১৯৫৭তে ৰাষ্ট্ৰপতি হ’ব খোজা অসমীয়াজন !

দেশত আকৌ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে এন ডি এৰ প্ৰাৰ্থীৰূপে চি পি ৰাধাকৃষ্ণণ আৰু কংগ্ৰেছ তথা বিৰোধী জোঁটৰ প্ৰাৰ্থী হিচাপে বি সুদৰ্শন ৰেড্ডী সাজু হৈছে এই নিৰ্বাচনৰ বাবে

New Update
AP FOR WEB NEW    bikhekh lekha

মৃদুল কুমাৰ সন্দিকৈ

দেশত আকৌ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে এন ডি এৰ প্ৰাৰ্থীৰূপে চি পি ৰাধাকৃষ্ণণ আৰু কংগ্ৰেছ তথা বিৰোধী জোঁটৰ প্ৰাৰ্থী হিচাপে বি সুদৰ্শন ৰেড্ডী সাজু হৈছে এই নিৰ্বাচনৰ বাবে। আকস্মিকভাৱে ২১ জুলাই ২০২৫ত উপ ৰাষ্ট্ৰপতি পদৰ পৰা জগদীপ ধনখড়ে পদত্যাগ কৰাত নিৰ্বাচন আয়োগে ৯ চেপ্তেম্বৰত এই নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছে।

Advertisment

উপ ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰ্ব আৰু প্ৰক্ৰিয়া একেই। দেশৰ জনসাধাৰণে প্ৰত্যক্ষভাৱে উক্ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে। জনতাৰ দ্বাৰাই নিৰ্বাচিত জনপ্ৰতিনিধিয়ে এই নিৰ্বাচনত ভোটদান কৰে। সাংসদ, বিধায়কসকলে ভোটদান কৰিব লগা এইবাৰৰ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণ নিৰ্বাচিত হোৱাতো নিশ্চিত।

ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰসংগ আহিলে অসমৰ এজন ব্যক্তিৰ কথা মনলৈ আহে। এইগৰাকী অসমীয়াই ১৯৫৭ চনতে ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখিছিল। ১৯৫৭ৰ ৬মে’ত অনুষ্ঠিত হৈছিল দেশৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচন।

সেইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ, চৌধুৰী হৰি ৰাম আৰু এজন অসমীয়াই। ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰথম প্ৰাৰ্থী হোৱা তেওঁৱেই আছিল প্ৰথমজন অসমীয়া। তেওঁৰ নাম আছিল- নগেন্দ্ৰ নাৰায়ণ দাস।

এই ৩জন প্ৰাৰ্থী লৈ হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে ৰাজেন্দ্ৰ প্ৰসাদে জয়ী হৈছিল। তেওঁ লাভ কৰা মুঠ ভোট আছিল ৪৫৯৬৯৮। চৌধুৰী হৰি ৰামে ২৬৭২ আৰু অসমৰ নগেন্দ্ৰ নাৰায়ণ দাসে লাভ কৰিছিল ২হাজাৰ ভোট।

জৱহৰলাল নেহৰু নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ আছিল এইজন অসমীয়াৰ। সেয়েহে তেওঁ চৰকাৰী উচ্চ পদস্থ চাকৰিৰ পৰা স্বেচ্চাই অব্যাহতি লৈ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। 

তেওঁ আছিল- তেতিয়াৰ আই চি এছ বিষয়া। ১৯২৯ চনত তেওঁ আই চি এছ পৰীক্ষাত উত্তীৰ্ণ হৈ এটা বিভাগৰ অতিৰিক্ত সচিব পদত অধিষ্ঠিত হৈছিল। ১৯০৭ চনত গোৱালপাৰাত জন্ম হৈছিল নগেন্দ্ৰ নাৰায়ণ দাসৰ।

উজান বজাৰৰ বিখ্যাত মাণিক চন্দ্ৰ চৌধুৰীৰ কন্যা চন্দ্ৰপ্ৰভা দাসক তেওঁ বিয়া কৰাইছিল। তেওঁ পৰৱৰ্তী সময়ত গুৱাহাটীত স্থায়ীভাৱে বাস কৰিছিল। এতিয়াৰ প্ৰাগজ্যোতিষ কলেজ থকা ঠাইখিনিত সেই সময়ত এজন বিহাৰী ঠিকাদাৰৰ এটা ইটাভাটা আছিল। সেই ইটাভাটাটো আগত আছিল আহল- বহল এটা চৌহদ।

সেইটোৱেই আছিল নগেন্দ্ৰ নাৰায়ণ দাসৰ ঘৰ। মেধাৱী ছাত্ৰ দাসে কটন কলেজত অধ্যয়ন কৰিছিল। ভাল ফুটবল খেলুৱৈ আছিল দাস। অসমৰ ৰাজধানী শ্বিলঙত থাকোতে তেওঁ টেক্সটাইল বিভাগৰ কমিছনাৰ হৈছিল। 

তেওঁৰ এজন পুত্ৰ এসময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈছিল। নগেন্দ্ৰ নাৰায়ণ দাসৰ চৰ্চিত সেই পুত্ৰজনৰ নাম আছিল অৱনী দাস। তেওঁৰ হিন্দুজা ব্ৰাদাৰ্ছৰ ভাৰতৰ মুখ্য প্ৰতিনিধি আছিল। অসমীয়া মানুহে এতিয়া ১৯৫৭তে ৰাষ্ট্ৰপতি হ’ব খোজা এইজন স্বাভিমানী অসমীয়াৰ কথা নাজানে।

অৱশ্যে পিছলৈ অসমৰ আন এজন সন্তান ফকৰুদ্দিন আলী আহমেদ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। ১৯৭৪ চনত ৰাষ্ট্ৰপতি হৈছিল ফকৰুদ্দিন আলী আহমেদ। ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা উত্তৰ- পূবৰ আন এজন ৰাজনীতিবিদ আছিল পি এ চাংমা। ২০১২ত অনুষ্ঠিত এই নিৰ্বাচনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিৰুদ্ধে পি এ চাঙমা ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। 

উত্তৰ-পূবৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মেঘালয়ৰ আন এগৰাকী ৰাজনীতিবিদে। তেওঁৰ নাম জৰ্জ গিলবাৰ্ট ছোৱেল। ১৯৯২ চনত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত শংকৰ দয়াল শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ।

উপ ৰাষ্ট্ৰপতি পদত এতিয়ালৈকে অসম বা উত্তৰ-পূবৰ লোক অধিষ্ঠিত হোৱা নাই। ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাৰত স্বাধীন হোৱা ৭৯ বছৰলৈকে মুঠ ২জন অসমীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰথম জন আছিল নগেন্দ্ৰ নাৰায়ণ দাস আৰু দ্বিতীয় জন ফকৰুদ্দিন আলী আহমেদ। উত্তৰ-পূবৰ পৰা ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা চাৰিগৰাকী।

উপ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি