নীৰৱে কৰা এটা ডাঙৰ কাম...

আলোচনীনো এতিয়া কোনে পঢ়ে ? নতুন প্ৰজন্মৰচোন ছপা আখাৰৰ মোহত নপৰে ! মাহৰ প্ৰথমভাগত প্ৰকাশ পোৱা আলোচনীবোৰলৈ আগ্ৰহেৰে বাট চাই থকা সময়বোৰ এতিয়া পুৰণি হ’ল। সলনি হ’ল মানুহৰ অভ্যাস। সেই দিনবোৰৰ কাকত- আলোচনী পঢ়া আমেজ হেৰাই যোৱাৰ পথত।

author-image
মৃদুল কুমাৰ সন্দিকৈ
আপডেট কৰা হৈছে
New Update
অন্বেষণ

আলোচনীনো এতিয়া কোনে পঢ়ে ? নতুন প্ৰজন্মৰচোন ছপা আখাৰৰ মোহত নপৰে ! মাহৰ প্ৰথমভাগত প্ৰকাশ পোৱা আলোচনীবোৰলৈ আগ্ৰহেৰে বাট চাই থকা সময়বোৰ এতিয়া পুৰণি হ’ল। সলনি হ’ল মানুহৰ অভ্যাস। সেই দিনবোৰৰ কাকত- আলোচনী পঢ়া আমেজ হেৰাই যোৱাৰ পথত।

Advertisment

তাৰ মাজতেই বহুতে কৰি আছে ব্যতিক্ৰমী প্ৰয়াস। অসমীয়া প্ৰতিদিন ডিজিটেল আৰু প্ৰতিদিন টাইম ডিজিটেলৰ তত্বাৱধায়কৰ দায়িত্বত থকা জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তলৈ মাহৰ প্ৰথম সপ্তাহত বহু কেইখন আলোচনী আহে। সেই আলোচনীবোৰৰ ভিতৰত বিশেষভাৱে আকৰ্ষিত কৰা এখন আলোচনী হাতত লৈ বহু নতুন প্ৰত্যাশাৰ মনৰ ভিতৰত জন্ম হয়।

২০২৫ৰ এপ্ৰিলৰ ১০ তাৰিখে তেখেতৰ হাতত পৰা আলোচনীখন দ্বাদশ বছৰৰ তৃতীয় সংখ্যা। ইয়াৰ পূৰ্বেও নিয়মীয়াকৈ প্ৰতি মাহে তেওঁলৈ এই আলোচনীখন আহি থাকে। সেই সূত্ৰে কাৰ্যালয়ত এই আলোচনীখন নিয়মীয়াকৈ পঢ়াতো এক অভ্যাসত পৰিণত হৈছে।

এইবাৰৰ সংখ্যাটোত প্ৰশ্চদ প্ৰৱন্ধ হিচাপে সুনিতা উইলিয়ামছৰ ধৈৰ্য, সাহস আৰু সংকল্পৰ কথা প্ৰকাশ কৰা হৈছে। এই মননশীল আৰু ছাত্ৰৰ উপযোগীকৈ বিশেষ নিৱন্ধটো লিখিছে জনপ্ৰিয় লেখক অভিজিত শৰ্মা বৰুৱাই। তেখেতে প্ৰায়েই এই আলোচনীখনত এই ধৰণৰ বিষয়বস্তুকলৈ মননশীল লেখা নিয়মীয়াকৈ লিখে। এইবাৰো সৰু সৰুকৈ উপ শিৰোণাম দি তেওঁ সুনিতা উইলিয়ামছৰ মহাকাশ যাত্ৰাৰ কাহিনী বৰ্ণনা কৰিছে।

এই লেখা পঢ়িলে সুনিতা উইলিয়ামছে মহাকাশত কি খাইছিল, আন্তৰ্জাতিক মহাকাশ আস্থাননো কি, সুনিতা উলিয়ামছৰ জীৱন পৰিচয় আদি গম পাব ছাত্ৰ- ছাত্ৰীয়ে। তাৰ পৰৱৰ্তী লেখাত পাৰ হৈ যোৱা মাহটোত ছাত্ৰ- ছাত্ৰীয়ে জানিব লগা বহু কেইটা খবৰ উল্লেখ কৰা হৈছে। য‘ত অসম ৩গৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰা খবৰৰ পৰা আৰম্ভ কৰি অসম বিধান সভাত বাজেট দাখিল, আই পি এলৰ শুভাৰম্ভ আদি খবৰবোৰৰ সবিস্তাৰ বৰ্ণনা আছে। লগতে আছে খবৰৰ লেচেৰী।

