/asomiyapratidin/media/media_files/2025/09/16/ap-for-web-new-bikhekh-lekha-2025-09-16-11-22-40.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এ চি এছ বিষয়া নূপুৰ বৰাৰ দুৰ্নীতি আৰু অনিয়মৰ কাহিনী ইতিমধ্যে পোহৰলৈ আহিছে। ২০১৯ বৰ্ষত অসম অসামৰিক সেৱাত যোগ দিয়া নূপুৰ বৰাই মাত্ৰ ৬টা বছৰতে নিজকে দুৰ্নীতিৰ ৰাণী ৰূপে প্ৰতিষ্ঠা কৰিলে। নূপুৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ এখন দীঘল তালিকা আছে।
এ চি এছত যোগ দিয়াৰ পূৰ্বে নূপুৰে কিছুদিন অস্থায়ীভাৱে এখন কলেজ আৰু ডায়েটতো কাম কৰিছিল। নূপুৰৰ দেউতাকো আছিল এজন অৱসৰপ্ৰাপ্ত অধ্যাপক। এক সংস্কৰী পৰিয়ালতে জন্ম হৈছিল নূপুৰ বৰাৰ। কিন্তু কাম- কাজত সেই সংস্কাৰ প্ৰতিফলন নহ’ল।
চৰকাৰে দৰমহা দি পুহি ৰখা ডকাইত আছিল নূপুৰ বৰা। কেৱল ধন চিনি পোৱা এই গৰাকী ৰাজহ চক্ৰ বিষয়াক মুখ্যমন্ত্ৰীৰ বিশেষ দুৰ্নীতি নিবাৰক কোষে ১৫ ছেপ্তেম্বৰ ২০২৫ৰ নিশা ৮-০০ বজাত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছে। সংবাদ মাধ্যমত নূপুৰ সন্দৰ্ভত বিভিন্ন খবৰ আৰু তথ্য প্ৰকাশ পাই আহিছে।
সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক কোষে নূপুৰৰ বিষয়ে সবিশেষ জনাই ১৫ ছেপ্তেম্বৰৰ নিশা দিশপুৰলৈ এক প্ৰাথমিক প্ৰতিবেদন প্ৰেৰণ কৰিছে। যিখন প্ৰতিবেদনত নূপুৰ বৰাৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত সবিস্তাৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক কোষৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ ৰ’জী তালুকদাৰে।
নং SVC.RSV Case on 25/ 2025/ 2763 পত্ৰৰ জৰিয়তে এই প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ অতিৰিক্ত মুখ্য সচিবলৈ। ইয়াৰ প্ৰতিলিপি চি এম ভিজিলেঞ্চৰ পৰা ক্ৰমে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব, চি এম ভিজিলেঞ্চৰ বিশেষ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, পাৰ্চনেল বিভাগৰ সচিব, কামৰূপ গ্ৰাম্যৰ জিলা আয়ুক্ত আৰু বৰপেটা জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিছে।
প্ৰতিবেদনমূলক এই প্ৰাথমিক পত্ৰত চি এম ভিজিলেঞ্চলৰ পৰা কোনটো অভিযোগত নূপুৰ বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত গোচৰ ৰুজু হৈছিল, সেই কথা উল্লেখ কৰিছে। গোচৰৰ চমু বিৱৰণত লিখিছে যে, নাৰায়ণ শইকীয়া নামৰ চি এম ভিজিলেঞ্চৰ পৰিদৰ্শকগৰাকীয়ে এই গোচৰৰ তদন্ত কৰিছিল।
তেঁৱেই PE নম্বৰ 02/2025ৰ আধাৰত এই গোচৰটোৰ তদন্ত আগবঢ়াই নিছিল। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক বিষয়াজনৰ বিৰুদ্ধে ভিজিলেঞ্চৰ থানাত গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৭ আগষ্ট ২০২৫ত অনুমোদন জনাইছিল। অৰ্থাৎ প্ৰায় এমাহৰ পূৰ্বে নূপুৰ বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্ত কৰি ফাইল নম্বৰ CMS(V) 19/ 2025যোগে মুখ্যমন্ত্ৰীয়ে সেউজ সংকেত প্ৰদান কৰে।
