/asomiyapratidin/media/media_files/2026/02/13/ap-for-web-new-2026-02-13-13-46-44.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
নিৰ্বাচনলৈ যিমানেই দিন কমি আহিছে, শাসক- বিৰোধী সকলোৱে নিৰ্বাচনী ৰণনীতিক লৈ ব্যস্ত হৈ পৰিছে। তাৰ মাজতে বিৰোধী মিত্ৰতাৰ প্ৰসংগক লৈ কি সিদ্ধান্ত হয়, সেই সন্দৰ্ভত সকলোৱে দৃষ্টি ৰাখিছে। কংগ্ৰেছৰ নেতৃত্বত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাই ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত কি প্ৰভাৱ পেলাব তাক লৈ চৰ্চা চলিছে যদিও ইয়াৰ সঠিক পৰ্যালোচনা কৰিব পৰা পৰিৱেশ এতিয়াও সৃষ্টি হোৱা নাই।
বিৰোধীৰ এই মিত্ৰতা বিষয়টো নিৰ্বাচন আহিলে এক আলোচ্য বিষয় হয়। মিত্ৰতা কৰিব লগা দলবোৰৰ নেতৃত্বই আশাৰ সঞ্চাৰ কৰি মিত্ৰতাৰ সপক্ষে থিয় দিয়ে যদিও বাস্তৱত সেয়া এক বুমেৰাঙত পৰিণত হোৱাই দেখা পোৱা যায়।
পূৰ্বৰ সেই অভিজ্ঞতাৰ ভিত্তিত বিৰোধীৰ মিত্ৰতা প্ৰসংগত প্ৰশ্ন কৰিলেই শাসকীয় দলে এই বিষয়টোক এনেদৰে হাস্যকৰ কৰি তোলে যে, ইয়াক অ- প্ৰাসংগিক কৰিবলৈ তেওঁলোক সফল হয়। গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত পূৰ্বৰ তেওঁৰ স্থিতি সলনি কৰি মিত্ৰতাৰ সপক্ষে কিছু মন্তব্য কৰিলেও সেই মিত্ৰতাক লৈ তেওঁৰ কিমান আন্তৰিকতা আছে, সেয়া এতিয়াও অবুজ সাঁথৰ হৈ আছে।
কংগ্ৰেছে অকলে ২০২৬ত ভাল ফলাফল লাভ কৰাৰ আশাত বন্দী হৈ থকা গৌৰৱ গগৈৰ এই ৰাজনৈতিক চিন্তা- চেতনাৰ বিপৰীতে ৰাজ্যৰ ৰাজনীতিত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে উজনি- নামনি সামৰি ৰাজনৈতিক তৎপৰতা অৱ্যাহত ৰাখিছে। সেই দৃশ্য দেখি গৌৰৱ গগৈয়ে মিত্ৰতাৰ বিষয়টো আগুৱাই নিবলৈ বাধ্য হৈ পৰিছে।
সময়ৰ পৰিৱৰ্তন যাত্ৰা আৰু পাকিস্তান এজেণ্ট বুলি গৌৰৱ গগৈৰ বিৰুদ্ধে যি ৰাজনৈতিক সক্ৰিয়তা শাসকীয় দলে আৰম্ভ কৰিছিল, সেই ৰাজনৈতিক কৌশলে পৰোক্ষভাৱে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলক এক গতি প্ৰদান কৰিলে। সেই ৰাজনৈতিক আক্ৰমণৰ সময়ত মিত্ৰতা হ’বলগীয়া দলকেইটাৰ নেতৃত্বই স্বাভাৱিকভাৱে গৌৰৱ গগৈৰ পক্ষত থিয় দিয়া দেখা গ’ল।
কংগ্ৰেছৰ নেতৃত্বই মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত আৰু আসন ভাগ-বাটোৱাৰা সম্পৰ্কীয় আলোচনাৰ বাবে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দায়িত্ব দিছিল শেহতীয়াকৈ। কিন্তু সেই দায়িত্ব অৰ্পণৰ কেইঘণ্টামানৰ পাছতে বৰাৰ সৈতে এই সম্পৰ্কীয় আলোচনাৰ বাবে ৰকিবুল হুছেইনৰ নামো সংযোগ কৰাত মিত্ৰতাৰ বিষয়টো আকৌ এক অনিশ্চিয়তাৰ মাজত সোমাই পৰিল।
নিৰ্ধাৰিত মিত্ৰতাকেন্দ্ৰিক সভাৰ বাবে ৰাজহুৱা সভা বাতিল কৰা বুলি অখিল গগৈয়ে সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰাৰ পাছতো এই সভা অনুষ্ঠিত নহ’ল। তাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতৃত্ব আৰু দায়িত্বশীল নেতাসকল মাজুলী, লখিমপুৰৰ সাংগঠনিক সভাতে ব্যস্ত হৈ থাকিল।
এই সন্দৰ্ভত কোনো কথাই তেওঁলোকে স্পষ্ট কৰি নিদিলে যদিও গৌৰৱ গগৈয়ে মিত্ৰতা হ’ব বুলি পূৰ্বৰ দৰে একেই সুৰত মন্তব্য কৰিলে। লগতে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ বিজেপিতকৈ বহু আগুৱাই আছে বুলি দাবী কৰিলে গগৈয়ে।
