বুৰি যাওক নাও, নানামো 'ধিঙ'ৰ পৰা...

এটা সমষ্টিৰ বাবেই যদি ঐক্যমতত উপনীত হ’ব নোৱাৰে, তেন্তে সেইবোৰ ৰাজনৈতিক দলৰ নেতৃত্বই জনসেৱাৰ স্বাৰ্থত কি পৰ্যায়লৈ গৈ ত্যাগ কৰিব পাৰিব, সেই প্ৰশ্ন সদ্যহতে মানুহৰ মনত সৃষ্টি হৈছে। কংগ্ৰেছ- ৰাইজৰ দলৰ মিত্ৰতা নোহোৱাৰ একমাত্ৰ কাৰণ- ধিং নামৰ অসম বিধানসভাৰ সমষ্টিটো। 

New Update
WhatsApp Image 2026-03-09 at 1.56.28 PM

মৃদুল কুমাৰ সন্দিকৈ

এটা সমষ্টিৰ বাবেই যদি ঐক্যমতত উপনীত হ’ব নোৱাৰে, তেন্তে সেইবোৰ ৰাজনৈতিক দলৰ নেতৃত্বই জনসেৱাৰ স্বাৰ্থত কি পৰ্যায়লৈ গৈ ত্যাগ কৰিব পাৰিব, সেই প্ৰশ্ন সদ্যহতে মানুহৰ মনত সৃষ্টি হৈছে। কংগ্ৰেছ- ৰাইজৰ দলৰ মিত্ৰতা নোহোৱাৰ একমাত্ৰ কাৰণ- ধিং নামৰ অসম বিধানসভাৰ সমষ্টিটো। 

৮মাৰ্চ ২০২৬ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত সেই অসহায় স্বীকাৰোক্তি দি অসমবাসীক জনাইছিল যে, ধিংৰ বাবেই মিত্ৰতা সম্ভৱ নহ’ল। দলটোৱে আনুষ্ঠানিকভাৱে এক বিবৃতি প্ৰদান কৰি এই সন্দৰ্ভত কৈছিল- আমি নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিটো কংগ্ৰেছৰ পৰা বিচাৰো। পূর্বে বহুবাৰ সন্মতি দিয়াৰ পাছতো এই সমষ্টিটো এৰি দিবলৈ কংগ্রেছ দলে অস্বীকাৰ কৰে। 

প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে দাম্ভিকতাৰে আমাৰ সকলো অনুৰোধ নস্যাৎ কৰে। গতিকে, ক'ব পাৰি ধিং বিধানসভা সমষ্টি ৰাইজৰ দলক এৰি নিদি কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্রতা ভংগ কৰি যোৱা ৬ মার্চ তাৰিখে আন তিনিটা দলৰ সৈতে মিত্রতাৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। 

নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে এটা মাত্ৰ সমষ্টিৰ বাবে শাসকীয় বিজেপিক কংগ্ৰেছ, ৰাইজৰ দল উভয়ে একপ্ৰকাৰৰ ৱাক-অ’ভাৰ প্ৰদান কৰিলে। অথচ এই সমষ্টিটোত ২০২১ত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতাই কৰা নাছিল। সেই সময়ত কংগ্ৰেছৰ মহাজোঁটত এ আই ইউ ডি এফ থকাৰ সূত্ৰে সমষ্টিটো কংগ্ৰেছে মিত্ৰ দল এ আই ইউ ডি এফক এৰি দিছিল। 

২০২১ৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ আমিনুল ইছলাম জয়ী হৈছিল ধিংৰ পৰা। আমিনুল ইছলামে ১, ৪৫, ৮৮৮টা ভোট লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে ৪২,৯২১টা ভোট লাভ কৰিছিল। এই সমষ্টিটোত সেইবাৰ বিজেপি প্ৰাৰ্থী আছিল- সঞ্জীৱ কুমাৰ বৰা। তেওঁ লাভ কৰিছিল ৯,০৪৮টা ভোট।

১৯৫৭ চনৰ পৰা ৭২চনলৈ সমষ্টিটো আছিল কংগ্ৰেছৰ দখলত। ১৯৭৮চনত আৰ চি পি আইৰ প্ৰাৰ্থী মহম্মদ চামছুল হুদা জয়ী হৈছিল। ১৯৮৩ চনত আবুৰ নাছিৰ আহিদ জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী হিচাপে। ১৯৮৫ত ইউ এম এফৰ প্ৰাৰ্থী মুস্তাফা চাহিদুল ইছলাম জয়ী হৈছিল ধিংৰ পৰা।

