/asomiyapratidin/media/media_files/2025/12/02/ap-for-web-new-bikhekh-lekha-12-2025-12-02-12-33-19.jpg)
মৃদুল কুমাৰ সন্দিকৈ
স্বৰ্গদেউ! এতিয়া আপুনিয়েই আমাৰ স্বৰ্গদেউ। আপোনাক ক'ব বিচাৰিছো আন এজন স্বৰ্গদেউৰ কথা। তেওঁ আছিল অসমৰ প্ৰথমজন স্বৰ্গদেউ। গণতান্ত্ৰিক ব্যৱস্থাৰে গঠিত শাসন ব্যৱস্থাত তেওঁ ৰাজ্যৰ ক্ষমতা লোৱা নাছিল যদিও গণতান্ত্ৰিক প্ৰমূল্যবোধক তেওঁ সন্মান কৰিছিল। প্ৰজাৰ বাবে আছিল তেওঁৰ ৰাজনীতি। সাতৰাজ মাৰি এক ৰাজ কৰিছিল।
অসমীয়া জাতিৰ বুনিয়াদ গঢ়িছিল তেওঁ। নাম চাওল্যুং চ্যুকাফা। থানবান হৈ থকা বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আজিৰ অসমীয়া জাতিৰ সপোন দেখিছিল তেতিয়াই। বৰ্তমানৰ ৰাজনীতিৰ পাকচক্ৰত জাতি-জনগোষ্ঠীসমূহৰ মাজত বিভেদৰ বীজ ৰোপণ কৰাৰ বিপৰীতে চুকাফাই এক সমন্বয়ৰ দৃষ্টান্ত গঢ়িছিল। কিন্তু এতিয়া সেই আদৰ্শ আৰু নীতি ক'ত?
এটা দিন উদযাপন কৰা হয় তেওঁৰ নামত। অনুভৱহে কৰা নহয় তেওঁৰ আদৰ্শক। তেওঁ এক কৰিছিল আৰু এতিয়া ভাগ কৰা নীতিৰে চলোৱা হয় শাসন। ক্ষমতা তেওঁ বিকেন্দ্ৰীভূত কৰিছিল, এতিয়া হস্তগত কৰি নিজৰ হাতত সকলো ক্ষমতা ৰখাই থোৱা হয়। তেওঁ আছিল আহোমৰ ৰাজপ্ৰতিনিধি। যি আহোম সকল আছিল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিন পূৱ এচিয়াৰ বৃহৎ জাতিৰ এটি শাখা ।
নতুন ৰাজ্যৰ সন্ধানত চ্যুকাফাই স্বদেশ এৰি অহা সময়ত লগত আনিছিল ইষ্ট দেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনি গৰাকী ৰানী, দুজন পাত্ৰ মন্ত্ৰী, পাচজন কোঁৱৰ, চাৰিজন ৰাজ পুৰোহিত, দুজন বাইলুং। এয়াই আছিল তেওঁৰ মূলধন। আছিল তেওঁৰ সৈতে এহেজাৰ আশী জন সৈনিক,৩০০ ঘোৰা, খাম নামৰ এটা দতাল হাতী আৰু পেং নামৰ এজনী মাখুন্দী হাতী ।
১২২৮ খ্ৰীষ্টাব্দৰ আঘোন মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি- পামত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হৈছিলহি। তাতে এখন নতুন ৰাজ্য স্থাপনৰ পৰিকল্পনাৰে আহোম সকলৰ প্ৰথমখন ৰাজধানী খামজাং নামৰ ঠাইত পাতিছিল। দ্বিতীয় ৰাজধানী নামৰূপত পাতি পুনৰ সেই ৰাজধানী এৰি হাবুঙ নৈৰে উজাই,দিহং নৈৰে ভটিয়াই দিখৌমুখ পাইছিলগৈ ।
