/asomiyapratidin/media/media_files/2026/01/09/whatsapp-imag-2026-01-09-13-58-40.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
কোনো এটা সংগঠন কাৰো পৈতৃক সম্পতি নহয়। কোনোবাই যদি এটা সংগঠনৰ বিষয়বাব লৈ সংগঠনটোক খিৰতী গাইৰ ৰূপত ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ বিৰুদ্ধে উচিত তদন্ত আৰু অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাতো প্ৰয়োজন।
কলেজ শিক্ষকসকলৰ এটা ঐতিহ্যপূৰ্ণ সংগঠন ‘অসম কলেজ শিক্ষক সংস্থা’। বহু দ্বিগজ শিক্ষাবিদ, কলেজৰ শিক্ষকে এই সংগঠনটোৰ নেতৃত্ব দি গৈছে। সামাজিক- শৈক্ষিক দিশত সংগঠনটোৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেইবোৰলৈ পিঠি দি বিষয়বাবত বহি কোনোবাই যদি ইয়াৰ ঐতিহ্যত পদাঘাত কৰে, তেন্তে সেই সকলৰ বিৰুদ্ধে তদন্ত আৰু অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাত কৃপণালি কৰিব নালাগে।
অসম কলেজ শিক্ষক সংস্থাৰ নতুনকৈ এখন কমিটী গঠন হৈছে। সেই হেতু কথাবোৰ তথ্যসহ উল্লেখ কৰি অনিয়ম আৰু দুৰ্নীতিয়ে সংস্থাক কলংকিত কৰা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ প্ৰশ্ন উঠিছে। সংস্থাৰ ভিতৰচ’ৰাত চলা অনিয়মবোৰ দেখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই কথাবোৰ লিখিবলৈ অনুৰোধ আহিছিল।
আনকি সকলো তথ্য যোগান ধৰি অসহায় হৈ পৰা কলেজ শিক্ষকে টেলিফোনতে আৱেগিক হৈ পৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল। যিবোৰ কাণ্ডৰ খলনায়ক আছিল অলপতে সংস্থাৰ সভাপতি পদ এৰা জয়ন্ত বৰুৱা নামৰ ব্যক্তিজন। নতুনকৈ গঠন হোৱা কমিটীত কলেজ শিক্ষক সংস্থাৰ সভাপতি হিচাপে ড০ বিপুল চক্ৰৱৰ্তী নিৰ্বাচিত হৈছে।
তেখেতে সংস্থাক কি দৰে নেতৃত্ব দিয়ে, সেয়া সময়ে ক’ব। কিন্তু খবৰ লৈ জানিব পৰা মতে, ড০ চক্ৰৱৰ্তী এজন সৎ আৰু সাহসী কলেজ শিক্ষক। তেওঁৰ পৰা পৰিৱৰ্তন আশা কৰে সমাজে। একেদৰে ড০ পৰাগজ্যোতি মহন্ত, হজৰত আলী, ৰণ্টু গোহাঁই, বিনীতা গগৈ, তৰালি বড়ো, পাৰ্থ কুমাৰ নৰহ আদিৰ সন্দৰ্ভতো কেইবাজনো কলেজ শিক্ষকে ইতিবাচক মন্তব্য পোষণ কৰিছে।
যিসকলে ভাবিছে, তথ্যবিহীনভাৱে এই কথাবোৰ উল্লেখ কৰা হৈছে; সেই সকলৰ বাবে কিছু তথ্য দাঙি ধৰিব বিচৰা হৈছে। কলেজ শিক্ষক সংস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহ’লেও বিভিন্ন উৎসৰ জৰিয়তে পোৱা খবৰবোৰ আছিল অতি ভয়ানক আৰু লজ্জ্বাজনক।
কলেজ শিক্ষক সংস্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত পূৰ্বৰ সভাপতি জয়ন্ত বৰুৱাই সুৰাপান কৰি থকা ভিডিঅ’ ৰাজহুৱা হোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে কিয় জবাবদিহি ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ? সভাপতিৰ দৰে দায়িত্বশীল পদবীত থাকি কেন্দ্ৰীয় কাৰ্যালয়ক বাৰ লৈ ৰূপান্তৰ কৰা এইগৰাকী কলেজ শিক্ষকক সংস্থাৰ সংবিধান অনুসৰিয়েই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নালাগিছিলনে ?
যদি এইবোৰ কথা এৰি দিয়া হয় তেতিয়া আন কলেজ শিক্ষকেও সেই কাম কৰিলেও সংস্থাই তেওঁলোককো ৰেহাই দিব লাগিব। ভাবি চাওকচোন তেতিয়া কলেজ শিক্ষক সংস্থাৰ মুখ্য কাৰ্যালয়টোৰ সন্দৰ্ভত কি ভাবমূৰ্তিৰ সৃষ্টি হ’ব মানুহৰ মাজত !
এইবোৰ কথাৰ বাদেই প্ৰথমবাৰ সংস্থাৰ সম্পাদক, তাৰ পাছত সভাপতি হৈ নীতিবহিৰ্ভূতভাৱে জয়ন্ত বৰুৱাই কিমান টকা সংস্থাৰ পৰা আত্মসাৎ কৰিলে, তাৰ তদন্ত কৰিলে তেওঁৰ অনিয়মৰ দস্তাবেজ ফাদিল হৈ পৰিব। সংস্থাৰ একাউণ্টৰ পৰা জয়ন্ত বৰুৱাই নিজৰ ক্ষমতা খটুৱাই কাৰ নামত চেকযোগে ধন লয়, সেয়া কি সংস্থাৰ আন বিষয়ববীয়াসকলে গম নেপায় ? নে জয়ন্ত বৰুৱাৰ ভয়ত তেওঁলোক মনে মনে থাকিল ?
সেই ধনৰ পৰিমাণ কিন্তু কম নহয়। ৬ লাখৰো অধিক ধন তেওঁ এটা বছৰতে এজন বিশেষ ব্যক্তিৰ একাউণ্টযোগে লোৱা তথ্য অডিট ৰিপ’ৰ্টত পোহৰলৈ নহাতো তাৎপৰ্যপূৰ্ণ। আমাৰ হাততেই যেতিয়া সেই ধন লেন-দেনৰ সবিশেষ তথ্য মজুত আছে, একেদৰে কলেজ শিক্ষক সংস্থাৰ হাততো নিশ্চয় এইবোৰ তথ্য থাকিব।
আৰ্থিক দিশটো নতুন কমিটীয়ে গুৰুত্ব দিয়ক। একোজন কলেজ শিক্ষকে বছৰেকত ১৫শ টকাকৈ দি সংস্থাৰ আৰ্থিক ভেঁটিটো সুদৃঢ় কৰে। সেই ধন কাৰোবাক আত্মসাৎ বা উপভোগ কৰিবলৈ সংগ্ৰহ কৰা ধন নাছিল।
দিশপুৰলৈ অহা- যোৱা কৰাতে গাড়ীৰ ভাড়া আৰু আন ব্যয়ৰ বিল দাখিল কৰি লাখ টকা লোৱা জয়ন্ত বৰুৱাই সাধাৰণ সম্পাদক হৈ থকাৰ সময়ত ১৮ জানুৱাৰী ২০২৩ত গুৱাহাটীলৈ অহাৰ বাবদ মেছেলিনিয়াছ ব্যয় হিচাপে ১লাখ ৫হাজাৰ টকা আদায় লৈছিল। ১৮ জানুৱাৰী ২০২২ৰ পৰা ২৬ ডিচেম্বৰ ২০২২লৈ সেই ধন উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়লৈ অহাৰ বাবদ ব্যয় হোৱা বুলি এখন সাধাৰণ পেডত লিখি আদায় লৈছিল।
এইবোৰ কথা মিছা নেকি ? কি মেছেলিনিয়াছ খৰচ হৈছিল, কেইবাৰ তেওঁ উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়লৈ গৈছিল, কি কামৰ বাবদ তেওঁৰ এই ভ্ৰমণ আছিল তাৰ খতিয়ান আছেনে কাৰোবাৰ হাতত ? ডিব্ৰুগড়ৰ কানৈ কলেজত হোৱা অধিবেশনৰ সময়ত এই গৰাকী কলেজ শিক্ষক সংস্থাৰ তেতিয়া সাধাৰণ সম্পাদক পদৰ পৰা কাৰ্যকাল শেষ কৰি সভাপতিৰূপে নিৰ্বাচিত হৈছিল।
অধিবেশন শেষ হোৱাৰ এদিনৰ পাছত ৩১ জানুৱাৰী ২০২৩ত জয়ন্ত বৰুৱাই এ চি টি এৰ সম্পাদক হিচাপে টি এ/ ডি এ বিলৰ নামত ৫লাখ টকা আদায় লোৱা নাছিলনে ? নগদ ৫লাখ টকা তেওঁক কিয় দিব লগা হৈছিল ?
বছৰটোৰ ৩৬৫ দিনৰ কিমান দিন তেওঁ ভ্ৰমণ কৰিছিল ? সেই হিচাপত প্ৰতিদিনাই তেওঁ ১,৩৬৯ টকাকৈ ভ্ৰমণ বানছ আদায় লৈছিল। এইবোৰ দিশ তেওঁৰ কাৰ্যকালত পৰীক্ষা কৰা নহ’ল। এতিয়া নতুন কমিটীয়ে অন্ততঃ সেইবোৰ কথা তদন্তৰ আওতালৈ আনক। কলেজ শিক্ষকসকলৰ পৰা সংগ্ৰহীত ধনেৰে পদবীত বহি ৰাজভোগ কৰিছিল জয়ন্ত বৰুৱাই। তাৰ কিছু নমুনাহে এয়া।
কলেজ শিক্ষকসকল সমাজৰ শ্ৰদ্ধেয় আৰু সচেতন ব্যক্তি বুলি গন্য কৰা হয়। তেওঁলোকৰ দ্বাৰা গঠিত এটা অনুষ্ঠানত এনে লুণ্ঠন কাৰোৰে কাম্য নহয়। স্বচ্চতা ৰক্ষা কৰি ক্ষোভিত কলেজ শিক্ষকসকলক যদি নতুন কমিটীয়ে ন্যায় দিব বিচাৰে তেনেহ’লে কেন্দ্ৰীয় কাৰ্যালয়ত সুৰাপান কৰা, সংস্থাৰ ধনৰ অপব্যৱহাৰ কৰা জয়ন্ত বৰুৱাৰ বিৰুদ্ধে তদন্ত কৰক। অন্যথাই মানুহে ভাবিব লংকালৈ গ’লে সকলো ৰাৱণেই হয় !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us