প্ৰতিটো দিনৰ গুৰুত্বপূৰ্ণ খবৰবোৰ, এটা বা দুটা বাক্যত এই শিতানত দিয়া হয়। শেহতীয়া সংখ্যাটোত থকা আন লেখাবোৰৰ ভিতৰত বিজ্ঞান বাৰ্তাত দিগন্ত তালুকদাৰৰ লেখা নিয়ৰ আৰু কুঁৱলী, অভিজিত চক্ৰৱৰ্তীৰ অস্কাৰ বিষয়ক লিখনি আদি তথ্যসম্বৃদ্ধ লেখাৰে সজোৱা হৈছে আলোচনীখন।

চতুৰ্থ আৰু ষষ্ঠ শ্ৰেণীৰ বাবে থকা বিশেষ পৃষ্ঠাত ভৰত নাট্যম, হুমায়ুনৰ সমাধি, শুৱলা ভাষা আদি লেখাবোৰ প্ৰকাশ কৰিছে। ব্যাখ্যা কৰিছে অসমীয়া ফঁকৰা- যোজনাৰ প্ৰবচন আদিও। আন শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীয়েও পঢ়িব পৰাকৈ ৬টা বিশেষ পৃষ্ঠা আছে আলোচনীখনত।

ৰীতামণি মহন্তৰ মুখাশিল্প, দীপাংকৰ কৌশিকৰ কুইজ, সুদীপ্তা চৌধুৰীৰ প্ৰকৃতি বিষয়ক লেখা জীঞা, ৰাজশ্ৰী লহকৰৰ বৰণ্য ব্যক্তিত্বৰ শিতানত টালিমেৰেন আও বিষয়ক লেখা, তোমালেকে জানানে শিতানবোৰে ছাত্ৰ- ছাত্ৰীৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰাত সহায় কৰে।

অসমীয়াৰ লগতে ইংৰাজী বিষয়ক লেখাও প্ৰকাশ কৰা হৈছে। এইবোৰ মাত্ৰ উদাহৰণহে। মানসিক সামৰ্থ্য বিকাশ, কলা- সংস্কৃতিৰ লগতে এই আলোচনীখনত নিয়মীয়াকৈ প্ৰকাশ পাই ছাত্ৰ- ছাত্ৰীৰ লেখা। এই শিতানৰ নাম শিক্ষাৰ্থীৰ আখৰা- তলী। শেহতীয়া সংখ্যাটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী ঋতুমল্লিকা গোস্বামীয়ে লিখা গল্প সদৃশ লেখাটোৰ শিৰোণাম এটা সপোনৰ পম খেদি। 

এই শিতানত জেনিশা, চন্দনা হালৈয়ে আইনষ্টাইনৰ বিষয়ে আৰু কেইবাগৰাকী ছাত্ৰ- ছাত্ৰীয়ে কবিতা তথা প্ৰবন্ধ লিখিছে। আলোচনীখনত আছে পুথি পৰিচয়। শেষৰ পৃষ্ঠাটোত মুদ্ৰাস্ফীতি সন্দৰ্ভত অৰ্থনীতি বিষয়ক এটা লেখা প্ৰকাশ কৰিছে। 

‘অন্বেষণ’ নামৰ এই আলোচনীখন নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে ছাত্ৰ- ছাত্ৰীৰ বাবে প্ৰকাশ কৰা এখন মাহেকীয়া আলোচনী। আলোচনীখনৰ সম্পাদক ডা০ নাৰায়ণ শৰ্মা, সহযোগী সম্পাদক পংজক দত্ত আৰু উপ সম্পাদক ক্ৰমে- কুশল গোস্বামী, ড০ লিপিমণি দত্ত আৰু ডিম্পল তালুকদাৰ।

আলোচনীখনৰ সামগ্ৰীক ব্যৱস্থাপনাৰ দায়িত্বত আছে দিলীপ কুমাৰ দত্ত চৌধুৰী। এই আলোচনীখনে বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীৰ মাজতেই যে এচাম পাঠক সৃষ্টি কৰি জ্ঞানৰ পোহৰ বিলাইছে এনে নহয়। এয়া অসমীয়া ভাষা- সংস্কৃতিৰ প্ৰতিও দায়বদ্ধতাৰ উত্তম নিদৰ্শন। 

আলোচনীখনৰ ছফট কপিও ৱেবচাইটত উপলব্ধ। ছাত্ৰ সমাজৰ মাজত আলোচনীখনৰ প্ৰভাৱ নিঃসন্দেহে পৰিছে। জ্ঞান অন্বেষণৰ এই যাত্ৰাত অন্বেষণ নামৰ আলোচনীখনৰ জৰিয়তে যি নতুন মাত্ৰা প্ৰদান কৰা হৈছে, সেয়া সাম্প্ৰতিক সময়ত ব্যতিক্ৰম।

book