আকৌ নতুন প্ৰত্যাশা। হতাশা- বিতৰ্কৰ বিপৰীতে নতুন বছৰৰ প্ৰাকক্ষণত আহিল নতুন খবৰ। অসম সাহিত্য সভাৰ নেতৃত্বৰ দায়িত্ব দুটা বছৰৰ বাবে অৰ্পণ কৰা হ’ল বিশিষ্ট ভাষাবিদ, সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীৰ হাতত।
দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা পৰ্ব। প্ৰায় ৪ ঘণ্টা পলমকৈ আৰম্ভ হয় এই ভোটগণনা পৰ্ব। তাৰ পূৰ্বে সাহিত্য সভাৰ এই মঞ্চত সংঘটিত হোৱা এক অপ্ৰীতিকৰ পৰিস্থিতিয়ে অস্বস্তিৰ সৃষ্টি কৰিছিল। সাহিত্য সভাৰ কৰ্মকৰ্তাই হাতত লাঠি লৈ সতীৰ্থ কৰ্মকৰ্তাক প্ৰহাৰ কৰা ঘটনাই সাধাৰণ লোকক ভবাই তুলিলে যে সাহিত্য সভাত এতিয়া সাহিত্যিকৰ নে গুণ্ডাৰ সমাহাৰ ঘটিছে ?
তাৰ পিছতে আৰম্ভ হৈছিল ভোটগণনা। সকলোৰে দৃষ্টি আছিল সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰূপে নিৰ্বাচিত হ’ব কোন ? এই পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দুয়োজনেই যোগ্য আৰু পণ্ডিত মানুহ। কাৰোবাৰ হয়তো সাংগঠনিক দক্ষতা বেছি, কাৰোবাৰ গৱেষণাৰ পৰিসৰ আৰু গভীৰতা অধিক। সেয়েহে বহু লোকে এই নিৰ্বাচনী যুঁজত কাৰোৱেই পক্ষ লোৱা নাছিল। বৰঞ্চ দুয়োজনৰ ভিতৰত কোনো এজন জিকিলেই সন্তুষ্ট হ’ব নিজকে প্ৰবোধ দিছিল।
২৯ ডিচেম্বৰ ২০২৪ত দদৰাত হোৱা ভোটগণনাত সাহিত্য সভাৰ সভাপতি পদৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামৰ মাজত। অসমীয়া সমাজ আৰু ভাষা- সাহিত্যলৈ দুয়োগৰাকী বৰণ্য ভাষাবিদৰে অৱদান আছে। সেয়েহে দুয়োকে নিজস্বঃ দৃষ্টিকোণেৰে শ্ৰেষ্ঠ বুলি গন্য কৰিব পাৰি।
ভোটগণনা পৰ্বৰ প্ৰাৰম্ভিক পৰ্যায়তে কিছু খেলি-মেলি আৰু বেমেজালি লক্ষ্য কৰা হৈছে। প্ৰাৰম্ভিক অৱস্থাতে সাহিত্য সভাৰ নিৰ্বাচনী সমিতি আৰু উচ্চ ক্ষমতাসম্পন্ন সমিতিলৈ সেই আসোঁৱাহপূৰ্ণ ভোটগণনাৰ পদ্ধতিৰ কথা উল্লেখ কৰি উপেন ৰাভা হাকাচামে এক পত্ৰও প্ৰেৰণ কৰিছিল। এই পত্ৰত তেওঁ ৩টা আসোঁৱাহৰ কথা উল্লেখ কৰিছিল।
তাৰ প্ৰথমটো আঁসোৱাহ আছিল- যোৱা ৫ ডিচেম্বৰ ২০২৪ত মেঘদূত ভৱনত বন্ধ কৰা বন্ধ বেলট বাকচবোৰ যি ঠাইত খোলা হৈছিল তাৰ পৰা সভাপতি নিৰ্বাচনৰ বেলটবোৰ আন ঠাইলৈ নি গণনা কৰা হৈছিল। হাকাচামে এই পত্ৰত উল্লেখ কৰা দ্বিতীয়টো আসোঁৱাহ আছিল- সভাপতি নিৰ্বাচনৰ বাবে ভোট দিয়া বেলটবোৰ স্থানান্তৰ কৰিবলৈ ৪ঘণ্টা সময় ব্যয় কৰা হৈছিল।
তেওঁ উল্লেখ কৰা তৃতীয়টো আসোঁৱাহ আছিল- বেলট পেপাৰবোৰৰ লগত সংলগ্ন ভোটদান কৰা শাখা/ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱৰ সৈতে ভোটগণনাৰ সময়ত সেইবোৰ মিলাই চোৱা হোৱা নাছিল। এই বাবেই তেওঁ এই নিৰ্বাচনী ভোটগণনাৰ প্ৰক্ৰিয়াটো পুনৰ বিবেচনা কৰি আনুষ্ঠানিক ফলাফল ঘোষণা কৰিবলৈ আবেদন জনাইছিল।
