বজাইছিল বুলি মনত পেলালে ভাল লাগিব৷"

চাৰু গোহাইৰ এই গীত শুনিলেই মনত পৰিব সদায় তেওঁক- ৰাতি বাঁহী বাই/ কোনে মোক কন্দুৱায়/ কেতেকীৰ পাহি ভাঙি/ কোমল সুবাস সানি/ মন চুই যায়...

বাঁহী দীপক শৰ্মা বাঁহীবাদক