লণ্ডনত কিয় ভৰত নৰহ ?

বহু ক্ষমতাশালী নেতা, মন্ত্ৰী, ৰাজনীতিবিদ হেৰাই যায় হঠাৎ। অসমৰ ৰাজনীতিতে দপদপাই থকা নেতা- মন্ত্ৰী খবৰহীন হৈ পৰে। সৌ- সেইদিনালৈকে বিধানসভাত সক্ৰিয় হৈ থকা এজন প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত নৰহ।

New Update
AP FOR WEB NEW  bikhekh lekha

মৃদুল কুমাৰ সন্দিকৈ

বহু ক্ষমতাশালী নেতা, মন্ত্ৰী, ৰাজনীতিবিদ হেৰাই যায় হঠাৎ। অসমৰ ৰাজনীতিতে দপদপাই থকা নেতা- মন্ত্ৰী খবৰহীন হৈ পৰে। সৌ- সেইদিনালৈকে বিধানসভাত সক্ৰিয় হৈ থকা এজন প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত নৰহ।

আজি তেওঁ বিধায়ক হৈ থকাৰ পাছতো দেখা পোৱা নাযায় বিধানসভাত। ক’ত গ’ল ভৰত নৰহ ? তেওঁৰ ৰাজনৈতিক সক্ৰিয়তা কিয় নাইকীয়া হৈ পৰিল ? এইজন ভৰত নৰহ অসম আন্দোলনৰ সময়ত আছিল অন্যতম জনপ্ৰিয় ছাত্ৰ নেতা। 

তেওঁৰ ভাষণে মানুহক মোহিত কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁ আছিল সহকাৰী সাধাৰণ সম্পাদক। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ এই পদবীত আছিল। অসম আন্দোলনৰ সময়ত তেওঁক এবাৰ এন এছ এতো আটক কৰা হৈছিল। 

কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকত্তোৰ ছাত্ৰ সন্থাৰ সম্পাদক আছিল তেওঁ। ১৯৮৫ত অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই নিৰ্বাচনত অৱতীৰ্ণ হৈ দিশপুৰ দখল কৰিবলৈ সক্ষম হৈছিল। 

প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ মন্ত্ৰীৰূপে শপত লৈছিল ভৰত নৰহে। বান নিয়ন্ত্ৰণ, জলসিঞ্চন আৰু ভৈয়াম জনজাতি উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰবোৰ দিয়া হৈছিল। ঢকুৱাখনাৰ পৰা প্ৰথমবাৰ নিৰ্বাচিত হৈ আহিছিল তেওঁ। 

সেই সময়ত এক মটৰ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল ভৰত নৰহ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছিল সংকটজনক অৱস্থাত। নিৰ্বাচনী প্ৰচাৰলৈ যাব পৰা নাছিল। কিন্তু মানুহে তেওঁকেই ভোট দিছিল। 

সেইবাৰ নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰত অংশ নোলোৱাকৈ জয়ী হৈছিল নৰহ। কংগ্ৰেছৰ প্ৰাৰ্থী ৰঘুনাথ পামেগামে ১২,৫১৫টা ভোট পোৱাৰ বিপৰীতে ৩০,১১৩ টা ভোট লাভ কৰি অসম বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল ভৰত নৰহ নামৰ যুৱকজন, ছাত্ৰ নেতাজন।

তাৰ পাছত ৰাজনীতিত ভৰত নৰহ হৈ পৰিছিল এটা চৰ্চিত নাম। ১৯৯১ চনৰ পৰৱৰ্তী নিৰ্বাচনত ভৰত নৰহে ২৩, ৮৯১টা ভোট লাভ কৰি ঢকুৱাখনাৰ পৰাই দিশপুৰলৈ আহিছিল দ্বিতীয়বাৰ। অসম গণ পৰিষদ এৰি ১৯৯৬ চনত তেওঁ ঢকুৱাখনাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হৈছিল। সেই নিৰ্বাচনতো ভৰত নৰহে ২৯,৭৫২টা ভোট লাভ কৰি বিজয় সাৱ্যস্ত কৰিছিল।

ঢকুৱাখনাৰ পৰা ৫বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ভৰত নৰহ। ২০০১ চনত তেওঁ ৪১, ১৯০ টা, ২০০৬ত ৫৫,৬৪৫টা ভোট লাভ কৰি বিধায়ক হৈছিল ঢকুৱাখনাৰ। ২০১১ত তেওঁ পৰাস্ত হয় অগপ প্ৰাৰ্থী নৱ দলেৰ হাতত। নৱ দলে ৬৩,৯৬৩টা ভোট লাভ কৰাৰ বিপৰীতে ভৰত নৰহে ৫৬,৪৫৬টা ভোট লাভ কৰিছিল এই নিৰ্বাচনত।

