/asomiyapratidin/media/media_files/2026/02/18/whatsapp-image-2026-02-18-15-31-31.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
এদিন কবিতা লিখিছিল তেওঁ। তেওঁৰে এটা কবিতা আছিল- দৰ্পচূৰ্ণ। শাসকীয় বিজেপিক আৰু দলটোৰ নেতাক সেই কবিতাৰ মাধ্যমেৰে সমালোচনা কৰিছিল এইজন ৰাজনৈতিক নেতাই।
ইয়াৰ পূৰ্বেও ভূপেন বৰা নামৰ কবিজনে আন কেইবাটাও কবিতাৰ দ্বাৰাই শাসকীয় দলৰ কাম-কাজক উদঙাই ব্যাপক চৰ্চা লাভ কৰিছিল। দৰ্পচূৰ্ণ কবিতাত ভূপেন বৰাই জাতি-মাটি, ভেটি ৰক্ষা কৰিম বুলি কোৱা চৰকাৰক কটাক্ষ কৰি কৈছিল - জাতি-মাটি, ভেটি ৰক্ষাৰ প্ৰচণ্ড শব্দ /বৰগীত খোল তালে হেৰুৱাইছে ছন্দ।
বিজেপি চৰকাৰৰ ক্ষমতাৰ ৰাজহাড় হৈ পৰিছে হিতাধিকাৰী। কবিতাটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ হৈছে বুলি কৈছিল ভূপেন বৰাই। অৰুণোদয় আঁচনিক এই চৰকাৰৰ ক্ষমতাৰ ৰাজহাড় আখ্যা দিছিল।
বিজ্ঞাপনত কোটি কোটি টকা ব্যয়, হেলিকপ্টাৰৰ নামত ধন পানীত পেলোৱা আৰু বশিষ্ঠত নিৰ্মাণ কৰা বিজেপিৰ অত্যাধুনিক কাৰ্যালয়ৰ প্ৰসংগয়ো কবিতাটোত স্থান পাইছিল। কবিতাটোত উল্লেখ কৰা হৈছিল বৰগীতৰ কথা।
অম্লজানৰ অভাৱত বৰগীতে এতিয়া থৰকাচুতি হেৰুৱাইছে। আউসীৰ এন্ধাৰে আৱৰি ধৰিছে বুলি কটাক্ষ কৰিছিল কবি ভূপেন বৰাই। কবিৰ মতে কবিৰ কাণত ভাহি আহিছিল মাজুলীত চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুওৱা তেজস্বীতাৰ সুৰৰ বিননী। শেষত কবিয়ে কৈছিল কুম্ভকৰ্ণৰ নিদ্ৰাত আছে এই চৰকাৰ। জাতি-মাটি, ভেটি ৰক্ষা কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি আজি দৰ্পচূৰ্ণ হৈছে।
ভূপেন বৰাৰ সেই কবিতাটো আছিল এনেধৰণৰ -
জাতি মাটি ভেটি ৰক্ষা প্ৰচণ্ড শব্দ/ বৰগীত খোল তালে হেৰুৱাইছে ছন্দ।।/ উন্নয়নৰ গংগাৰ চলে আনিছে তাণ্ডৱ/ নাৱৰ সৈতে ডুবি গৈছে স্বজাতিৰ বাস্তৱ/ মাজুলীৰ পৰা ধুবুৰীলৈ দেখিছোঁ বছৰেকীয়া জলবলি উৎসৱ।/ অৰুণোদয় হৈছে আজি ক্ষমতাৰ ৰাজহাঁড়/ মামাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ।/ বিজ্ঞাপনত শতকোটি, হেলিকপ্টাৰটো কোটি কোটি/ পদুম আজি বশিষ্ঠত হৈছে গগনচুম্বী/ অম্লজানৰ অভাৱত বৰগীতে হেৰুৱাইছে থৰকাছুটি/ আঁউসী আন্ধাৰে আৱৰি আনিছে/ তেজস্বীতাৰ সুৰৰ বিননী ভাঁহী আহিছে/ কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ মগ্ন/ জাতি, ভেটি ৰক্ষাৰ দর্পচূর্ণ ।।
