/asomiyapratidin/media/media_files/2026/01/28/bikhekh-lekhapawarrr-2026-01-28-14-19-40.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
ৰাজনীতি। কিছুমান মানুহৰ পৰিচিতি। তেওঁৰ প্ৰকৃত নামৰ বিপৰীতে গঢ় লৈ উঠে। ১৯৯১চনৰ পৰা দেশৰ অন্যতম শ্ৰেষ্ঠ আৰু চহকী ৰাজ্যখনৰ ৰাজনীতিত তেওঁকো তেনে এক পৰিচয়ৰে জনা গৈছিল। ভয়তে হওঁক বা মৰমতে হওঁক তেওঁক অনুগামী তথা সমৰ্থকসকলে নাম দিছিল ‘দাদা’।
এই দাদাৰ সকলো ফালৰ পৰাই পৰিপূৰ্ণ এক জীৱন আছিল। ক্ষমতাৰ বাবে তেওঁ পাৰিবাৰিক সম্বন্ধৰ উৰ্ধলৈ গৈ নিজৰ স্বাৰ্থ আদায় কৰি লৈছিল। স্থায়ী-অস্থায়ী কিমান সম্পত্তিৰ গৰাকী আছিল সেই সঠিক হিচাপ কোনেও জনা নাছিল। নিৰ্বাচন আয়োগক দিয়া তথ্যত তেওঁ দাখিল কৰা সম্পত্তিৰ হিচাপত সেয়া ১৪০ কোটি মান বুলি উল্লেখ আছিল যদিও সেই সংখ্যা কেইবা গুণো অধিক।
ৰাষ্ট্ৰীয় ৰাজনীতিত খুৰাকৰ থকা প্ৰভাৱৰ বাবেই ৰাজনীতিৰ যাত্ৰাপথত তেওঁৰ উত্তৰণ সহজ হৈছিল। কলজীয়া শিক্ষা আধাতেই এৰিব লগা হ’লেওঁ ৰাজনৈতিক কেৰিয়াৰে তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিছিল। ১৯৮২চনৰ কথা, এটা চেনীৰ ফেক্টৰীৰ বৰ্ড অৱ ডাইৰেক্টৰ্ছৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হৈছিল।
তাৰপাছত ১৯৯১ত পূণে ডিষ্ট্ৰিক্ট কোপাৰেটিভ বেংকৰ ছেয়াৰমেন ৰূপে তেওঁ দায়িত্ব লৈছিল। সেই বছৰে বাৰামতী লোকসভাৰ সাংসদীয় সমষ্টিৰ পৰা তেওঁ জয়ী হৈছিল। অৱশ্যে কংগ্ৰেছ প্ৰাৰ্থী ৰূপে জয়লাভ কৰিলেও খুৰাকৰ বাবে এই আসন তেওঁ কম দিনতে এৰি দিছিল।
যিটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি খুৰাক নৰসিংহ ৰাওৰ চৰকাৰৰ দিনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীও হৈছিল। খুৰাকৰ আশীৰ্বাদৰ হাত তেওঁৰ মূৰত সদায় আছিল। সেই বছৰে তেওঁ উপ-নিৰ্বাচনত বাৰামতী বিধানসভাৰ পৰা জয়ী হৈ বিধায়ক হৈছিল।
কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে তেওঁ বিধায়ক জীৱন আৰম্ভ হ’লেও পৰৱৰ্তী সময়ত খুৰাকে গঠন কৰা নতুন ৰাজনৈতিক দলটোৰ অন্যতম শক্তিৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল তেওঁ। ৫বাৰকৈ এই সমষ্টিটোৰ পৰা তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
কংগ্ৰেছ দল এৰি নতুনকৈ গঠন কৰা খুৰাকৰ ৰাজনৈতিক দলটোৱে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ সময়ত তেওঁ লাভ কৰিছিল গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰীৰ পদ। ১৯৫৯চনৰ ২২ জুলাইত জন্মগ্ৰহণ কৰা এইজন ৰাজনীতিবিদে ৮বাৰকৈ উপ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।
