Advertisment

শেষ আশা ! পাৰিলে আহ , চাই যাওঁ তহঁতক এবাৰ...

যিমান সংঘাত থাকিলেও মৃত্যুৰ শেষ সময়ত পুত্ৰ আৰু নাতি- নাতিনীক চাব বিচাৰিছিল প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে। সকলো কথা পাহৰি পুত্ৰ- কন্যা এবাৰ পিতৃৰ কাষলৈ যাব পাৰিলে হয়। হয়তো তেনে কৰা হ’লে তেওঁলোকেই মহান হ’লহেতেঁন !

author-image
মৃদুল কুমাৰ সন্দিকৈ
আপডেট কৰা হৈছে
New Update
বিশেষ লেখা

বিশেষ লেখা

ভাইৰেল হোৱা এটা টেলিফোনিক বাৰ্তালাপ। এজন পিতৃয়ে পুত্ৰৰ সৈতে কথা- বতৰা এয়া। যোৰহাটৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ থকা অসুস্থ পিতৃয়ে যোৰহাটৰ পৰা মৃত্যুৰ দুমাহৰ পূৰ্বে গুৱাহাটীত থকা চিকিৎসক পুত্ৰৰ সৈতে পতা কথা- বতৰা -
পিতৃঃ হেল্ল’, হেল্ল’... হেল্ল’ ডা০ অনলজ্যোতি বৰদলৈ নেকি ?
পুত্ৰঃ হেল্ল’
পিতৃঃ- ডা০ অনলজ্যোতি বৰদলৈৰ লগত কথা পাতিছো নেকি বাৰু ?
পুত্ৰঃ হয়। কৈ আছো।
পিতৃঃ আচ্ছা ! আপুনি ঘৰত আছে নে ক’ত আছে ?
পুত্ৰঃ হা...

Advertisment

পিতৃঃ আপুনি ঘৰত আছে নে চেম্বাৰত আছে ?
পুত্ৰঃ আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু ?
পিতৃঃ নহয় মই, আপোনাৰ লগত কথা এটা ডিচকাচ কৰিবৰ কাৰণে ফোন কৰিছো
পুত্ৰঃ হয়। কওকচোন কি আছিল 

পিতৃঃ মই পাপাই কৈছো। 
পুত্ৰঃ কি কয় ?
পিতৃঃ পাপাই কৈছো, পাপা।
পুত্ৰঃ হেল্ল
পিতৃঃ মই পাপাই কৈছো। দেউতাই।

পুত্ৰঃ কোন পাপা?
পিতৃঃ পাপা- প্ৰতাপ চন্দ্ৰ বৰদলৈ।
পুত্ৰঃ হেল্ল
পিতৃঃ মই প্ৰতাপ বৰদলৈ কৈছো।
পুত্ৰঃ অ’ কওকচোন।

পিতৃঃ মই চিক বেডৰ পৰা কৈ আছো।
পুত্ৰঃ চিক বেড ?
পিতৃঃ অ’ মই চিক বেডৰ পৰা কথা পাতিব বিচাৰিছো।
পুত্ৰঃ অ’
পিতৃঃ মই এটা ইম্পোৰ্টেণ্ট কথা ডিচকাচ কৰিব বিচাৰিছো।

পুত্ৰঃ আ...
পিতৃঃ বুজি পাইছে নে নাই এতিয়া, কোনে কৈছে?
পুত্ৰঃ অ’ কওকচোন।
পিতৃঃ নাই নাই, বুজি পাইছে নে নাই কোনে কৈছো?
পুত্ৰঃ আ.. কথাটো কওকচোন কি আছে।

পিতৃঃ কথাটো মই ক’ম, আগতে বুজি পাইছে নে নাই?
পুত্ৰঃ কথাটো ক’লেহে মই বুজি পাম, একো কোৱাই নাই।
পিতৃঃ নহয়, নহয়। পাপা বুলি কওতে বুজি পাইছা নে নাই?
পুত্ৰঃ অ’ বুজি পাইছো বাৰু, কওকচোন।

পিতৃঃ আচ্চা। এতিয়া কথাটো হৈছে কি মই চিক বেডত আছো। 
পুত্ৰঃ উম...
পিতৃঃ মোৰ অৱস্থাটো খুব বেয়া।
পুত্ৰঃ উম...
পিতৃঃ আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিচকাচ কৰিব বিচাৰিছো।