গৰৈমাৰীত ২০২৪ৰ নৱেম্বৰত ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰা নূপুৰে ইয়াৰ পূৰ্বে কৰ্মৰত বৰপেটা ৰাজহ চক্ৰত সংঘটিত কৰিছিল ব্যপক অনিয়ম আৰু দুৰ্নীতি। সেই অনিয়মৰ অন্যতম সংগী আছিল লাটমণ্ডল সুৰজিৎ ডেকা।
অভিযোগ অনুসৰি বৰপেটাত কৰ্মৰত হৈ থকাৰ সময়তে নূপুৰ বৰাই চৰকাৰী নিয়ম ভংগ কৰি ইণ্টাৰ ৰিলিজিয়াছ লোকৰ মাজত মাটি ক্ৰয়- বিক্ৰয়ত অনুমতি প্ৰদান কৰাই নহয়, এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। চৰকাৰে বিশেষ নিৰ্দেশনাযোগে বৰপেটা সত্ৰৰ পৰা ৫ কিলোমিটাৰ ব্যসাৰ্ধৰ ভিতৰত বেলেগ বেলেগ ধৰ্মৰ মাজত মাটি ক্ৰয়- বিক্ৰয় কৰিব নোৱাৰিব বুলি কেবিনেটত লৈছিল সিদ্ধান্ত।
এই নিয়ম ভংগ কৰি কেৱল টকাৰ বাবে নূপুৰ বৰাই দিপীকা নাথ নামৰ মহিলাগৰাকীৰ মালিকনাধীন পট্টা নম্বৰ ৫১২, দাগ নং ৬২৩ৰ ৩ বিঘা, ৩কঠা, ১৫ লেচা মাটি নামজাৰি কৰাইছিল হায়াত খান নামৰ লোকজনৰ নামত। ২০২৪ৰ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত এই মাটি নামজাৰি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল।
ইয়াত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হৈছিল আৰু সেই প্ৰক্ৰিয়াটোত মাটিৰ দালাল, লাটমণ্ডল, মণ্ডল আৰু অন্যান্য বহু চৰকাৰী বিষয়া- কৰ্মচাৰী জড়িত হৈ আছিল। পত্ৰখনত উল্লেখ থকা মতে নূপুৰ বৰাৰ বিৰুদ্ধে উৎকোচ দাবী আৰু উৎকোচ লোৱাৰ বহু অভিযোগ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই লাভ কৰিছিল আৰু তাৰ সত্যতাৰ সন্দৰ্ভত অনুসন্ধান চলাইছিল।
মাটিৰ পঞ্জীয়ন, লেন মিউটেচন, ডিমাৰ্কেচন, সীমা নিৰ্ধাৰণ আৰু মাটি সংক্ৰান্তিয় তথ্য সংগ্ৰহ বা কাম- কাজৰ বাবে ধন দাবী কৰিছিল নূপুৰ বৰাই। এয়া কোনো লোকৰ অভিযোগ নহয়, মুখ্যমন্ত্ৰী তদাৰকী কোষৰ পৰা প্ৰেৰণ কৰা পত্ৰত থকা কথাহে।
তদন্তৰ কালত নূপুৰ বৰাৰ যথেষ্ট সংখ্যক সা- সম্পত্তি থকাৰ কথা পোহৰলৈ আহিছে। তাৰ ভিতৰত নূপুৰ বৰাৰ সম্পত্তিৰ মূল্য তদন্তকাৰী বিষয়াই সংগ্ৰহ কৰা তথ্য অনুসৰি ১,৭৯, ৯২, ৮৫৬. ৩৬ বুলি উল্লেখ কৰা হৈছে। তেওঁৰ আয়ৰ উৎসতকৈ আহৰণ কৰা সম্পত্তিৰ পৰিমাণ ৪১৬.২৬ শতাংশ বেছি।
যিটো দুৰ্নীতি প্ৰতিৰোধ আইন অনুসৰি ইয়াক এটা অপৰাধ হিচাপে গন্য কৰা হয়। লগতে তদন্তকাৰী বিষয়াই বাঘবৰ ৰাজহ চক্ৰত কৰ্মৰত নূপুৰ বৰাৰ ঘনিষ্ঠ সহযোগী লাটমণ্ডল সুৰজিৎ ডেকাৰ আৰু অন্যান্য বিষয়াসকলৰ সন্দৰ্ভতো এই তদন্ত চলাইছে।
নূপুৰ বৰাৰ আছে দুটা বেংক একাউণ্ট। তাৰে এটা বেংক একাউণ্ট আছে আই চি আই চি আই বেংকত। যিটো একাউণ্টৰ নম্বৰ ২১৭৩০১৫০১৯৩৭। এই একাউণ্টটোত নূপুৰ বৰাৰ আছে ৯,৪১,৩০০ টকা। এই ধন তেওঁৰ একাউণ্টত জমা থৈছে ২০২০ৰ পৰা ২০২৪ৰ ভিতৰত।