তুমি অসমীয়া/ তুমি নুবুজিলা/তোমাৰেই অতীতৰ অমিয়া/ কমলাকান্তই লিখিছে কবিতা/ তুমি অসমীয়া/তুমি নুবুজিলা/তোমাৰেই অতীতৰ অমিয়া….ঠিক তেনেকুৱা ধৰণৰে আছিল এই কবিতা। কমলাকান্তই নহয়, কবিতা লিখিছিল ভূপেন বৰাই। তেতিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী হঠাৎ হৈ পৰিছিল কবি।
দেশে ৭৩সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তো ভূপেন বৰাই আন এটা কবিতা লিখিছিল। সেই কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিছু ঘটনাপ্ৰবাহক লৈ। বৰাৰ কবিতাৰ প্ৰতিবাদী ভাষা আছিল শক্তিশালী। সেই ভাষাই মানুহৰ মন সহজতে চুই গৈছিল। ভবা নাছিল কোনেও তেতিয়া, এইজন ছদ্মবেশী কবি, ছদ্মবেশী নেতা।
অসমৰ ৰাজনীতিত কোনো ৰাজনৈতিক নেতাই কবিতা লিখি প্ৰতিবাদ সাব্যস্ত কৰা এয়া আছিল অন্যতম উল্লেখযোগ্য ঘটনা। প্ৰসংগ আছিল নগাঁৱত নিৰপৰাধী ছাত্ৰ নেতাক আৰক্ষীয়ে গুলীবৰ্ষণ কৰা ঘটনাৰ পিছৰ পৰ্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি কৌশলেৰে এই ঘটনাক সাধাৰণ ঘটনা বুলি যুক্তি দৰ্শাবলৈ গৈ একপ্ৰকাৰে আৰক্ষীক ক্লীনশ্বিট দিছিল।
মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানৰ কথা দোহাই তেনে ঘটনাৰ পোষকতাৰে এই জুই জ্বলিছে জ্বলিবই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কবিতাৰে কৈছিল- মুখ্যমন্ত্ৰীয়ে যদি জুই জ্বলাই, তেওঁ ফায়াৰ ব্ৰিগেড হৈ পানী ঢালিব সেই জুইত।
তাৰ পাছতেই সৃষ্টি হৈছিল ভূপেন বৰাৰ আন এটা কবিতা। এই কবিতাৰ নাম আছিল- মই ফায়াৰ ব্ৰিগেড। এটা ৰাজনৈতিক কবিতাৰ সৃষ্টি হৈছিল সেইদিনা। কবি বৰাই লিখিছিল- বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই।/ নিবনুৱাৰ বুকুতো জ্বলিছে জুই, /বুলেট খাই কীৰ্তিকমল আছে শুই।
বৰাৰ কবিতাত উত্থাপিত হৈছিল বহু প্ৰশ্ন- মিজো সীমান্ততো জ্বলি আছে জুই।/ দেখিছিলো তাত চকুৰপানী নৈ।/ জাতি মাটি ভেটি এৰি দিব গৈ,/ মেঘালয়ে আদৰিব বৰপীৰা লৈ।/ গণতন্ত্ৰ আমাৰ মন্ত্ৰ,/ন্যায় সমতা স্বাধীনতা আৰু ভাতৃত্ব/ আজিৰ অসমত সকলো লাঞ্চিত-বঞ্চিত।/ ছেম দীপাঞ্জল বিজেন্দ্ৰ আলিম আৰু ঈশ্বৰেও দেখিলে জুই,/ তেজে ধোৱা পঞ্চ শ্বহীদ দেশমাতৃৰ কোলাত আছে শুই।/
