/asomiyapratidin/media/media_files/2025/10/30/whatsapp-image-20-2025-10-30-13-21-27.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
"শান্তি দিয়া, মুক্তি দিয়া সোণৰ অসম ৰচিবলৈ/সেউজ দিয়া, শস্য দিয়া,চিৰকাল ফুলিবলে"- ২০০২ তে জুবিন গাৰ্গে গাইছিল এই গীত। হত্যা-হিংসা তেওঁ কামনা কৰা নাছিল। ৰাজ্যত তেতিয়া তেনে পৰিৱেশেই বিৰাজ কৰিছিল। সেয়েহে জুবিন গাৰ্গে শান্তি কামনাৰে তেওঁৰ শিশু এলবামটোত এই গীতটি সন্নিৱিষ্ট কৰিছিল।
গুলী-বাৰুদৰ ধোৱা তেওঁ বিচৰা নাছিল। বিচাৰিছিল কেৱল শান্তি- "গুলী বাৰুদ, ধোঁৱা উৰুৱাই/ নিৰপৰাধ শিশু কন্দোৱাই/ঘৰে ঘৰে মৰম নচোৱাই/ কিনো পাবা তুমি কিনো দিবা কোৱা/ শান্তি দিয়া ..."
২০০৪,১৫ আগষ্ট। স্থান- ধেমাজি,তেজেৰে ৰঙালী হৈছিল ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰ। সেইদিনা স্বাধীনতা দিৱস উদযাপন কৰা নহ'ল ধেমাজিত। তেজৰ ফাকু খেলি লিখিলে এটা ক'লা দিনৰ ইতিহাস।
তেতিয়াৰ পৰাই হয়তো জুবিন গাৰ্গৰ এজন মানুহৰ প্ৰতি বিদ্বেষ উপজিছিল। এটা নিষিদ্ধ সংগঠনৰ নেতৃত্বত থকা ব্যক্তিজনে জুবিনলৈ ফোন কৰিলে ধেমাজি সন্দৰ্ভত তেওঁক জুবিনে চিধাকৈ প্ৰশ্ন কৰিছিল।
সেই সময়বোৰৰ সাক্ষী হৈ ৰৈছিল জুবিনৰ কাষত থকা লোক সকল। তেনে এজন ব্যক্তিৰ ভাষাৰে শুনক সেই সময়ৰ এক কাহিনী- "এইয়া ২০১৪ চনৰ কথা। তেতিয়া মই প্রায় দাদাৰ লগতে থাকো।
এদিন অদ্ভুত নম্বৰৰ পৰা ফোন আহিছে। ঠিক +000001122.... এনে ধৰণৰ আছিল। দাদাই ফোনটো হাতত লৈ "বুঢ়াই কামুৰিব এতিয়া" বুলি কৈ ফোনটো কাটি বিচনালৈ দলিয়াই দিলে। দুই মিনিট মান পিছত আকৌ ফোনটো বাজি উঠিল। দাদাই মোক ক'লে - ফোনটো ৰিছিভ কৰ আৰু মই শুলো বুলি কৈ দে ।
মই ৰিছিভ কৰি ক'লো- হেল্ল'
- জুবিন,ফোনটো কিয় কাটি দিছিলা।
- মই দীপাংকৰ। দাদা শুইছে।
- ধেমালি পাইছা নেকি? জুবিন এতিয়া নুশুৱে। মই পৰেশ অসমে কৈছো। জুবিনক ফোন দিয়া।
- পৰেশ অসম মানে?
- মই পৰেশ বৰুৱাই কৈছো।
চেকেণ্ডতে মোৰ গাত এটা ভূমিকম্পই জোকাৰি দিলে । লগা লগ ফোনটো জুবিন দাৰ হাতত দিলো। হাঁহি এটা মাৰি দাদাই ফোনটো হাতত লৈ ক'লে -
- হেল্ল' কওঁক......
দাদাই ফোনত কথা পাতিয়েই আছে । সিফালৰ পৰা দাদাক কিবা বুজাই আছে, দাদাই "নহয় নহয়" কৈ আছে। দাদাক লক্ষ্য কৰিলো, যেন দাদাৰ অলপ খং উঠিছে, মুখত বিৰক্তৰ চিন স্পষ্ট । ১ মিনিট মান পিছত দাদা জকি উঠিল।
ফোনতে ৰাম গালি দিছে-সেইবোৰ বাদ দিয়ক, আপুনি মোক এটা কথা কওঁক - ধেমাজিত বোমা দি সৰু সৰু ল'ৰা-ছোৱালী কেইটাক কিয় মাৰিলে? আপুনি কিয় মাৰিলে সিহঁতক? সিহঁতক মাৰিবলৈ আপোনাক অধিকাৰ কোনে দিলে?
১ মিনিট মান দাদাই এই কেইটা কথা কৈয়ে চিঞৰি চিঞৰি ফোনতে গালি পাৰি থাকিল আৰু অলপ পিছত ফোনটো কাটি দিলে।
এই অভিজ্ঞতাৰ কথা বৰ্ণনা কৰা ব্যক্তিগৰাকীৰ নাম দিপাংকৰ শইকীয়া। তেখেতে সামাজিক মাধ্যমত সেইদিনাৰ এই কথাখিনি বৰ জীৱন্ত ৰূপত তুলি ধৰিছিল। প্ৰত্যক্ষ অভিজ্ঞতা হৈছিল সেইদিনা তেওঁৰ।
২০০৮ ৰ ৩০ অক্টোবৰ। ধাৰাবাহিক বোমা বিস্ফোৰণে জোকাৰি গৈছিল ৰাজ্য। আকৌ সেই হত্যা-হিংসা আৰু বৰ্বৰতা। এনে কাৰ্যৰ বিৰুদ্ধে তেতিয়াও ওলাই আহিছিল জুবিন গাৰ্গ। গণেশগুৰি উৰণ সেঁতুৰ বিস্ফোৰণস্থলীত আন শিল্পী সকলৰ সৈতে মমবাতি জ্বলাই মৃতক সকললৈ শ্ৰদ্ধাঞ্জলী জনাইছিল।
তেওঁৰ বাবে GUNতকৈ গান শক্তিশালী আছিল। কাকো খাতিৰ কৰা নাছিল। ২০১৩ ৰ ১০ এপ্ৰিলত বিহু মঞ্চত হিন্দী গান পৰিৱেশন নকৰিবলৈ অসমৰ শিল্পীলৈ এক নিৰ্দেশনা আহিছিল। সেই নিৰ্দেশনা দিছিল আলফাই। জুবিন গাৰ্গে তেনে ভাবুকিলৈ ভয় কৰা নাছিল।
২০১৩ ৰ ১৪ এপ্ৰিলত সেই বছৰৰ বিহুৰ সংগীতানুষ্ঠান মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰাই জুবিনে আৰম্ভ কৰিছিল। তাতেই জুবিনে গাইছিল তেওঁ গেংষ্টাৰ নামৰ ছবিখনত গোৱা য়া আলী শীৰ্ষক হিন্দী গীতটো।
আকৌ তেওঁ আৰু পৰেশ বৰুৱাৰ মাজত হৈছিল সংঘাত। পৰেশ বৰুৱাই জুবিনক ভাৰতীয় সংস্কৃতিৰ অগ্ৰাসনৰ এজেন্ট আখ্যা দিছিল। কোনো ভাবুকিয়ে জুবিনক তলাব পৰা নাছিল। তেওঁ নিজৰ স্থিতিত আকোৰগোজ হৈ ৰৈছিল।
মানুহে পৰেশ বৰুৱাকে ধিক্কাৰ দিছিল। তেতিয়াৰ মুখ্য়মন্ত্ৰী তৰুণ গগৈয়ে কাৰো নাম নোলোৱাকৈ তেওঁলোকৰ ভাবুকি দিয়াতো অভ্যাস হৈ পৰা বুলি মন্তব্য কৰিছিল। থিয় দিছিল জুবিনৰ সৈতে। অসম আৰক্ষীয়ে জুবিনৰ বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। জুবিনে অৱশ্যে সেয়া ল'ব বিচৰা নাছিল।
পিছলৈ এই সংঘাতৰ অৱসান ঘটিছিল। পৰেশ বৰুৱাই ইয়াক শিল্পী সমাজৰ প্ৰতি সকিয়ণী নহয় বিনম্ৰ অনুৰোধ হে আছিল বুলি সুৰ নৰম কৰিছিল। জুবিন গাৰ্গে জীৱিত কালত বিপ্লৱৰ পোষকতা কৰিও বন্দুক-বাৰুদে অনা পৰিৱৰ্তন বিচৰা নাছিল।
২০১৯ চনত তেওঁ এখন মুকলি চিঠি লিখিছিল। আলফালৈ আছিল সেই চিঠি। সামাজিক মাধ্যমৰ জৰিয়তে জুবিনে এই চিঠিত লিখিছিল-