শিমলুগুৰিত উপস্থিত হৈ পাহৰীয়া ওখ ঠাই চিনাক্ত কৰি তেওঁ ৰাজধানী পাতিলে পুনৰ । নাম দিলে চে- ৰাই- দয় । অৰ্থাৎ চৰাইদেউ । চে মানে নগৰ,ৰাই মানে জিলিকি থকা, দয় মানে পৰ্বত। চ্যুকাফা আছিল টাই মংগোলীয় ভাষাৰ কৃষ্টিৰ বাহক । কিন্তু তেওঁ নিজৰটোকে ধৰি নাথাকিল । থলুৱা ভাষা,কৃষ্টি,সংস্কৃতিৰ সমন্বয় ঘটাই তেওঁ অসমীয়া জাতিৰ বৰভেটি নিৰ্মাণ কৰিছিল এনেকৈয়ে।
সেইজন স্বৰ্গদেউৰ আদৰ্শ আৰু নীতি এতিয়া নাই। ধৰ্ম-সম্প্ৰদায়ৰ বিভাজনেৰে ক্ষমতা দখলৰ প্ৰতিযোগিতাত নামে আজিৰ তথাকথিত স্বৰ্গদেউ সকলে। চ্যুকাফাই কিন্তু সেই সময়ৰ মৰাণ,কছাৰী,বৰাহী, নগা, চুতীয়া সকলো জাতি জনগোষ্ঠীক একলগ কৰি সকলোকে ৰাজ ৰাজ্যৰে জড়িত হোৱাৰ সুযোগ তেওঁ দিছিল।
ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছিল তেওঁ। বুজিছিল কাৰোবাক দমন কৰাতকৈ মিত্ৰতাৰে তেওঁলোকক স-সন্মানেৰে বুকুৰ মাজত আকোৱালি লৈ এক শক্তিশালী ৰাজ্য গঠন কৰিব পাৰি। সেইটোকে কৰিছিল চ্যুকাফাই। যুদ্ধৰ সলনি মন জয় কৰিবলৈ চেষ্টা কৰিছিল তেওঁ।
সেই বিশ্বাস আৰু আস্থাই আহোম ৰাজ্যৰ স্থায়িত্বৰ অন্যতম কাৰণ আছিল। যাৰ বাবে ৬ শ বছৰ ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল আহোমসকল। ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰৰ দিনটোতেই চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থৈছিলহি বুলি বিশ্বাস কৰা হয়। সেই ঐতিহাসিক দিনটোক চিৰ স্মৰণীয় কৰিবৰ বাবে ১৯৭২ চনতেই ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে চুকাফা দিৱস উদযাপন কৰা প্ৰসংগ প্ৰথম উত্থাপন কৰিছিল।
এই ব্যক্তিগৰাকীৰ মহৎ প্ৰচেষ্টাৰ ফলতেই ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰক চ্যুকাফা দিবস বা অসম দিৱস উদযাপন কৰি অহা হৈছে। কেৱল চ্যুকাফা দিৱসে উদযাপন হয় এতিয়া। তেওঁৰ আদৰ্শ আৰু প্ৰমূল্যবোধৰ বিশ্লেষণ যি ধৰণে শাসক গোষ্ঠী আৰু সমাজে কৰিব লাগিছিল সেয়াহে কেতিয়াও হোৱা নাই। এতিয়া স্বৰ্গদেউ সকলৰ ৰাজনৈতিক বিচাৰত অভাৱ সমন্নয় আৰু সংমিশ্ৰণৰ চিন্তা-ধাৰা।
