মৃদুল কুমাৰ সন্দিকৈ
অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছবোৰ এতিয়া অতীত। ৰঙা বাছবোৰৰ চিনাকি আছিল এটা কলা ৰঙৰ গঁড়ৰ প্ৰতীক। বাছবোৰত অংকন কৰি থোৱা সেই গঁড়টোনো কোনে আঁকিছিল সৰহভাগ মানুহে জনা নাছিল। ১৯৭১ চনত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে এটা প্ৰতীক চিহ্ণৰ প্ৰয়োজন হৈছিল।
বহুতে তেনে প্ৰতীক চিহ্ণ আঁকি জমা দিছিল। সেইবোৰৰ মাজৰ পৰা চৌকত আলী নামৰ এ এছ টি চিৰে কৰ্মচাৰীজনে অঁকা গঁড়ৰ প্ৰতীকটো সেই সময়ৰ এ এছ টি চি সঞ্চালক ভবেন হাজৰিকাই নিৰ্বাচিত কৰিছিল। তাৰ পাছৰে পৰাই এই গঁড়ৰ প্ৰতীকটো এ এছ টি চিৰ প্ৰতীক হৈ ৰঙা বাছবোৰ, এ এছ টি চিৰ কাৰ্যালয়, হৰ্ডিং- বেনাৰত জিলিকি ৰৈছিল।
এই প্ৰতীক চিহ্ণ অঁকা মানুহজনক এ এছ টি চিৰ তেতিয়াৰ সঞ্চালক ভবেন হাজৰিকাই ১০১ টকা পুৰস্কাৰ দিছিল। তাৰ পাছত সেয়া ইতিহাস হৈ ৰৈ গৈছিল। নিজকে আঁৰত ৰখোৱা মানুহজনে কেতিয়াও সেইবোৰ কথা আনক কোৱা নাছিল। জনা দুই- একে কথাবোৰ সুধিলে সেয়া তেওঁ অঁকা বুলিয়েই কৈ কথা সামৰিছিল।
৮ নৱেম্বৰ ২০২৫। নিশা ২-০০ বজাত আহিছিল এটা দুঃখবৰ। তেজপুৰৰ বাসভৱনত চিৰনিদ্ৰা লৈছিল চৌকত আলীয়ে। সেই এ এছ টি চি গঁড়ৰ প্ৰতীক চিহ্ণ অঁকা চিত্ৰশিল্পীজনে। বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰি তেওঁ ৰং- তুলিকা হাতত তুলি লৈছিল।
এ এছ টি চিত তেওঁ যোগদান কৰাৰ আঁৰতো আছিল আন এক কাহিনী। তেতিয়া এ এছ টি চি হোৱাই নাছিল। আছিল আসাম ট্ৰেন্সপৰ্ট। পৰিবহণ বিভাগত তেওঁক নিযুক্তি দিয়া হৈছিল খেলৰ বাবে। চৌকত আলী আছিল এজন ভাল ফুটবল খেলুৱৈ।
মহাৰাণা ক্লাৱৰ হৈ তেওঁ ফুটবল খেলিছিল। ৪০ৰ দশকৰ কথা এয়া। ১৯৪৮ চনত বিহাৰত ইয়ং ইউনিয়ন কাপ ফুটবল প্ৰতিযোগিতা হৈছিল। সেই প্ৰতিযোগিতাত জয়ী হৈছিল অসম। অসমৰ দলটোৰ গলকীপাৰ আছিল চৌকত আলী।
কেৱল ফুটবলেই নে তেওঁ খেলিছিল হকীও। অসমৰ প্ৰথমটো হকী দল গঠন কৰিছিল আৰু ইয়াৰ অধিনায়কৰ দায়িত্ব লৈছিল চৌকত আলীয়ে। নাম দিছিল কোহিনুৰ। খেলুৱৈৰ তেতিয়া বিৰাট দিমান। ১৯৪৮ চনত তেওঁ অসম পৰিবহণত মেকিনিক হিচাপে যোগদান কৰিছিল।
খেলতে মগ্ন হৈ পৰিছিল তেওঁ। ১৯৫৯ চনত তেওঁক বদলি দিয়া হৈছিল তেজপুৰলৈ। তেজপুৰতে তেওঁ ৰৈ গল, তাৰেই বাসিন্দা হৈ পৰিল। কিন্তু তেওঁৰ জন্ম হৈছিল ১৯২৪ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীত। আঠগাঁৱত আছিল তেওঁলোকৰ মূল ঘৰ।
খেল-চিত্ৰ- শিল্পৰ লগতে আগুৱাই নিছিল তেওঁ অভিনয়। বহুকেইখন অসমীয়া ছবিৰ তেওঁ আছিল অভিনেতা। মাটিৰ স্বৰ্গ, সৰাপাত, ৰঙা পুলিচ, নিমিলা অংক, স্মৃতিৰ পৰশ আদি ছবিত তেওঁ কৌতুক অভিনয় কৰিছিল।
আৰ্য নাট্য মঞ্চৰ সৈতেও তেওঁ জড়িত আছিল। স্কুলত থাকোতেই সোণাৰাম হাইস্কুলৰ ফুটবল দলৰ তেওঁ আছিল নিৰ্ভৰযোগ্য গলকীপাৰ। বিচিত্ৰ জীৱনৰ গৰাকী আছিল চৌকত আলী। ১৯৮৩ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ লৈছিল। আৰু এবছৰ কাম কৰিম বুলি কোৱাত ১৯৮৪ত আনুষ্ঠানিক বিদায় লৈছিল এ এছ টি চিৰ পৰা।
তাৰ পাছত তেজপুৰৰ বাসগৃহত সময় অতিবাহিত কৰিছিল তেওঁ। ১০৩টা বসন্ত গৰকাৰ পাছত গুচি গ’ল তেওঁ ৮ নৱেম্বৰ ২০২৫ত। কোনো দিনেই স্বীকৃতি নিবিচৰা মানুহজনক বিচাৰি নগল কোনেও। আনকি শিল্পী পেন্সনৰ পৰাও তেওঁক বঞ্চিত কৰা হল। ৪০,০০০ টকাৰ এককালীন শিল্পী সাহাৰ্য দিয়েই দায়িত্ব সামৰিলে।
এ এছ টি চিৰ বহু অনুষ্ঠান হ’ল। তেওঁক মনত পেলাবলৈ আহৰিয়েই নাপালে পৰিবহণ নিগমেও। কোন আছিল চৌকত আলী, নাজানো আমি। এইজনেই আছিল চৌকত আলী- বৰ্ণাঢ্য জীৱনৰ গৰাকী। চিত্ৰশিল্পী, খেলুৱৈ, অভিনেতা আদি সকলো আছিল, কেৱল নাছিল চৰ্চাত...