এতিয়া চোৱা আৰু খোৱাৰ সময়। চোৱা আৰু খোৱাতেই প্ৰায় সকলোবোৰ মানুহ ব্যস্ত থাকে আজি। কি ডিজিটেল মাধ্যম, কি বাস্তৱ জীৱন সৰ্বত্ৰেচোন চোৱা আৰু খোৱা মানুহৰ সমাহাৰ।
কোনে কি খাইছে তাক চাবলৈকো এতিয়া সামাজিক মাধ্যমত মানুহৰ কিমান ভিৰ হয়, তাৰ হিচাপ হয়তো ৰখাজনে ৰাখে ! এনে ভিডিঅ’বোৰৰ ভিউজৰ সংখ্যাই তাৰ প্ৰমাণ। এইটো নহয় যে, খোৱা- বোৱাকলৈ প্ৰস্তুত কৰা এনে ভিডিঅ’বোৰে আমাৰ পৰম্পৰাগত খাদ্য সম্ভাৰক এক স্তৰত তুলি ধৰে।
বেছিভাগৰে সেই ইচ্ছাও নাথাকে বা প্ৰতিভাৰো গৰাকী নহয়। লাগ-বান্ধ নোহোৱাকৈ প্ৰস্তুত কৰা এনে ভিডিঅ’বোৰে আমি মোবাইলত গালি পাৰি পাৰি হ’লেও চাও। এচামে খাইছে আৰু আমি চাইছো। এতিয়া আমি দিনটোৰ বেছিভাগ সময় চোৱা আৰু খোৱাতেই ব্যস্ত ৰাখিবলৈ শিকিছো।
কিবা উৎসৱ, গীত-মাতৰ সন্ধিয়া অনুষ্ঠিত হ’লে মানুহ দুটা কাৰণত উবুৰি খাই আহে। তাৰে এটা হৈছে- চোৱা আৰু আনটো হৈছে- খোৱা। একেবোৰ মানুহেই অথচ এখন গ্ৰন্থ উন্মোচনী সভা, এখন আলোচনাচক্ৰ বা সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়েৱা লোকৰ স্মৃতিত অনুষ্ঠিত কৰা স্মৃতিচাৰণ সভালৈ নাহে। কিয়নো তাত খোৱা আৰু চোৱাৰ কথা নাহে।
সময়ৰ অভাৱ বুলি কৈ ফুৰা মানুহৰ অভাৱ নাই। মানুহৰ হাতত কিন্তু চাবলৈ আৰু খাবলৈ তাৰ পাছতো বহু সময় থাকে। দেশত কি চলিছে, আমাৰ ভূমিকা কি হ’ব লাগে, সেই চিন্তা এতিয়া আমি প্ৰায়বোৰ মানুহে কৰিবলৈ এৰি দিছো। যি হৈ আছে হৈ থাকক, আমাৰ তাত কি আহে- যায় বুলি আমি নিজক আঁতৰাই ৰাখিছো।
গ্ৰন্থমেলাৰ বতৰ আৰম্ভ হৈছে। বিভিন্ন ঠাইত ইতিমধ্যে কেইবাখনো গ্ৰন্থমেলাৰ অন্ত পৰিছে। তেনে গ্ৰন্থমেলাত অংশ লোৱা কেইজনো প্ৰকাশকক হৈ যোৱা গ্ৰন্থমেলাৰ ব্যৱসায় কেনে হ’ল বুলি সুধিছিলো। বেছিভাগে দিয়া উত্তৰৰ অৰ্থ আছিল- গ্ৰন্থমেলালৈ বহু মানুহ আহে, বেছিভাগে চাবলৈ আৰু খাবলৈ আহে। কিতাপ কিনিবলৈহে মানুহ নাহে।
অসমীয়া জাতিটো এটা বৰ আচৰিত জাতি। আমি মানুহৰ জুম দেখি উবুৰি খাই পৰা জাতি। মানুহে পঢ়ি ভালপোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ চলিলেহে আনক দেখি নিজেও এখন কিতাপ কিনি ফটো এখন দিবলৈ ভালপোৱা স্বভাৱৰ অধিকাৰী।