পৃথ্বীৰাজ চৌহান, দেৱেন ফাৰনাৱিজ, উদ্ভৱ থাকৰে, একনাথ সিন্ধে মুখ্যমন্ত্ৰীসকলৰ সৈতে অন্যতম পাৱাৰহাউছ হৈ পৰিছিল এই নেতাগৰাকী। ৰাজনীতিৰ উত্থান-পতনৰ অন্যতম চাবি হৈ পৰা এই নেতাজনে ২০১৯ত খুৰাকক বিশ্বাসঘাতক কৰি বিজেপিক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছিল। বিনিময়ত পুৰষ্কাৰ ৰূপে পাইছিল উপ মুখ্যমন্ত্ৰীৰ পদ।
কেৱল সেয়াই নহয়, খুৰাকে গঠন কৰা ৰাজনৈতিক দলটোৰ সকলো কৰ্তৃত্বও তেওঁ কাঢ়ি লৈছিল। নিজৰ সৈতে দলটোৰ নিৰ্বাচিত সংখ্যাধিক বিধায়ক থকাৰ যুক্তিৰে নিৰ্বাচন আয়োগৰ ওচৰত দলটোৰ সভাপতি, প্ৰতীক চিহ্ন আৰু মূল নাম দাবী কৰি সেয়াও নিজৰ কৰি লৈছিল।
২০২৪ৰ ৭ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগে ৰায় দিছিল যে- এনচিপি অৰ্থাৎ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টী তেওঁ দাবী কৰাৰ দৰেই তেওঁৰেই। হতাশ হৈছিল খুৰাক, যিজনৰ হাতত ধৰি ৰাজনীতিৰ আদিপাঠ শিকাইছিল তেওঁৱেই এনেদৰে বিশ্বাসঘাতক ৰূপত আবিৰ্ভাৱ হৈছিল।
শাসনত থাকি দাদাৰূপী এই নেতাই তেওঁৰ বিৰুদ্ধে উত্থাপিত কেলেংকাৰীৰ দস্তাৱেজ মচি পেলাবলৈ সক্ষম হৈছিল। বহু ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈওঁ তেওঁ একোলৈ ভ্ৰূক্ষেপ কৰা নাছিল। কাৰণ তেওঁৰ হাতত আছিল ক্ষমতা, টকা আদি সকলো।
সেইজন অতি ক্ষমতাশালী ৰাজনৈতিক নেতাৰ যে ছন্দপতন এনেদৰে ঘটিব কোনেও কল্পনা কৰা নাছিল। না ক্ষমতা, না সম্পত্তিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলে! আন সাধাৰণ মানুহৰ দৰেই দাদা গুচি গ’ল অতীত হৈ।
ৰাজনৈতিক ভ্ৰমণসূচীৰে আৰম্ভ কৰা এক যাত্ৰাই তেওঁৰ অন্তিম যাত্ৰা হৈ পৰিল। ২৮ জানুৱাৰী, ২০২৬ত তেওঁ পুৱা মুম্বাইৰ পৰা ওলাই গৈছিল জিলা পৰিষদৰ নিৰ্বাচনী সভাত অংশ ল’বলৈ। সেই দিনটোত তেওঁ বাৰামতীত ৪খনকৈ ৰাজনৈতিক সভাত অংশ লোৱা সূচী আছিল।
সাজু আছিল তেওঁৰ ছাৰ্টাৰ্ড বিমান। দুগৰাকীকৈ পাইলট আৰু দুজন সতীৰ্থসহ বিমানত উঠি উৰা মাৰিছিল হাঁহিমুখে। বিধিৰ বিপাক আৰু ভাগ্যৰ লিখন খণ্ডন কৰাৰ সাহ আছে কাৰ? সদায় ঠিকেই উৰা ছাৰ্টাৰ্ড বিমানখনে সফলভাৱে অৱতৰণ কৰিব নোৱাৰিলে।
জৰুৰী অৱতৰণৰ বাবে পাইলটে বাৰ্তা প্ৰেৰণ কৰিছিল যদিও এক দুৰ্গম অঞ্চলত অৱতৰণৰ চেষ্টা কৰোতেই সৰি পৰিছিল তেওঁ উঠি যোৱা বিমানখন। তাৰপাছত আহিছিল সেই শোকাৱহ খবৰ- দাদা আৰু নাই। এনেকৈয়ে শেষ হৈ গ’ল হঠাৎ এজন অতি শক্তিশালী ধনবন্ত ৰাজনীতিবিদ অজিত পাৱাৰৰ জীৱন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us