ৰাহুল ফেইল ! আহি আছে পৰীক্ষা গৌৰৱৰ...

বিহাৰৰ নিৰ্বাচনৰ পাছত অসমৰ ৰাজনীতিত বিৰোধীয়ে এক সঠিক ৰণকৌশল প্ৰস্তুত নকৰিলে ২০২৬ত আকৌ একেই ফলাফলে সন্মুখলৈ আহিব। মুখত ৰাজনৈতিক বচন মাতি এতিয়া নিৰ্বাচন জয়ী হোৱাৰ দিন নাই। বিহাৰ অসম নহয়।

New Update
AP FOR WEB NEW  bikhekh lekha (17)

মৃদুল কুমাৰ সন্দিকৈ

বিহাৰ বিধানসভা নিৰ্বাচনত ফলাফল কি হ’ল সকলোৱে দেখিলে। যুঁজ এখন হ’ব বুলি ভবাৰ পাছতো কংগ্ৰেছ, আৰ জে ডি মহাজোঁট বন্ধনে এই নিৰ্বাচনত ফলাফলৰ দিশত কোনো প্ৰভাৱেই পেলাব নোৱাৰিলে। তাৰ বিপৰীতে বিজেপিয়ে ৮৯খন, জেড ই ইউৱে ৮৫খন, এল জে পি (আৰ বি)য়ে ১৯খন, হামে ৫খন, আৰ এল এমে ৪খন আসন লাভ কৰি বিহাৰ বিধানসভাত ৮৪.৫৮৩ শতাংশ আসন লাভ কৰিলে। 

বিহাৰ বিধানসভাৰ মুঠ ২৪৩ আসনৰ ভিতৰত ২০৩খনতে জয়ী সাৱ্যস্ত কৰিলে এন ডি এয়ে। মহাজোঁট বন্ধনৰ হাতত থাকিল মাত্ৰ ৩৪খন আসন। ইয়াৰে ২৫খন আৰ জে ডি আৰু ৬খন কংগ্ৰেছৰ। বাকী ১খনকৈ আসন লাভ কৰিলে ক্ৰমে- চি পি আই (এম) আৰু চি পি আই (এম এল)য়ে।

এইবাৰো কংগ্ৰেছৰ যাদু নচলিল। এইবাৰো ৰাহুল গান্ধীৰ সপক্ষে নিৰ্বাচনী বতাহ নবলিল। বিহাৰ নিৰ্বাচনৰ পূৰ্বে বহু যুক্তিপূৰ্ণ ইচ্ছ্যুত কংগ্ৰেছ- আৰ জে ডিয়ে ভোটাৰৰ কাষলৈ যোৱাৰ চেষ্টা কৰিছিল যদিও সেয়া ভোটলৈ সলনি নহ’ল। ইয়াৰ বাবে বিৰোধী মিত্ৰজোঁটে নিশ্চয় আত্মবিশ্লেষণ কৰিব।

এই পৰাজয় কংগ্ৰেছৰ বাবে এক শিক্ষা হোৱাৰ প্ৰয়োজন। জনসমাৱেশত মানুহ গোটোৱা আৰু নিৰ্বাচনত ভোট গোটোৱা একেই নহয়। পূৰ্বৰ দৰে জনসমাৱেশৰ উপস্থিতিৰ সংখ্যাই এটা নিৰ্বাচনৰ ফলাফল কি হ’ব তাক নিৰূপণ নকৰে। 

বিজেপিয়ে নিৰ্বাচনী ৰণনীতিত যি ধৰণৰ পৰিৱৰ্তন আৰু দীৰ্ঘ সময় ধৰি প্ৰস্তুতি চলাই, সেই ৰণনীতিৰ বহু দূৰৈত এতিয়া বিৰোধী দলসমূহ। বিহাৰত নিতীশ কুমাৰ নেতৃত্বাধীন জেড ই ইউ আৰু বিজেপিয়ে তুমূল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি কংগ্ৰেছ- আৰ জে ডিৰ নেতৃত্বই যি আত্মবিশ্বাস লৈ আছিল, সেয়া নিজক প্ৰবোধ দিয়াৰ এক অৱস্থানৰ বাবে ব্যৱহাৰিক দিশত নতুনত্ব একো নাছিল। 

ৰাহুল গান্ধীয়ে ঠিকেই আৰম্ভ কৰে ৰাজনৈতিক সক্ৰিয়তা। কিন্তু সেই সক্ৰিয়তাৰ ধাৰাবাহিকতা ক’ৰবাত ক’ব নোৱাৰাকৈ আঁত হেৰাই যায়। যাৰ বাবে প্ৰথমে ভোটাৰৰ মনলৈ তেওঁলোকৰ প্ৰতি এক সমৰ্থনমূলক ভাবৰ সৃষ্টি হ’লেও নিৰ্বাচনী যুঁজৰ মূল সময়খিনিত বিৰোধীয়ে সেয়া ভোটলৈ সলনি কৰাত বিফল হয়। 

অসমৰ ক্ষেত্ৰত দেখা পোৱা যায় যে শক্তিশালী শাসকপক্ষৰ বিৰুদ্ধে বিৰোধীয়ে আজিও বিশ্বাসযোগ্য অৱস্থান ল’ব পৰা নাই। কেৱল গৌৰৱ গগৈ আৰু বিৰোধী মিত্ৰতাৰ প্ৰসংগৰ বিপৰীতে আন কোনো বিষয়লৈ ভোটাৰৰ কাষ চাপিবলৈ কংগ্ৰেছে চেষ্টা কৰা চকুত নপৰে। 

