অসমৰ মানুহক কৈ দিব- মই মৰা নাই...

ব্যক্তিগত কিছু কথা কেতিয়াবা ব্যক্তিগত বিষয় হৈ নাথাকে। থাকে ইয়াত সামাজিক দায়ৱদ্ধতা আৰু আন মানুহৰ আত্মসন্মান জড়িত হৈ। সেই ব্যক্তিগত কথাবোৰে কাৰোবাক লঘু আৰু হেয় প্ৰতিপন্ন কৰিব পাৰে বুলি থাকিব লগা সচেতনতাৰ বোধ থকা সকলৰ থাকে। 

New Update
WhatsApp Image 2026-02-05 at 12.28.04 PM

মৃদুল কুমাৰ সন্দিকৈ

ব্যক্তিগত কিছু কথা কেতিয়াবা ব্যক্তিগত বিষয় হৈ নাথাকে। থাকে ইয়াত সামাজিক দায়ৱদ্ধতা আৰু আন মানুহৰ আত্মসন্মান জড়িত হৈ। সেই ব্যক্তিগত কথাবোৰে কাৰোবাক লঘু আৰু হেয় প্ৰতিপন্ন কৰিব পাৰে বুলি থাকিব লগা সচেতনতাৰ বোধ থকা সকলৰ থাকে। 

যেতিয়া এগৰাকী ৬৯ বছৰীয়া ভদ্ৰ মহিলাই সকলো চেষ্টা বিফল হোৱাৰ পাছত কান্দি কান্দি কথাবোৰ মুকলিকৈ কৈ অভিযোগৰ আঙুলি উঠা সকলৰ বিৰুদ্ধে সকলো তথ্য- প্ৰমাণ দাঙি ধৰে, তেতিয়া বহু দিশ ভাবি এই কথাবোৰ লিখিব লগা হয়। 

অৱশ্যে, ইয়াত আন সকলোৰো যাতে ব্যক্তিগত স্বাধীনতাত আচোৰ নপৰে, সেয়াও সংবেদনশীল হৈ বিচাৰ কৰিব লগা হয়। তেনে কৰোতে কোনোবাই যদি ইয়াক আত্মসমৰ্পণ বুলি ভাবে তেন্তে সেই সকলৰ সন্মুখত তথ্য- প্ৰমাণ দাঙি ধৰাতো প্ৰয়োজনীয় হৈ পৰে। 

ই কেৱল দুজন প্ৰাপ্তবয়স্ক লোকৰ সিদ্ধান্ত হৈ থকা নাই। পৰিৱৰ্তনশীল সমাজত এই ঘটনাই পেলোৱা প্ৰভাৱ আৰু অসহায় এগৰাকী মহিলাৰ স্বামীক লৈ সৃষ্টি হোৱা অবাঞ্চিত পৰিস্থিতিৰ এক অৱলোকন। 

অভিযোগ মতে, এগৰাকী মহিলাক ২০১০ চনৰ পৰা তেওঁৰ স্বামীৰ সৈতে এক সম্পৰ্ক গঢ় লৈ উঠিছিল। পৰিয়ালৰ লোকে ভাবিছিল- কন্যা বয়সৰ সেই মহিলাই স্বামীৰ সামাজিক প্ৰতিষ্ঠা আৰু লিখনিৰ বাবে এনে এক স্বাভাৱিক সম্পৰ্ক গঢ়ি তুলিছিল। 

কিছুদিনৰ পূৰ্বে পৰিয়াল তথা পত্নীয়ে আৱিষ্কাৰ কৰে যে, সেয়া তেওঁলোকে ভবাৰ দৰে এক স্বাভাৱিক সম্পৰ্ক নহয়। বহু বুজনিৰ পাছতো পত্নী- পুত্ৰ- কন্যাৰ লগতে পৰিয়ালৰ বাধা নেওচি সেই প্ৰতিষ্ঠিত লোকজনে বাধ্যত পৰি লোৱা সিদ্ধান্তক পৰিয়ালৰ লোকে আখ্যা দিছে ‘ব্লেকমেইল’। 

তাৰ সমৰ্থনত যিবোৰ তথ্য- প্ৰমাণ আমাৰ হাতত তুলি দিছে, সেইবোৰ ৰাজহুৱা হ’লে অনুমান কৰিব পাৰিব যে, প্ৰেমৰ নামত এজন লোকে কি পৰ্যায়ত এই সিদ্ধন্ত ল’বলৈ বাধ্য হৈছিল। আমি পুনৰ উল্লেখ কৰো- এক সামাজিক ব্যৱস্থাক দোহাই দি কোনোবাই যুক্তি- তৰ্কৰে এগৰাকী নাৰীক সমৰ্থন দিবলৈ গৈ আন সকলক উপেক্ষা কৰাতো জানো সমীচীন হ’ব ?

সেই তথ্য- প্ৰমাণবোৰ ৰাজহুৱা নকৰাকৈ এই কথাবোৰ লিখাৰ উদ্দেশ্য হ’ল- আইনগতভাৱে বিশেষ দায়ৱদ্ধতাৰে বিশিষ্ট ব্যক্তিজনৰ কাষত থকা মহিলাগৰাকীয়ে এতিয়াও ভাবে- সামাজিক মাধ্যমত কিছু ফটো, কথা লিখি কোনোবাই কাৰোবাক নিজৰ কৰি ল’ব নোৱাৰে। 

এইটো তেওঁলোকে বুজে যে, পৰিস্থিতিগত কাৰণত স্বামীক এইদৰে সেই বিশেষ নাৰীয়ে নিজৰ বুলি দাবী কৰি যি পৰিৱেশ ৰচনা কৰিছে, তাত আছে কেৱল ধন- সম্পত্তি আৰু লালসা। তেনে এখন তালিকায়ো প্ৰস্তুত কৰিছে পৰিয়ালে।

