মৃদুল কুমাৰ সন্দিকৈ
ডিমা-হাচাও জিলাৰ উমৰাংছুৰ তিনিকিলোস্থিত থকা অবৈধ কয়লাৰ কুৱেঁৰীৰ পৰা এতিয়াও অহা নাই উদ্ধাৰ অভিযানৰ সফলতাৰ খবৰ। ৫টা দিন অতিক্ৰম কৰাৰ পাছতো অবৈধ কয়লা ৰেট হল মাইনিংস্থলীত আৰু কিমান শ্ৰমিকৰ মৃতদেহ আছে সেই নিশ্চিত তথ্যও কোনেও দিব পৰা নাই।
ৰাজ্য চৰকাৰৰ দুজন মন্ত্ৰী, নৌ সেনা, স্থল সেনা আৰু উদ্ধাৰকাৰী দল, এন ডি আৰ এফ, এছ ডি আৰ এফে বিফল অভিযান তদাৰক কৰি আছে । খাদটোৰ পৰা কোনোমতে উঠি প্ৰাণ ৰক্ষা কৰা নেপালৰ গংগা বাহাদুৰ চেত্ৰী নামৰ শ্ৰমিকজনৰ ভাষাত- 'আমি কয়লা খান্দি থাকোতেই হঠাতে পানী বাঢ়ি আহিল। হোৰহোৰাই পানী অহাৰ শব্দ শুনি খাদত থকা গ্ৰাউণ্ডত আহিবলৈ যত্ন কৰোতেই ডিঙি পাইছিলহি পানী। ওপৰলৈ উঠাবৰ বাবে আমি সংকেত দিবলৈ আমাৰ হাতত থকা ৱাৰ্কিটকিবোৰ হেৰাই যোৱাত ট্ৰলীৰ ৰচীডালেই জোকাৰি দিছিলো জোৰকৈ।'
তাৰ পাছত খাদৰ ভিতৰত থকা শ্ৰমিকসকল ট্ৰলীত উঠিছিল আৰু ট্ৰলীখন ওপৰলৈ আনোতেই সেইখন শ্ৰমিকসহ সৰি পানীত পৰে। এনে পৰিস্থিতিত দুজন শ্ৰমিক প্ৰথমবাৰ ওপৰলৈ উঠি আহিবলৈ সক্ষম হয় যদিও পৰৱৰ্তী সময়ত আন দুজন শ্ৰমিকৰ প্ৰাণ ৰক্ষা হয়।
চেত্ৰীয়েও দিব পৰা নাই প্ৰকৃত হিচাপ। কিমান শ্ৰমিক তাত আছিল সেই সংখ্যা সোধাত তেওঁ ১৫-২০জন মান শ্ৰমিকে কাম কৰি আছিল বুলি জনাই যদিও প্ৰকৃততে তাত এতিয়া কেইজন শ্ৰমিক আৱদ্ধ হৈ আছে, সেই তথ্য কোনেও নাজানে।
ৰাজ্যত অবৈধ প্ৰক্ৰিয়াৰে কয়লা খনন আৰু সৰবৰাহ নতুন ঘটনা নহয়। শ্ৰমিকৰ জীৱনৰ প্ৰতি শংকা নামি অহা এই ধৰণৰ কয়লা খননত কেতিয়াবাই নিষেধাজ্ঞা জাৰি কৰা হৈছিল। কিন্তু কয়লা চিণ্ডিকেটৰে জড়িত শক্তিশালী পক্ষই হাজাৰ হাজাৰ কোটি টকাৰ লোভত এই কাৰবাৰ চলাই আহিছে।
উমৰাংছুৰ যিটো কয়লা কুঁৱেৰীত এইটো ঘটনা সংঘটিত হ'ল, এইটোৱে একমাত্ৰ ৰেট হোল মাইনিং নহয়। সেই অঞ্চলটোত ৫০-৬০টাতকৈ অধিক কয়লাৰ এনে অবৈধ খনন হৈ আছে। সেইবোৰৰ আঁৰৰ মানুহ ৰাজনীতিৰ ক্ষমতা থকা দিছপুৰ, হাফলঙৰ বিয়াগোম নেতা।
তেনে লোকসকলক বাধা দিয়াৰ ক্ষমতা আৰক্ষী বা প্ৰশাসনৰ নাই। বৰঞ্চ এইবোৰ তদাৰক কৰিব লগা সংস্থা বা দায়িত্বশীল লোকসকলে বিভিন্ন প্ৰক্ৰিয়াৰে সহযোগ কৰে। ইয়াৰ ভাগ পাব লগা সকলে ঘৰতে বহি নিয়মীয়াকৈ মাহেকীয়া কিস্তিত লাভ কৰি থাকে।
২,০০০বা ২৫০০টকাৰ দৈনিক মজুৰি পোৱাৰ আশাত এইবোৰ কামত নিয়োজিত শ্ৰমিকসকলেহে ইয়াৰ মূল্য জীৱনেৰে ভৰিব লগা হয়। কেৱল উমৰাংছুতে নহয়, লিডু,মাৰ্ঘেৰিটা, কাৰ্বি আংলং আদি স্থানতো এনে অবৈধ কয়লা খননৰ শক্তিশালী চক্ৰই এই কাৰবাৰ চলাই আহিছে।
মিছেচ কে.হোজাই কোন?