দেখা পোৱা যায় যে অসম সাহিত্য সভা তথাকথিত উচ্চ মধ্যবিত্ত বা মধ্যবিত্ত লোকৰ প্ৰভাৱত পৰিচালিত হয়। ভূমিপুত্ৰ হিচাপে পৰিচিত বিভিন্ন জাতি- জনগোষ্ঠীৰ বহু যোগ্য লোক সাহিত্য সভাৰ সভাপতিৰূপে নিৰ্বাচিত হোৱাৰ পৰা বঞ্চিত হৈ আহিছে। যি অসন্তুষ্টি দেখা পোৱা যায় সাহিত্য সভাৰ মজিয়াত। জাতি- জনগোষ্ঠীৰ সৈতে সেই দূৰত্ব দূৰ কৰিবলৈ কনকসেন ডেকাৰ সাহিত্য সভাৰ কাৰ্যকালত জনগোষ্ঠীয় সভাপতিসকলক লৈ এক উমৈহতীয়া মঞ্চ গঠন কৰা হৈছিল।
পৰৱৰ্তী সময়ত এই উমৈহতীয়া মঞ্চৰ প্ৰভাৱ দেখা গৈছিল যদিও সময় অতিবাহিত হোৱাৰ লগে লগে এনে উদ্যোগৰ যতি পৰিল। এই দৃষ্টিৰে উপেন ৰাভা হাকাচামৰ দৰে এজন গৱেষক- ভাষাবিদ তথা সাহিত্যিকক সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত কৰাৰ সুযোগ আছিল।
ইয়াৰ উপৰিও একেখন জিলাৰ পৰাই এইবাৰ সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচিত হ’ল। এয়া সাহিত্য সভাৰ সভাপতি – প্ৰধান সম্পাদক নিৰ্বাচনত নিৰ্বাচিত হোৱা যোগ্য সকলৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ নহয়। এক জাতীয় স্বাৰ্থত এইবোৰ দৃষ্টিকোণ বিচাৰ নকৰিলে পৰৱৰ্তী সময়ত এনে সংঘাতে জাতীয় সত্তা আৰু জাতীয় ঐক্যত প্ৰভাৱ পেলাব পাৰে।
এই ভোটৰ যুদ্ধত অৱশ্যে শেষ হাঁহি মাৰিলে বসন্ত কুমাৰ গোস্বামীয়ে। অসম সাহিত্য সভাৰ সৈতে বিশেষভাৱে পূৰ্বৰে পৰাই জড়িত হৈ আহিছে গোস্বামী। সভাপতি পদৰ বাবে হোৱা নিৰ্বাচনত মুঠ ভোট আছিল- ৭৩৫টা। ইয়াৰে ৪০৩টা ভোট বসন্ত কুমাৰ গোস্বামীয়ে পোৱাৰ বিপৰীতে উপেন ৰাভ হাকাচামে লাভ কৰে ৩২৫টা ভোট। ৭৮টা ভোটৰ ব্যৱধানত জয়লাভ কৰে তেওঁ।
১৯৪২চনৰ ১২ছেপ্টেম্বৰত গোলাঘাটৰ ঢেকিয়ালত জন্মগ্ৰহণ কৰিছিল ড০ বসন্ত গোস্বামীয়ে। ৮০ৰ উৰ্ধৰ হ'লেও তেওঁ এতিয়াও সুপ্ৰতিভ আৰু অত্যন্ত কৰ্মদক্ষ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘থিয়ৰী অৱ আছামিজ ডিছনাৰী’ বিষয়ত ডক্টৰেট লাভ কৰা ড০ গোস্বামী কৰ্মময়ী জীৱন অধ্যাপনাৰ মাজেৰেই পাৰ হৈছিল। গোলাঘাটৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ত ১৯৬৩চনৰ পৰা ৪বছৰৰ বাবে তেখেত আছিল শিক্ষক।
১৯৭০চনত ড০ গোস্বামীয়ে দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাটত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল। ১৯৯৮চনত তেওঁ এই বিভাগৰ মুৰব্বী অধ্যাপক হৈছিল।
জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অংশকালীন অধ্যাপক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ অতিথি অধ্যাপকো আছিল তেওঁ। বিভিন্ন গৱেষণামূলক কামৰ সৈতে জড়িত ড০ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ আগেয়ে সাহিত্য সভাৰ কেইবাটাও দায়িত্ব গ্ৰহণ কৰিছিল।
ড০ গোস্বামীয়ে যোৰহাট সাহিত্য সভাৰ সম্পাদক, অসম সাহিত্য সভাৰ ভাষা জ্ঞান পৰীক্ষা সংসদৰ সচিব, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক আৰু দুটা কাৰ্যকালৰ প্ৰধান সম্পাদকো আছিল। বহু সন্মানেৰে সন্মানিত ড০ গোস্বামীৰ গ্ৰন্থপঞ্জীৰ সংখ্যা প্ৰায় ৪৪খন। ইয়াৰ ভিতৰত ২৫খন সম্পাদিত গ্ৰন্থও আছে। অভিধান প্ৰণেতা হিচাপেও তেখেত অভিজ্ঞ আৰু সুপ্ৰতিষ্ঠিত।
উল্লেখযোগ্য যে ড০ নগেন শইকীয়াই কোৱাৰ দৰে ড০ বসন্ত কুমাৰ গোস্বামীৰ মূৰৰ ওপৰত কেইবাখনিও সোহাঁত আছে- ‘অসমীয়া ভাষাটোৰ জঁতুৱা ৰূপটোৰ ধাতু চিনি পোৱা, অসম বুৰঞ্জী সাধু কথাৰ কৈ যাব পৰা বেণুধৰ শৰ্মা, জ্ঞান তপস্বী ষজ্ঞেশ্বৰ শৰ্মা আৰু অসমীয়া ভাষা সাহিত্যৰ সংস্কৃতিৰ গুৰুস্বৰূপ মহেশ্বৰ নেওঁগৰ, বিশেষকৈ এই তিনিগৰাকীৰ সোঁহাত কেইখন।‘
আনহাতে হোমেন বৰগোঁহাঞি অসম সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ছোৱাত ড০ বসন্ত কুমাৰ গোস্বামী আছিল প্ৰধান সম্পাদক। সেই কাৰ্যকালতে অসমীয়া বিশ্বকোষৰ প্ৰকল্প হাতত লোৱা হৈছিল আৰু ইয়াৰ ৫টা খণ্ড প্ৰকাশ কৰিছিল। বৰগোহাঁঞিয়ে তেওঁৰ লেখাত বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ ইতিহাসৰ এজন সৰ্বশ্ৰেষ্ঠ প্ৰধান সম্পাদক বুলিও আখ্যা দিছিল।
তেখেতেই এতিয়া অসম সাহিত্য সভাৰ সভাপতিৰূপে দায়িত্ব গ্ৰহণ কৰিব। ২০২৫ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ দুটা বছৰৰ বাবে তেওঁ এই পদবীত থাকিব। আশা কৰা হৈছে- অসমীয়া ভাষা- সংস্কৃতি আৰু জাতিক বৌদ্ধিক নেতৃত্বৰে তেখেতে সম্বৃদ্ধশালী কৰিব।
আনহাতে উপসভাপতি পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জয়লাভ কৰে সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। ৰাজখোৱাই ৩৯৩টা ভোট লাভ কৰি অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে। এই পদৰ বাবে মুঠ ৩জনে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
সেইসকলৰ ভিতৰত বিপিন কলিতাই ২৪৪ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আৰু চহিৰ ভূঞাই ১০০ টা ভোট লাভ কৰে। অসম সাহিত্য সভাৰ অন্যতম এক গুৰুত্বপূৰ্ণ পদবী হ’ল- প্ৰধান সম্পাদক। ২০২৫-২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে এই পদবীত নিৰ্বাচিত হৈছে দেৱজিৎ বৰা।
এইবাৰ প্ৰধান সম্পাদকৰ পদবীটোৰ বাবে ৩জন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল। দেৱজিৎ বৰাৰ বিপৰীতে এই পদবীত প্ৰতিদ্বন্দ্বিতা কৰা আন দুগৰাকী প্ৰাৰ্থী আছিল অজিত প্ৰসাদ শৰ্মা আৰু ড০ সঞ্জীৱ কুমাৰ শৰ্মা। নিৰ্বাচনী ফলাফলত দেখা পোৱা গ’ল- দেৱজিৎ বৰাই ৪০১টা ভোট লাভ কৰাৰ বিপৰীতে অজিত প্ৰসাদ শৰ্মাই ২৩৮টা আৰু সঞ্জীৱ কুমাৰ শৰ্মাই ৯৯টা ভোট লাভ কৰিবলৈ সক্ষম হয়।
সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ পৰৱৰ্তী পদক্ষেপে এই জাতীয় অনুষ্ঠানটোৰ ভাবমূৰ্তিত প্ৰভাৱ পেলাব। ক্ৰমশঃ মানুহৰ মাজৰ পৰা আঁতৰি যাব ধৰা শতবছৰ গৰকা অসম সাহিত্য সভাৰ গৌৰৱোজ্জল ইতিহাস আৰু ভূমিকাক এখেতসকলে সঠিকভাৱে তুলি ধৰি আগুৱাই নিবলৈ সক্ষম হ’ব বুলিয়েই অসমৰ ৰাইজ আশাবাদী। অভিনন্দন অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিক প্ৰমূখ্যে উপসভাপতি তথা প্ৰধান সম্পাদকলৈ...।