/asomiyapratidin/media/media_files/2026/01/08/bikhekh-lekha-18-2026-01-08-14-34-53.jpg)
মৃদুল কুমাৰ সন্দিকৈ
অসম কলেজ শিক্ষক সংস্থাৰ বাৰ্ষিক অধিবেশনখন অৱশেষত ওদালগুৰি মহাবিদ্যালয়ত অনুষ্ঠিত হৈ গ’ল। ৩, ৪, ৫, ৬ জানুৱাৰী ২০২৬ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিবেশনত কলেজ শিক্ষক সংস্থাৰ নতুন কাৰ্যকৰ্তাসকলক নিৰ্বাচিত কৰা হয়।
দুবছৰ ধৰি এই অধিবেশন অনুষ্ঠিত নকৰাক লৈ কলেজ শিক্ষক সংস্থাৰ সদস্যসকল ক্ষোভিত হৈ আছিল। সংস্থাৰ বিদায়ী সভাপতিৰ বহু দুৰ্নীতি আৰু অনিয়মৰ কথা পোহৰলৈ আহিছিল উক্ত সময়ত। সংস্থাৰ পদেন সদস্য হিচাপে থাকি গ’লেও জয়ন্ত বৰুৱা নামৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কৰা কাম- কাজৰ কলংক মচি নতুন নেতৃত্বই এই সংগঠনটোক উদ্ধাৰ কৰিব বুলি আশাবাদী।
অৱশ্যে এইটো ঠিক যে, এনে ধৰণৰ ধুৰন্ধৰ মানুহে ক্ষমতা বা দায়িত্ব এৰিলেও সংগঠনৰ মজিয়াত নিজৰ কিছু মানুহ বহুৱাই থৈ যায়। ভৱিষ্যতে যাতে বিপদ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই কাম কৰাটোৱেই স্বাভাৱিক। ৬ জানুৱাৰী ২০২৬ত দিনৰ প্ৰায় ১-৩০ বজাৰ পৰা হোৱা নিৰ্বাচনত মুঠ ৫৩৯ গৰাকী শিক্ষক প্ৰতিনিধিয়ে ভোটদান কৰিছিল।
১৫জন শিক্ষকৰ বিপৰীতে এটা শিক্ষক গোটৰ পৰা এজনকৈ ভোটাৰক এই ভোটাধিকাৰ প্ৰদান কৰা হয়। কলেজ শিক্ষক সংস্থাৰ নতুন সভাপতি হিচাপে ২৩৬টা ভোট লাভ কৰি পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ ড০ বিপুল চক্ৰৱৰ্তী নিৰ্বাচিত হয়। এই পদবীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা আন দুজন প্ৰাৰ্থী আছিল ড০ অশ্বিনী কুমাৰ ডেকা আৰু তুলসী দাস।
ড০ ডেকাই ১৩৮টা ভোট লাভ কৰাৰ বিপৰীতে তুলসী দাসে ১৬৩টা ভোট লাভ কৰিছিল। উপসভাপতি পদৰ বাবে ড০ জহিৰুল হক, ড০ কিশোৰ কুমাৰ ডেকা আৰু পাৰ্থ কুমাৰ নৰহে প্ৰতিদ্বন্দ্বিতা কৰিছিল। হকে ৭৮টা আৰু ডেকাই ২২৭টা ভোট ভোট লাভ কৰাৰ বিপৰীতে নৰহে ২২৯টা ভোট লাভ কৰি এই পদবীত নিৰ্বাচিত হয়।
মহিলাৰ বাবে সংৰক্ষিত উপসভাপতি পদত বিনীতা গগৈয়ে ২১৬টা, মঞ্জু কলিতাই ৮৬টা আৰু তৰালি বড়োৱে ২৩৪টা ভোট লাভ কৰে। এই পদবীত নিৰ্বাচিত হয় তৰালি বড়ো। কলেজ শিক্ষক সংস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ পদবী সাধাৰণ সম্পাদক পদ।