উমৰাংছুত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। অসম চৰকাৰৰ খনিজ উন্নয়ন নিগমে অতি কৌশলেৰে কয়লা পৰিবহনৰ বাবে দিয়া চালান ৰাজহুৱা হৈছে।
এই চালান আছে মিছেচ কে. হোজাইৰ নামত। তেওঁৰ ঠিকনা- গৰমপানী, ডিমা হাচাও। আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে দিয়া এই চালানখনৰ নম্বৰ- ২৩১২ । চালানখনত তেওঁক ১০মেট্ৰিকটন অ বি কয়লা পৰিবহনৰ বাবে অনুমতি দিয়া হৈছে।
এ এছ ০২ ডিচি ৬৪১১ নম্বৰৰ ট্ৰাকখনেৰে এই কয়লা নগাঁৱৰ এম এছ বি ব্ৰীকছলৈ নিবৰ বাবে অনুমতি দিয়া হৈছে। মন কৰিব লগা যে, আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে ১৭নৱেম্বৰ, ২০২৩ত ইচ্ছ্যু কৰা এই চালানখনত কয়লা নহয়, অ বি কয়লা পৰিবহনৰ অনুমতিহে দিছে।
অ বি কয়লা অৰ্থাৎ অভাৰ বাৰ্ডেন কয়লা হৈছে কয়লাৰ উপৰিভাগত থকা শিল আৰু বালিৰ সংমিশ্ৰণ। এইবোৰৰ কোনো বিশেষ বাণিজ্যিক ব্যৱহাৰ নাই। তেনেস্থলত এই ৰেট হোল মাইনিঙৰ পৰা অ বি কয়লা পৰিবহনৰ চালান জাৰি কৰি চোৰাং কয়লা সৰবৰাহৰ বাবে আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে এই অবৈধ কয়লা সৰবৰাহৰ চক্ৰটোক সহযোগ কৰিছে।
প্ৰশ্ন হয়, কে হোজাই কোন? ইতিমধ্যে কয়লাৰ এই চোৰাং কাৰবাৰৰ সৈতে জড়িত বহু নেতাৰ নাম পোহৰলৈ আহিছে। কয়লাৰ ক'লা কণিকাৰ দাগ লগা এইজনো ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ এজন ক্ষমতাশালী লোক বুলিয়েই চৰ্চা চলিছে।
সেই নেতাজনে তেওঁৰ পত্নীৰ নামত এই অবৈধ কয়লা খনন চলাবলৈ আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডৰ পৰা এনে চালানৰ জৰিয়তে সেউজ সংকেত লাভ কৰিছে। তদন্ত কৰিলে নিশ্চয় এই বিষয়ে সবিশেষ তথ্য পোৱা যাব।
আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যনৰ ভূমিকা-
কয়লা ৰাষ্ট্ৰীয় খনিজাত সম্পদ। উত্তৰ-পূবত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত চাৰিখন কয়লাখনি আছে। সেই কয়লাখনি কেইখন আছে- লিডু, টিকাক, বাৰাগলাই আৰু তিপাঙত। এই চাৰিস্থানৰ বাদে আন ঠাইত কোনেও কয়লা খনন কৰিব নোৱাৰে।
তেনেস্থলত, বাকীবোৰ স্থানত কয়লা খননৰ নামত চলি থকা অবৈধ খননৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যনে কোনো কাৰনতে কয়লা সৰবৰাহৰ অনুমতি দিব নোৱাৰে।
