কলগছ

কলগছ

মৃদুল কুমাৰ সন্দিকৈ

পুৱা ২ বজাতেই তেওঁলোক আহিবৰ বাবে সাজু হৈছিল। পোহৰ নোহওঁতেই আহি পাইছিল গুৱাহাটী। তাৰ পাছত আৰ জি বৰুৱা ৰোডৰ সুন্দৰপুৰ সমীপৱৰ্তী এটা পেট্ৰ'ল ডিপোৰ কাষৰ খালী ঠাইত তেওঁলোক ৰ'লহি।

৩০ বছৰীয়া যুৱকজনে কৈ গৈছিল কথাবোৰ। লগত আৰু এজন ল'ৰা। দুয়ো মিলি গুৱাহাটীলৈ এনেকৈ পুৱতি নিশাই অহাৰ কাৰণ আছে। ব্যস্ততাৰ মাজে মাজে প্ৰশ্নবোৰৰো উত্তৰ দি গৈছিল ।

এজনৰ পাছত আনজন গ্ৰাহক আহিয়েই আছে। কথা পাতি থকা সময়তেই তিনিজন গ্ৰাহকে তেওঁলোকৰ পৰা তেওঁলোকে লৈ অহা কলগছ কিনি লৈ গ'ল। তিনিশ জোপামান কলগছ তেওঁলোকে আনিছিল।

ডাঙৰ-সৰু কলপুলি পৃথক পৃথক দাম। ডাঙৰ কলগছৰ যোৰা ৩০০ টকা, সৰু বোৰ ২০০ টকাতেই দিছে। দিপাৱলী বা কালি পূজাৰ এই সময়খিনিত গুৱাহাটীত কলগছৰে ভৰি পৰে। চাকি জ্বলাবলৈ ঘৰৰ সন্মুখত প্ৰায় প্ৰতিঘৰ লোকেই কলগছ ব্যৱহাৰ কৰে।

সেয়েহে এনেকৈ এখন কলগছ বিক্ৰী কৰাৰ বজাৰ দুটা বা তিনিটা দিনৰ বাবে দেৱালীৰ সময়ত গঢ় লৈ উঠিছে। জাগিৰোড, মৰিগাঁও, গোৱালপাৰা, আদিৰ পৰাও গুৱাহাটীলৈ এই সময়খিনিত কলগছ আহে।

দুটা দিনৰ বাবে হ'লেও ৮০-৯০ লাখ টকাৰ কলগছ বিক্ৰী হয়। কলগছ বিক্ৰী কৰিবলৈ অনা ল'ৰা জনৰ কেইবিঘামান মাটিত এখন কল বাগান আছে। সেই কলবাগানৰ পৰাই নিৰ্বাচিত কলপুলি তেওঁ এনেকৈ বিক্ৰীৰ বাবে গুৱাহাটীলৈ আনিছে।

গড়ে ডেৰশ টকাকে ধৰিলেও ৪৫ হাজাৰ টকা তেওঁ এদিনতে উপাৰ্জন কৰিব। সকলো দি মেলি আৰু অনা কলগছ বিক্ৰী হৈ গ'লে তেওঁৰ হাতত ১৫ ৰ পৰা ২০ হাজাৰ টকা থাকিব বুলি আশাবাদী।

কলগছ সকলো শুভ কামতেই লাগে। অসমীয়া সমাজ জীৱনৰ সৈতে কলগছৰ সম্পৰ্ক প্ৰতিটো খোজতেই আছে। গ্ৰাম্য অৰ্থনীতিৰ এক আধাৰ হ'ব পাৰে কলখেতি। বহু খেতিয়কে কলখেতি কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতেই ১০ জনকো সংস্থাপন দিছে। গোৱালপাৰা জিলাত কেইবাজনো যুৱক এতিয়া কলখেতি কৰিয়েই প্ৰতিষ্ঠিত।

এটা দিন আছিল গাঁও অঞ্চলত বিবাহ, শ্ৰাদ্ধ বা আন মাংগলিক অনুষ্ঠানত কেৱল ব্যৱহাৰ হৈছিল কলগছ। ৰভা দিয়া হৈছিল কলগছৰে। খাদ্য বিতৰণ কৰা হৈছিল কলপাতত।

জলপান খাবলৈ কলপতুৱা আৰু সেই কলপতুৱাৰ পৰা বিশেষভাৱে সজা কলপতুৱাৰ ডুং প্ৰায়েই ব্যৱহাৰ হৈছিল। ৰাজহুৱা বা মাংগলিক অনুষ্ঠানত কলডিল, কলপচলা খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল।

কলগছ এনেকুৱা এবিধ উদ্ভিদ যাৰ প্ৰতিটো অংশই ব্যৱহৃত হয়। কলগছৰ শুকান অংশবোৰ আৰু কলৰ বাকলি পুৰি গাঁৱত ঘৰে ঘৰে কলৰ খাৰ প্ৰস্তুতি কৰিছিল। খাৰখোৱা অসমীয়া বুলি আমাৰ এটা নাম বা বদনাম আছে।

