মন্ত্ৰী মহাশয় : ধৰকচোন ফোনটো, শুনকচোন কথাটো...

অসহায় এজন পিতৃ ! যোৱা দুদিন ধৰি ৪ মাৰ্চ ২০২৬ৰ পৰা অত্যন্ত চিন্তিত হৈ পৰিছে তেওঁ। এটা মাত্ৰ সহায়ৰ বাবে হাতত মোবাইলটো তুলি লৈ ইটোৰ পাছত সিটো ফোন কৰিছে অসহায় পিতৃগৰাকীয়ে। কেতিয়াবা যদি বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীক ফোন কৰিছে, আন কেতিয়াবা ডাইল কৰিছে তেওঁৰ হাতত থকা অসমৰ কেইবাজনো মন্ত্ৰীৰ মোবাইল নম্বৰত।

New Update
WhatsApp Image 2026-03-05 at 5.23.23 PM

মৃদুল কুমাৰ সন্দিকৈ

অসহায় এজন পিতৃ ! যোৱা দুদিন ধৰি ৪ মাৰ্চ ২০২৬ৰ পৰা অত্যন্ত চিন্তিত হৈ পৰিছে তেওঁ। এটা মাত্ৰ সহায়ৰ বাবে হাতত মোবাইলটো তুলি লৈ ইটোৰ পাছত সিটো ফোন কৰিছে অসহায় পিতৃগৰাকীয়ে। কেতিয়াবা যদি বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীক ফোন কৰিছে, আন কেতিয়াবা ডাইল কৰিছে তেওঁৰ হাতত থকা অসমৰ কেইবাজনো মন্ত্ৰীৰ মোবাইল নম্বৰত।

তেওঁ ফোন কৰা মন্ত্ৰীসকলৰ ভিতৰত আছিল- ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী ৰণজিত দাস আদি। কোনো এজন মন্ত্ৰীৰ সৈতে তেওঁ প্ৰত্যক্ষভাৱে কথা পাতিব পৰা নাই। দুই- এজন মন্ত্ৰীৰ পি এয়ে ফোন ধৰিছে যদিও মন্ত্ৰী ব্যস্ত আছে বুলি ফোন থৈ দিছে।

চিন্তিত এই পিতৃজনে আশা কৰি আছিল- ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিপদৰ সময়ত তেওঁক সহায় কৰিব পাৰিব। তেওঁৰ কন্যাৰ নাম কৃশাংগী কাশ্যপ। ২৫ ফেব্ৰুৱাৰী ২০২৬ত কন্যা কৃশাংগী ৰাওনা হৈছিল ইটালীলৈ। 

সৰুৰে পৰা মেধাৱী কৃশাংগীয়ে ২০২৪ত আই আই টি ইন্দোৰৰ পৰা স্পেছ ইঞ্জিনিয়াৰিং পাছ কৰি মহাকাশ গৱেষণাৰ বাবে ইটালীলৈ এই যাত্ৰা কৰিছিল। বৃহস্পতি গ্ৰহৰ এটা উপগ্ৰহৰ ওপৰত গৱেষণা কৰিবৰ বাবে কৃশাংগীয়ে ইটালীৰ ট্ৰেণ্টো ইউনিভাৰ্চিটীৰ পৰা ফেল’শ্বিপ লাভ কৰিছিল। 

এয়া আছিল অসমৰ বাবে এটা সুখবৰ। ২৫ ফেব্ৰুৱাৰীত কলকাতাৰ পৰা ইটালীৰ মিলানলৈ বুলি উৰা মাৰিছিল কৃশাংগী। কৃশাংগীক প্ৰথমবাৰৰ বাবে ইমান দূৰলৈ পঠিওৱাৰ বাবে অকলশৰে তাইক যাবলৈ নিদি তাইক তাত থৈ আহিবলৈ পৰিয়ালে পঠিয়াইছিল এজন ভতিজা ল’ৰাক।

তেতিয়া ইৰান- ইজৰাইল- আমেৰিকাৰ এই যুদ্ধ আৰম্ভ হোৱা নাছিল। ২ মাৰ্চত ইটালীৰ পৰা দিল্লীলৈ ঘূৰি অহাৰ কথা আছিল কৃশাংগীক থ’বলৈ যোৱা সৌৰভজ্যোতি দাস। মিলানৰ পৰা সেইদিনা আবুধাবি হৈ ৩মাৰ্চত দিল্লী পোৱাহি কথা আছিল তেওঁ। 

দুবাৰকৈ আহিব লগা বিমান বাতিল হোৱাত এতিয়া মিলানৰ হোটেলত কটাব লগা হৈছে কৃশাংগীক থ’বলৈ যোৱা সৌৰভজ্যোতি দাস। সৌৰভো আই আই টি মাদ্ৰাজৰ ছাত্ৰ। দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ দুই- এখন বিমান চলি আছে যদিও সেই বিমানত টিকট কাটিব পৰা নাই সৌৰভে। 

ইফালে এনে একো একোটা টিকটৰ দামে এতিয়া ২লাখৰ ঘৰ অতিক্ৰম কৰিছে। কৃশাংগী হোষ্টেলত আছে যদিও দৈনিক ২০/২৫ হাজাৰ টকা ব্যয়ৰে সৌৰভ থাকিব লগা হৈছে হোটেলত। পিতৃ হিতেশ শৰ্মা আৰু তেওঁৰ পৰিয়াল সেয়েহে ইয়াক লৈ অতি চিন্তিত হৈ পৰিছে। 

হিতেশ শৰ্মাৰ হাততো ইমান ধন নাই। তেওঁৰ ঘৰ পাঠশালাত যদিও বৰ্তমান পৰিয়ালটো বৰপেটাত থাকে। বৰপেটাৰ আশীৰ্বাদ কম্পিউটাৰ প্ৰেছত ডিটিপি অপাৰেটৰ কাম কৰে শৰ্মাই। সেই উপাৰ্জনেৰে কন্যাক এনেদৰে গঢ়ি মহাকাশ গৱেষণাৰ বাবে ৰাইজৰ সহযোগত ইটালীলৈ পঠিয়াইছিল।

৩বছৰ ইটালীত পঢ়িবলৈ সুবিধা পোৱা কৃশাংগীয়ে মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। সেই কৃশাংগীক থ’বলৈ যোৱা সৌৰভজ্যোতি দাসক যুদ্ধৰ এই ভয়াৱহ পৰিৱেশৰ মাজত ঘৰলৈ ঘূৰাই অনাৰ বাবে অকণমান সহায় কৰিব নোৱাৰেনে চৰকাৰে ?

মুখ্যমন্ত্ৰী, ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ল’ব নোৱাৰেনে এইক্ষেত্ৰত কিছু ভূমিকা। এটা টিকটৰ ব্যৱস্থা কৰি দিলেই ঘূৰি আহিব পাৰিব সৌৰভ ঘৰলৈ। সেই ব্যৱস্থা কৰি দিয়াৰ দায়িত্বও ল’ব লাগিব নেকি অসমৰ ৰাইজে ?

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাৰ্ঘেৰিটা জয়ন্ত মল্লবৰুৱা