মহম্মদ ৰফীৰ পাছত সুধাকণ্ঠ...

অসমীয়া হিচাপে এটা গৌৰৱৰ দিন আজি। ভাৰত চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অসম চৰকাৰৰ প্ৰস্তাৱ মৰ্মে ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰা ভূপেন হাজৰিকাৰ স্মৃতি মুদ্ৰা আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব।

New Update
AP FOR WEB NEW  bikhekh lekha NEW 2024 (2)

মৃদুল কুমাৰ সন্দিকৈ

অসমীয়া হিচাপে এটা গৌৰৱৰ দিন আজি। ভাৰত চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অসম চৰকাৰৰ প্ৰস্তাৱ মৰ্মে ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰা ভূপেন হাজৰিকাৰ স্মৃতি মুদ্ৰা আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব।

খানাপাৰাত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে ১৩ ছেপ্তেম্বৰ ২০২৫ত এই স্মাৰক মুদ্ৰা মুকলি কৰাৰ লগে লগে তেনে মুদ্ৰাত স্থান লাভ কৰা সুধাকণ্ঠই হ’ব উত্তৰ- পূবৰ প্ৰথমগৰাকী ব্যক্তি। এই মুদ্ৰাটোৰ ওজন ৪০ গ্ৰাম আৰু ইয়াৰ ব্যাসাৰ্ধ ৪৪ মিলিমিটাৰ।

মুদ্ৰাটোৰ এটা ফালে অশোক স্তম্ভ, তাৰ দুই কাষে ইংৰাজী আৰু হিন্দীত ক্ৰমে ইণ্ডিয়া আৰু ভাৰত বুলি লিখা থাকিব। অশোক স্তম্ভৰ তলত থাকিব ‘সত্যমেৱ জয়তে‘ শীৰ্ষক বাণী আৰু তাৰ তলতে থাকিব ভাৰতীয় টকাৰ চিহ্ণসহ ১০০ সংখ্যাটো। আনটো ফালে থাকিব সুধাকণ্ঠৰ ফটো আৰু ইংৰাজী তথা দেৱনাগিৰি আখৰেৰে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বুলি লিখা থকাৰ লগতে তলত ২০২৫ চনটো লিখা থাকিব। 

এই মুদ্ৰা অৱশ্যে সাধাৰণ লেন-দেনৰ বাবে নহয়। বিশেষ উপলক্ষে প্ৰস্তুত কৰা স্মৃতি মুদ্ৰা হোৱাৰ হেতু ই হ‘ব এক ঐতিহ্যবহনকাৰী সংৰক্ষণযোগ্য মুদ্ৰা। বিশুদ্ধ ৰূপৰ এই মুদ্ৰাটোৰ মূল্য আমুমানিক ৭,৫০০ টকাৰ পৰা ৮,০০০ টকাৰ ভিতৰত হ’ব।

ভাৰত চৰকাৰে প্ৰথম ১৯৬৪ চনত তেনে স্মৃতি মুদ্ৰা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছিল। সেইবাৰ জৱহৰলাল নেহৰুৰ নামত প্ৰস্তুত কৰা মুদ্ৰাকেইটা আছিল ১টকীয়া আৰু ৫০ পইচা। তাৰ ৫বছৰৰ পাছত ১৯৬৯চনত মহাত্মা গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৪টা স্মাৰক মুদ্ৰা প্ৰস্তুত কৰা হৈছিল। এই মুদ্ৰাকেইটা আছিল ক্ৰমে ১০ টকা, ১টকা, ৫০ পইচা আৰু ২০ পইচা। 

১৯৭০ চনত আৰু ৭১চনত ‘ফুড ফৰ অল থিমে‘ৰে প্ৰস্তুত কৰা স্মাৰক মুদ্ৰাকেইটা আছিল ১০ আৰু ২০পইচা। ১৯৭২ চনত ভাৰতৰ স্বাধীনতাৰ ৰূপালী জয়ন্তী উপলক্ষে ১০ টকীয়া আৰু ৫০ পইচাৰ স্মাৰক মুদ্ৰা প্ৰস্তুত কৰিছিল ৰিজাৰ্ভ বেংকে। 

এনেকৈয়ে বিশেষ উপলক্ষত এই স্মাৰক মুদ্ৰাসমূহ প্ৰস্তুত কৰা হয়। ১৯৮১চনত ‘ফাৰ্ষ্ট ৱৰ্ল্ড ফুড ডে‘ উপলক্ষে প্ৰথমটো স্মাৰক মুদ্ৰা প্ৰস্তুত কৰা হৈছিল। ইয়াৰ উপৰিও এই দিনটোৰ উপলক্ষ কৰি ১০টকা, ২৫ পইচা আৰু ১০ পইচাৰ স্মাৰক মুদ্ৰা সেইবাৰ প্ৰস্তুতৰ সিদ্ধান্ত লৈছিল চৰকাৰে। 

তাৰ পাছত ১৯৮১তে ‘ৱৰ্ল্ড ইণ্টাৰনেচনেল চাইল্ড‘ৰ বাবে, ১৯৮২ত নৱম এছিয়ান গেমছ উপলক্ষে, ১৯৮২ত ৰাষ্ট্ৰীয় একতা উপলক্ষে, ১৯৮৫ত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সোণালী জয়ন্তী উপলক্ষে ১০০ টকীয়া স্মাৰক মুদ্ৰা প্ৰস্তুত কৰিছিল ভাৰত চৰকাৰে। ১৯৮৫ত ইণ্টাৰনেচনেল ইউথ ইয়েৰ, ইন্দিৰা গান্ধীৰ সন্মানৰ্থে ১০০ টকীয়া স্মাৰক মুদ্ৰা প্ৰস্তুত কৰা হৈছিল। 

এনেকৈ বিশেষ বিশেষ অনুষ্ঠানৰ উপলক্ষে চৰকাৰে প্ৰস্তুত কৰে স্মাৰক মুদ্ৰা। যাক ইংৰাজীত কোৱা হয় COMMEMORATIVE COIN। জৱহৰলাল নেহৰুৰ জন্ম শতবৰ্ষত ১৯৮৯চনত ১০০ টকীয়া আন এটা স্মাৰক মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিছিল ৰিজাৰ্ভ বেংকে। 

১৯৯১ত বি আৰ আম্বেদকাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এটকীয়া স্মাৰক মুদ্ৰা প্ৰস্তুত কৰিছিল। ১৯৯২চনত ৰাজীৱ গান্ধী, ১৯৯৩চনত ভাৰত ত্যাগ আন্দোলন উপলক্ষে কেইবাটাও স্মাৰক মুদ্ৰা ৰাজহুৱা কৰা হৈছিল। ৰাজীৱ গান্ধীৰ নামত এটকীয়া আৰু ভাৰত ত্যাগ আন্দোলনৰ স্মৃতিত ক্ৰমে ১০০ টকা, ৫০ টকা, ১০ টকা আৰু ১টকীয়া স্মাৰক মুদ্ৰা ৰাজহুৱা কৰি দিছিল আৰ বি আয়ে। 

১৯৯৫ চনত ৰাষ্ট্ৰ সংঘৰ ৫০ বছৰ উপলক্ষে ৰিজাৰ্ভ বেংকে মুকলি কৰিছিল ৫টকীয়া স্মাৰক মুদ্ৰা। ১৯৯৭ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম শতবৰ্ষ উপলক্ষে কেইবাটাও স্মাৰক মুদ্ৰা মুকলি কৰি দিছিল। তাৰ ভিতৰত এটা ১০০ টকাৰ স্মাৰক মুদ্ৰা। 

১৯৯৭চনত দেশে স্বাধীনতা লাভৰ ৫০ বছৰ উপলক্ষে মুকলি কৰা স্মাৰক মুদ্ৰাকেইটা আছিল ৫০ টকা আৰু ৫০ পইচা। ১৯৯৮ত শ্ৰী অৰবিন্দ, এ অল লাইফ অৱ যোগা শীৰ্ষক থিমেৰে প্ৰস্তুত কৰা হৈছিল ১০০ টকা, ৫০টকা, ১০ টকা আৰু দুটকাৰ স্মাৰক মুদ্ৰা। 

১৯৯৯চনত উচ্চতম ন্যায়ালয়ে ৫০ বছৰ উপলক্ষে দুটা স্মাৰক মুদ্ৰা ক্ৰমে ৫০ আৰু দুটকা প্ৰস্তুত কৰা হৈছিল। ২০০২ত শ্যাম প্ৰসাদ মুখাৰ্জীৰ নামত ১০০ টকা, ৫০ টকা, ১০ টকা আৰু দুটকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিছিল ৰিজাৰ্ভ বেংকে। ২০০২তে লোকনায়ক জয় প্ৰকাশ নাৰায়ণৰ নামত, ২০০৩ত মহাৰাণা প্ৰতাপৰ নামত, ২০০৩তেই ভাৰতীয় ৰে’লৰ ডেৰশ বছৰ উপলক্ষে, ২০০৫ত টেলিকমিনিকেচনৰ ডেৰশ বছৰ উপলক্ষে, সেই বছৰে লালা বাহাদুৰ শাস্ত্ৰীৰ জন্ম শতবাৰ্ষিকীৰ বাবে ১০০ টকাৰ স্মাৰক মুদ্ৰা প্ৰস্তুত কৰা হৈছিল। 

২০০৬ত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নামত, ১০০ টকাৰ স্মাৰক মুদ্ৰা, সেই বছৰৰে অ’ এন জি চিৰ ৫০ বছৰ উপলক্ষে ৫০ টকীয়া স্মাৰক মুদ্ৰা, ২০০৭ত লোকমান্য বাল গংগাধৰ তিলকৰ নামত প্ৰস্তুত কৰা হৈছিল ১০০ টকীয়া স্মাৰক মুদ্ৰা। ২০০৭ত ইণ্ডিয়ান এয়াৰ ফ’ৰ্চৰ হীৰক জয়ন্তীৰ বাবে, ২০০৮ত ছহিদ ভগত সিঙৰ জন্ম শতবাৰ্ষিকী উপলক্ষে, ২০০৯ত হোমি জাহাংগীৰ ভাবাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে, ২০১০ত ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ ১২৫ বছৰীয়া জন্ম বাৰ্ষিকী উদযাপনৰ বাবে, সেই বছৰে মাদাৰ তেৰেছাৰ জন্ম শতবৰ্ষৰ নামত ১০০ টকীয়া স্মাৰক মুদ্ৰা প্ৰস্তুত কৰা হৈছিল। 

এনেকৈয়ে বিশেষ উপলক্ষত ৰিজাৰ্ভ বেংকৰ জৰিয়তে স্মাৰক মুদ্ৰা প্ৰস্তুত কৰে ভাৰত চৰকাৰে। ২০১৩ত মৌলানা আবুল কালাম আজাদৰ বাবে, ২০১৫ত বি আৰ আম্বেদকাৰৰ জন্মৰ ১২৫ বছৰ উপলক্ষে এই স্মাৰক মুদ্ৰা মুকলি কৰা হৈছিল। ২০১৮ত অটল বিহাৰী বাজপেয়ীৰ জন্ম তিথিত, ২০১৯ত ড০ এম ডি ৰামচন্দ্ৰনৰ জন্ম শতবৰ্ষ উপলক্ষে, ২০১৯ত হান্দ্ৰেদ ইয়াৰ্চ অৱ মহাত্মা গান্ধীৰ নামত, ২০২২ত গুৰু টেগ বাহাদুৰজীৰ নামত, ২০২৩ত এন চি চিৰ ৭৫বছৰ উপলক্ষে, চি বি আইৰ নামত, মন কি বাতৰ ১০০ টা খণ্ড হোৱাৰ বাবে স্মাৰক মুদ্ৰা মুকলি কৰি দিছিল ৰিজাৰ্ভ বেংকে। 

২০২৪ত মুকলি কৰা উল্লেখযোগ্য স্মাৰক মুদ্ৰাকেইটা আছিল – কৰ্ণাটক বেংকৰ শতবৰ্ষ, ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ, উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰ, অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষ। ২০২৫ত বতৰ বিজ্ঞান কেন্দ্ৰ ১৫০ বছৰ, মহম্মদ ৰফীৰ জন্ম শতবৰ্ষত, মুম্বাইৰ ষ্টক এক্সেঞ্জৰ ১৫০ বছৰ, শ্যাম প্ৰসাদ মুখাৰ্জীৰ নামত, ড০ এম এছ স্বামী নাথনৰ জন্ম শতবৰ্ষ উপলক্ষে স্মাৰক মুদ্ৰা মুকলি কৰা হৈছিল। 

স্মাৰক মুদ্ৰাৰ ইতিহাস চালে দেখা যায় যে বলিউদৰ কোনো বিখ্যাত নায়ক, নায়িকাই এতিয়ালৈকে স্মাৰক মুদ্ৰাত স্থান পোৱা নাই। গায়কৰ ভিতৰত মহম্মদ ৰফীৰ পাছতে ড০ ভূপেন হাজৰিকাৰ নামত স্মাৰক মুদ্ৰা প্ৰস্তুত হৈছে। ভাৰত ৰত্ন ভূপেন হাজৰিকাক দিয়া এই সন্মান সঁচাকৈয়েই অতি বিৰল।

ড০ ভূপেন হাজৰিকা সুধাকণ্ঠ