‘অসমীয়া’ তুমি হোৱা- নোহোৱা তোমাৰ কথা

কি দিন আহিলে ? অসমতে অসমীয়াক সংখ্যালঘু কৰিম বুলি হুংকাৰ দিব পৰা পৰিৱেশ সামাজিক আৰু ৰাজনৈতিকভাৱে গঢ় লৈ উঠিলে। অসমীয়া ভাষা আৰু জাতিৰ প্ৰতি এনে প্ৰত্যাহ্বান এয়াই প্ৰথম নহয়। কিন্তু শেহতীয়া এই পৰিৱেশ পূৰ্বতকৈ উদ্বেগজনক আৰু চিন্তনীয়।

New Update
ap BIKHEKH LEKHA (18)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কি দিন আহিলে ? অসমতে অসমীয়াক সংখ্যালঘু কৰিম বুলি হুংকাৰ দিব পৰা পৰিৱেশ সামাজিক আৰু ৰাজনৈতিকভাৱে গঢ় লৈ উঠিলে। অসমীয়া ভাষা আৰু জাতিৰ প্ৰতি এনে প্ৰত্যাহ্বান এয়াই প্ৰথম নহয়। কিন্তু শেহতীয়া এই পৰিৱেশ পূৰ্বতকৈ উদ্বেগজনক আৰু চিন্তনীয়।

যিসকল তথাকথিত লোকে অসমীয়া ভাষাক পণবন্দী কৰি অসমীয়া জাতিক এনে হুংকাৰ প্ৰদান কৰিছে, তেওঁলোকক এই সুযোগ দিয়া হৈছে। কেৱল ৰাজনৈতিক কাৰণত বাস্তৱক এনেদৰে তুলি ধৰা হৈছে যে, অসমত অসমীয়াৰ অস্তিত্ব এইচাম বহিৰাগত লোকৰ ওপৰত নিৰ্ভৰশীল বুলি এক ‘নেৰেটিভ’ ইতিমধ্যে সৃষ্টি হৈ গৈছে।

পৰিতাপৰ কথা যে, এই সমস্যাৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ বহু আন্দোলন, আলোচনা হৈছে যদিও তাৰ কোনো ফলাফল অসমবাসীয়ে বাস্তৱত দেখা নাপালে। বৰঞ্চ ই এক নিৰ্বাচনীকেন্দ্ৰিক ইচ্ছু হৈ আজিও জীয়াই আছে। ‘মিঞা’ এতিয়া এচামৰ বাবে সাম্প্ৰদায়িক মেৰু বিভাজনেৰে হিন্দু ভোটাৰক আবেগিক কৰা এক মেজিক ৰাজনৈতিক শব্দ হৈ পৰিছে।

সেই সুযোগতে আন এচামে তেওঁলোকৰ পক্ষ লৈ মিঞা ৰাজনীতিৰ অন্যতম পৃষ্ঠপোষক হিচাপে ভুমুকি মাৰি সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত তেওঁলোকৰ সমৰ্থনত নিৰ্বাচনীকেন্দ্ৰিক ৰাজনীতিৰ এক লাভৰ ব্যৱসায়ত পৰিণত কৰিছে। এইবোৰ কাৰণতে তেওঁলোকৰ প্ৰাসংগিকতা এনেদৰে বৃদ্ধি পাইছে যে, তথাকথিত এচাম সাধাৰণ লোকক মিঞা পৰিচয়েৰে ৰাজনীতিৰ বজাৰত ক্ৰয়- বিক্ৰয় কৰা বেপাৰীয়ে ভিৰ কৰিছে। 

অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত পূৰ্বৰে পৰাই এইবোৰ ৰাজনৈতিক আৰু সামাজিক কাৰকে হেঙাৰ সৃষ্টি কৰি আহিছে। অসমীয়াৰ সংজ্ঞা আজিও সৰ্বসন্মতভাৱে নিৰূপণ হোৱা নাই। কোনোবাই যদি প্ৰবজনকাৰী মুছলমানসকলক অসমীয়া বুলি আঁকোৱালি ল’ব বিচাৰিছে, আন একাংশই তেওঁলোকক সেই চামিল প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখাৰ চেষ্টাত ব্ৰতী হৈ আছে। 

অসমীয়া জাতিক জেন’ফবিক আখ্যা দি মিঞা কবিতাৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ চলোৱা সকলে আজি এই পৰিৱেশত সন্তুষ্টিৰ হাঁহি মাৰিছে। কিয়নো এদিন এই মিঞা কবিতাৰ পৃষ্ঠপোষকসকলে প্ৰবজনকাৰী মুছলমানৰ প্ৰতিনিধি হিচাপে অসমীয়া জাতিক ৰঙাচকু দেখুৱাইছিল। 