কিন্তু তেওঁলোকে অভাৰ বাৰ্গেনিং কয়লাৰ নামত অবৈধ কয়লাখনিৰ পৰা খনন কৰা কয়লা এনেদৰে সৰবৰাহ কৰিবলৈ সুযোগ দিছে। অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰ অন্যতম খলনায়ক আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালকগৰাকী।
এ এম ডি চিৰ এম ডি এন আনন্দক ইয়াৰ বাবে জগৰীয়া আৰু মূল অভিযুক্ত কৰাৰ বহু অৱকাশ আছে। উমৰাংছুৰ শেহতীয়া ঘটনাৰ পাছত যদি সচাঁকৈয়ে সেই সন্দৰ্ভত সঠিক তদন্ত চৰকাৰে বিচাৰে তেনেহ'লে স্থানীয় কয়লা মাফিয়াসকলৰ লগতে তেওঁকো তদন্তকাৰী সংস্থাই জেৰা কৰিব লাগে।
ক'লৈ যায় এই অবৈধ কয়লাঃ
অভিযোগমতে, অবৈধভাৱে খনা কয়লাৰ গৰিষ্ঠসংখ্যকে ক্ৰয় কৰে উত্তৰ-পূবত থকা চিমেন্ট কোম্পানীবোৰে। অ বি কয়লাৰ চালান লৈ প্ৰকৃত কয়লা বৈধ পন্থাৰে সৰবৰাহ কৰা ষড়যন্ত্ৰত জড়িত এই চিমেন্ট কোম্পানীবোৰ।
সেয়েহে তদন্ত কৰিব লাগে যোৱা সময়চোৱাত এই ধৰণৰ চালান হৈ ডালমিয়া, ষ্টাৰ, বিনয়, টপচেম চিমেন্টে কিমান কয়লা ক্ৰয় কৰিছে আৰু চিমেন্ট উৎপাদনত তেওঁলোকৰ কিমান পৰিমাণৰ কয়লা ব্যৱহাৰ হৈছে। জানিব পৰা মতে, ডালমিয়া চিমেন্টেই এই কয়লা চিণ্ডিকেটৰ পৰা বৃহৎ পৰিমাণৰ কয়লা ক্ৰয় কৰে।
যদি এ এম ডি চিৰ চালানত উল্লেখ থকা অনুসৰি তেওঁলোকে অ বি কয়লা ক্ৰয় কৰিছে, সেই কয়লা ক'ত ব্যৱহাৰ কৰিছে। চিমেন্টৰ সৈতে ইয়াৰ সংমিশ্ৰণ ঘটাইছে নেকি সেয়াও তদন্তৰ আওতালৈ আহিব লাগে। আনহাতে ৰে'লযোগে অসমৰ পৰা সৰবৰাহ কৰা কয়লাৰ পৰিমাণ আৰু চৰকাৰীভাৱে উৎপাদন কৰা কয়লাৰ পৰিমাণৰ তুলনামূলক অধ্যয়ন কৰিলেও এই কেলেংকাৰী বহু দিশ সূচনা হ'ব।
২০০০কোটিৰো অধিক হ'ব অবৈধ কেলেংকাৰীঃ
ৰাজ্যত অবৈধভাৱে সংঘটিত কয়লা কেলেংকাৰীৰ পৰিমাণ ২০০০কোটিৰো অধিক হ'ব। উমৰাংছুতে আছে ৬০-৭০টা অবৈধ ৰেট হোল মাইনিঙৰ খাঁদ। দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত কি পৰ্যায়ত এনে অবৈধ কয়লা খনন চলি আছে, তাৰ কোনো হিচাপ নাই।
কাৰ্বি আংলঙতো অবৈধ কয়লা খননৰ জৰিয়তে কয়লা চিণ্ডিকেট চক্ৰই ৰমৰমীয়া বজাৰ চলাই আহিছে। এই কয়লা খননৰ সময়ত বহু ঘটনা চিণ্ডিকেট চক্ৰই গাপ দি থয়। এনেদৰে কয়লা খনন কৰোতে মৃত্যু হোৱা শ্ৰমিকৰ তথ্য পোহৰলৈ নাহে।
চুবুৰীয়া মেঘালয়তো অবৈধ কয়লা খনন চক্ৰই বিনা বাধাই এই চিণ্ডিকেট চলাই কয়লা সৰবৰাহ কৰি আহিছে। লিডু, মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখননৰ প্ৰসংগই আদালতৰ মজিয়াও পাইছিলগৈ। আদালতে ৰেট হোল কয়লা মাইনিঙৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও সেয়া কাৰ্যকৰী নহ'ল।
ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণেও ইয়াত বাধা আৰোপ কৰিছিল। ২০১৪চনৰ ১৭এপ্ৰিলতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণে এই নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো ২০১৮ৰ ১৩ডিচেম্বৰত মেঘালয়ত পূব জয়ন্তীয়া পাহাৰ জিলাৰ কাছান গাঁৱত এটা খনিত আৱদ্ধ হৈ ১৫জন শ্ৰমিকৰ মৃত্যু হৈছিল।
তাৰ পাছতেই ন্যায়াধীকৰণে সমগ্ৰ উত্তৰ-পূবতে ৰেট হোল মাইনিং নিষিদ্ধ কৰে। এই ৰায়ৰ বিৰুদ্ধে কিছু পক্ষই উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাত ২০১৯ৰ ৩জুলাইত উচ্চতম ন্যায়ালয়ে ন্যায়াধীকৰণৰ এই ৰায় বাহাল ৰাখিছিল।
কয়লা চিণ্ডিকেট চক্ৰই সকলো মেনেজ কৰি কিন্তু ইয়াৰ সৰবৰাহ অব্যাহত ৰাখিছে। অবৈধ কয়লা সৰবৰাহ গুৱাহাটী মাজমজিয়াৰেই হয়। দৈনিক প্ৰায় ১০০খনৰো অধিক কয়লাৰ ট্ৰাক প্ৰৱেশ কৰে গুৱাহাটীত।
একোখন এনে ট্ৰাকৰ পৰা বিভিন্ন পক্ষক মেনেজ কৰিবলৈ এক চক্ৰই ট্ৰাকে প্ৰতি ১.২৫লাখ টকাকৈ সংগ্ৰহ কৰে। আনহাতে গুৱাহাটীৰ পৰা ওলাই যোৱা ট্ৰাকৰ পৰাও সম পৰিমাণৰ ধন সংগ্ৰহ কৰে এই চক্ৰটোৱে। অভিযোগমতে, ইয়াৰ ভাগ দিছপুৰৰ মন্ত্ৰী, উচ্চ পদস্থ আৰক্ষী বিষয়া, নিৰ্বাচিত সাংবাদিক আৰু ইয়াত সহযোগ কৰা আন একাংশ লোকে লাভ কৰে।
ক'ত ক'ত আছে কয়লা অবৈধ ঘাটি-
অবৈধভাৱে খনন কৰা কয়লাবোৰ বিভিন্ন স্থানত মজুত কৰা হয়। ৰাজ্যত দুইধৰণে কয়লাৰ খনন হয়। অপেন কাষ্ট মাইনিং আৰু ৰেট হোল মাইনিং। অসম তথা উত্তৰ-পূবত যিহেতু ৰেট হোল খনন নিষিদ্ধ, সেয়েহে কয়লা খননৰ একমাত্ৰ অনুমতি আছে ক'ল ইণ্ডিয়াৰ।
ক'ল ইণ্ডিয়াৰ চাৰিখন কয়লা ফিল্ড আছে অসমত। তিনিচুকীয়া জিলাত আছে সেই চাৰিখন কয়লা ফিল্ড। ডিমা-হাচাও আৰু কাৰ্বি আংলঙত কয়লাখনি আৱিষ্কাৰ হৈছে যদিও সেই খনিত খননৰ কাৰো অনুমতি নাই। গতিকে সহজভাৱেই কৈ দিব পাৰি বাকীবোৰ কয়লা খনন সম্পূৰ্ণ অবৈধ।
কাৰ্বি আংলঙত হোৱা অবৈধ কয়লা খননৰ আঁৰতো এজন ৰাজনৈতিক নেতা আছে। তেওঁ নেতৃত্বতে এই কয়লা খনন হয়। কাৰ্বি আংলঙৰ লাংবুকুৰ পৰা ডিলাইলৈ যোৱা পথত আছে অবৈধ কয়লা ঘাটি। ইয়াৰ উপৰিও মানজাৰ পৰা ডিছামালৈ যোৱা পথত অবৈধ কয়লাবোৰ মজুত ৰখা হয়।