১৯৯১, ১৯৯৬, ২০০১ত পুনৰ কংগ্ৰেছে এই সমষ্টিটোত জয়লাভ কৰে। কংগ্ৰেছৰ শেষৰজন ধিংৰ বিধায়ক ইদ্দিছ আলী। ২০০৬ চনত মৌলানা বদৰুদ্দিন আজমলৰ দ্বাৰা গঠিত এ আই ইউ ডি এফৰ দলৰ প্ৰাৰ্থী মোবাৰক আলী পাঠান ধিংৰ পৰা নিৰ্বাচিত হয় অসম বিধানসভালৈ।

তাৰ পৰৱৰ্তী ৩টা নিৰ্বাচনত ক্ৰমে- ২০১১, ২০১৬ আৰু ২০২১ত এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে। শেষৰ বাৰৰ বাবে ২০১৬ত ধিংৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছিল সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন। এই নিৰ্বাচনত আনোৱাৰে প্ৰায় ৫৪হাজাৰ ভোট লাভ কৰি পৰাস্ত হৈছিল। 

ৰাজনীতিৰ খবৰ ৰখা সকলৰ নিশ্চয় মনত আছে- গৌৰৱ গগৈক কলিয়াবৰৰ পৰা প্ৰথমবাৰ লোকসভালৈ নিৰ্বাচিত কৰি পঠিওৱা প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে এ আই ইউ ডি এফৰ ভূমিকা আছিল। সেই ৰাজনৈতিক সহায়ৰ বাবেই এ আই ইউ ডি এফে কলিয়াবৰত দুৰ্বল প্ৰাৰ্থী লোকসভা নিৰ্বাচনৰ সময়ত থিয় কৰাৰো দৃষ্টান্ত আছে। 

ৰাজনীতিত এইবোৰ নেদেখা সমীকৰণ। যদি এ আই ইউ ডি এফক মিত্ৰতা থকাৰ সময়ত সমষ্টিটো কংগ্ৰেছে এৰি দিব পাৰে, সেই একেই দৃষ্টিৰে এইবাৰো শেহতীয়া বিধানসভা নিৰ্বাচনত দ্বিতীয় স্থানত থকা ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বাবে এৰি দিয়াৰ অৱকাশ আছিল।

মিত্ৰতাৰ ৰাজনীতি এনে এৰা- ধৰাৰ মাজেৰে চলে। এইবাৰ বিধানসভা নিৰ্বাচনৰ বাবে ধিংৰ পৰাই কংগ্ৰেছৰ সৰ্বাধিক সংখ্যক প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছিল। সেই সংখ্যা ২৭। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী তথা একালৰ কংগ্ৰেছৰ সংখ্যালঘুৰ নেতা নুৰুল ইছলামৰ ভতিজাক আনোৱাৰ হুছেইন।

এই সকলৰ উপৰিও এই সমষ্টিটোত আন সকল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে- বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, মুস্তাফা খাদ্দাম হুছেইন, মহচিন খান, নেকিবুৰ ৰহমান হাজৰিকা আদি। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত নৱ-গঠিত নগাঁও- বটদ্ৰৱা সমষ্টিৰ পৰা নিৰ্বাচন জিকাতো শিৱামণি বৰাৰ বাবে সহজ হৈ নৰ’ল। 

বিজেপিৰ শক্তিশালী প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দি পৰাজয়বৰণ কৰাতকৈ শিৱামণি বৰাই ধিঙেই তেওঁৰ বাবে পচন্দৰ সমষ্টি হিচাপে নিৰ্বাচিত কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সংখ্যালঘু ভোটাৰৰ দ্বাৰা নিয়ন্ত্ৰিত ধিঙত অন্তৰ্ভুক্ত হৈছে - ধিং নগৰ সমিতি, মৈৰাবাৰী পি টি উন্নয়ন খণ্ড, বটদ্ৰৱা উন্নয়ন খণ্ড (অংশবিশেষ) বাদ দি- বটদ্রৱা গাঁও পঞ্চায়ত (অংশবিশেষ) বটদ্ৰৱা বৰহিছা, বটদ্ৰৱা সৰুহীয়া, ভোমোৰাগুৰি গাঁও পঞ্চায়ত (অংশবিশেষ)-ভোমোৰাগুৰি, জুৰীয়া উন্নয়ন খণ্ড (অংশবিশেষ)-বলিকাটিয়া গাঁও পঞ্চায়ত, জৰামাৰী লেভীয়া গাঁও পঞ্চায়ত, জেঙানী কোলাডুবা গাঁও পঞ্চায়ত, পাটিচাপৰি ৰৌমাৰী গাঁও পঞ্চায়ত, সোণালীবেৰা শিমলুআটী গাঁও পঞ্চায়ত (অংশবিশেষ)-সোনাইবেৰা গাঁও, কেৰি-মেৰি। 

