শেষ : ভূপেন বৰা  !

ধন্য আজি ভূপেন বৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ২০ ফেব্ৰুৱাৰী ২০২৬ শুকুৰবাৰে সাক্ষাৎ কৰি সেই অনুভৱ বৰাই নিজেই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে। অত্যুৎসাহী ভূপেন বৰাই ইয়াকো ক’লে যে, ৩২ বছৰীয়া কংগ্ৰেছত যি সন্মান নাপালে, সেয়া ৩২ ঘণ্টাতে বিজেপিয়ে তেওঁক দিলে।

New Update
WhatsApp Image 2026-02-21 at 2.22.32 PM

মৃদুল কুমাৰ সন্দিকৈ 

ধন্য আজি ভূপেন বৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ২০ ফেব্ৰুৱাৰী ২০২৬ শুকুৰবাৰে সাক্ষাৎ কৰি সেই অনুভৱ বৰাই নিজেই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে। অত্যুৎসাহী ভূপেন বৰাই ইয়াকো ক’লে যে, ৩২ বছৰীয়া কংগ্ৰেছত যি সন্মান নাপালে, সেয়া ৩২ ঘণ্টাতে বিজেপিয়ে তেওঁক দিলে।

কংগ্ৰেছক দুৰ্বল কৰিবলৈ বিজেপিয়ে পোৱা সুযোগটো দিয়াৰ বাবে বৰাক সাময়িকভাৱে পুৰস্কৃত কৰাৰ খবৰ ৰাজহুৱা হৈছে। বিহপুৰীয়াত এইবাৰ ভূপেন বৰাই বিজেপিৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। অসমৰ ৰাজনীতিৰ ইতিহাসত ভূপেন বৰাই কংগ্ৰেছ দল এৰি আন দলত যোগদান কৰা একমাত্ৰ নেতা নহয়।

স্বাভিমানৰ কথা কোৱা ভূপেন বৰাৰ স্বাভিমান আৰু কথাৰ মূল্য কি পৰ্যায়ৰ, সেয়া সাধাৰণ মানুহে উপলব্ধি কৰিব পাৰিছে। এতিয়া বৰাৰ মুখত কেৱল সেইবোৰ পুৰণি কথা, যিবোৰ কেতিয়াও তেওঁ কংগ্ৰেছত থাকোতে কোৱা নাছিল। তেওঁৰ কথাবোৰৰ মাজত তেতিয়া আৰু এতিয়াৰ দৃষ্টিত আকাশ- পাতাল পাৰ্থক্য।

কংগ্ৰেছ এৰিছিল এদিন হিমন্ত বিশ্ব শৰ্মায়ো। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত সেই পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই সময়ত যিসকল কংগ্ৰেছ নেতাৰ ভূমিকাক লৈ প্ৰশ্ন উঠিছিল, সেই সকলৰ তালিকাত ভূপেন বৰাৰ নামো আছিল। 

তেতিয়াও ক্ষমতা আৰু পদবীৰ বাবেই কথমপি তৰুণ গগৈ শিবিৰত ৰৈ গৈছিল ভূপেন বৰা। ২০১৩ৰ ২ এপ্ৰিলত এখন বৈঠক হৈছিল। এই বৈঠকত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে বৰাকৰ মন্ত্ৰী – বিধায়ক আলোচনাত বহিছিল। সেই আলোচনাত ভাগ লোৱা সকলৰ ভিতৰত আছিল- মন্ত্ৰী গৌতম ৰয়, ছিদ্দিক আহমেদ, অজিত সিং, মণিলাল গোৱালা, দীনেশ প্ৰসাদ গোৱালা, ৰুমী নাথ, এনামূল হক, জামালুদ্দিন আহমেদ, কমলাক্ষ দেৱ পুৰকায়স্থ আদি। 

২০১৩ৰ ৩ এপ্ৰিলত অসম বিধানসভাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত তেতিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূবনেশ্বৰ কলিতাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল আন এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি ভূবনেশ্বৰ কলিতাই কৈছিল যে, সংবাদ মাধ্যমৰ ভাষাত চলি থকা বিসম্বাদ নিয়ন্ত্ৰণ হৈছে। 