এনেদৰে কয়লাবোৰ চাইডিং কৰাৰ পাছত বিভিন্ন স্থানলৈ সৰবৰাহ কৰে। এই কামৰ সৈতে প্ৰত্যক্ষভাৱে এই নেতাসকলে জড়িত নাথাকি কোনোবাই যদি পত্নীৰ ভাতৃক, আন কোনোবাই ভগ্নীৰ স্বামীক ইয়াৰ চোৱাচিতা কামত নিয়োজিত কৰি ৰাখিছে। আৰু ওপৰত থাকে দিছপুৰৰ শক্তিশালী চক্ৰৰ আশীৰ্বাদ
তদন্তৰ নিৰ্দেশ দিছিল সৰ্বানন্দ সোণোৱালে-
ব্যাপক হাৰত ৰাজ্যত সংঘটিত হোৱা অবৈধ কয়লা খনন আৰু ইয়াৰ সৰবৰাহে বিভিন্ন সময়ত বাতৰি শিৰোনাম হৈ আহিছে। ন্যায়ালয়ৰ দুৱাৰতো এই বিষয়বোৰক লৈ অভিযোগ দিয়া হৈছে। এই চক্ৰটো ইমানেই নিৰ্দয়শীল যে, এনে ৰেট হোল মাইনিঙত আৱদ্ধ হৈ মৃত্যুক সাৱটি লোৱা শ্ৰমিকৰ মৃতদেহ বুলডজাৰ লগাই পুতি থবলৈ কুুন্ঠাবোধ নকৰে। তাৰ উদাহৰণ আছিল প্ৰাঞ্জল মৰাণ।
৭এপ্ৰিল, ২০২৩ত উদ্ধাৰ হৈছিল প্ৰাঞ্জল মৰাণৰ মৃতদেহ। তিনিচুকীয়াৰ এক কয়লাখনিত উদ্ধাৰ হোৱা প্ৰাঞ্জল মৰাণৰ মৃতদেহ লুকুৱাবলৈ চেষ্টা কৰিছিল এই চক্ৰটোৱে। আজিও প্ৰাঞ্জলৰ পৰিয়ালে ন্যায় নাপালে। এনে বহু ঘটনা আঁৰতেই ৰৈ গৈছে।
কোনো সাংবাদিকে সোঁতৰ বিপৰীতে গৈ এনে খবৰ প্ৰকাশ কৰিলে তেনে সাংবাদিকো আক্ৰমণৰ বলি হোৱা উদাহৰণ বহু আছে। এই চক্ৰৰ হাতত যেন সকলো বন্দী ! ২০১১ৰ ৬জুলাইত অবৈধ কয়লা খননৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈয়ে আক্ৰমণৰ বলি হৈছিল দিগন্ত চেতিয়া নামৰ সাংবাদিকগৰাকী।
এতিয়া পংগুত্বৰ জীৱন আকোঁৱালি লোৱা সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে মাতৃয়ে মানুহৰ হাতে ভৰিয়ে ধৰিব লগা হৈছে। ২০২১চনত বি পি কটকী তদন্ত আয়োগে দিয়া নিৰ্দেশ অনুসৰি তেওঁক ১০লাখ টকাৰ ক্ষতিপূৰণ দিব লগা হৈছিল চৰকাৰে।
তেতিয়া মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। জনসংযোগৰ বিবৃতি নং -৪৮৯/২০২০ত মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশ দিছিল। এই নিৰ্দেশ অনুসৰি, দিহিং পাটকাইত সংঘটিত অবৈধ কয়লা খননৰ বাবে তদন্তৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীয়ে।
২০২০ৰ ১৮জুলাইত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া এই এজনীয়া তদন্ত আয়োগে ২০২১ৰ ১৭এপ্ৰিলত অবৈধ কয়লা খননৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছিল।
বি পি কটকীৰ তদন্তৰ প্ৰতিবেদনত কি লিখা আছে-
অবৈধ কয়লা খননৰ সন্দৰ্ভত দাখিল কৰা ন্যায়াধীশ বি পি কটকীৰ তদন্ত আয়োগে দাখিল কৰা প্ৰতিবেদনতেই উন্মোচন হৈছিল ইয়াৰ ভয়াৱহতাৰ কথা। এই প্ৰতিবেদনত আয়োগে সমগ্ৰ বিষয়টোৰ তদন্তৰ দায়িত্ব এটা স্বতন্ত্ৰ সংস্থাক দিয়াৰ পোষকতা কৰিছিল।