পুত্ৰঃ উম।
পিতৃঃ মই মোৰ ফোনটোৰ পৰা কেইবাবাৰো ট্ৰাই কৰিলো, কিন্তু নাপালো।
পুত্ৰঃ উম।
পিতৃঃ বিজি, বিজি দেখুৱাই।

পুত্ৰঃ উম।
পিতৃঃ এতিয়া কথাটো হৈছে কি মই আজি বহু বছৰ দেখা- শুনা হোৱাই নাই। 
পুত্ৰঃ উম।
পিতৃঃ মই মানে... লাষ্ট মমেণ্টত মই... তোৰ মই মুখখন চাব বিচাৰিছো। (থোকাথুকি মাতেৰে) লগতে তোৰ নাতি- পুতি হৈছে যদি তাহাতৰ মুখখন চাব বিচাৰিছো।

পুত্ৰঃ উম।
পিতৃঃ মোৰ অৱস্থাটো খুব বেয়া।
পুত্ৰঃ উম।
পিতৃঃ মই... মই এতিয়া বিচনাতে পৰি আছো।

পুত্ৰঃ উ...ম। এতিয়া ক’ত আছানো তুমি ?
পিতৃঃ মই আছো যোৰহাটত।
পুত্ৰঃ ক’ত, যোৰহাটৰ ক’ত?
পিতৃঃ যোৰহাটৰ মই অমৰাৱতী আশ্ৰমৰ এজন এক্সুকিউটিভ মেম্বাৰৰ ঘৰত আছো।

পুত্ৰঃ আচ্চা।
পিতৃঃ ইম্পৰ্টেণ্ট কথা কি... যে ইমান দিন দেখা নাই। তোৰ কনচেনচে যদি এবাৰ কয়, 
পুত্ৰঃ উম।
পিতৃঃ তই মোৰ লগত কথা পাতিবলৈ অকণ সময় উলিয়াব পাৰিলে ভাল।
পুত্ৰঃ উম।

পিতৃঃ আৰু যদি মন নাই তেতিয়াও একো নাই। মই কোনো চিম্পেথীৰ কাৰণে ফোন কৰিব বিচৰা নাই।
পুত্ৰঃ উম।
পিতৃঃ মোক কোনো টকা- পইচাৰ হেল্পো নালাগে।
পিতৃঃ উম।

পিতৃঃ মই খালী জীৱনৰ লাষ্ট ষ্টেজত অকমাণ মুখকেইখন চাব বিচাৰিছো।
পুত্ৰঃ উ...ম।
পিতৃঃ এতিয়া ৰেচপনটো কেনেকৈ দিয়, সেইটো তোৰ ওপৰত কথা।
পুত্ৰঃ উম।
পিতৃঃ তই কি ৰেচপন দিয়, সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা। মই একো জোৰো নকৰো।

পুত্ৰঃ উম।
পিতৃঃ গতিকে, কথাটো সেইটোৱেই যে, তহঁতৰ মুখকেইখন চাব বিচাৰিছো। তহঁতৰ পৰিয়াল নো কি হৈছে কি নাই হোৱা তাহাঁতক এবাৰ চাব পালে মই অন্ততঃ শান্তিত মৰিব পাৰিম।
পুত্ৰঃ উম। এডৰেছটো মোক হোৱাটছ এপ কৰি দিবাচোন। এইটো নাম্বাৰত।
পিতৃঃ মই এতিয়া হোৱাটছ এপত মেছেজটো দি দিম বাৰু।
পুত্ৰঃ উম।

পিতৃঃ বাকী তেওঁলোকৰ ভাল ?
পুত্ৰঃ চলি আছে আৰু।
পিতৃঃ তই এতিয়া আছ ক’ত?
পুত্ৰঃ গুৱাহাটীতে, ক’ত থাকিম আৰু !
পিতৃঃ গুৱাহাটীত বুজিছো, গুৱাহাটীৰ ক’ত আছ ?

পুত্ৰঃ হু...
পিতৃঃ গুৱাহাটীৰ ক’ত আছ?
পুত্ৰঃ এ ভঙাগড়।
পিতৃঃ ভঙাগড়।
পুত্ৰঃ উম।
পিতৃঃ আচ্ছা। ঠিক আছে, ৰ’ মই এটা মেছেজ পঠিয়াই দিছো ।

পুত্ৰঃ উম। 
পিতৃঃ আচ্ছা মোৰ এতিয়া কিবা এটা দৰৱ খাবৰ সময় হৈছে।
পুত্ৰঃ উম।
পিতৃঃ মই দৰৱটো খাই লওঁ। দৰৱটো খোৱাৰ পাছত মেছেজটো লিখি পেলাই হোৱাটছ এপত পঠিয়াই দিম।

পুত্ৰঃ উম। ঠিক আছে হ’ব বাৰু !
পিতৃঃ ঠিক আছে। বাকী ৰেচপনছ তোৰ ওপৰত কথা। কি দিয়, পজিটিভ দিয় নে নেগেটিভ দিয় সেইটো তোৰ ওপৰত কথা।
পুত্ৰঃ উম।
পিতৃঃ তই কথাকেইটাত ধৰিব পাৰিছ ! মোৰ জিভাখন ভালকৈ ঘূৰা নাই। মই...

পুত্ৰঃ কি বস্তু ?
পিতৃঃ ভালকৈ কথাকেইটা বুজি পাইছা নে নাই ক’ব নোৱাৰো। মোৰ অলপতে ষ্ট্ৰ’ক এটা হৈ গ’ল।
পুত্ৰঃ উম।
পিতৃঃ সেই ষ্ট্ৰ’কটোত মোৰ জিভাখন ভালকৈ ঘূৰাব নোৱাৰো মানে।
পুত্ৰঃ উম।
পিতৃঃ গতিকে মই মেছেজটো পঠিয়াই দিম। 

পুত্ৰঃ উম।
পিতৃঃ মই দৰৱটো খাই লওঁ।
পুত্ৰঃ ঠিক আছে হ’ব।
পিতৃঃ মেছেজ আজি নপঢ়িলেও কাইলৈ পঢ়িলেও হ’ব।

পুত্ৰঃ উম। হ’ব পঠিয়াই দিব।
পিতৃঃ ঠিক আছে। 
পুত্ৰঃ উম।
পিতৃঃ উম।

এনেকৈয়ে পুত্ৰ আৰু পিতৃৰ কথোপকথন শেষ হৈছিল। ৬মিনিট ৪৬ ছেকেণ্ড ধৰি দুয়ো এই বাৰ্তালাপ কৰিছিল। পিতৃৰ নাম আছিল- প্ৰতাপ চন্দ্ৰ বৰদলৈ। পুত্ৰৰ নাম ডা০ অনলজ্যোতি বৰদলৈ। কিয় এই সংঘাত পিতৃ- পুত্ৰৰ ? অসুস্থ পিতৃয়ে যোৰহাটত বিনীত দত্ত নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল।

বিনীত দত্তৰ সৈতে তেওঁ যোগাযোগ হৈছিল অমৰাৱতী নামৰ এখন বৃদ্ধাশ্ৰমৰ জৰিয়তে। ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮বাজি ১০ মিনিটত প্ৰতাপ চন্দ্ৰ বৰদলৈৰ মৃত্যু হ’ল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত। চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱাৰ খবৰ প্ৰতাপ বৰদলৈৰ সম্বন্ধীয় ভতিজাকৰ জৰিয়তে বিনীত দত্তই পুত্ৰ ডা০ অনলজ্যোতি বৰদলৈক জনাইছিল। কিন্তু সেই খবৰেও পুত্ৰক পিতৃৰ নশ্বৰদেহৰ কাষলৈ নিব নোৱাৰিলে।

বিনীত দত্তই আক্ষেপেৰে কৈ গৈছিল এই কথাবোৰ। অমৰাৱতী বৃদ্ধাশ্ৰম লৈ প্ৰতাপ বৰদলৈয়ে ডেৰ লাখ টকা আগবঢ়াইছিল। জড়িত হৈ পৰিছিল তেওঁ বৃদ্ধাশ্ৰমখনৰ সৈতে। তেওঁৰ ঘৰ যোৰহাটৰ লুৰুকিহাটত। কিন্তু তেওঁ বাস কৰিছিল মহানগৰীৰ দ্বাৰকা নগৰত।