বৰাৰ কবিতাৰ মতে, খৰি ফলাদি জাতি ফালিছে/ দাউদাউকৈ যেন জ্বলিছে জুই/ জাতিৰ মূৰত জ্বলিছে হৃদয়তো জাতিৰ একুৰা জুই।/ " কবিতাৰ মাধ্যমেৰে তেওঁ কৈছিল- চৰকাৰ তই জ্বলাইছ/মই নুমুৱাম/ময়েই ফ্ৰায়াৰ ব্ৰিগেড হৈ পানী ছটিয়াম/ মই জুই নুমুৱাম।।/"
তেওঁৰ কবিতাত ৰাজনীতি আৰু সাহিত্য দুয়োটা দৃষ্টিকোণ আছিল । দেৱকান্ত বৰুৱাই লাচিত বৰফুকনৰ ওপৰত লিখা এটা কবিতা আছিল লাচিত ফুকন। কবিতাটোত বৰুৱাই লিখিছিল- দেশৰ বাতৰি শুনিবানে বীৰ? নিদিওঁ তোমাক ফাঁকি,/তোমাৰ অসম নাই আৰু আজি জঁকাটোহে তাৰ বাকী।/লুইতৰ এই বিশাল পাৰত নাই আৰু অসমীয়া,/মৰি হাজি ঢুকাল সকলো চিনচাব নাইকিয়া।/‘অসমৰ এই কাম্যভূমি’ত চৰিছে গাধৰ পাল,/
বোজা বই বই পৰিল কঁকাল পিঠিৰ ছিগিল ছাল।/তেওতো অকণো কাণসাৰ নাই, কত যে ৰঙেৰে চৰে,/এমুঠি দানৰ কাৰণে সকলো প্ৰভুৰ পিছত লৰে।
এতিয়াও নেতা সকলক সমালোচনা কৰিবলৈ তেতিয়াই দেৱকান্ত বৰুৱাই লিখি থৈ যোৱা মন্ত্ৰীত্বই যাৰ শেষ কল্পনা, এচেম্বলীয়ে যাৰ আশা এই পংক্তিটো আওৰোৱা হয়।
ভূপেন বৰাই কবিতা লিখাৰ পাছত সদায় এক ৰাজনৈতিক ধুমুহা বলিছিল। শাসকীয় পক্ষই তেওঁক বিভিন্ন ধৰণে কবিতা লিখাৰ বাবে সমালোচনাৰে থকা সৰকা কৰিছিল। ৰাজনীতি এৰি কবিতাত ধৰিবলৈ কৈছিল। বৰাই ''হয়, শিল বালিৰ সৈতে খোজ কাঢ়িছো!'' কবিতাটো লিখাৰ পাছতো অনুৰূপ সমালোচনা, ব্যক্তব্য শুনিবলৈ পোৱা গৈছিল।
সেইজন ভূপেন বৰাক লৈ প্ৰতি কবিতা লিখা হৈছিল। আওৰাইছিল সেই কবিতা এজন মন্ত্ৰীয়ে। যি কবিতাৰ শিৰোণাম আছিল- মই কমিচন বৰা। সময় সলনি হয়। যাক খলনায়ক সাজি ভূপেন বৰাই কবিতা লিখিছিল, তেওঁলোকে এতিয়া এই কবিৰ আপোন হ’ল।
ৰাজনীতিত যে কোনো নীতি নাই, সেই কথাই বৰাই প্ৰমাণ কৰিলে শেহতীয়াকৈ। এক আদৰ্শ আৰু বিশ্বাসক নেতৃত্ব দি আগুৱাই নিয়া বুলি ভবা ধাৰণাক তেওঁ মিছা বুলি প্ৰমাণিত কৰিলে। আচলতে মন্ত্ৰিত্ব আৰু ক্ষমতাই তেওঁলোকৰ শেষ লক্ষ্য। সেয়াই চিৰসত্য।
এতিয়া আৰু বৰাই লিখিব নালাগে কবিতা। প্ৰতিবাদী ভাষাৰ সলনি তেওঁৰ কলম আৰু মুখৰ পৰা নিগৰিব প্ৰশস্তিবাণী। খুব বেছি তেওঁ লিখিব পাৰিব দুই- এটা কবিতা। যাৰ শিৰোণাম হ’ব পাৰে গৌৰৱ গগৈ নতুবা ৰকিবুল হুছেইন। অৱশ্যে প্ৰকৃততে কবিতাৰে বাস্তুৱক দাঙি ধৰাসকলে এই সময়ত লিখিব পাৰে এটা কবিতা। সেই কবিতা শিৰোণাম হ’ব পাৰে ছদ্মবেশী বা বিশ্বাসঘাতক....!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us