দেৱপ্ৰসাদ গগৈ আৰু পৰাগজ্যোতি মহন্ত আছিল এই পদবীৰ প্ৰতিদ্বন্দ্বী। গগৈয়ে ২৫১ টা ভোট লাভ কৰাৰ বিপৰীতে পৰাগজ্যোতি মহন্তই ২৮৬টা ভোট লাভ কৰি দ্বিতীয়বাৰৰ বাবে উক্ত পদবীত নিৰ্বাচিত হয়। বিত্তীয় সম্পাদক পদবীত ৩১০টা ভোট লাভ কৰি প্ৰাঞ্জল গগৈ, সাংগঠনিক সম্পাদক পদবীত ২২৯টা ভোট লাভ কৰি হজৰত আলী, শিক্ষা সম্পাদক পদত ২৬৫টা ভোট লাভ কৰি ৰণ্টু গোহাঁই, মহিলা কোষৰ সম্পাদক পদত ৩৯৭টা ভোট লাভ কৰি বিনীতা গগৈ নিৰ্বাচিত হয়।
এই খবৰখিনি এই ধৰণে সবিশেষকৈ সংগ্ৰহ কৰাৰ কাৰণ হ’ল- কলেজ শিক্ষক সংস্থাৰ অনিয়মৰ সন্দৰ্ভত আমি ধাৰাবাহিকভাৱে এলানি লেখা লিখিছিলো। সেই লেখাত তেতিয়াৰ কলেজ শিক্ষক সংস্থাৰ সভাপতি জয়ন্ত বৰুৱাই কি দৰে ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ এই সংগঠনটোক নিজৰ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰিছিল, তাৰ সবিশেষ উদঙাই দিয়া হৈছিল।
সংগঠনটোৰ নামত কলেজ শিক্ষকসকলৰ পৰা সংগ্ৰহ কৰা ধন পানীৰ দৰে ব্যয় কৰা দেখুৱাই কেৱল জেপত ভৰাইছিল জয়ন্ত বৰুৱা আৰু তেওঁৰ কোম্পানীয়ে। ডিব্ৰুগড়ৰ যিখন অধিবেশনত জয়ন্ত বৰুৱা দুবছৰৰ পূৰ্বে সভাপতি হিচাপে নিৰ্বাচিত হৈছিল, সেই অধিবেশনৰ অন্তত বিত্তীয় সম্পাদকৰ পৰা ৫লাখ টকা নগদ লৈ আহি বৰুৱাই তেতিয়াই তেওঁৰ লক্ষ্য আৰু উদ্দেশ্যৰ উমান দিছিল।
সেই ধাৰাবাহিকতা কলেজ শিক্ষক সংস্থাৰ পূৰ্বৰ সভাপতি জয়ন্ত বৰুৱাই অৱ্যাহত ৰাখিছিল। দুবছৰীয়া কাৰ্যকালত কলেজ শিক্ষক তথা ছাত্ৰ- ছাত্ৰীৰ কল্যাণৰ কথা নাভাবি, এইগৰাকী সভাপতিয়ে কেনেকৈ সন্থাৰ ধন বিভিন্ন উপায়েৰে আত্মসাৎ কৰিব পাৰি, তাৰ অভিসন্ধি ৰচিছিল।
আনকি কলেজ শিক্ষকসকলৰ হোৱাটএপ গ্ৰুপত তাক লৈ মুকলিকৈ চৰ্চা চলিছিল। ১০ নৱেম্বৰ ২০২৫ত তেনে এটা হোৱাটছএপ গ্ৰুপত নিশা ১১-২৩ বজাত এজন কলেজ শিক্ষকে প্ৰশ্ন কৰিছিল জয়ন্ত বৰুৱাক। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা কলেজত কৰ্মৰত তথা অসম কলেজ শিক্ষক সংস্থাৰ তেতিয়াৰ সভাপতি বৰুৱাক প্ৰত্যাহ্বান জনাই কলেজ শিক্ষকগৰাকীয়ে লিখিছিল- ডিব্ৰুগড় আহোতে আপুনি মোৰ ঘৰত থাকিছিল। এ চি বিল মই দিছো। আপুনি ক’ব পাৰিব নেকি এ চি টি এৰ পৰা টি এ/ ডি এ নাই লোৱা বুলি ?
