/asomiyapratidin/media/media_files/2025/04/27/ermKGVhD3HyjqEM6ev4P.jpeg)
দেশ বুলিলে, নালাগে আদেশ
মৃদুল কুমাৰ সন্দিকৈ
বয়স এতিয়া আপোনাৰ কিমান?- মানুহজনক চাই তেওঁ কিমান বয়সীয়া অনুমান কৰাতো টান হয়। প্ৰশ্নৰ উত্তৰত তেওঁ হাঁহি মাৰি কৈছিল- নাউ, আই এম ৬৬ইয়েৰছ অল্ড।
৬৬বছৰ বয়সত আপুনি পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ মানসিকভাৱে, শাৰীৰিকভাৱে সাজু হৈ আছেনে?- এই প্ৰশ্ন শুনি তেওঁৰ মাত আৰু বেছি ৰূঢ় আৰু উচ্চ হ’ল। তেওঁৰ ভাষাত- ৬৬বছৰ হ’লেও মোৰ কোনো বেমাৰ নাই। মই পাৰিম।
এনে উদ্যমেই দেশৰ বাবে যথেষ্ট। ভাৰতীয় সেনাতেই তেওঁ এদিন কৰ্মৰত আছিল। ১৯৭৮চনত ভাৰতীয় সেনা বাহিনীত তেওঁ যোগদান কৰিছিল। তাৰ পাছত গয়াত প্ৰশিক্ষণ লৈ প্ৰথম পোষ্টিং কাশ্মীৰতেই হৈছিল।
লেহ, লাডাখত বহু বছৰ তেওঁ থাকিছিল। তেওঁ আছিল আৰ্মী চাপ্লাই ক’ৰ চমুকৈ এ এছ চিৰ হেড হাবিলদাৰ। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ ভৰিৰ ফাঁকেৰেই গুলী সৰকি গৈছিল। যি গুলীয়ে পিছফালে এজন সতীৰ্থৰ দেহত হানিছিল।
সেই যুদ্ধত তেওঁলোক বায়ুসেনাৰ সৈতে এটাছ হৈ আছিল। খাদ্য সামগ্ৰী যোগান, গোলা-বাৰুদ যোগান, আহত সৈনিকক হেলিকপ্টাৰেৰে চিকিতসালয়লৈ প্ৰেৰণ, যুদ্ধত নিহত সেনা জোৱানৰ মৃতদেহ কঢ়িওৱা আদি দায়িত্ব আছিল তেওঁলোকৰ।
যুদ্ধৰ বিভীষিকা তেওঁ ওচৰৰ পৰা দেখিছে। সেয়েহে এখন যুদ্ধ হ’লে কিমান দায়িত্ব বাঢ়ে সেই কথা অনুভৱ কৰিব পাৰে। এতিয়াও তেওঁ নিজকে এজন সক্ষম সৈনিক আৰু দেশপ্ৰেমিক বুলি গণ্য কৰি ক’লে- আমি ৰ্দুভগীয়া, যুদ্ধৰ ক্ষেত্ৰত যি প্ৰাণ বিসৰ্জন দিব পাৰে তেওঁহে সৌভাগ্যৱান। প্ৰকৃত সৈনিকে মৰিবলৈ ভয় নকৰে।
পহলগামৰ চৌদিশ তেওঁৰ নখদৰ্পনত। পুঞ্জ, দাছ আদি চেক্টৰবোৰত তেওঁ সুৰ্দীঘ দিন কটাই আহিছে। ২৪বছৰীয়া চাকৰি কালত জন্মু-কাশ্মীৰতেই তেওঁ অধিক দিন কটালে। দেশৰ আন প্ৰান্ততো চাকৰি কৰিলেও জম্মু-কাশ্মীৰৰ অভিজ্ঞতা সদায় সুকীয়া।
কাশ্মীৰৰ অশান্ত পৰিৱেশ তেওঁ দেখিছে। সীমান্ত সিপাৰৰ পৰা অহা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশে কি পৰিৱেশৰ সৃষ্টি কৰে সেয়া তেওঁ ভালদৰে জানে। পহলগাম কাণ্ডৰ পাছত এই বয়সতো তেওঁ ধীৰে-স্থিৰে থাকিব পৰা নাই।
বাৰে বাৰে তেওঁ চাইছে খবৰবোৰ। মনলৈ উভতি আহিছে জম্মু-কাশ্মীৰত চাকৰি কৰি থাকোতে সম্পাদন কৰাৰ কামবোৰলৈ। সেয়েহে তেওঁ এই বয়সতো হাথিয়াৰ লোৱাৰ ইচ্ছা।
পাকিস্তানী সেনাৰ বিৰুদ্ধে কঠোৰ প্ৰদক্ষেপ ল’বলৈ আহ্বান চৰকাৰক। তেওঁৰ মতে, আমাৰ সেনাবোৰ ২৪ঘন্টাই সাজু হৈ থাকে। ভাৰতীয় সেনাৰ চাহাববোৰে হেনো যুদ্ধ হ’লে জোৱানবোৰৰ সন্মুখত থাকি নেতৃত্ব দিয়ে।
তেওঁৰ মনত প্ৰচণ্ড ক্ষোভ। এই পাকিস্তানীবোৰ হেনো বৰ নিলৰ্জ্জ। কিমানবাৰ যুদ্ধত হাৰিছে, তাৰ পাছতো শিক্ষা নলয়। ভাৰত বুলিহে সিহতঁক ক্ষমা কৰি দিয়ে। কাৰ্গিল যুদ্ধৰ অন্তত তেওঁ চাকৰিৰ পৰা অৱসৰ লৈ ঘূৰি আহিছিল।
সেয়া আছিল ২০০০চনৰ কথা। তাৰ পাছত অসম আৰক্ষীতো তেওঁ কিছুদিন কাম কৰি এতিয়া সামাজিক কাম-কাজত ব্যস্ত। নাম তেওঁৰ নবেন চন্দ্ৰ ইংতি। লখৰাৰ গণেশ মন্দিৰৰ সমীপতে তেওঁৰ ঘৰ।
নাতি-নাতিনীৰে পৰিপূৰ্ণ এখন সংসাৰ তেওঁৰ। ক’ত কি হৈছে খবৰ নাৰাখিলেও চলি যায় এতিয়া। কিন্তু তেওঁৰ খবৰ ৰাখে দেশৰ। প্ৰয়োজনত যুদ্ধলৈ যাব খোজে যুদ্ধভূমিৰ এই সৈনিক।
ইংতিৰ মতে, দেশপ্ৰেমিক কেতিয়াও বুঢ়া নহয়। বয়সৰ অনুপাতে কামৰ ইফাল-সিফাল হব পাৰে। কিন্তু দেশৰ বাবে বিপদত সকলো কৰিব পৰাকৈ তেওঁৰ দৃঢ়তা আৰু মানসিকতা আছে।
এই বয়সত তেওঁ যুদ্ধলৈ নগ’লেও হ’ব। এজন প্ৰাক্তন সৈনিক হৈ কাশ্মীৰৰ পৰা বহু যোজন বাট আঁতৰত থাকিও দেশমাতৃৰ বাবে যুঁজিবলৈ সাজু থকা এই মানসিকতাই বুজাই দিয়ে- দেশ বুলিলে নালাগে আদেশ...