অথচ বহু ভাল সৃষ্টি হৈয়েই আছে, ভাল কিতাপ প্ৰকাশ হৈছে, ভাল গান ওলাইছে, সেইবোৰক গুৰুত্ব দিয়া অভ্যাস আৰু দায়িত্ব আমাৰ নাইকীয়া হৈ পৰিছে। অলপতে হাতত এখন কিতাপ পৰিছিল। কিতাপখনৰ নাম আছিল- ‘টুৱেলেফথ্ ফেইল।’ এই কিতাপখনৰ আধাৰতে জনপ্ৰিয় চলচ্চিত্ৰও নিৰ্মাণ হৈছিল। অনুৰাগ পাঠকৰ সেই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে ৰাগিনী পূবালী বৰাই।
ডিব্ৰুগড়ৰ বনলতা প্ৰকাশনে প্ৰকাশ কৰা কিতাপখনৰ অনুবাদ কৰ্ম অতি সুন্দৰ। “যিজনে যুদ্ধ নকৰে, তেওঁহে পৰাজিত হয়।“- এই টেগ লাইনৰ অৰ্থ পূবালীয়ে অনুবাদ কৰা উপন্যাসখন পঢ়াৰ পাছতহে আৰু অধিক বোধগাম্য হ’ল। উপন্যাসখনৰ কাহিনী তথা বিষয়বস্তুৰ বিষয়ে উল্লেখ নকৰো, কিন্তু কিতাপখন পঢ়াৰ পাছত এটা কথা ন দি ক’ব পাৰো- প্ৰতিজন অসমীয়া যুৱক- যুৱতীয়ে এইখন পঢ়া উচিত।
জীৱনত প্ৰেৰণা দিব পৰা এখন কিতাপ। মূলতঃ হিন্দী ভাষাৰ এই উপন্যাসখনৰ অসমীয়া অনুবাদ পঢ়িলে এনে নালাগিব যে, এইখন ৰাগিনী পূবালীয়ে অনুবাদ কৰিছে। ইমান সুন্দৰ ভাষা আৰু সাবলীল গতি তেঁও ধৰি ৰাখিব পাৰিছে যে সেয়া অনুবাদকাৰীৰ বাবে এক বিৰল কৃতিত্ব।
চোৱা আৰু খোৱাৰ অভ্যাসে গ্ৰাস কৰা আমিবোৰে এনেবোৰ কিতাপ পঢ়া উচিত। কুলদা কুমাৰ ভট্টাচাৰ্যৰ আত্মজীৱনীখন প্ৰকাশ হৈছে। “ঢৌ ফালি ডিঙা আগুৱায়” নামৰ তেঁওৰ এই আত্মজীৱনীত কিমান যে কথা আছে। এখন সমাজ, নাটক- চিনেমাৰ ইতিহাস, জীৱন সংগ্ৰামৰ প্ৰচুৰ অভিজ্ঞতা তেওঁ ধৰি ৰাখিছে। সেই কিতাপখনৰ প্ৰতি পাঠকৰ আগ্ৰহ যি ধৰণে দেখা পাব লাগিছিল, সেয়া যেন দেখা পোৱা নাই। এতিয়া আমি তৰলৰ পৰা তৰল হৈ গৈ আছো। সস্তীয়া প্ৰচাৰে আমাক বলিয়া কৰিছে।
লিখক- সাংবাদিক পুলিন কলিতাই এটা ভাল কাম কৰিলে। তেওঁৰ শেহতীয়া গ্ৰন্থ- “ঐছন জনম গোৱই।” এইখন এখন জীৱনীমূলক গ্ৰন্থই নহয়, সত্ৰীয়া সংস্কৃতিৰ বুৰঞ্জী তথা ব্যাকৰণ। নৃত্যাচাৰ্য্য যতীন গোস্বামীক পাঠকে বিচাৰি পাব তাত। অসমীয়া পাঠকে বিচাৰি বিচাৰি পঢ়িব লগা এখন কিতাপ। প্ৰতিজন অসমীয়াৰ মুখে মুখে উচ্চাৰিত হ’ব লাগিছিল- “ঐছন জনম গোৱই।” হৈছেনে এনেকুৱা ? চোৱা আৰু খোৱাতহে ব্যস্ত আমি।