যিটো জাতিয়ে তেওঁলোকক আঁকোৱালি ল’বলৈ কুণ্ঠাবোধ কৰা নাছিল, অসমীয়া বুলি ভাবিবলৈ সুযোগ দিছিল সেই জাতিটোৰ প্ৰতি উগ্ৰ মিঞা জাতীয়তাবাদীসকলে নতুন এক জাতিৰ পৰিচয়ৰ সন্ধান কৰিবলৈ পূৰ্বৰ পৰাই ষড়যন্ত্ৰ ৰচি আহিছে। 

অসম আজিও বিদেশীৰ চৰণীয়া পথাৰ হৈ আছে। অসমত মুছলমান লোকৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাইছে। এইবোৰ সঁচা কথা। ১৮৭৪ চনত বৃটিছ শাসনকালত অসমৰ কেইখনমান জিলাত মুঠ জনসংখ্যা আৰু মুছলমানৰ জনসংখ্যাৰ অনুপাত আছিল এনেধৰণৰ- লখিমপুৰ জিলাত মুঠ জনসংখ্যা আছিল ১ লাখ ২১ হাজাৰ ২শ ৬৭ গৰাকী। তাৰেই ৩ হাজাৰ ৮শ ২৬ গৰাকী আছিল মুছলমান।

জিলাখনত মুছলমান লোকৰ শতকৰা হাৰ আছিল ৩.১৫ শতাংশ। উজনি অসমৰ অন্য এখন জিলা শিৱসাগৰত মুঠ জনসংখ্যা আছিল ২৯৬৫৮৯ জন। ইয়াৰে ১২,৬১৯ জন মুছলমান আছিল। শিৱসাগৰ জিলাত সেই সময়ত মুছলমান লোকৰ শতকৰা হাৰ আছিল ৪.২৫ শতাংশ।

দৰঙত মুঠ জনসংখ্যাৰ ২৩৫৩০০ জনৰ ভিতৰত মুছলমানৰ জনসংখ্যা আছিল ১৩৮৫৯জন। মুছলমান জনসংখ্যাৰ শতকৰা হাৰ আছিল জিলাখনত ৫.৮৯ শতাংশ। গোৱালপাৰা জিলাত মুঠ জনসংখ্যাৰ ৪৪৪৭৬১ গৰাকীৰ ভিতৰত ২০.২২ শতাংশ আছিল মুছলমান জনসংখ্যা। জিলাখনত সেই সময়ত মুছলমান লোকৰ সংখ্যা আছিল ৮৯৯১৬ গৰাকী। 

কাছাৰত মুঠ জনসংখ্যাৰ ২০৫০২৭ গৰাকীৰ ভিতৰত ৭৪৩৬১ জন আছিল মুছলমান। জিলাখনত মুছলমান লোকৰ শতকৰা হাৰ আছিল ৩৬.২৬ শতাংশ। ২০১১ চনৰ লোকপিয়লৰ তথ্যত অসমৰ মুঠ জনসংখ্যা ৩,১২,০৫,৫৭৬ গৰাকী আছিল। ইয়াৰে ৬১.৪৭ শতাংশ হিন্দু আৰু ৩৪.২২ শতাংশ মুছলমান।

অসমৰ জনবিন্যাস এনেদৰে সলনি হৈ আহিছে। অসমলৈ ১৯২১ চনলৈকে প্ৰায় ৫লাখ প্ৰবজনকাৰী কৃষক আহিছিল। তাৰ পাছত সেই প্ৰবজনৰ ধাৰা অবৈধভাৱে অৱ্যাহত থকাৰ বাবেই আজি আমি এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছো। 

সেই সময়ত অসমলৈ প্ৰবজন কৰা প্ৰবজনকাৰীসকলৰ ভিতৰত নগাঁৱৰ আলিটঙানীৰ ওচমান আলীৰ দৰে লোকে আছিল। যিজনে ১৯০২ চনতে আলিটঙানীত স্কুল স্থাপন কৰিছিল। সেই স্কুলত অসমীয়াত শিকাইছিল বৰদোৱা সত্ৰৰ পণ্ডিত মহেন্দ্ৰ চন্দ্ৰ মহন্তই। নিজকে অসমীয়া হিচাপে পৰিচয় দিছিল ওচমান আলীয়ে। 

