এজন ছাত্ৰই ফোন কৰিছিল বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভালৈ। ফোনতে ছাত্ৰজনে কৈছিল- তেওঁ বহু কেইজন অসমীয়াৰ মহৎ লোকৰ জীৱনী পঢ়িছে। বিষ্ণু ৰাভাৰ জীৱনীও সেই সকলৰ ভিতৰত অন্যতম। কিন্তু শেহতীয়াকৈ তেওঁ এখন পাঠ্যপুথিত বিষ্ণু ৰাভা সন্দৰ্ভত তেওঁ কিছু কথা নতুনকৈ পাইছে।
ছাত্ৰজনে লগতে হেমৰাজ ৰাভাক সুধিলে- তেওঁ পঢ়া পাঠ্যপুথিখনত থকাৰ দৰে ১৯৫৮ চনত ৰাভাই সংগীত নাটক একাডেমী বঁটা, ১৯৬১ত পদ্মশ্ৰী সন্মান, ১৯৫৭ত ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ, ১৯৬৯ চনত অসম উপত্যকা বঁটা পাইছিল নেকি ?
বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই কথাখিনি শুনি অবাক হৈ ক’ত এই তথ্যবোৰ পাইছে জানিবলৈ বিচাৰিলে। ছাত্ৰজনে তেওঁলৈ এই পাঠ্যপুথিত উল্লেখ থকা কথাখিনি এখন ফটো মাৰি পঠাই দিলে। হেমৰাজ ৰাভায়ো কথাখিনি পঢ়ি আচৰিত হোৱাই নহয়, এনে এক ভুল কেনেকৈ হ’ব পাৰে বুলি সামাজিক মাধ্যমত এটা সৰু লিখনি লিখি কিতাপখনৰ সেই পৃষ্ঠাটোৰ ফটোসহ আপলোড কৰিলে।
এই কথাখিনিয়ে সামাজিক মাধ্যমত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিলে। তেতিয়ালৈকে কিতাপখনৰ নাম আৰু পৃষ্ঠাৰ বাদে হেমৰাজ ৰাভায়ো আন বিশেষ তথ্য লাভ কৰা নাছিল। ছাত্ৰজনক কিতাপখনৰ বিষয়ে সবিশেষ জনাবলৈ অনুৰোধ কৰি তেওঁ ফোন কৰিলে।
পৰৱৰ্তী সময়ত বিষ্ণু ৰাভাৰ সন্দৰ্ভত এনে ভুল আৰু অবান্তৰ তথ্য প্ৰকাশ কৰা কিতাপখনৰ সবিশেষ এজন সাংবাদিকৰ সহযোগত হেমৰাজ ৰাভাই পালে। কিতাপখনৰ নাম- “ মানৱিক বিদ্যা আৰু সমাজ বিজ্ঞান- ১ : আধুনিক অসমৰ নিৰ্মাতা।“ কিতাপখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪বছৰীয়া স্নাতক পাঠ্যক্ৰম ( FYUGP) প্ৰথম ষাণ্মাষিকৰ বাধ্যতামূলক বহুমুখী পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা।
পাণবজাৰৰ সূৰ্য প্ৰকাশে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অনুসৰি এই পাঠ্যক্ৰমৰ পাঠ্যপুথিখন প্ৰকাশ কৰিছিল। এইখনৰ প্ৰস্তুতৰ দায়িত্বত আছিল- কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ইমৰান হুছাইন, দমদমা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ দীক্ষিতা বুঢ়াগোঁহাই আৰু ভোলানাথ কলেজ, ধুবুৰীৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ড০ ইব্ৰাহীম আলী মণ্ডল।
