সময়বোৰ বৰ বেয়াকৈ সলনি হৈছে। প্ৰমূল্যবোধৰ মূল্য এইখন সমাজৰ পৰা হেৰাই যোৱাৰ সময় এয়া। ভালতকৈ বেয়ালৈ আমি ব্যস্ত হৈ পৰা পৰিৱেশ এতিয়া। শেহতীয়াকৈ এজন প্ৰধানশিক্ষকৰ আত্মহননৰ খবৰে বাৰুকৈ হতাশ কৰিলে।
এই হতাশাৰ কাৰণ অৱক্ষয় হোৱা আমাৰ মানসিকতা আৰু এচামে ইয়াৰ সুযোগ গ্ৰহণ কৰি নিজৰ স্বাৰ্থ পূৰণ কৰাৰ অপচেষ্টা। ঢকুৱাখনাৰ পৰা সেই খবৰটো আছিল। ঢকুৱাখনাৰ এগৰাকী শিক্ষক তথা শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যগৰাকীয়ে আত্মহনন কৰাৰ খবৰ আছিল এয়া।
বিনয়ী আৰু সপোনৰ বিদ্যালয়খনক গঢ় দিবলৈ জীৱন উৎছৰ্গা কৰা এই প্ৰধান আচাৰ্যগৰাকীয়ে চৰমপন্থা বাছি লৈছিল মানসিক চাপ আৰু সামাজিক গ্লানি বাবে। তেওঁকলৈ উত্থাপিত অভিযোগৰ ভিতৰত বিত্ত অনিয়মৰ বোজাও আছিল।
লগতে এগৰাকী মহিলা সহকৰ্মীৰ সৈতে তেওঁৰ সু সম্পৰ্ক থকা বুলি বিভিন্ন খবৰ বিয়পিছিল। এই অভিযোগবোৰৰ ভিত্তিতেই মূলতঃ আৰ্থিক অনিয়মকলৈ শিশু শিক্ষা সমিতি অসমে বিষয়টো তদন্ত কৰিবলৈ এটা তিনিজনীয়া দল প্ৰেৰণ কৰিছিল।
সেই তদন্তকাৰী দলটোৱে শিক্ষক- কৰ্মচাৰী, অভিভাৱকৰ সৈতে আলোচনা কৰি বনমালি সূত নামৰ প্ৰধান আচাৰ্যগৰাকীক এমাহ ছুটী দি যদুমণি বৰুৱাক বিদ্যালয়খনৰ প্ৰধান আচাৰ্যৰ দায়িত্ব সাময়িকভাৱে অৰ্পণ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে বিদ্যালয়খনৰ পৰিচালনাৰ এখন নতুন তদৰ্থ সমিতি গঠন কৰি দিয়া হৈছিল।
তাৎপৰ্য্যপূৰ্ণভাৱে এই তদন্ত চলি থকাৰ মাজতে এজন বিতৰ্কিত ব্যক্তিয়ে বিশেষ উদ্যোগ লৈ অভিভাৱকৰ সভা আহ্বান কৰিছিল। এইবোৰ ঘটনা প্ৰবাহৰ মাজতে ২৭ ডিচেম্বৰ ২০২৪ত প্ৰধান আচাৰ্য বনমালি সূতে নিজ বাসগৃহত আত্মহননৰ পথ বাছি লয়।
ঢকুৱাখনাৰ শংকৰদেৱ শিশু নিকেতন এখন আদৰ্শ বিদ্যালয়। কেৱল মেধাৱী ছাত্ৰ- ছাত্ৰীয়েই নহয়, প্ৰকৃত মানৱ সম্পদ গঢ়াত এই বিদ্যালয়খনে দুই দশক ধৰি অৱদান আগবঢ়াই আহিছে। সেই অৱদনৰ অন্যতম মূল খনিকৰ আছিল বনমালি সূত।
তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ কিমান সত্য, সেয়া তদন্তৰ জৰিয়তে সঁচা বা মিছা প্ৰমাণ হোৱাৰ পূৰ্বেই এচামে তেওঁকলৈ ষড়যন্ত্ৰ ৰচিছিল। আনকি শিশু ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰধান আচাৰ্যগৰাকীৰ প্ৰতি কি ধাৰণাৰ সৃষ্টি হ’ব পাৰে, সেই কথা নাভাবি এচামে প্ৰচাৰ পত্ৰিকা ছপাই সেইবোৰ এই ছাত্ৰ- ছাত্ৰীসকলৰ জৰিয়তে অভিভাৱকসকললৈ প্ৰেৰণ কৰিছিল।