তাৰ বিপৰীতে আহোম স্বৰ্গদেউ সকল আছিল উদাৰ আৰু দূৰদৃষ্টি সম্পন্ন । তেওঁলোকৰ বন্ধুত্বপূৰ্ণ মনোভাৱ,জাতি গোষ্ঠীৰ প্ৰতি আন্তৰিকতা, সুনিপুন আত্মৰক্ষা কৌশলে অসমীয়া জাতিৰ ভেটি শক্তিশালী কৰি তুলিছিল। যিটো এতিয়াও প্ৰয়োজন আছে। কেৱল বুজিও নুবুজে আধুনিক স্বৰ্গদেউ সকলে। যি ইচ্ছা তেওঁলোকে তাকেই কৰিব খোজে। গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাত তেওঁলোক হৈ পৰিছে একো একোজন ৰজা।
চ্যুকাফাৰ জন্ম হৈছিল চেন চেতত চাও তাই পঙৰ কাৰেঙত । ১১৮৬ খ্ৰীষ্টাব্দত উত্তৰ ব্ৰহ্মদেশৰ চিউলি নদীৰ পাৰত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম আছিল খুত্যাংখাঙ্গ আৰু মাতৃৰ নাম ন্যাঙ্গ কুমাৰী । চাওলুং চুকাফা সন্দৰ্ভত বিশিষ্ট বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই "আহোম দিন" গ্ৰন্থত এই দৰে লিখিছিল- ন ভাত খাই নাকুৰি দেওৰ ওচৰৰ সৰু পৰ্বত খনিতেই চুকাফাই নগৰ কৰি থাকিল । আত পাচে বৰাহী বোৰে আলচী শাক পাত খৰি যোগান দিবলৈ ধৰিলে আৰু বোলে ই সকল আনৰ বঙহৰ নহয়,দেও মানুহ বুলি যি কয় সেয়ে হয় ।"
আজি স্বৰ্গদেউ সকলৰ কথা বৰ্তমানৰ ইতিহাস লিপিবদ্ধ কৰা সকলে লিখিব লাগিব এইদৰে- তেওঁ আছিল অসমৰ মুখ্যমন্ত্ৰী। শাসন কৰিছিল অসম ৰাজ্য। সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰি ঘৃণা আৰু বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰিছিল। সফল হৈছিল ধৰ্মীয় বিভাজনৰ নীতিৰে অসমৰ সমন্নয় ইতিহাস মচি এজন ফেচিষ্ট ৰূপত নিজক প্ৰতিষ্ঠা কৰাত।
অসমৰ ইতিহাসৰ এহেজাৰো অধিক কালছোৱাৰ শ্ৰেষ্ঠ আৰু অদ্বিতীয় ৰাজনীতিবিদ কিন্তু চাওল্যুং চ্যুকাফা। তেওঁ তেতিয়াই আত্মনিৰ্ভৰশীলতা,স্বচ্ছতা আৰু জাতীয় অৰ্থনীতি বুনিয়াদ গঢ়াৰ প্ৰয়াস কৰিছিল। বিজ্ঞানসন্মত বাৰী স্থাপনত গুৰুত্ব দিছিল আহোম স্বৰ্গদেউ সকল। স্বকীয় ৰণকৌশলেৰে পৰাক্ৰমী মোগলক ভেটিছিল। লোকপিয়ল আৰম্ভ কৰিছিল।
কাম-বন নকৰা ধোদক নি ধোদৰ আলি বনাইছিল। নদন-বদন আছিল অসমীয়া গ্ৰাম্যসমাজ। ঘৰৰ পুখুৰীত মাছ,বাৰীত তামোল-পাণ,পথাৰত ধান সকলো আছিল। এতিয়াৰ স্বৰ্গদেউ সকলে জোৰ দিয়ে বিনামূলীয়া চাউল,ভোটৰ আশাত প্ৰদান কৰে ধন,কৰ্মঠ জাতি এটাক পংগু কৰিবলৈ সকলোখিনি কৰি গৈছে তেওঁলোকে। তেতিয়াৰ স্বৰ্গদেউ আৰু এতিয়াৰ স্বৰ্গদেউৰ মাজত আকাশ-পাতাল পাৰ্থক্য।