এই ৩জন দায়িত্বশীল অধ্যাপকে ছাত্ৰ- ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা এই কিতাপখনৰ ৫৩ নম্বৰ পৃষ্ঠাত বিষ্ণু ৰাভাই লাভ কৰা কেইটামান উল্লেখযোগ্য স্বীকৃতি আৰু বঁটাৰ সন্দৰ্ভত আগবঢ়ালে এই অদ্ভূদ তথ্য। বিষ্ণু ৰাভা আছিল সৈনিক শিল্পী। ৰজাঘৰৰ আশীৰ্বাদ আৰু সন্মান তেওঁ কেতিয়াও বিচৰা নাছিল আৰু তেওঁক চৰকাৰে সেয়া যঁচাও নাছিল।
কঁকালত ৰচিৰে বান্ধি এই সংগ্ৰামী শিল্পীজনক বৰং ৰজাঘৰে ৰাজপথেৰে টানি নি অত্যাচাৰহে চলাইছিল। মানৱতা আৰু দৰিদ্ৰজনৰ পক্ষত থাকি ওৰেটো জীৱন সংগ্ৰামৰ বাটেৰে তেওঁ বাট বুলিছিল। সেইজন ৰাভাৰ বিষয়ে এনে দায়িত্বহীন লেখা প্ৰস্তুত কৰা সকল কিমান অজ্ঞ সেয়াও এক বিচাৰ্য বিষয়।
কিয় এনে ভুল কৰিলে প্ৰকাশকে ? কিয় এনে ভুল কৰিলে প্ৰস্তুতকৰ্তাসকলে ? ক’ত পালে তেওঁলোকে এইবোৰ তথ্য ? এয়াতো ক্ষমনীয় ভুল নহয়। ছাত্ৰ- ছাত্ৰীৰ নামত প্ৰকাশক, লিখকে চলোৱা ব্যৱসায়ৰ নমুনা এয়া। বিষ্ণু ৰাভাৰ সন্দৰ্ভতে যদি এনে দশা হয়, তেনেহ’লে তেওঁলোকে আনবোৰ বিষয়ত কি কৰি দিব পাৰে তাৰ অনুমানেই কৰিব নোৱাৰি।
সূৰ্য প্ৰকাশৰ স্বত্বাধিকাৰ মনোৰঞ্জন মালাকাৰক সুধিলো- কিয় এনে হ’ল ? তেওঁৰ উত্তৰ আছিল- যি কেইজন অধ্যাপকে এই লেখা প্ৰস্তুত কৰি দিছিল, তেওঁলোকে হয়তো ক’ৰবাত এই তথ্য পাইছিল। তেওঁ লগতে জনালে- কিতাপখন প্ৰথম ছপাশালৰ পৰা ওলাইছিল ২০২৩ চনত। এই কিতাপৰ কিছু সংখ্যক কপি স্পেছিমেণ্ট কপি হিচাপে কেইবাখনো কলেজলৈ প্ৰেৰণ কৰা হৈছিল। মালাকাৰৰ মতে পৰৱৰ্তী সময়ত কিতাপখনত থকা সেই ভুল দৃষ্টিগোচৰ হোৱাত কিতাপখনৰ প্ৰচলন বন্ধ কৰি দিয়া হয়। তেওঁৰ দাবী- কিতাপখন কোনো ছাত্ৰ- ছাত্ৰীৰ হাতত পৰাৰ আগতেই ছপাশালৰ পৰা অহা ৫০০ কপি নষ্ট কৰি দিয়া হয়।
যদি মালাকাৰৰ কথাখনি সঁচা, তেনেহ’লে কেনেকৈ এজন ছাত্ৰৰ হাতত পৰিলগৈ এই কিতাপখন ? যিজন ছাত্ৰই সেই কথাখিনি পঢ়ি তাৰ সত্যতা নিৰূপণ কৰিবলৈ বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভালৈ ফোন কৰিছিল। প্ৰকাশকে প্ৰেৰণ কৰা স্পেচিমেণ্ট কপি পঢ়ি কোনো এখন কলেজৰ এজন অধ্যাপকেও এই ভুল ধৰিব পৰা নাছিল নে ?
প্ৰকাশকৰ পাছত এই গ্ৰন্থ প্ৰস্তুতৰ সৈতে জড়িত নৱজ্যোতি মহাবিদ্যালয় কলগাছিয়াৰ সহকাৰী অধ্যাপক ইমৰান হুছাইনক সোধা হৈছিল- আপুনি এনে তথ্য ক’ত পাইছিল ? ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক (অংশকালীন) হৈও ৰাভাৰ বিষয়ে আপুনি ইমানেই নেজানে নে ?