কোন দিনা, কিমান ধন, গাড়ী, ভাৰাঘৰৰ ভাড়া, লাখটকীয়া চোফা, বালিপাৰা, বোকাখাতৰ মাটি আদি আছে তাত। বেংকৰ পাচবুক পৰীক্ষা কৰি আচৰিত হৈছে পৰিয়ালৰ লোক। তাতেই প্ৰশ্ন তুলিছে পত্নী নে তেওঁ আন কিবা।

৭০ৰ দেওনা পাৰ হোৱা সেই বিশেষ ব্যক্তিৰ অসুস্থতাৰে হেতু পৰিয়ালে তেওঁক তাৰ পৰা বুজাই- বঢ়াই উদ্ধাৰ কৰিবলৈ চেষ্টা অৱ্যাহত ৰাখিছে। এই প্ৰক্ৰিয়াত বিফল হৈ ভাৰাঘৰ বিচাৰি গৈ উক্ত মহিলাক তেনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছিল। 

সেই মুহূৰ্তৰ ভিডিঅ’, বিভিন্ন সময়ত কৰা অনুৰোধৰ সবিশেষ ইত্যাদিৰে ভৰা এই আবেগিক কথাবোৰ মুকলিকৈ লিখিব পৰা হ’লে বুজাত সুবিধা হ’লহেতেঁন ! মহিলাগৰাকীৰ মৃত্যুৰ বাবে সেই মানুহজনে দায়ী হ’ব আৰু চ’চিয়েল মিডিয়াত সকলো কথা কৈ যাব বুলি কোনে এই বিশেষ ব্যক্তিক ভাবুকি দিছিল ?

পৰিয়ালৰ হাতত এইবোৰ প্ৰমাণো আছে। সেয়েহে পৰিয়ালে বিশেষ ব্যক্তিজনৰ প্ৰতি এতিয়াও দায়ৱদ্ধতাৰে কথাবোৰ বিবেচনা কৰি অসমৰ মানুহক আহ্বান জনাইছে যে, কি হৈ আছে সেই কথা আপোনালোকে ভবাৰ দৰে নহয়। 

অসহায় প্ৰথমা পত্নীয়ে চকুৰ সন্মুখত সকলোবোৰ দেখি পুত্ৰ-কন্যাক পিতৃক বুজনি দিবলৈ প্ৰতিদিনাই অনুৰোধ কৰে। প্ৰতিষ্ঠিত পুত্ৰ- কন্যাই বিখ্যাত পিতৃক কেৱল ক’ব পাৰে, “তুমি এনে কৰিলে বৰ বেয়া দেখি। আন দহজনে তোমাক অনুকৰণ কৰে। তুমি তেওঁলোকৰ বাবে আদৰ্শ। সেই কথা পাহৰি নাযাবা।“

এচামে আকৌ এয়া কোনো লোকৰ ব্যক্তিগত কথা বুলি তেওঁলোকৰ ব্যক্তিগত কমেণ্টেৰে সেই সকলক সমৰ্থন দিবলৈ চেষ্টা কৰে যাতে, নিজকে পৃথক আৰু মুকলি মনৰ বুলি প্ৰতিষ্ঠা কৰিব পাৰে। সেই সকলে হয়তো নাজানে বহু সামাজিক অনুষ্ঠান আৰু মহিলা সংগঠনে এনেবোৰ কাম প্ৰতিৰোধৰ বাবে এক নীৰৱ আন্দোলন গঢ়ি তুলিছে। 

সেই সকলৰ চিন্তা- চেতনা আৰু ভাবনাৰ পৰিধি কিমান সমাজমুখী ইয়াৰো এক জটিল আলোচনাৰ প্ৰয়োজন। তেনে কৰিবলৈ গৈ কোনোবা তথাকথিত অৰ্দ্ধ লেখিকাই সমালোচনাৰ নামত তুচ্চ- তাচ্চিল্য কৰিলেও তেওঁলোকৰ সেই সন্তুষ্টি আমাৰ বাবেও এক প্ৰাপ্তি।

অসমৰ মানুহক সোণামতি ঠংছিয়ে এক স্পষ্ট বাৰ্তা দিছে বা দিব কৈছে। সেয়া হৈছে অসমৰ মানুহে তেওঁৰ স্বামীক বহু মৰম কৰে। বহু সন্মান দিছে। তাৰ বাবে তেওঁ কৃতজ্ঞ। কিন্তু এই গৰাকী অসমীয়া মহিলাৰ বাবেই এতিয়া অসমীয়া সমাজৰ বদনাম হৈছে। লগতে তেওঁ কৈছে- অসমৰ মানুহক কৈ দিবি মাইকী মৰা নাই। মই আছে। মোৰ এতিয়া ৬৯ চলি আছে। তাই আমাৰ ফেমিলী বৰবাদ কৰি দিছে। মই থাকোতে কেনেকৈ হ’ব পাৰে তাই পত্নী ?

বিচাৰ এতিয়া ৰাইজে কৰক। কোনগৰাকী মহিলাক উপেক্ষা কৰিব, কাৰ কথা শুনিব আৰু সেই মানুহজনৰ ভাবমূৰ্তিত দাগ লগাব খোজা সকল আচলতে কোন, তাক চিনাক্ত কৰক। এইবোৰ কথা কি চৰিত্ৰহনন ? তেনে কৰাৰ প্ৰৱণতা থকা হ’লে মুকলিকৈয়ে সকলো কথা কোৱা হ’লহেতেঁন আঁৰ- বেৰ নোহোৱাকৈ...

অৰুণাচল অসম