তাৰ পিছদিনা অসমলৈ আহিছিল কংগ্ৰেছ নেতা দ্বিগবিজয় সিং। লক্ষ্য আছিল- বিসম্বাদ নিবাৰণ কৰা। ৫ এপ্ৰিল ২০১৩ত সিঙে কংগ্ৰেছ বিধায়কসকলক সাক্ষাৎ কৰি মতামত লৈছিল। সেই দিনা সন্ধিয়াই খবৰ অনুসৰি গ্ৰীণউড ৰিজ’ৰ্টত বিসম্বাদী নেতা- মন্ত্ৰীয়ে ২০৬ নং কোঠাত দ্বিগবিজয় সিঙক সাক্ষৎ কৰি কথা পাতিছিল। 

তেতিয়াই ২৪ এপ্ৰিল ২০১৩ত ভূপেন বৰাক ৰাহুল গান্ধীয়ে দিল্লীলৈ কিয় মতাই নিছিল আৰু কি কথা পাতিছিল, সেই কথাবোৰ আঁৰতে ৰৈ গৈছিল। পৰৱৰ্তী সময়ত বিসম্বাদীসকলে ৰাজ ভৱনলৈ যাত্ৰা কৰিছিল। ২০১৪ৰ ২১ জুলাইত আছিল এই ৰাজভৱন যাত্ৰা। 

তাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত সেই সময়ত বিসম্বাদৰ পৃষ্ঠপোষকতা কৰা কংগ্ৰেছ বিধায়কসকলে অংশ লৈছিল। 

ৰাজ ভৱন যাত্ৰাত হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়া সকলৰ ভিতৰত আছিল ডা০ অৰ্ধেন্দু কুমাৰ দে’, ৰেকিবুদ্দিন আহমেদ, ছিদ্দিক আহমেদ, পল্লৱলোচন দাস, কমলাক্ষ দেৱ পুৰকায়স্থ, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰীকা, ৰাজেন বৰঠাকুৰ, আবু তাহেৰ বেপাৰী, শিৱ চৰণ বসুমতাৰী, আবুল চক্ৰৱৰ্তী, ৰামেশ্বৰ ধানোৱাৰ, ইলিয়াছ আলী, বলিন চেতিয়া, প্ৰদান বৰুৱা, ৰাজু চাহু, বিনন্দ শইকীয়া, গীৰিন্দ্ৰ মলিক, সুমিত্ৰা পাটিৰ, কৃপানাথ মাল্লা, আৰ পি সিং, গৌতম বৰা, জামালুদ্দিন আহমেদ, মান সিং ৰংপি, হেমন্ত তালুকদাৰ, ৰূপজ্যোতি কুৰ্মী আৰু জাভেদ আহমেদ।

সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীলৈ পদত্যাপ পত্ৰও প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত দেখা গ’ল- বিজেপিত যোগদান কৰাৰ পাছত পূৰ্বৰ কংগ্ৰেছ নেতাসকলক তেওঁ আনি বিজেপিত সংস্থাপিত কৰিলে। বিজেপিৰ ভিতৰচ’ৰাতে ন- বিজেপি আৰু পুৰণি বিজেপিৰ দুটা শিবিৰত বিভক্ত হ’ল। 

ৰাজনৈতিকভাৱে চতুৰ আৰু পূৰ্বানুমান কৰিব পৰা হিমন্ত বিশ্ব শৰ্মাৰ এই আগ্ৰাসন আজিলৈকে অৱ্যাহত থাকিল। শেহতীয়াকৈ তেওঁ কংগ্ৰেছৰ শিবিৰৰ পৰা অতি গুৰুত্বপূৰ্ণ সময়ত বিজেপিলৈ লৈ আনিলে ভূপেন বৰাক। কাৰোবাৰ মতে এয়া হিমন্ত বিশ্ব শৰ্মাৰ সফলতা আৰু আন কাৰোবাৰ মতে এয়া বিজেপিৰ দৰে এটা দলৰ বাবে বিফলতা। 

কংগ্ৰেছৰ ইতিহাসত এনেদৰে দল বাগৰা বা বিসম্বাদ কৰাতো নতুন কথা নহয়। ১৯৭৪ চনত এখন কেলেণ্ডাৰক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰত ধুমুহাৰ সৃষ্টি হৈছিল। নতুন বছৰ উপলক্ষে কেলেণ্ডাৰখন ছপা কৰিছিল মুখ্যমন্ত্ৰী সচিবালয়ে। মুখ্যমন্ত্ৰী শৰৎ সিংহৰ পৃষ্ঠপোষকতাত এই কেলেণ্ডাৰত এটা বাক্য লিখা হৈছিল। 

সেই বাক্যটো আছিল- ইতিহাস আৰম্ভ ১৯৭৫চনৰ ২৬ জুনৰ পৰা। সেয়া আছিল জৰুৰী অৱস্থাৰ কথা। ইয়াৰ পূৰ্বেও স্বাধীনতাৰ আগতে মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি আইন অমান্য আন্দোলন হৈছিল। সেই সময়তে তৰুণ ৰাম ফুকন, গোপীনাথ বৰদলৈ, ৰোহিনী কুমাৰ চৌধুৰী আদি প্ৰবীণ নেতাসকলে কংগ্ৰেছৰ লাহোৰ প্ৰস্তাৱ অনুসৰি কাম কৰি নোৱাৰো বুলি দল এৰি দিছিল।

১৯৩০ চনৰ ৮ ফেব্ৰুৱাৰীত ইয়াক লৈ বহা এখন সভাত অসমৰ কংগ্ৰেছ নেতাসকলে ফুকন- বৰদলৈৰ এনে সিদ্ধান্তক ধিক্কাৰ দিছিল। সেই সভাতে নবীন চন্দ্ৰ বৰদলৈয়ে এক ভাষণ দি কৈছিল- দলৰ বাবে কোনো প্ৰয়োজনীয় নহয়। যদিও তেওঁ নিজকে প্ৰয়োজনীয় বুলি ভাবে। ফুকন- বৰদলৈৰ মৃত্যু হ’ব পাৰে, কিন্তু কংগ্ৰেছ থাকিব, কংগ্ৰেছক জীয়াই ৰাখিব লাগিব।

১৯৭০ চনত বিমলা প্ৰসাদ চলিহাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তেতিয়া কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ দাবীদাৰ আছিল দুজন। এজন বিজয় ভাগৱতী, আনজন মহেন্দ্ৰ মোহন চৌধুৰী। এই মহেন্দ্ৰ মোহন চৌধুৰীয়েও ৰাজনৈতিক পাকচক্ৰত পদবী এৰিব লগা হৈছিল। 

অতুল চন্দ্ৰ হাজৰিকাই মহেন্দ্ৰ চৰিত নামৰ এটা লেখাত এই বিষয়ে লিখিছিল যে, জীৱনৰ অন্তিম পৰ্বৰ কালছোৱাত ৰাজনীতিৰে জড়িত থাকিও তেওঁ নিঃসংগ হ’ল। এই সময় বৰ পুতৌ কৰিব লগা। বিষ্ণুৰাম মেধিকো বিধায়িনী দলপতি কৰাৰ পাছত তেওঁৰ দলৰ নেতাই ছমাহৰ পাছতে খেদিবলৈ ষড়যন্ত্ৰ ৰচিছিল। 