কংগ্ৰেছৰ ভিতৰচ’ৰাত মিত্ৰতাৰ ক্ষেত্ৰত নৰম আৰু চৰম পন্থী দুটা ফৈদৰ সৃষ্টি হৈছে। চৰমপন্থী ফৈদটোৱে বিশেষকৈ ৰাইজৰ দলে বিচৰা ৪টা সমষ্টি এৰি দিব বিচৰা নাই। সেই সমষ্টিকেইটা হৈছে- মাৰ্ঘেৰিটা, ধিং, নাওবৈচা আৰু মন্দিৰা।
আনহাতে ৰকিবুলৰ এণ্ট্ৰিক সহজভাৱে লোৱা নাই ৰাইজৰ দলে। অখিল গগৈয়ে মিত্ৰতাক লৈ কংগ্ৰেছৰ স্থিতি সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰাই নহয়, ইয়াক লৈ সন্দেহো ব্যক্ত কৰিছে। কংগ্ৰেছক শীঘ্ৰেই এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰি ইয়াক স্পষ্ট কৰাৰ আহ্বান জনাইছে। এইবোৰ বেমেজালিৰ মাজতে এতিয়া মিত্ৰতাকেন্দ্ৰিক ৰাজনীতি আৰু প্ৰাৰ্থিত্বকেন্দ্ৰিক সমীকৰণবোৰে কংগ্ৰেছৰ বাবে এক নিজাকৈ সৃষ্টি কৰা প্ৰত্যাহ্বান গঢ় লৈ উঠিছে।
মন্দিৰে মন্দিৰে ঘূৰি সময়ৰ পৰিৱৰ্তনৰ যাত্ৰা কৰা সময়ত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ কিছু নেতাক ইচ্ছাকৃতভাৱে আঁতৰত ৰাখিছিল। বিজেপিৰ এজেণ্ট হিচাপে চৰ্চিত সেই নেতাই গৌৰৱ গগৈৰ পিছ লৈ কামাখ্যাত পৰিৱৰ্তনৰ যাত্ৰাৰ সময়ত ব্যৱহাৰ কৰা বিশেষ বাহনত উঠিবলৈ হেঁতা-ওপৰা লগাইছিল।
সেই বাহন কামাখ্যাৰ পৰা ক’লৈ যাব, সেই লক্ষ্যস্থান নজনাকৈ বাহনৰ যাত্ৰী হৈ যোৱা এনে নেতাই পিছতহে গম পাইছিল বাহনৰ লক্ষ্যস্থান আছিল উত্তৰ গুৱাহাটীৰ এখন বিশেষ বিদ্যালয়। লগতে নিৰ্বাচনীকেন্দ্ৰিক সমিতিবোৰৰ পৰাও এনে কিছু নেতাক দূৰৈত ৰখাইছে গৌৰৱ গগৈয়ে।
দলীয় এই কুম্ভকৰ্ণসকলক প্ৰতিৰোধ কৰিবলৈ গগৈয়ে যিখন প্লেন- বি প্ৰস্তুত কৰিছে, সেয়া কাৰ্যকৰী হ’লে বহু জ্যেষ্ঠ কংগ্ৰেছী নেতা দলটোৰ বাবে শত্ৰু হৈ পৰিব। ইফালে উজনি অসমত ৰকিবুল হুছেইনৰ দৰে নেতাক গ্ৰহণ নকৰে বুলি জানি ভূপেন বৰাক কাষ চপাই আনি গৌৰৱ গগৈয়ে দলটোক সু- সংগঠিত কৰাৰ চেষ্টা কৰিলেও ৰকিবুলৰ মোহৰ পৰা সভাপতিগৰাকী মুক্ত হ’ব পৰা নাই।
কাৰ্যতঃ ইয়াৰ বাবে ৰকিবুল হুছেইনক ভূপেন বৰাৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত একাকাৰ কৰি দিয়াৰ সিদ্ধান্তই দলটোৰ ভিতৰতো অসন্তুষ্টিৰ সৃষ্টি কৰিছে। সেই সকলোবোৰ নীৰৱে চাই গৈছে দেৱব্ৰত শইকীয়াৰ দৰে জ্যেষ্ঠ নেতাই। আনহাতে মিত্ৰতাৰ ক্ষেত্ৰত সকলো অৰ্পি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই।
লুৰীণজ্যোতি গগৈয়ে জাতীয়তাবাদৰ সৈতে এনে কংগ্ৰেছ প্ৰীতি আৰু সুবিধাজনক স্থিতিয়ে আন আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থানত সহায় কৰিছে। তাৰ মাজতে পূৰ্বতে মিঞা কবিতাৰে সংখ্যালঘুৰ ৰাজনীতিৰ এক কাৰক হৈ পৰা চক্ৰটোৱে পুনৰ মূৰ দাঙি উঠিছে।
এই চক্ৰটোৱে বিজেপিৰ সাম্প্ৰদায়িকতাৰ সমান্তৰালকৈ বংগমূলীয় সংখ্যালঘু লোকৰসকলৰ মাজত আন এক সাম্প্ৰদায়িক তাড়নাৰে সৃষ্টি কৰিছে ৰাজনৈতিক আৱেগ। পূৰ্বে মিঞা কবিতাৰ প্ৰসংগত সৰৱ হোৱা তথাকথিত সাহিত্যিকে ইয়াৰ নেতৃত্ব লৈ সাম্ভাৱ্য প্ৰাৰ্থীৰ সৈতে মিলি কুচকাৱাজ চলাইছে।
মিত্ৰতা বিষয়টো মিত্ৰতা কৰিব লগা ৰাজনৈতিক দলৰ নিজস্ব বিষয়। কিন্তু ইয়াক এক স্বচ্ছতা আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰতি নিৰ্দিষ্ট দায়ৱদ্ধতা থকা উচিত বুলি সাধাৰণ লোকে ভাবে। সেইটোকে কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্ব সফল হ’ব পৰা নাই এই পৰ্যন্তলৈকে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us