যোৰহাটত তেওঁ এখন ফিজিঅ’থেৰাপী প্ৰতিষ্ঠান চলাইছিল। লকডাউনৰ সময়ত সেইখন বন্ধ কৰিব লগা হয়। প্ৰতিষ্ঠানখনৰ বাবে ভাড়া লোৱা ঘৰটোতে তেওঁ বাস কৰিছিল। পিছলৈ ব্যৱসায় বেয়া হোৱাত ঘৰটো এৰি দিব লগা হয়।

সেয়েহে তেওঁক নিজৰ ঘৰৰ সন্মুখতে বনাই থোৱা এটা কোঠাত থকাৰ সুবিধা কৰি দিছিল বিনীত দত্তই। অমৰাৱতী বৃদ্ধাশ্ৰমৰ পৰিচালনা কমিটীত তেওঁ কাৰ্যকৰী সদস্য আছিল। মানুহজনে হেনো বৰ বিশেষ কথা- বতৰা পতা নাছিল।

নিজৰ বিষয়ে তেওঁ বিনীত দত্তৰ আগতেও একো নকৈছিল। দত্তৰ ঘৰৰ চৌহদত থকা ঘৰটোত বাস কৰিলেও দত্তৰ পৰিয়ালৰ সৈতে তেওঁ খোৱা- বোৱা কৰিছিল। ২০২২ চনৰ পৰা দত্তৰ পৰিয়ালৰ সৈতে তেওঁ আছিল। তেওঁৰ এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা। দুয়ো বৃত্তিত মহানগৰীত প্ৰতিষ্ঠিত চিকিৎসক।

পুত্ৰৰ কোনো সঁহাৰি নাপায় বিনীত দত্তৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ পাছত যাৱতীয় কাম- কাজবোৰ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ নশ্বৰদেহ ১৫জন মান লোকৰ উপস্থিতিত ইলোৰা বিজ্ঞান মঞ্চক মৃত্যুৰ দিনাই দান কৰা হ’ল। ১৩ দিনৰ দিনা শ্ৰাদ্ধ পাতিবলৈ সাজু হৈছে দত্তৰ পৰিয়াল।

প্ৰতাপ চন্দ্ৰ বৰদলৈ নামৰ পিতৃগৰাকীৰ সৈতে প্ৰতিষ্ঠিত চিকিৎসক পুত্ৰ আৰু কন্যাই কিয় এনে কৰিলে ? ইয়াৰ আঁৰৰ কাহিনী কি ? আমিও যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো- চৰ্মৰোগ বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠিত ডা০ অনলজ্যোতি বৰদলৈৰ সৈতে।

সমান্তৰালভাৱে তেখেতৰ কন্যা ডা০ পল্লৱী বৰদলৈৰ সৈতেও যোগাযোগৰ চেষ্টা কৰা হৈছিল। পুত্ৰৰ সৈতে পিতৃ বৰদলৈয়ে শেষ সময়ত পতা কথাখিনিয়ে মানুহৰ অন্তৰত হাহাকাৰৰ সৃষ্টি কৰিছিল। ইমান নিষ্ঠুৰ হ’ব পাৰেনে পুত্ৰ ? কেইবাবাৰো যোগাযোগৰ অন্তত পুত্ৰ ডা০ অনলজ্যোতি বৰদলৈয়ে আমাক কিছু কথা কৈছিল।

আমাৰ সৈতে কথা পতাৰ সময়ত তেওঁ শুক্লেশ্বৰৰ পৰা উভতিছিল। পিতৃৰ মৃত্যুৰ ৩দিনৰ দিনা তিলনী কৃত কৰ্মখিনি কৰি তেওঁ ঘৰ পাইছিল গৈ। স্বাভাৱিকতে আমাৰ প্ৰশ্ন আছিল- আপুনি কিয় এনে কৰিছে ? পিতৃৰ প্ৰতি আপোনাৰ অকণো দায়িত্ব নাইনে ? মৃত্যুৰ পাছত অন্ততঃ আপুনি তেখেতৰ প্ৰতি কিয় শেষ সন্মানকণো প্ৰদৰ্শন কৰাত কৃপণালি কৰিছে ?