কলপাতৰো আছে এখন বৃহৎ বজাৰ।বোকাখাতেৰে পাৰ হৈ গ'লে তাৰ হোটেলত কলপাতত দিয়া পুৰি-চবজী খোৱাৰ আমেজেই বেলেগ। সেই পথেৰে কেনোবা গ'লে বোকাখাতত এবাৰ ৰৈ কলপাতত পুৰি খোৱাৰ সুযোগ এৰি নিদিয়ে।

ৰবাব টেঙা খোৱাৰ বতৰত কলপাততেই ৰবাব টেঙা কাটি ভগাই খোৱা দৃশ্যবোৰ এতিয়াও গাঁৱত আছে।অসমীয়া মানুহে কলপাতত মাছ পাতত দি খোৱাৰ লোভ আজিও এৰিব পৰা নাই। সেই সোৱাদেই সুকীয়া।

আদৰণি জনাবলৈ কলগছ গেটৰ সন্মুখত ৰুৱাৰ এক পৰম্পৰা আছে। ভীমকল, চেনিচম্পা, কেতেকি সুন্দা, মালভোগ , জাহাজী আদি থলুৱা প্ৰজাতিৰ কল মানুহৰ বাৰীত থাকেই।

বিশেষকৈ ভীমকলৰ ব্যৱহাৰ কলতকৈ তাৰ বাকী অংশবোৰ বেছি হয়। সেই কলৰ পাত, সেই কলৰ কলপতুৱা, কলডিল, কলপচলা খাদ্যৰ লগতে বিভিন্ন কামত অসমীয়া গ্ৰাম্যজীৱি মানুহে কৰে।

গাঁৱত কিবা এটা কৰিবলৈ হাতত দা খন লৈ বাৰীৰ পৰা কলপাত এখিলা কাটি অনাটো প্ৰাথমিক কাম। ডাকৰ বচনতো কল গছৰ কথা উল্লেখ আছে। ডাকে কলপুলি কেনেকৈ ৰুৱ লাগে সেই সন্দৰ্ভত কৈ গৈছে- এহাত এমুঠন কলৰ পোত/তেহে চাবা কলৰ গোট।

বজাৰত কলৰ মূল্য প্ৰতি দিনাই বাঢ়িছে। কিয়নো নৈবদ্য আৰু খাদ্য হিচাপেও কল ব্যৱহৃত হয়। বহু লোকৰ কল প্ৰিয় খাদ্য়। এতিয়া উন্নত প্ৰজাতিৰ জাহাজী কলৰ মূল্য প্ৰতি ডজনত ৮০ ৰ পৰা ১০০ টকাৰ কম নহয়।

ভাৰতত বছৰি ১৪.২ নিযুত টন কল উৎপাদন হয়। মহাৰাষ্ট্ৰ কল উৎপাদনৰ বাবে বিখ্যাত। তাৰ এখন চহৰ নাম জলগাঁও। সেই চহৰখনৰ সমীপৱৰ্তী চৌদিশে কেৱল কলৰ খেতি। সেইকাৰণে জলগাঁও কলৰ চহৰ হিচাপেও জনাজাত।

এছিয়াৰ বৃহৎ কলৰ বজাৰখন আছে অসমত। গোৱালপাৰাৰ দৰংগিৰিত থকা এই কলৰ বজাৰৰ পৰা দৈনিক ৪০-৫০ ট্ৰাক অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া ৰাজ্যলৈ যায়। কলগছৰ পুৰঠ গা গছৰ পৰা কাগজ উৎপাদন কৰিব পাৰি।

কলখেতি কৰিবলৈ ৰাজ্যত খেতিয়ক সকলৰ মাজত আগ্ৰহ বাঢ়িছে। কলডিলৰো এতিয়া ভাল বজাৰ। গুৱাহাটীৰ কোনো কোনো নিৰ্বাচিত হোটেলত খাবলৈ কলপাত দিয়ে। কলপাতত খাদ্য খালে ভাল বুলি শুনা যায়।

কাচকল, পৰশমুণি, অমৃত সাগৰ আদি কলৰ বিভিন্ন প্ৰকাৰ আছে। কাচকল পাচলি হিচাপে ব্যৱহাৰ কৰে। কলপাত গৰু- মহৰো ভাল খাদ্য। দিপাৱলীৰ বতৰত গঢ় লৈ উঠা এই কলৰ বজাৰখনে বহুতৰ উপাৰ্জনৰ পথ মুকলি কৰিছে। এয়া ভাল কথা।

দিপাৱলীৰ পাছত এই ব্যৱহৃত কলগছ বোৰেৰে বাট-পথ ভৰি পৰিব। সেইবোৰ আৱৰ্জনা হ'ব। সেই কথাও কিন্তু আমি ভাৱিব লাগিব। দুটা কলপুলি আনি দিপাৱলীৰ সময়ত চাকি জ্বলাই তাৰ পাছত যাতে ব্যৱহৃত কলপুলিবোৰ য'তে-ত'তে পৰি নৰয় তাৰ বাবেও আমি সচেতন হোৱাতো নিশ্চয় প্ৰয়োজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in