প্ৰতি আলফা,
মই বিপ্লৱ বিচাৰো। মই পৰিৱৰ্তনৰ বিপ্লৱ বিচাৰো। নিৰীহ লোকৰ হত্যাই একো ফল নিদিয়ে। ভয়-শংকাই নহয়, কঠোৰ শ্ৰমেৰে ৰাষ্ট্ৰ নিৰ্মাণ কৰে। আমাৰ শিশু সকলক কিদৰে কৃষি-কৰ্ম কৰিব লাগে সেই শিক্ষা দিয়ক। নিজৰ সপোন কিদৰে বাস্তৱ কৰিব পাৰি সেই কথা শিকাওক উঠি অহা প্ৰজন্মক।
যদিহে নিৰ্মাণ আৰু গঠন কৰিব খুজিছে তেনেহ'লে মাজুলীক নিৰ্মাণ কৰক। কাজিৰঙাৰ চৌপাশে ঘনীভূত হোৱা ভাবুকিক বিনাশ কৰক। মই বানৰ বিৰুদ্ধে যুঁজ দিবলৈ এক বিপ্লৱ বিচাৰো। মূল সুঁতিৰ সৈতে একাত্ম হ'বলৈ বিপ্লৱ বিচাৰো। ভয়-শংকাৰ মাজত তোনেও মুকলি অনুভৱ কৰিব নোৱাৰে।
অৰাজকতাই কোনো পৰিৱৰ্তন আনিব নোৱাৰে। সন্ত্ৰাসবাদৰ বিপৰীতে শিক্ষা,উন্নয়ন আৰু বিকাশেহে মানুহৰ অধিকাৰ সুৰক্ষিত কৰে। প্ৰতিজন মানুহৰ মাজতে এজন শিল্পী লোকাই থাকে। আৰু প্ৰতিজন শিল্পীয়ে শান্তি বিচাৰে। আহক আমি কাম কৰো, আমি সপোন দেখো, আহক আমি আকাশ স্পৰ্শ কৰো। আমাৰ সন্তানক শান্তিৰে ডাঙৰ-দীঘল হ'বলৈ দিয়ক। মৃত্যুৰ পিছত ন্যায়ৰ কোনো অৰ্থ নাই।
মৰমেৰে/ জুবিন গাৰ্গ
জুবিনৰ মৃত্যুৰ পাছত প্ৰথম হত্যাকাৰীক ধৰি অনা আৰু আন বিষয়ক লৈ সৰৱ হৈছিল সেইসকল। আনকি ৪৮ ঘন্টীয়া এক সময়সীমাও বান্ধি দিছিল। লাহে লাহে তেওঁলোকৰ সুৰবোৰ সলনি হ'ব ধৰিলে।
কোনোবা আত্মহননৰ দৰে ঘটনাৰ মাজত জুবিনৰ মৃত্যুৰ কাহিনী এক চক্ৰবেহু ৰচি বন্দী কৰি পেলালে। কিন্তু মানুহে সেই সকলৰ সুৰত,কথাত দেখা পালে, শুনা পালে আন এচাম লোকৰ প্ৰতিধ্বনি।
ধিক্কাৰ দিলে সাধাৰণ লোকে। কল্প-কাহিনী বা গল্প নহয় এয়া। একো নাজানা যদি মনে মনে থাকা- এইদৰে তেওঁলোককো সকিয়ালে জুবিনৰ অনুপস্থিতিত তেওঁক ভাল পোৱা মানুহবোৰে।
আজি ৩০ অক্টোবৰ,২০২৫। জুবিন গাৰ্গ জীয়াই থকা হ'লে আজিও তেওঁ সেই কথাখিনিয়ে আওঁৰালে হেতেন। হত্যা হিংসাৰ বিৰুদ্ধে অৱস্থান লৈ গালে হেতেন- "শান্তি দিয়া, মুক্তি দিয়া সোণৰ অসম ৰচিবলৈ/ সেউজ দিয়া , শস্য দিয়া, চিৰকাল ফুলিবলে"...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us