চাওল্যুং চ্যুকাফা প্ৰয়োজনত আছিল অতি কঠোৰ । তেওঁৰ আছিল সাংগঠনিক আৰু ৰাজনৈতিকভাৱে দক্ষ তথা অভিজ্ঞ। যি দক্ষতাই তেওঁৰ প্ৰতি থলুৱা লোক সকলৰ মনত বিশ্বাস গঢ় লৈ উঠিছিল । ১২৬৮ খ্ৰীষ্টাব্দত ৮২ বছৰ বয়সত চ্যুকাফাৰ মৃত্যু হয় । শেষ জীৱনলৈকে তেওঁ আছিল সম্পূৰ্ণ কাৰ্যক্ষম । আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি তেওঁ ৪০ বছৰ শাসন কৰিছিল ।
চ্যুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ চুতেউফা আহোম ৰাজপাটত বহিছিল। চ্যুকাফাৰ দৰে তেওঁ আছিল বন্ধুত্বমূলক নীতিৰে ৰাজপাট চলাব বিচৰা এজন স্বৰ্গদেউ । তেওঁ বন্ধুত্ব ভাবেৰে নৰা ৰজালৈ আহোম কটকী পঠাইছিল । নৰা ৰজাইও তেওঁক ভাতৃ জ্ঞান কৰিছিল।
চ্যুকাফাৰ কুটনীতিক কৌশল মন কৰিব লগীয়া । সেই কৌশল শিকিছিল তেওঁৰ পুত্ৰইও। আহোম যুগৰ পৰৱৰ্তী স্বৰ্গদেউ সকলে তেনে কুটনীতিক নীতি অনুকৰন কৰি ৬০০ বছৰ ৰাজত্ব কৰাতো বিশ্বৰ ইতিহাসতেই বিৰল ।
চ্যুকাফাৰ ৰাজনৈতিক প্ৰমূল্যবোধত আছিল সু-শাসন আৰু জনসাধৰনৰ প্ৰতি দায়িত্ববোধৰ প্ৰতিফলন । তেওঁ দিনত কৃষিৰ প্ৰণালী,থলুৱা কৃষ্টি-সংস্কৃতিক উৎসাহিত কৰা, ভাল বোৰ গ্ৰহণ কৰিব পৰা দক্ষতা আৰু উদাৰতা আজি ৰাজনৈতিক দৃষ্টিকোণেৰেও গুৰুত্বপূৰ্ণ বিবেচিত হৈ আহিছে ।
চ্যুকাফাই গঢ়া সেই আহোম ৰাজ্য এতিয়া নাই। বৰ অসমৰ সপোন তেওঁ দেখিছিল। বৃহৎ অসমীয়া জাতি আজি থানবান হৈ যোৱাৰ পথত। সেই সময়তে চ্যুকাফাৰ আদৰ্শ আৰু চিন্তা চেতনা হৃদয়ংগম কৰাৰ প্ৰয়োজন হৈছে। কেৱল ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত এটা দিনত চ্যুকাফা দিৱস উদযাপন কৰাতেই আমাৰ দায়িত্ব শেষ হ'ব নোৱাৰে।
তেওঁৰ উপলব্ধি আৰু অসমীয়া জাতিক সমৃদ্ধশীল কৰাৰ লক্ষ্য এই দিৱসতে পূৰণ কৰাৰ বাবে সচেতন হোৱাৰ সময় এইয়া। লাংকুৰি দেওশালত স্বৰ্গদেউ চ্যুকাফাৰ সমাধিত বন গজিছে। সেইবোৰ চাওতা কোনো নাই। কথাই কথাই বীৰ লাচিতৰ কথা কোৱা বা আহোমৰ বিক্ৰমৰ উদাহৰণ দিয়া সকলে অনুধাৱন কৰা উচিত চ্যুকাফাই কি বিচাৰিছিল?
কি আদৰ্শৰে তেওঁ অসমীয়া জাতিক আগুৱাই নিবলৈ সপোন দেখিছিল? বৰ্তমানৰ স্বৰ্গদেউ সকলে পঢ়ক সেই ইতিহাস। বুজক সেই চ্যুকাফাৰ বহল দৃষ্টিভংগীৰ মাজত সোমাই থকা প্ৰজাৰ প্ৰেম আৰু দায়িত্ববোধ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us