১৯১৭ চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন শিৱসাগৰত হৈছিল। সেই অধিৱেশনলৈ সদস্যভুক্ত হৈ ওচমান আলীয়ে তেতিয়াই ১০ টকা বৰঙণি আগবঢ়াইছিল। এই মানসিকতাৰ পৰা এইচাম লোকক আজিৰ মানসিকতালৈ পৰিৱৰ্তন কৰাত সাৰ – পানী যোগাইছে বহু ৰাজনৈতিক সিদ্ধান্তই। 

এইবোৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি বেণুধৰ ৰাজখোৱাই সভাপতিৰ অভিভাষণত কোৱা কেইশাৰীমান কথা অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁ কৈছিল – অসমলৈ ময়মনসিং জিলাৰ বহু মুছলমান আহিছে। যি প্ৰদেশ সম্বৃদ্ধশালী, অনেক ঠাইৰ পৰা মানুহ আহি তাত বসতি কৰেহি। আৰ্য্য বিলাক এইদৰে বহুদূৰৰ পৰা আহি এইদৰে বসতি কৰিছে।

কোচ-কছাৰী, আহোম- প্ৰভুতি জাতি অসমৰ খিলঞ্জীয়া অধিবাসী হ’ল। মিৰজুমালাৰ লগত অহা বহু মুছলমান অসমত থাকি গ’ল- তেওঁ বিলাক অসমীয়া জাতিৰ লগত মিহলি হ’ল। ময়মনসিঙিয়াসকলে সেইদৰে অসমতে চিৰস্থায়ীকৈ বাস কৰি অসমীয়া বুলিবলৈ গৌৰৱ অনুভৱ কৰিব তাত কোনো ভুল নাই। 

এয়া হ’ল অসমীয়া জাতিৰ সৈতে মিলি যোৱা এক ইতিহাস। ১৯৪০ চনৰ ২৯ আগষ্টত গুৱাহাটীৰ কাৰ্জন হলত অনুষ্ঠিত এখন সভাই এটা প্ৰস্তাৱ লৈ ১৯৩৭ চনৰ আগতে অসমলৈ অহা প্ৰবজনকাৰী লোকসকলক অসমীয়া লিখিবলৈ অনুৰোধ কৰিছিল।

১৯৪১ চনৰ লোকপিয়লত নিজকে অসমীয়া বুলি অন্তৰ্ভুক্ত কৰিবলৈ বৰপেটা মহকুমাৰ প্ৰবজনকাৰীসকলৰ হৈ কেইবাজনো মুখীয়াল লোকে এখন দৰ্খাস্ত কৰিছিল অসমৰ তেতিয়াৰ প্ৰধানমন্ত্ৰীলৈ। সেই দৰ্খাস্তত আবেদনকাৰীসকলৰ হৈ স্বাক্ষৰ কৰিছিল ৰিয়াজুদ্দিন আহমেদ, গাৰগালি সৰকাৰ, পিয়াৰুল্লা সৰকাৰ, আব্দুল মজিদ খাঁ, আলি আমজাদ খাঁ আদিয়ে। 

আবেদনত লিখিছিল যে, বৰপেটা মহকুমাৰ ইমিগ্ৰেণ্ট প্ৰজাবৃন্দৰ সবিনয় নিবেদন এই যে, আমালোকে ২৫-৩০ বছৰ হ’ল অসমত স্থায়ীভাৱে বসতি কৰি আছো। আমালোকৰ ল’ৰা- ছোৱালী বিলাকক অসমীয়া ভাষাত শিক্ষা দিছো, আৰু আমালোকেও বহুতে অসমীয়া ভাষা শিকিছো। গতিকে মহোদয়ে ১৯৪১ চনৰ ছেনছাছত আমাক অসমীয়া ভাষা-ভাষি আৰু অসমীয়া কাৰণে ধৰাৰ বাবে গোহাৰি জনালো।

আৰু এতিয়া কোনোবাই আমি অসমীয়া নহয় বুলি লোকপিয়লৰ তথ্যত লিখিম বুলি হুংকাৰ দি ছদ্মবেশী অসমীয়াৰ পৰিচয় দিলে সেয়া অসমীয়াই সহজভাৱে ল’ব নোৱাৰে। ৰাজনৈতিক দ্বন্দ আৰু আদৰ্শৰ বিপৰীতে অসমীয়াৰ উদাৰতাক কোনোবাই দুৰ্বলতা বুলি ধৰিলে এনে সংঘাতে কালৰূপ ধৰাৰ সম্ভাৱনা আছে।

অসম অসমীয়া মিঞা