মহেন্দ্ৰ মোহন চৌধুৰীয়ে পাঞ্জাৱৰ ৰাজ্যপাল হৈ থাকোতে লক্ষ্মী প্ৰসাদ গোস্বামীলৈ এখন চিঠি লিখিছিল। সেই চিঠিত চৌধুৰীয়ে ৰাজনীতিৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিল। তেওঁ লিখিছিল- “আমাৰ নেতাসকলৰ মানুহৰ দুখ- দুৰ্গতি নিবাৰণ কৰাৰ প্ৰচেষ্টাতকৈ ৰাজনীতিৰ খেলতহে বেছি মনোযোগী। যিখিনি কাম কৰিছো, শলাগ লোৱাটো দূৰৰ কথা। মই এই বিলাকলৈ ভ্ৰূক্ষেপ কৰা নাই। যিখিনি কৰ্তব্য বুলি ভাবিছো, যিখিনি কৰিবলৈ জীৱনত সুযোগ পাইছো, কৰি গৈছো। বৰ লেতেৰা পলিটিক্সত সোমাব নালাগে। সকলো কথাৰে ৰেহ- ৰূপ লক্ষ্য কৰি যিখিনি নৈতিকভাৱে কৰাৰ কৰ্তব্য বুলি ভাবে, তাতাকৈ বেছি আগবাঢ়িব নালাগে।“

এইজন চৌধুৰীয়ে ৯ জুলাই ১৯৭৭ত লক্ষ্যধৰ চৌধুৰী লৈও এখন পত্ৰ লিখিছিল। তাত তেওঁ লিখা কেইটামান বাক্য আছিল- কংগ্ৰেছৰ অৱস্থা যে, অধোগামী হৈ গৈছে, তাত কোনো সন্দেহ নাই। তাৰ পৰিৱৰ্তে নতুন দল শক্তিশালী হৈ উঠিছে। কংগ্ৰেছে সেই বিলাক দলৰ বিপক্ষে ব্যৱস্থা গ্ৰহণ নকৰি কেৱল নিজৰ ভিতৰতে কাজিয়া কৰি আছে। 

এনেবোৰ বহু ঘটনা প্ৰবাহে ৰাজনীতিৰ উত্থান- পতনৰ স্বাক্ষৰ বহন কৰে। ১৯৭৪চনত শৰৎ সিংহৰ বহু সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছী বিধায়িনী দলতে স্বাক্ষৰ অভিযান চলিছিল। চমুটোকা প্ৰস্তুতেৰে অভিযোগনামা প্ৰস্তুত কৰিছিল কংগ্ৰেছ বিধায়কে। 

প্ৰত্যাহ্বান ৰাজনীতিত সদায়ে আহে। হিতেশ্বৰ শইকীয়াই ১৯৮৩ত মুখ্যমন্ত্ৰীৰ দায়িত্ব লওঁতে মুখ্যমন্ত্ৰী হোৱাৰ তেতিয়া সপোন দেখি আছিল তেতিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৰেন্দ্ৰ নাথ তালুকদাৰে। এনে খবৰো ওলাইছিল যে, বিধায়িনী দলৰ সভাত উপস্থিত থকা ভীষ্ম নাৰায়ণ সিঙৰ মন্ত্ৰণাতহে শইকীয়াক মুখ্যমন্ত্ৰী পতা হৈছিল। 

ভূবনেশ্বৰ কলিতা কংগ্ৰেছ এৰি গুচি গ’ল, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা দল এৰি গ’ল, আহিল। এনেকৈয়ে ৰাজনৈতিক দলত অহা- যোৱা চলি থাকে। সেইবোৰ সদায় আপেক্ষিক। কোনোৱে নাজানে সময়ৰ সোঁতত কাৰ ৰাজনৈতিক ঠিকনা কি হ’ব পাৰে !

বহু দলত্যাগী নেতাই নিজৰ ৰাজনৈতিক কেৰিয়াৰ পূৰ্বতকৈ ভালদৰে গঢ়ে যদিও জনমানসত তেওঁলোকৰ কোনো ভাবমূৰ্তি নাথাকে। আদৰ্শক জলাঞ্জলি দি একে ৰাতিতে বিপৰীত মেৰুত অৱস্থান কৰা এনে নেতাবোৰৰ বিচাৰ চলে ৰাইজৰ আদালতত। 

সেই নেতাসকলে পূৰ্বতে পৰা গালি মুহূৰ্ততে বন্দনালৈ সলনি হোৱাৰ আঁৰত থাকে ৰাজনৈতিক অংক আৰু সমীকৰণ। তাৰেইটো শেষ উদাহৰণ ভূপেন বৰা...

ভূপেন বৰা