চি বি আইৰ দৰে সংস্থাক ইয়াৰ তদন্তৰ দায়িত্বভাৰ প্ৰদান কৰি অভিযুক্ত লোক আৰু ইয়াৰ সৈতে জড়িত চৰকাৰী বিষয়াক কঠোৰ শাস্তি প্ৰদানৰ বাবে তেওঁ পৰামৰ্শ দিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে, এই তদন্তৰ বাবে বহু যাৱতীয় তথ্য নাপালে তেওঁলোকে। আনকি নেছাক (NESAC)ৰ দৰে চৰকাৰী প্ৰতিষ্ঠানক এই অবৈধ কয়লাখননৰ চেটেলাইট মেপিঙৰ দায়িত্ব দিছিল। সেয়াও তদন্তৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত দাখিল কৰা নহ'ল।
তদন্ত কমিটিখনে সন্দেহ কৰা মতে কোনো পক্ষক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে ইচ্ছাকৃত ভাৱে এই কাম কৰা হৈছিল। তেওঁলোকে লগতে উল্লেখ কৰিছে যে, ইমান বৃহৎ অবৈধ খনন কোনো চৰকাৰী পক্ষৰ লোক জড়িত নথকাকৈ কৰাটো অসম্ভৱ।
এতিয়া মুখ্যমন্ত্ৰীয়ে দেখিছেনে অবৈধ কয়লাৰ কাৰবাৰ?
ইমানৰ পাছতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত হৈ থকা অবৈধ কয়লাৰ খনন আৰু কয়লাৰ চিণ্ডিকেট দেখা পাইছেনে। ল'ব পাৰিবনে তেওঁ, এই চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা? শূণ্য চিণ্ডিকেটৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে এবাৰ উমৰাংছু অথবা লিডু, মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিবোৰ এবাৰ নিজ চকুৰে চাই আহক।
হয়তো তেওঁ এতিয়া দিছপুৰৰ পৰা ৰিণিকি ৰিণিকিহে দেখিছে এই অবৈধ কয়লা খননবোৰ। দেখিও নেদেখা ভাওঁ ধৰে বিভিন্ন কাৰনত। কয়লাৰ বেপাৰ এতিয়া ভাল বেপাৰ। এই বেপাৰৰে জড়িত লোকসকল ক্ষমতাশালী আৰু ধনৱন্ত।
কোন, ক'ত, কেনেকৈ মেনেজ হৈ আছে তাৰ উৱাদিহ নাই। প্ৰত্যক্ষ, পৰোক্ষ সংযোগ বহুস্থানত, বহু সময়ত বিচাৰি পোৱা যায়। তেনে সংযোগৰ বাবেই হয়তো কটকী আয়োগৰ পৰামৰ্শ মানি চৰকাৰে ইয়াৰ তদন্তৰ ভাৰ ইডি বা চিবিআইক দিব পৰা নাই ইমানদিনে !
কিয়নো কেচুঁ খান্দোতেই সাপ ওলোৱা সম্ভাৱনা ১০০শতাংশই আছে। এতিয়া দায়িত্ব মুখ্যমন্ত্ৰীৰ। উমৰাংছুৰ এই কৰুণ কাহিনীৰ পাছত তেওঁৰ সাহস হবনে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ। এনে কেলেংকাৰীৰ দায়িত্ব কোনো স্বতন্ত্ৰ তদন্তকাৰী সংস্থাক দিব? ৰাইজে কিন্তু এতিয়া ভালকৈ দেখিছে ৰাজ্যত কেনেকৈ চলিছে অবৈধ কয়লা খনন আৰু ইয়াৰ চিণ্ডিকেট...