কেৱল এয়াই নহয়, এনে চৰিত্ৰহননকাৰী প্ৰচাৰ পত্ৰ ছপা আৰু বিতৰণতে তেওঁলোক ৰৈ যোৱা নাছিল। ঢকুৱাখনাত অনুষ্ঠিত হৈ যোৱা গ্ৰন্থমেলাৰ বতৰতে এজন বিতৰ্কিত ব্যক্তিয়ে নিজ হাতেৰে ৰাজহুৱা সভা আহ্বান কৰি ৰাজপথৰ দাঁতিত বেনাৰ লগাইছিল।
শিক্ষকগৰাকীৰ আত্মহত্যাৰ পাছত এইবোৰ কথাই বিশেষ চৰ্চা লাভ কৰিছে। গোহাৰিৰ শিৰোনামেৰে যিখন প্ৰচাৰ পত্ৰ ছপোৱা হৈছিল তাত ৩টা বিষয়ক আলোচনাৰ বিষয় হিচাপে ধাৰ্য কৰা হৈছিল। সেই বিষয়সমূহৰ ভিতৰত ২ নম্বৰ আলোচনাৰ বিষয় আছিল বৰ্তমান শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাত প্ৰধান আচাৰ্য আৰু এগৰাকী সহকৰ্মী আচাৰ্যৰ মাজত চলি থকা অবৈধ সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰা।
এই ৰাজহুৱা সভা আহ্বান কৰি প্ৰচাৰ পত্ৰ বিতৰণ কৰা আহ্বায়ক মণ্ডলীত আছিল- যোগেশ বৰুৱাকে ধৰি মঞ্জু গগৈ, নৱনিতা গগৈ, সূৰুয গগৈ, প্ৰিয়ৰাম ফুকন, প্ৰফুল্ল শৰ্মা, ৰবীন দত্ত, অচ্যুত সূত, কামাখ্যা ভড়ালী, প্ৰণৱ বৰপাত্ৰ গোঁহাই, হিৰণ্য বৰগোহাঁই, তৰুণ চেতিয়া, মৃদুল চুতীয়া, নৱ কোঁৱৰ, বিষ্ণু চেতিয়া, কুমুদ বৰুৱা, পুতুল শৰ্মা, জিণ্টু গগৈৰ নাম।
বনমালি সূতৰ মৃত্যুৰ পাছত সাধাৰণ লোক আৰু ছাত্ৰ- ছাত্ৰীসকলৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। প্ৰশ্ন উঠিল- এই শিক্ষকগৰাকীক চৰিত্ৰহননেৰে এই চক্ৰটোৱে মৃত্যুৰ পথলৈ থেলি দিলে। আনকি ভাস্কৰ নাট্য মন্দিৰ কৃষ্টি ভৱন পৰিচালনা সমিতি, ঘাঁহী গাঁও- ঢকুৱাখনাৰ বিষয়ববীয়াসকলে এইসকল আহ্বায়ক মণ্ডলীৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়াৰ ওচৰত শিক্ষকজনৰ আত্মহত্যা সম্পৰ্কত ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰিলে।
২৭ ডিচেম্বৰ ২০২৪ত দাখিল কৰা এজাহাৰত এজাহাৰকাৰীয়ে উল্লেখ কৰিছে যে এই সমগ্ৰ কাণ্ডৰ মূল অভিযুক্ত যোগেশ বৰুৱা( ধনকণ)। বাকী প্ৰচাৰ পত্ৰত আহ্বায়ক হিচাপে নাম থকা আন ১৭ গৰাকীক অভিযুক্ত কৰা হৈছে এজাহাৰত।
এজাহাৰত লিখা অনুসৰি, প্ৰধান আচাৰ্যগৰাকীক অসৎ মানসিকতাৰে চৰিত্ৰহীন আখ্যা প্ৰদান কৰি সমাজৰ ওচৰত হেয় প্ৰতিপন্ন কৰি বিদ্যালয়ৰ পৰা আঁতৰৱাৰ চেষ্টা কৰিছিল। ইয়াৰ বাবে গোহাৰি ছপা কৰি বিদ্যালয়খনৰ সৈতে জড়িত নাগৰিক আৰু ঢকুৱাখনাৰ প্ৰতি ঘৰে ঘৰে গৈ গোহাৰি বিতৰণ কৰৰা লগতে বিভিন্ন স্থানত বেনাৰ- পোষ্টাৰ আঁৰি দিছিল।
এজাহাৰখনত আৰু উল্লেখ আছে যে গোহাৰি পত্ৰ ছপোৱা সেই আহ্বায়ক মণ্ডলীৰ পৰা পোৱা মানসিক অত্যাচাৰৰ বাবেই তেওঁ ছুটী লৈ ঘৰতে আছিল। ইমানতে ক্ষান্ত নাথাকি পুনৰ ২৮ ডিচেম্বৰ ২০২৪ত এই চক্ৰটোৱে আন এখন ৰাজহুৱা সভা আহ্বান কৰি তেওঁক পুনৰ অপদস্থ কৰিবলৈ চেষ্টা কৰাৰ বাবেই প্ৰধান আচাৰ্যগৰাকীয়ে আত্মসন্মানৰ খাতিৰত এই পথ বাছি লোৱা বুলি অভিযোগ তোলা হৈছে।