আনহাতে নূপুৰ বৰাই এই একাউণ্টটোত ২০২৪ৰ পৰা ২৫ৰ ভিতৰত নগদ জমা থোৱা ধনৰ পৰিমাণ ১,৯৬,০০০ টকা। নূপুৰ বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে ফাইলত অনুমোদন জনোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত ১৪ আগষ্টত গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ নম্বৰ ২৫/২০২৫।
এই গোচৰ ৰুজু হোৱাৰ পাছত পৰ্যাপ্ত তথ্য সংগ্ৰহ কৰাৰ শেষত চি এম ভিজিলেঞ্চে নূপুৰ বৰাৰ মালিগাঁৱৰ গোটানগৰত থকা শ্বাইন শান্তি গ্ৰীণোত অভিযান চলাইছিল। ৩দিন কাৰ্যালয় বন্ধ থকাৰ সূত্ৰে সুৰজিৎ ডেকাৰ সৈতে অৰুণাচলত ফুৰিবলৈ গৈ ঘূৰি আহিছিল নূপুৰ।
চি এম ভিজিলেঞ্চলৰ আৰক্ষী অধীক্ষকগৰাকীৰ পত্ৰত উল্লেখ থকা মতে মালিগাঁৱৰ এই ঘৰটোৰ পৰা মুঠ নগদ ৮১,৮৩,২০০ টকা উদ্ধাৰ হয়। ইয়াৰ লগতে বহু পৰিমাণৰ হীৰা, সোণৰ অলংকাৰ, বেংকৰ পাচবুক, জীৱন বীমাৰ পলিচি আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
বৰপেটাত থাকোতে নূপুৰ বৰা আছিল ভগৱান দাসৰ ভাড়াঘৰত। ২০২৪ৰ নৱেম্বৰতে গৰৈমাৰী ৰাজহ চক্ৰলৈ বদলি হৈ আহিল যদিও বৰপেটাৰ কালিয়াহাটীত থকা এই ভাড়াঘৰটো তেওঁ এৰা নাছিল। তাতো একেলগতে চলোৱা অভিযানত অভিযানকাৰী দলে ১০,৬৭,২০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে কেইবাটাও বহু মূল্যৱান ঘড়ী আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে।
এই অভিযানত নূপুৰ বৰাৰ পৰা উদ্ধাৰ কৰা নগদ ধনৰ পৰিমাণ ৯২, ৫০,৪০০ টকা। নূপুৰ বৰাৰ মালিগাঁৱৰ গোটানগৰৰ ঘৰৰ যিটো বেগৰ পৰা টকা উদ্ধাৰ হৈছে, সেই বেগত টকাৰ লগতে এখন শ্লিপ দেখা পোৱা গৈছে। যিখনত লিখা আছে এষ্ট্ৰ’লজাৰ। হয়তো নূপুৰে সেই ধনৰ সুৰক্ষাৰ বাবে কোনোবা জ্যোতিষীৰ পৰা আনি সেই কাগজৰ টুকুৰাটো টকাৰ সৈতে থৈ দিছিল।
এয়া নূপুৰ বৰা নামৰ ৰাজহ বিষয়াগৰাকীৰহে কাহিনী। সুৰজিৎ আৰু তেওঁৰ অন্যান্য সংগীসকলৰ কাহিনী আৰু আছে। সুৰা আৰু নৃত্য নূপুৰৰ বৰ প্ৰিয়। ইমান দায়িত্বশীল বিষয়া হৈও সুৰজিৎ ডেকাৰ সৈতে নূপুৰে ডান্স বাৰত গৈ কৰা ফুৰ্তিৰ দৃশ্য ইতিমধ্যে ৰাইজে দেখিছে।
গৰৈমাৰীত নূপুৰে কামৰ বাবে মূল্য নিৰ্ধাৰণ কৰি লৈছিল। সেই অধ্যায়ৰ তদন্ত কৰিলে তেওঁৰ দ্বাৰা সংঘটিত আৰু অজস্ৰ ঘটনা পোহৰলৈ আহিব। নূপুৰৰ আছে গুৱাহাটীৰ আজাৰা, পাঞ্জাবাৰী, ৰঙিয়া আদিত ক্ৰয় কৰা মাটি। গোটানগৰৰ ফ্লেটটোৰ উপৰিও নূপুৰে কেইবামাহৰ পূৰ্বে মহানগৰীৰ ৰেডিশ্বন ব্লু’ৰ সমীপত ৪টা কোঠাযুক্ত এটা ফ্লেট ক্ৰয় কৰিছিল।
নূপুৰ বৰাৰ দুটাকৈ লকাৰ থকাৰ কথা পোহৰলৈ আহিছে। সেই লকাৰ দুটা আছে বৰপেটাৰোডৰ ষ্টেট বেংক আৰু গোলাঘাটৰ বেংকত। তাতো নূপুৰে নিশ্চয় ধনে- সোণেৰে ভৰাই থৈছে। এয়াই আমাৰ এচাম দুৰ্নীতিগ্ৰস্ত বিষয়াৰ দুৰ্নীতিৰ দস্তাবেজ...।