সেই প্ৰশ্নৰ উত্তৰ বৰুৱাই সেইদিনা দিব পৰা নাছিল। কিয়নো তেওঁ এনেকৈয়ে ভুৱা বিলৰ জৰিয়তে হোটেল ভাড়া কৰি থকা, গাড়ী ভাড়া কৰি নিয়া আদিৰ নামত লক্ষাধিক টকা ভ্ৰমণ বানছ লৈছিল।
কলেজ শিক্ষকসকলৰ এটা ডাঙৰ সমস্যা পদোন্নতি। ডিউ ডেটৰ পদোন্নতিক লৈ আলোচনা- বিলোচনা কৰাৰ অৱকাশ আছিল। সেই দিশত সভাপতি জয়ন্ত বৰুৱাৰ স্থিতি আছিল উদাস। যাৰ বাবে সময়ত পদোন্নতি নোপোৱা বহু কলেজ শিক্ষকে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এটা নিৰ্দিষ্ট তাৰিখৰ পৰা পদোন্নতি পালেও ইয়াৰ পৰা কোনো লাভান্বিত হোৱা নাছিল।
আৰ্থিক দিশৰ কথা বাদেই, নিজে পঢ়ুওৱা ছাত্ৰৰ সৈতে একেলগে সহযোগী অধ্যাপক পদলৈ পদোন্নতি লাভ কৰিছিল বহু কলেজ শিক্ষকে। জ্যেষ্ঠ আৰু কনিষ্ঠৰ মাজত কোনো পাৰ্থক্যই নাথাকিছিল। নতুন শিক্ষা নীতি সন্দৰ্ভত, শেহতীয়াকৈ প্ৰাদেশীকীকৰণ হোৱা কলেজ শিক্ষকসকলৰ সমস্যা সমাধানেই নহ’ল আজিলৈকে।
যি গৰাকী সভাপতিৰ মেৰুদণ্ডই নাছিল, তেওঁ এইবোৰ কথা সঠিক স্থানত উপস্থাপন কৰাৰ সুযোগ পায়ো সেই সুযোগ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছিল। তাৰ বিপৰীতে লাহ- বিলাসত ব্যক্তিগত সম্পত্তি আৰু কলেজ শিক্ষক সংস্থাক বিভিন্ন সময়ত নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল বুলি চৰ্চা লাভ কৰিছিল।
আনহে নালাগে, এইগৰাকী বিদায়ী সভাপতিয়ে কলেজ শিক্ষক সংস্থাৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ত মন গ’লেই পাতিছিল সুৰা আৰু মাংসৰ আড্ডা। তেনে বহু ভিডিঅ’ বহু মানুহৰ হাতে হাতে। ভাবকচোন- যিটো কাৰ্যালয়ৰ সন্মুখত ফলক আঁৰি থোৱা আছে সুৰা আৰু ধূমপাণ নিষেধ বুলি, সেই কাৰ্যালয়তে বহি সভাপতিয়ে কৰে সুৰাপান।
সেইবোৰ ভিডিঅ’ অতি ব্যক্তিগত বুলি এৰাই চলিলেও কি শ্ৰেণীৰ লোকৰ হাতত এই সংস্থাৰ নেতৃত্ব আছিল তাক অনুমান কৰিবলৈ কথাখিনি উল্লেখ কৰা হ’ল। জয়ন্ত বৰুৱা নামৰ কলেজ শিক্ষক সংস্থাৰ সভাপতিজনক সেই সময়ত ৰক্ষণাবেক্ষণ দিবলৈ এচামে চেষ্টা কৰিছিল।
সচেতন বহুতে অৱশ্যে ইয়াৰ বিৰোধিতা কৰিছিল। এইবাৰ নিৰ্বাচনত জয়ন্ত বৰুৱাৰ ভূমিকাক লৈও কিছু কথা চৰ্চা হৈছে। বৰুৱাৰ সৈতে অৰ্হি-নকূল সম্পৰ্ক থকা কিছু ব্যক্তি বিশেষে পদবী লাভৰ স্বাৰ্থত বৰুৱাৰ সৈতে গোপন মিলামিছা কৰাৰো গুণগুণনি শুনিবলৈ পোৱা গৈছে।
চতুৰ বৰুৱাই দেখি আছে কোনো মহাবিদ্যালয়ৰ অধ্যক্ষ হোৱাৰ সপোন। সেয়েহে নিজৰ মানুহ আৰু ক্ষমতাশালী বুলি ভবা লোকক সহায় কৰি পদবীত অধিষ্ঠিত কৰাই নিজৰ স্বাৰ্থ পূৰণৰো সপোন দেখি আছে। এইবোৰেই কলেজ শিক্ষক সংস্থাৰ আন বিষয়ববীয়াসকলক সজাগ- সচেতন নহ’লে বৰুৱাৰ ডি এন এ হৈ পুনৰ সংস্থাৰ গাত কালিমা সনাৰ চেষ্টা কৰিব পাৰে।
নতুন মানেই আশা, নতুন মানেই প্ৰত্যাশা। সেই আশা আৰু প্ৰত্যাশাৰে নতুনৰ ওপৰত বিশ্বাস ৰাখি এতিয়া কলেজ শিক্ষক তথা সমাজে পৰিৱৰ্তনৰ আশা কৰিছে। যোগ্যজনেই নিৰ্বাচিত হোৱা বুলি পতিয়ন গৈছে। আহি থকা দিনত জয়ন্ত বৰুৱাৰ দৰে অৰ্থলোভী আৰু নিষ্কৰ্মাৰূপে পৰিচিত নহওক তেওঁলোক। অভিনন্দন...!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us