এই গ্ৰন্থ প্ৰস্তুত কৰিবলৈ গুৰু দায়িত্ব দিয়া আছিল তেওঁৰ হাতত। ইয়াক টেকনিকেল ভুল বুলি উল্লেখ কৰি ইয়াৰ বাবে অসমবাসী আৰু বিষ্ণু ৰাভাৰ পৰিয়ালৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰিলে হুচাইনে। ক’ত তেওঁ এই তথ্য পাইছিল, সেয়া হেনো তেওঁ পাহৰিলে।
বিষ্ণু ৰাভাৰ এই অধ্যায়ৰ মহান লিখকজন কোন আছিল সেই কথাও তেওঁৰ মনত নাই। অৱশ্যে ভুলটো স্বীকাৰ কৰি কিতাপখনৰ প্ৰচলন বন্ধ কৰি দিয়াৰ কথা তেওঁ উল্লেখ কৰিলে। এয়াই এতিয়া আমাৰ সমাজত একাংশ শিক্ষক, প্ৰকাশকৰ নমুনা।
এই খবৰ ভাইৰেলৰ বাবে চৌদিশে বিয়পি পৰিল। তাৰ মাজতে আকৌ একাংশই এনে ভুল কৰা মূল কিতাপখনৰ সলনি ভুলতে সমালোচনাৰ লক্ষ্য কৰি ল’লে আন এখন কিতাপক। সেইখনো এই পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা প্ৰশ্ন আৰু উত্তৰ সন্নিৱিষ্ট মডেল। যিখনৰ সম্পাদনাৰ দায়িত্ব আছিল বেদান্ত হাজৰিকা, অসীম দত্ত আৰু অঞ্জলি ডেকা।
ভুলতে এই মডেলখনৰ বেটুপাতসহ সামাজিক মাধ্যমত ৰাভাৰ সন্দৰ্ভত ভুল তথ্য প্ৰকাশ পোৱা বুলি যি খবৰ বিয়পি পৰিল সেই খবৰৰ বাবে এই মডেলখনৰ প্ৰকাশকেও সামাজিক মাধ্যমত স্পষ্টীকৰণ দিব লগা হ’ল। ক’ব লগা হ’ল দায়িত্বশীল বুলি ভবা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিকজনেও কিয় সামাজিক মাধ্যমত খৰখেদা কৰি এনে ভুল কৰিলে।
অৱশ্যে সেই ভুল তেৱেঁই নহয়, আন বহুতে কৰিলে কিয়নো এনেবোৰ খবৰ দিয়াৰ এতিয়া প্ৰতিযোগিতা চলে। সত্যতা আৰু কি হৈছিল সেইবোৰ বিচাৰ- বিশ্লেষণ আৰু অনুসন্ধান কৰাৰ প্ৰৱণতা দায়িত্বশীল জনৰো কমি আহিছে।
বিষ্ণু ৰাভা সন্দৰ্ভত এই পাঠ্যক্ৰম প্ৰস্তুত কৰা প্ৰকাশকক হেমৰাজ ৰাভাই ক’ব খোজে- ৰাভাদেৱৰ সংগ্ৰামী জীৱনৰ বৰ্ণিল ইতিহাস বিকৃত নকৰিব। সংশোধন কৰক এই ভুল। লগতে তেওঁ এনে তথ্য দাঙি ধৰা তথাকথিত অধ্যাপক- অধ্যাপিকাসকলক উদ্দেশ্যি ভ্ৰূকূটি কৰি কয়- আমাৰ পৰিয়ালৰ অজ্ঞাতে যদি আপোনালোকে কোৱা এইবোৰ সন্মান বিষ্ণু ৰাভাক দিয়া হৈছিল, তেন্তে তথ্যবোৰ প্ৰকাশ কৰক। ৰাভাৰ অনুপস্থিতিত ৰাভাৰ হৈ আপোনালোক তিনিওৱে চাগৈ এইবোৰ সন্মান গ্ৰহণ কৰিছিল।