দীপক দৰ্জীয়ে কৰে কি ?

দৰ্জীয়ে কি কৰে ? সাধাৰণ উত্তৰ – কাপোৰ চিলায়। এইজন দৰ্জীয়ে কেৱল কাপোৰেই নিচিলাই, কাপোৰ চিলোৱাৰ সমান্তৰালভাৱে যোৱা ২৬ বছৰ ধৰি তেওঁ আন এক কামো বিনা পাৰিশ্ৰমিকেৰে কৰি আহিছে। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha NEW-Recovered.jpg

মৃদুল কুমাৰ সন্দিকৈ

দৰ্জীয়ে কি কৰে ? সাধাৰণ উত্তৰ – কাপোৰ চিলায়। এইজন দৰ্জীয়ে কেৱল কাপোৰেই নিচিলাই, কাপোৰ চিলোৱাৰ সমান্তৰালভাৱে যোৱা ২৬ বছৰ ধৰি তেওঁ আন এক কামো বিনা পাৰিশ্ৰমিকেৰে কৰি আহিছে। 

শেহতীয়াকৈ ২৬ জানুৱাৰী ২০২৬ত এই কামতে তেওঁ বেছিভাগ সময় দিছিল। তেওঁ কি কৰে চাবলৈ যাব লাগিব মাকুমলৈ। সদ্যব্যস্ত মাকুম নগৰৰ ডিগবৈ ৰোডৰ সমীপৰ পুলিচ পইণ্টত তেওঁক দুপৰীয়া ২-০০ বজাৰ পৰা সন্ধিয়া ৮-০০ বজালৈ প্ৰায়েই দেখা পোৱা যায়।

সৰু মাকুম নগৰখনত তেওঁ এখন চিনাকি মুখ। মাকুম চহৰৰ এই পুলিচ পইণ্টটোৰ সমীপতে আছে এখন অম্বিকা এণ্টাৰপ্ৰাইজ নামৰ বন্ধ দোকান। প্ৰায় ৫- ৬ বছৰ ধৰি বন্ধ হৈ আছে সেই দোকানখন। সেই দোকানখনৰ বাৰাণ্ডাতে এটা চিলাই মেচিন লৈ তেওঁ নিয়মিত বহে।

দিনটোৰ উপাৰ্জন খুব বেছি নহয়। ২০০ ৰ পৰা সৰ্বাধিক ৫০০ টকা উপাৰ্জন হয় তেওঁ। গ্ৰাহক আহিলে ফটা- ছিটা কাপোৰ চিলাই দিয়াই তেওঁৰ মূল কাম। নাম তেওঁৰ দীপক দাস। মাকুমৰে তৰুণ নগৰ ৫নং ৱাৰ্ডত তেওঁৰ ঘৰ। 

দেউতাক আছিল ৰে’ল বিভাগৰ কৰ্মচাৰী। মেজেঙাত কৰ্মৰত হৈ থাকোতে শাৰীৰিক অসুস্থতাৰ বাবে দেউতাকে চাকৰি এৰিছিল। সেয়েহে পৰিয়ালৰ দায়িত্ব ল’বলৈ অষ্টম শ্ৰেণীৰ পৰাই পেছা হিচাপে তেওঁ দৰ্জী কামটো বাচি লৈছিল। 

কাম কৰি থাকোতে তেওঁ দেখে- সৰু চহৰখনৰ বাট- পথত গাড়ী- মটৰে ভৰি পৰিছে। কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীজনে অকলে সেই কাম কৰাত অসুবিধা। সেয়েহে তেওঁ নিজেই আগবাঢ়ি আহি ট্ৰেফিক আৰক্ষীজনক সহায় কৰাতো কৰ্তব্য বুলি ভাবিলে। 

সংসাৰৰ বোজা থাকিলেও সেইবোৰৰ মাজতে তেওঁ এই কাম কৰি গৈছে। ঘৰত পৰিয়াল বুলিবলৈ পত্নী- পুত্ৰ আৰু কন্যা। সেইবোৰ ঘৰুৱা সমস্যাক আওকান কৰি কামৰ মাজতে আহৰি উলিয়াই যান- জঁট বৃদ্ধি হোৱাৰ দিনা আৰক্ষীজনৰ কাষত থিয় দিয়ে। 

অসামৰিক পোচাকত এই কাম তেওঁ কৰি গৈছিল যদিও বহু চালকে তেওঁৰ সংকেত মানিবলৈ আওকান কৰে। সেয়েহে খাকী পোচাক এযোৰ তেওঁ পুলিচৰ সহায়তে যোগাৰ কৰি লৈছিল। সেইযোৰকে পিন্ধি এই ট্ৰেফিক পইণ্টটোত নিয়ন্ত্ৰণ কৰে যান- বাহন। বছৰ বছৰ ধৰি এই কাম কৰি আহিছে তেওঁ।

অচিনাকিজনে ভাবিব- তেওঁ গৃহৰক্ষী বাহিনীৰ জোৱান। তেনে কোনো নহয় তেওঁ। তেওঁ এজন দৰ্জী আৰু সমাজৰ বাবে কিবা এটা কৰাৰ হেঁপাহ থকা বাবেই এই কাম বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকৰে কৰি আহিছে। ইয়াৰ বিনিময়ত তেওঁ কোনো দিনেই একো বিচৰা নাই। 

মানুহবোৰক সুকলমে যাতায়তত সহায় কৰি দিব পৰাটোতে হেনো তেওঁৰ প্ৰাপ্তি আছে। পুত্ৰ দীপাংকৰো পঢ়া- শুনাত ভাল। দুটা বিষয়ত লেটাৰ নম্বৰসহ ৭৫শতাংশৰো অধিক নম্বৰ লৈ মেট্ৰিক পাছ কৰা পুত্ৰ এতিয়া উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ। 

বয়স তেওঁৰ হৈছে। ৫৮টা বসন্ত তেওঁ চুই গৈছে। তথাপি তেওঁৰ এলাহ নাই। বৰঞ্চ ব্যস্ততাহে বাঢ়ি বাঢ়ি গৈ আছে। দেওবাৰৰ দিনা গাড়ী- মটৰ বেছি হয় ৰাস্তাত। সেয়েহে তেওঁৰ দায়িত্ব বাঢ়ে। চিলাই মেচিন এৰি ৰাজপথত যান- বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰে।

পৰালৈকে তেওঁ এই কাম কৰি যাব খোজে। ৰাইজৰ বাবে কিবা এটা কৰি হেনো তেওঁৰ ভালো লাগে। মানুহজনৰ নাম দীপক দাস। মাকুমৰ এইজন দীপকৰ স্বাৰ্থহীন সমাজসেৱা তথাকথিত নেতা- মন্ত্ৰী বা সেমাজসেৱীতকৈ বহু গুণে শ্ৰেষ্ঠ । নিবিচাৰে তেওঁ স্বীকৃতি, নালাগে তেওঁক নাম, নীৰৱে কৰি যাব খোজে কেৱল এনে ভাল কাম...

সমাজকৰ্মী