চোৱা আৰু খোৱাৰ লগতে এচামে দেখুৱাই ভালপায়। ক্ষমতাশালী আৰু ধনৱন্তজনে দেখুৱাব খোজে- ‘চা মই কি? মোৰ হাতত কিমান ক্ষমতা’, ইত্যাদি। ৰাজনৈতিক নেতা, মন্ত্ৰীসকলে সামাজিক মাধ্যমত এনে কাৰনামা কৰি মানুহক দেখুৱাই তেওঁ কি কৰিছে। বিষয়াক মাতি আনি ধমক দি দেখুৱাব বিচাৰে তেওঁ কিমান এক্টিভ।
এয়াই এতিয়াৰ সময়। পলাশবাৰীত অনুষ্ঠিত হোৱা ৰাসলৈ অন্তিম দিনা যোৱাৰ সুযোগ পাইছিলো। ঐতিহ্যমণ্ডিত সেই ৰাসস্থলীত শেষৰ দিনাও মানুহৰ বিৰাট ভিৰ। প্ৰায়ভাগ মানুহে ৰাস চাবলৈ আৰু সেই স্থানত থকা খাদ্য বিপণীবোৰত খাবলৈ আহিছে।
আমি স্থানীয় হোটেল এখনত সোমাইছিলো। দোকানীজনক এইবাৰ ৰাসৰ বজাৰ কেনে হ’ল সেই কথা সুধিছিলো। তেওঁ কৈছিল- ৰাস চাবলৈ বহু দূৰ- দূৰণিৰ পৰা মানুহ আহে। ৰাস চাই, মীনা বজাৰত ঘূৰি এই হোটেলবোৰত কিবা এটা খাই তেওঁলোক ঘৰলৈ ওভতে।
চোৱা আৰু খোৱাত আমি ওস্তাদৰো ওস্তাদ হৈ পৰিছো। ৰাসৰ সামৰণি অনুষ্ঠানত তেতিয়া শ্ৰীকৃষ্ণৰ সন্দৰ্ভত এক তাত্বিক ভাষণ আগবঢ়াই আছিল জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। কৃষ্ণ- ৰাধাৰ সম্পৰ্ক, ৰাসৰ সৈতে স্থানীয় অৰ্থনীতি, আধুনিক দৃষ্টিৰে ৰাসৰ সৈতে থকা আমাৰ ধৰ্মীয় আৰু সামাজিক সম্পৰ্ক আদি সামৰি তেওঁ এই ভাষণ দি আছিল।
সন্মুখত বহু শ্ৰোতা আছিল। সেই তাত্বিক ভাষণবোৰ হৃদয়ংগম কৰিব পৰাকৈ কিমান জন মানুহ আছিল সেই সন্দেহ মোৰ ৰৈ গৈছিল। কিয়নো সামৰণি অনুষ্ঠানৰ পাছত আছিল সাংস্কৃতিক সন্ধিয়া। মোৰ পিছৰ শাৰীত বহু থকা মানুহজনে কাষৰ এজনক তেতিয়া সুধি আছিল- সাংস্কৃতিক সন্ধিয়াত আহিব কোন ? তেতিয়া মুখ্য অতিথিগৰাকীয়ে পলাশবাৰীৰ এই মৃণ্ময় ৰাসৰ তাৎপৰ্য্য ব্যাখ্যা কৰি আছিল।
তাৰ অলপ দূৰতে থকা সৰু দোকানখনত মানুহৰ ভিৰ আছিল। মহিলাগৰাকীয়ে গ্ৰাহকক বস্তু দি তত পোৱা নাছিল। ইজনৰ পাছত সিজনে দোকানী মহিলাগৰাকীক উদ্দেশ্যি চিঞৰিছিল- বাইদেউ ঘুগুণি এক প্লেট, ডিমা এটা...। কাৰণ এতিয়া আমি চোৱা আৰু খোৱা জাতি।