আৰক্ষীয়ে নিশ্চয় এই আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত উপযুক্ত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব। অভিযুক্তসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কিন্তু অত্যন্ত ভয়ংকৰ। গোহাৰি পত্ৰত আহ্বায়ক হিচাপে নাম উল্লেখ থকা বহু কেইগৰাকীয়ে তেওঁলোকৰ নাম এনেদৰে দিয়াৰ বাবে সন্মতি নোলোৱাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে।
যদি সেয়াই হয়, কাৰ উদ্যোগত আৰু কিয় এই ষড়যন্ত্ৰ ৰচা হৈছিল তাৰ সত্যতা পোহৰলৈ অনাতো আৰক্ষী- প্ৰশাসনৰ দায়িত্ব। ঢকুৱাখনাৰ গোহাঁই উপাধিধাৰী এজন লোকৰ ছপাশালত এই গোহাৰি পত্ৰ ছপা কৰা বুলি খবৰ ওলাইছে।
আৰক্ষীয়ে সেই ছপাশালৰ গৰাকীক জেৰা কৰিলেই এনে ষড়যন্ত্ৰৰ আঁৰৰ মূল মানুহজন ওলাই পৰিব। ৰাইজে সামাজিক মাধ্যমযোগে যি সকলে সেই বেনাৰ- পোষ্টাৰ আঁৰি ফুৰিছিল, তেওঁলোকৰ মুখবোৰো চিনাক্ত কৰিছে। সেয়েহে আৰক্ষীৰ তদন্তৰ বহুখিনি সহজ হৈ পৰিছে।
বনমালি সূতৰ আত্মহননৰ খবৰে কেৱল ঢকুৱাখনাবাসীকে শোকাহত কৰি তোলা নাই। কটন বিশ্ববিদ্যালয়ৰ অধ্যাপকেও তেওঁৰ কথা মনত পেলাইছে। প্ৰধান আচাৰ্যজনে তেওঁ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে অহা ছাত্ৰ- ছাত্ৰীৰ সন্দৰ্ভত নিজেই যোগাযোগ ৰাখিছিল এই অধ্যাপকগৰাকীৰ সৈতে।
ভাইৰেল হোৱা এটা টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ক্লিপতো জীৱিতকালত প্ৰধান আচাৰ্যগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰচনা কৰা যড়যন্ত্ৰৰ আভাস দি গৈছে। আচাৰ্যগৰাকীৰ মৃত্যুৰ খবৰে ব্যথিত কৰা ছাত্ৰ- ছাত্ৰীৰ হৃদয়ত তেওঁৰ স্থান সদায় সজীৱ আৰু চিৰস্মৰণীয় হৈ থাকিব।
এগৰাকী শিক্ষক ঢকুৱাখনাৰ দৰে ভদ্ৰলোকৰ বাসস্থান বুলি পৰিচিত অঞ্চলত এনে অপযশৰ বলি হৈ আত্মহত্যাৰ পথ বাছি ল’ব লগা হোৱাতো অত্যন্ত পৰিতাপৰ কথা। অভিযোগ উঠিলেই সেই সত্যাতা প্ৰতিষ্ঠা কৰিবলৈ এনেদৰে উঠি- পৰি লগা লোকসকলৰ নিশ্চয় ব্যক্তিগত স্বাৰ্থ থাকিব লাগিব।
কোনো দিনেই লগ নোপোৱা এই শিক্ষকগৰাকীৰ কথা বিভিন্নজনৰ মুখেৰে শুনি আহিছিলো। তেওঁৰ মৃত্যুৰ পাছত আকৌ এবাৰ অনুভৱ হ’ল- ভাল কাম কৰিলে মানুহৰ বিপদ আৰু শত্ৰু বাঢ়ে। মানুহ মাত্ৰেই ভুল হয়। তেনে এটা বা দুটা ভুলে জীৱনত কৰি যোৱা সহস্ৰবোৰ ভাল কামৰ ধ্বজ্জা উৰুৱাবলৈ আৰু ব্যক্তিগত চৰিত্ৰহননেৰে আসুৰিক তৃপ্তি লাভ কৰিবলৈ এতিয়াচোন এচাম মানুহ ৰৈ থাকে...।