২০১৬তো পৰাজয় হৈছিল ভৰত নৰহ। উক্ত নিৰ্বাচনত ভৰত নৰহে ৫৭,০১৪টা ভোট পোৱাৰ বিপৰীতে নৱ দলেই লাভ কৰিছিল ৮১,৫৫৬টা ভোট। ২০২১ৰ নিৰ্বাচনত তেওঁ সমষ্টি সলনি কৰিছিল। নাওবৈচা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ৫২,৯০৫টা ভোট লাভেৰে তেওঁ জয়ী হৈ আহিছিল বিধানসভালৈ।

সংসদীয় পৰিক্ৰমাকে ধৰি সাংস্কৃতিক পৰিক্ৰমা, খেল আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল কেইবাটাও কাৰ্যকাল। বিধানসভাত তেওঁ আছিল এজন সুবক্তা। নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁক ২০১২ৰ ৩ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হিচাপে নিযুক্তি দিছিল। 

২০১৬ৰ ২৪ মে’লৈকে এই পদবীত আছিল তেওঁ। সেইজন ভৰত নৰহে এতিয়া নিস্প্ৰভ। ৰাজহুৱা জীৱনত তেওঁক দেখিবলৈ পোৱা নাযায়। তেওঁৰ পত্নী ৰাণী নৰহো সক্ৰিয় ৰাজনীতিৰে জড়িত আছিল। পত্নী ৰাণী নৰহ ১৯৯১ চনৰ পৰা লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০১৬ৰ পৰা ২০২২চনলৈ তেওঁ আছিল ৰাজ্যসভাৰ সাংসদ। তেওঁ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। কংগ্ৰেছ ক্ষমতাচ্যুত হোৱাৰ পাছত এ পি চি চিৰ মিডিয়া বিভাগৰ অধ্যক্ষৰ দায়িত্ব দলীয়ভাৱে দিয়া হৈছিল দিয়া হৈছিল।

২৪ মাৰ্চ ২০২৪ত তেওঁ এই পদৰ পৰা পদত্যাগ কৰিছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ভৰত নৰহৰ ৰাজনৈতিক অনিশ্চিয়তা নামি আহিছিল। ভূপেন বৰাই নতুনকৈ গঠন কৰা ৰঙানদী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰাত শংকিত হৈছিল ভৰত নৰহ।

এনেকৈয়ে দলীয় মজিয়াতো এক অসন্তুষ্টিয়ে গা কৰি উঠিছিল। তেনে সময়তে ভৰত নৰহ অসুস্থ হৈ পৰে। তেওঁৰ দুই সন্তানৰ ভিতৰত এজন পুত্ৰৰ নাম ৰাহুল নৰহ। বৰ্তমান অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত বুৰঞ্জী বিভাগত পি এইছ ডি কৰি আছে পুত্ৰ ৰাহুলে।

জটিল হৃদৰোগত আক্ৰান্ত হৈ লণ্ডনলৈ চিকিৎসাৰ বাবে গৈছিল ভৰত নৰহ। পুত্ৰৰ সৈতে থাকি তাতেই কৰিছিল চিকিৎসা। ২০২৫ বৰ্ষৰ জুনতেই গৈছিল তেওঁ লণ্ডনলৈ। এতিয়া ৭মাহ ধৰি লণ্ডনতে আছে ভৰত নৰহ। নৱেম্বৰতে তেওঁ ঘূৰি অহাৰ কথা আছিল অসমলৈ। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। সকলো ঠিকে থাকিলে ২০২৫ৰ ডিচেম্বৰৰ শেষৰ ফালে অসম পাবহি ভৰত নৰহ।

এসময়ৰ সক্ৰিয় ৰাজনীতিবিদজনৰ খবৰ এয়া। ক্ষমতা, ধন, সম্পত্তি আদি সকলো থাকিলেও মানুহৰ দৃষ্টিৰ পৰা বহু আঁতৰত একালৰ জনপ্ৰিয় ছাত্ৰ নেতাজন। প্ৰতিষ্ঠান বিৰোধী ঢৌৱে চুই যোৱা ভৰত নৰহ ঢকুৱাখনাত জনৰোষৰো বলি হৈছিল। সকলোবোৰ মিলি এতিয়া ভৰত নৰহ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এটা নাম হৈ পৰিছে...

ভৰত নৰহ