সমস্যাবহুল এই ৰাজ্যখনত বিৰোধীৰ হাতত বহুবোৰ ইচ্ছ্যু থকাৰ পাছতো পতিয়নযোগ্যভাৱে ৰাজ্যখনত পৰিৱৰ্তনৰ কিয় প্ৰয়োজন তাৰ ব্যাখ্যাই দিব নোৱাৰে বিৰোধীয়ে। কেৱল গৌৰৱ গগৈক প্ৰক্ষেপ কৰি ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত সফলতা লাভ কৰিব পৰা শক্তি আৰু সামৰ্থ কংগ্ৰেছৰ নাই। 

মিত্ৰতাৰ ক্ষেত্ৰত যিবোৰ ল’ৰা- ধেমালি ইতিমধ্যে বিৰোধী ৰাজনৈতিক দলবোৰে খেলিলে, সেই খেলবোৰ দেখি- শুনি সাধাৰণ মানুহেও এক ধাৰণা কৰি লৈছে। এইবোৰ তেওঁলোকৰ সময়ৰ ক্ষণিক ৰাজনৈতিক খেল বুলি ৰাইজে বুজি উঠিছে। 

সমষ্টিসমূহৰ বাবে বিজেপিয়ে উপযুক্ত প্ৰাৰ্থীৰ নিৰ্বাচন, এই প্ৰাৰ্থীসকলৰ সমষ্টিভিত্তিক কাম- কাজত মনোনিবেশ আদিৰ বিপৰীতে কংগ্ৰেছে তৃণমূল পৰ্যায়ত ইয়াৰ কুচকাৱাজ চকুত লগাকৈ আগবঢ়াই নিব পৰা নাই। কেইজনমান লোকৰ যোগদানৰ অনুষ্ঠান, প্ৰতিবাদী সভা আদিতে ৰৈ গৈছে কংগ্ৰেছৰ কুচকাৱাজ।

আন বিৰোধী দলসমূহৰ নেতাসকল ব্যস্ত ৰাজনৈতিক মুখ চুপতিত। সেই ব্যস্ততাই তেওঁলোকৰ নিৰ্বাচনী ব্যস্ততা হৈ পৰিছে। ব্যৱহাৰিক দিশত পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই সংগঠিত ৰূপত স্থায়ী ভোটাৰ সৃষ্টি কৰাত এই নৱগঠিত ৰাজনৈতিক দলবোৰৰ নেতৃত্ব বিফলেই বুলিব পাৰি। 

সুযোগ বহু থকাৰ সত্বেও সেই সুযোগবোৰ বিৰোধীয়ে শাসকীয় পক্ষক এৰি দিছে। বিৰোধীৰ মিত্ৰতাৰ বৈঠকত চৰকাৰ হ’লে কোনো নেতাৰ বিয়া পতা হ’ব বুলি কৰা আলোচনাবোৰ তেওঁলোকৰ দৃষ্টিৰে ৰাইজে বিচাৰ নকৰে। এই সংযমহীনতাই তেওঁলোকৰ দায়িত্ববোধৰ গভীৰতা উদঙাই দিয়ে। 

বিজেপিক প্ৰতিহত কৰিবলৈ যি আস্থা আৰু বিশ্বাস বিৰোধীয়ে মানুহৰ মাজত গঢ়ি তুলিব পাৰিব লাগিছিল, সেই পৰিৱেশ এতিয়াও সৃষ্টি কৰিব পৰা নাই বিৰোধীয়ে। ৰাহুল গান্ধীৰ দৰে গৌৰৱ গগৈৰ ক্ষেত্ৰতো যেন এক হাইকামাণ্ডসদৃষ পৰিৱেশ অসমত সৃষ্টি কৰা হৈছে। 

তোষামোদকাৰী কংগ্ৰেছী নেতাই গৌৰৱ গগৈক এনেদৰে বেৰি থাকে যে, সাধাৰণ লোকৰ সৈতে তেওঁ স্বাভাৱিক সান্নিধ্য সম্ভৱ হৈ উঠা নাই। তাৰ অবিহনে কেৱল গৌৰৱ গগৈক এক ভাবমূৰ্তি ৰূপে গঢ়ি কংগ্ৰেছে ৰাজনৈতিক মুনাফা দিশপুৰ দখল কৰিব পৰাকৈ শক্তি আহৰণ কৰিব নোৱাৰে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিকভাৱে গৌৰৱ গগৈক কেইবাবাৰো অস্তিত্বহীন কৰাৰ চেষ্টা চলাই আহিছে। সেই চেষ্টাই অৱশ্যে গৌৰৱ গগৈৰ প্ৰতি বহুলোকৰ শুভবোধৰ সৃষ্টি কৰিছে। এই ৰাজনৈতিক আশীৰ্বাদক মূলধনৰূপে কংগ্ৰেছে ব্যৱহাৰ কৰিব পাৰিছে বুলি মনে নধৰে। 

বিহাৰৰ নিৰ্বাচনৰ পাছত অসমৰ ৰাজনীতিত বিৰোধীয়ে এক সঠিক ৰণকৌশল প্ৰস্তুত নকৰিলে ২০২৬ত আকৌ একেই ফলাফলে সন্মুখলৈ আহিব। মুখত ৰাজনৈতিক বচন মাতি এতিয়া নিৰ্বাচন জয়ী হোৱাৰ দিন নাই। বিহাৰ অসম নহয়। ইয়াৰ ৰাজনৈতিক ফৰ্মূলা পৃথক। বিহাৰৰ পাছত গৌৰৱ গগৈৰ পৰীক্ষা হ’ব অসমত। কংগ্ৰেছৰ পৰীক্ষা হ’ব ২০২৬ত।

গৌৰৱ গগৈ