সেয়েহে কংগ্ৰেছৰ বাবে ধিং এটা উৰ্বৰ সমষ্টি বুলি প্ৰাৰ্থিত্ব বিচৰা সকলে গন্য কৰিছে। শেষ মুহূৰ্তত গৌৰৱ গগৈৰ ঘনিষ্ঠ ধিং নজৰুল ইছলামৰ ভতিজাক আনোৱাৰ হুছেইনে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই সমষ্টিটোত ৰাইজৰ দলৰ অবিহনে কংগ্ৰেছৰ প্ৰাৰ্থী কিমান দূৰ আগবাঢ়িব পাৰে, সেয়া নিৰ্বাচনৰ ফলাফলে ক’ব। 

অখিল গগৈয়ে মুকলিকৈ স্বীকাৰ কৰিছে যে, ধিং এৰি দিয়া হ’লেও তেওঁলোক মিত্ৰতাত থাকিল হয়। এইজন অখিল গগৈয়ে ধিং সমষ্টিটোত কেৱল তাৰ পৰা মোক্তবক জয়ী কৰাই আনিবৰ বাবেই বিচৰা নাছিল। সেই মিত্ৰতাৰ সৈতে তেওঁৰ নিজৰ সমষ্টি শিৱসাগৰৰ লগতে আন কেইবাটাও সমষ্টি নিৰ্বাচনী সমীকৰণ জড়িত হৈ আছিল। 

এদিন অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল। ২০১১ত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন পুস্তিকা প্ৰকাশ কৰিছিল। সেই পুস্তিকাৰ শিৰোণাম আছিল- কংগ্ৰেছ(ই) দলক ৰাইজে কিয় প্ৰত্যাখ্যান কৰা উচিত ?, কংগ্ৰেছৰ বিৰুদ্ধে ৫০টা মহাভিযোগ।

কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ হৈ প্ৰচাৰ সম্পাদক কমল কুমাৰ মেধিৰ দ্বাৰা প্ৰকাশিত কৰা হৈছিল ২৪ পৃষ্ঠাৰ এই পুস্তিকা। ১৮ মাৰ্চ ২০১১ত প্ৰকাশ কৰা এই পুস্তিকাত কংগ্ৰেছৰ চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু কেনেদৰে এই চৰকাৰখন গণবিৰোধী হৈ পৰিছে তাৰ তথ্য সন্নিৱিষ্ট কৰা হৈছিল। 

পুস্তিকাত অসমবাসী ৰাইজে নিজৰ নিজৰ এলেকাত কংগ্ৰেছক বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। ২০১৬তো বিজেপি চৰকাৰ অহাৰ পাছত এনে খবৰো ওলাইছিল যে, ইয়াৰ আনন্দত তেতিয়াৰ কৃষক মুক্তিয়ে ভোজভাত খাইছিল। সময়ৰ সোঁতত সেই সকলোবোৰ স্থিতি ৰাজনৈতিক কাৰণতে সলনি হৈছিল। 

সাপ-নেউল একাকাৰ হ’বলৈ নিৰ্বাচনৰ বতৰত নেতাক বৰ বেছি সময়ৰ প্ৰয়োজন নহয়। কিন্তু সেই পৰিৱেশ বিজেপিয়ে নিবিচৰা ধৰণেই এটা সমষ্টিক কেন্দ্ৰ কৰি সৃষ্টি নহ’ল। তাৰ প্ৰভাৱ ২০২৬ত পৰিব। মিত্ৰতাৰ এই সিদ্ধান্ত শাসকীয় বিজেপিক যে লাভান্বিত কৰিব সেই কথা সকলোৱে অনুভৱ কৰিব পাৰিছে। বিশেষকৈ সংখ্যালঘু আৰু উজনি অসমৰ বহুকেইখন আসনত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ মহান অস্ত্ৰ হ’ব অখিল আৰু ৰাইজৰ দল। 

দুই গগৈৰ মাজত দোস্তী কা দিৱাৰ হ’ল ধিং। সেই দেৱালে গৌৰৱ গগৈৰ বাবে আশীৰ্বাদ নহৈ অভিশাপো হ’ব পাৰে ! এতিয়া বল অখিল গগৈৰ ভৰিত। সেই ভৰিৰ ছাবি দিশপুৰৰ কোনোবা ক্ষমতাশালী নেতাৰ জেপত সোমাই থাকিলেও আচৰিত হ’ব লগা একো নাই।

ধিং অখিল গগৈ গৌৰৱ গগৈ