এটা হুমুনিয়াহ এৰি পুত্ৰই কৈ গৈছিল কথাবোৰ। ২০০৬ চনৰ পৰাই তেখেতৰ সৈতে আমাৰ কোনো যোগাযোগ নাছিল। দুমাহমানৰ পূৰ্বে তেখেতে ফোন কৰিছিল মোলৈ। তেখেতৰ কাষলৈ আমাক মাতিছিল। যোৱা নহ’ল। ল’ৰাৰ পৰীক্ষা আৰু আন ব্যস্ততাৰ বাবে যাব নোৱাৰিলো। 

তেখেতে নিজেই আমাৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল। ২০২৪ৰ চেপ্তেম্বৰত তেখেতে মোলৈ এখন চিঠিও লিখিছিল। যিখন চিঠিত তেখেতে মই তেওঁৰ পুত্ৰ নহয় বুলি উল্লেখ কৰি তেওঁ যে মোৰ দেউতা কি প্ৰমাণ আছে বুলি প্ৰশ্ন কৰিছিল। মাক তেওঁ বহু অত্যাচাৰ কৰিছিল। সেই অত্যাচাৰৰ বলি হৈছিলো আমিও। মায়ে এখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যাসয়ত শিক্ষকতা কৰি আমাক পঢ়ুৱাইছিল।

মা এতিয়া মোৰ লগতে থাকে। বহুতে মোক সমালোচনা কৰিছে। কিন্তু ৭০ বছৰীয়া মাক মই কেনেদৰে ৰাখিছো চাই যাওকহি। মাৰ ক্ষেত্ৰতো মই এনে কৰা নাই। দ্বাৰকা নগৰত আমাৰ এটা ঘৰ আছিল। সেই ঘৰটো এতিয়া নাই। আমাক ঘৰৰ পৰা উলিয়াই দিছিল। আমি প্ৰতিষ্ঠিত হৈ এতিয়া মহানগৰীত বাইদেউ আৰু মোৰ পৰিয়াল ফ্লেটত থাকো। এইবোৰ কথা মানুহে নজনাকৈ কৈ আছে।

মোক সমালোচনা কৰিছে। কিন্তু আচল কাহিনীবোৰ কোনেও নাজানে। যিজন পিতৃয়ে আমাক খেদি দিছিল, মাক অত্যাচাৰ কৰিছিল; সেইজন পিতৃৰ প্ৰতি আমাৰ কোনো টান নাই। তাতে তেওঁ নশ্বৰগদেহ দান কৰি থৈ গৈছে। তালৈ গৈ এতিয়া কি কৰিম ? তথাপিও আমি তেখেতৰ মৃত্যুৰ পাছত কৰিব লগাখিনি পুত্ৰ হিচাপে কৰিম।

আজি তিলনীৰ কামখিনি কৰিলো। যথেষ্ট আৱেগিকভাৱে পুত্ৰই কথাবোৰ কৈ গৈছিল। সকলো পক্ষৰ কথাবোৰ শুনাৰ পাছত হয়তো মানুহৰ বুকুখনো শিল হৈ পৰিব ! কোনো এক পক্ষকে দোষ দিবলৈ মন নাযাব। কিন্তু শেষ উপলব্ধি আৰু অনুভৱ এটাই মনৰ ভিতৰত খুন্দা মাৰি যাব। 

যিমান সংঘাত থাকিলেও মৃত্যুৰ শেষ সময়ত পুত্ৰ আৰু নাতি- নাতিনীক চাব বিচাৰিছিল প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে। সকলো কথা পাহৰি পুত্ৰ- কন্যা এবাৰ পিতৃৰ কাষলৈ যাব পাৰিলে হয়। হয়তো তেনে কৰা হ’লে তেওঁলোকেই মহান হ’লহেতেঁন ! যিমান দোষ বা অপৰাধ নকৰিলেও শেষ সময়ত প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে যেন অনুশোচনাত ভোগিছিল।

মাত্ৰ এবাৰ পুত্ৰ- কন্যা, নাতি- পুতিৰ মুখকেইখন চাব বিচাৰিছিল। সেই সুযোগ পুত্ৰ – কন্যাই দিব লাগিছিল। কিয়নো ভাল বা বেয়া হ’লেও প্ৰতাপ চন্দ্ৰ বৰদলৈ তেওঁলোকেৰে দেউতাক আছিল...।

চিকিৎসক পিতা-পুত্ৰ